দোৱাত

দোৱাত বা সহজকৈ বুজিবলৈ চিয়াঁহীৰ বটল হৈছে প্ৰায়ে কাঁচ, চীনামাটি, ৰূপ, পিতল বা পিউটাৰৰপৰা তৈয়াৰী সৰু জাৰ বা পাত্ৰ, যিটো লিখি থকা ব্যক্তিজনৰ ব্যৱহাৰৰ বাবে সুবিধাজনক ঠাইত চিয়াঁহী ৰখাৰ বাবে ব্যৱহাৰ কৰা হয়। শিল্পী বা লেখকে প্ৰয়োজন অনুসৰি ব্ৰাছ, কুইল বা ডিপ পেনটো চিয়াঁহীৰ দোৱাতটোত ডুবাই দিয়ে বা ফাউণ্টেইন পেনৰ নলীটো ভৰোৱাৰ বাবে চিয়াঁহীৰ দোৱাতটোক উৎস হিচাপে ব্যৱহাৰ কৰে। সাধাৰণতে চিয়াঁহীৰ বটলত ঢাকনি থাকে যাতে দূষণ, বাষ্পীভৱন, আকস্মিকভাৱে ছিটিকি পৰা আৰু অত্যধিক বায়ুৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। ট্ৰেভেলিং ইংকৱেল নামেৰে জনাজাত দোৱাতৰ এটা প্ৰকাৰত নিৰাপদ স্ক্ৰুৰে ঢাকনি লগোৱা হৈছিল যাতে এজন ভ্ৰমণকাৰীয়ে নিগৰি পৰাৰ আশংকা নোহোৱাকৈ নিজৰ সা-সামগ্ৰীৰ মাজত চিয়াঁহী কঢ়িয়াই নিব পাৰে।
উৎপত্তি
[সম্পাদনা কৰক]প্ৰাচীন কালত মিচৰৰ লোকসকলে পেপিৰাছৰ ওপৰত লিখিছিল আৰু চিয়াঁহীৰ উৎপত্তিও প্ৰাচীন মিচৰৰ পৰাই হ’ব পাৰে বুলি অনুমান কৰা হয়। হাইৰ’গ্লিফৰ জ্ঞান সেই সময়ত অতি সীমিত আৰু সংৰক্ষিত আছিল। কেৱল লেখকসকলেহে হাইৰ’গ্লিফৰ সম্পূৰ্ণ শৃংখলটো জানিছিল আৰু তেওঁলোক ফেৰাউনৰ নকলনবীশ লিখে। ৰোমে ইজিপ্ত আক্ৰমণ কৰাৰ পিছত ইটালীত চিয়াঁহীৰ দোৱাত অধিক জনপ্ৰিয় হৈ পৰে কাৰণ জনসংখ্যাৰ অধিক শতাংশই স্বাক্ষৰতা লাভ কৰিছিল।[1]
২০ শতিকাৰ মাজভাগৰ[2] পৰা নলীযুক্ত ফাউণ্টেইন পেনে (যিটো মাজে মাজেহে ভৰাই ল’ব লাগে) বাৰে বাৰে চিয়াঁহীৰ দোৱাতত লেখনী ডুবাই থকাৰ পৰা সকাহ দিছিল। কাৰণ এই ব্যৱস্থাত কেইশাৰীমান লিখাৰ পিছত কলমটো পুনৰ চিয়াঁহীত ডুবাই থ’বলগীয়া হৈছিল। পুৰণি স্কুলৰ ডেস্কবোৰত চিয়াঁহীৰ দোৱাতৰ বাবে ঘূৰণীয়া ফুটা আছিল।[3]
চিত্ৰভাণ্ডাৰ
[সম্পাদনা কৰক]- Round glass inkwell with bakelite lid and hole for capping the pen. Collection Museum of Industry Ghent.
- Stands for dip pens and inkwells in the desks of student benches in the historic Chemical Auditorium of the Gdańsk University of Technology, 1904
- 3D model of a Roman Ritt. 13 inkpot
- Examples of 19th century Travelling Inkwells
- Tudric pewter Inkwell
- French school desks, c. 1900. The holes for the student's inkwells can be seen
- Inkwell, currently at the MEK
- Pallme-König & Habel — Inkwell - 2008.67 - Cleveland Museum of Art
- England or America, 19th century — Inkwell Set - 1961.172 - Cleveland Museum of Art
- Inkwell carved from anthracite - Cleveland Museum of Natural History
- 10th century medieval Islamic agate inkwell inscribed with Kufic script. Khalili Collection.
- Inkwell with screw cap, collection Museum of Industry Ghent
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Shanks, H. (2002). Scrolls, Scripts & Stelae. Biblical Archaeology Review, 28(5), 24.
- ↑ "The piston filling mechanism". https://www.pelikan.com/pulse/Pulsar/en_US.CMS.displayCMS.252924./the-piston-filling-mechanism.
- ↑ "Schooling since 1913". 8 February 2021. https://www.rblandmark.com/News/Articles/10-16-2007/Schooling-since-1913/.