সমললৈ যাওক

দ্বিজেন্দ্ৰনাথ ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দ্বিজেন্দ্ৰনাথ ঠাকুৰ (ইংৰাজী: Dwijendranath Tagore)( জন্ম,১১ মাৰ্চ ১৮৪০ – মৃত্যু,১৯ জানুৱাৰী ১৯২৬) এজন ভাৰতীয় কবি, গীতিকাৰ, দাৰ্শনিক, গণিতজ্ঞ আৰু চিত্ৰশিল্পী আছিল। তেওঁ বঙালী লিপিত শ্বৰ্টহেণ্ড আৰু স্বৰলিপিৰ অন্যতম পথপ্ৰদৰ্শক আছিল। তেওঁ দেবেন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ পুত্ৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ আছিল।[1][2][3] [4][5] [6][7]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

দ্বিজেন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল ১৮৪০ চনৰ ১১ মাৰ্চত জোৰাসাঁকোৰ ঠাকুৰ পৰিয়ালত। তেওঁ আছিল বংগৰ বিখ্যাত দ্বাৰকানাথ ঠাকুৰৰ নাতি আৰু দেবেন্দ্ৰনাথ ঠাকুৰ আৰু সৰদা দেৱীৰ জ্যেষ্ঠ পুত্ৰ। তেওঁ প্ৰাৰম্ভিক শিক্ষা মুখ্যতঃ ঘৰুৱা শিক্ষকৰ দ্বাৰাই আহৰণ কৰিছিল। অৱশ্যে, তেওঁ কিছু সময়ৰ বাবে কলিকতাৰ ছেইণ্ট পলছ স্কুল আৰু হিন্দু কলেজত তথা বৰ্তমানৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।[8] দ্বিজেন্দ্ৰনাথ তেওঁৰ পিছৰ ভাতৃ সত্যেন্দ্ৰনাথ ঠাকুৰৰ সৈতে খুব ঘনিষ্ঠ আছিল। যদিও দুয়োজন ভাতৃৰ মাজত কিছু প্ৰাকৃতিক পাৰ্থক্য আছিল। দ্বিজেন্দ্ৰনাথ সমাজৰ পৰম্পৰাগত সংস্কাৰৰ এজন অনুগামী আছিল। আনহাতে, সত্যেন্দ্ৰনাথে এই সংস্কাৰসমূহ ভংগ কৰি এখন নতুন আধুনিক সমাজ গঢ়ি তোলাৰ পক্ষপাতী আছিল। [9] সাধাৰণ জীৱনত অভ্যস্ত দ্বিজেন্দ্ৰনাথ এজন কবি, জ্ঞানপ্ৰেমী আৰু দাৰ্শনিক ব্যক্তি আছিল। ১৮৭৮ চনত তেওঁৰ পত্নী সৰ্বাসুন্দৰী দেৱীৰ মৃত্যু হয়। দ্বিজেন্দ্ৰনাথে তেওঁৰ বাকী জীৱন এজন বিপত্নীক হিচাপে অতিবাহিত কৰিছিল।

কবিৰ ভূমিকাত

[সম্পাদনা কৰক]

বঙালী সাহিত্যলৈ দ্বিজেন্দ্ৰনাথৰ প্ৰথম অৱদান আছিল ধ্ৰুপদী সংস্কৃতত লিখা কালিদাসৰ মেঘদূত কাব্যৰ বঙালী অনুবাদ। নবেল বঁটা বিজয়ী তথা সৰু ভায়েক ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মৰ ঠিক এবছৰ আগতে কিতাপখন ১৮৬০ চনত প্ৰকাশ পাইছিল। প্ৰকাশৰ সময়ত দ্বিজেন্দ্ৰনাথৰ বয়স আছিল মাত্ৰ বিশ বছৰ। দ্বিজেন্দ্ৰনাথ ঠাকুৰৰ এই অনুবাদেই মেঘদূতৰ প্ৰথম বাংলা অনুবাদ আছিল। ১৮৭৫ চনত তেওঁৰ দ্বিতীয় উল্লেখযোগ্য কবিতা গ্ৰন্থ 'স্বপ্নপ্ৰয়ান' প্ৰকাশিত হয়। এই কিতাপখন প্ৰকাশ হোৱাৰ সময়ত ভায়েক ৰবীন্দ্ৰনাথ কিশোৰ আছিল। এই কবিতাটোত এজন যুৱকৰ ভ্ৰমণকাহিনী বৰ্ণনা কৰা হৈছে। এই কবিতা পুথিখনৰ বিভিন্ন ছন্দৰ প্ৰয়োগে তেওঁৰ আশ্চৰ্যজনক কাব্যিকশৈলী প্ৰকাশ কৰিছে। কিতাপখন সেই যুগৰ বাংলা কবিতাৰ এক নিৰ্দেশনা আৰু সেয়েহে ইয়াৰ ঐতিহাসিক মূল্য অনস্বীকাৰ্য্য। এজন অত্যন্ত প্ৰতিভাশালী কবি হোৱা স্বত্বেও, দ্বিজেন্দ্ৰনাথ ব্যক্তিজন এজন অতি বিশৃংখল ব্যক্তি আছিল। ৰবীন্দ্ৰনাথে লিখিছে যে সপোনৰ কবিতাবোৰৰ ফাটি যোৱা পাণ্ডুলিপিবোৰ জোৰাসাঁকোৰ ঠাকুৰ বাৰীত সিঁচৰতি হৈ আছিল।

দাৰ্শনিকৰ ভূমিকাত

[সম্পাদনা কৰক]

দ্বিজেন্দ্ৰনাথ ঠাকুৰ এজন 'প্ৰকৃত দাৰ্শনিক' আছিল। তেওঁ 'নেচনেল চছাইটি' আৰু 'বিদ্বাজন সমাগম' নামৰ দুটা দাৰ্শনিক সংগঠন স্থাপন আৰু পৰিচালনাত সহায় কৰিছিল। তেওঁ গীতা দৰ্শনৰ প্ৰতিও গভীৰ ভাৱে আগ্ৰহী আছিল।[10] তেওঁৰ প্ৰধান দৰ্শন হৈছে তত্ত্ববিদ্যা(তিনিটা খণ্ডত প্ৰকাশ পাইছিল,১৮৬৬-১৮৬৮)। এই কিতাপখন বাংলা দৰ্শনৰ ইতিহাসৰ এখন অগ্ৰণী কিতাপ। এই ৰাষ্ট্ৰীয় কিতাপখন আগতে বঙালী ভাষাত প্ৰকাশ কৰা হোৱা নাছিল। তেওঁৰ আন দুখন দাৰ্শনিক ৰচনা গ্ৰন্থ হৈছে 'অদ্বৈত মতেৰ সমালোচনা '(১৮৯৬) আৰু 'আৰ্যধৰ্ম অ বৌধধৰ্মাৰ ঘাট-প্ৰতিঘাট' (১৮৯৯)।

গণিতজ্ঞৰ ভূমিকাত

[সম্পাদনা কৰক]

দ্বিজেন্দ্ৰনাথ ঠাকুৰ এজন প্ৰতিভাশালী গণিতজ্ঞ আছিল। তেওঁ ইংৰাজী ভাষাত গণিতৰ কিছুমান কিতাপ লিখিছিল। সেই কিতাপ কেইখন হ'ল বক্সোমেট্ৰিৰ ওপৰত এখন কিতাপ (বাকচামিটি,বাকচৰ গাঁথনিসম্পৰ্কে) (১৯১৩), অণ্টোলজী (১৮৭১) আৰু জ্যামিতি বিষয়ক কিতাপ। তেওঁ বহুতো ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ভূমিকা লৈছিল। তেওঁ 'বঙালী'ভাষাত শ্বৰ্টহেণ্ড উদ্ভাৱন কৰিছিল আৰু ইয়াৰ ওপৰত এখন ধৰাবন্ধা নিয়ম সম্পৰ্কীয় মেনুৱেল লিখিছিল। তেওঁ জ্যামিতিৰ ওপৰত এখন কিতাপ লিখিছিল আৰু দ্বাদশ স্বতঃসিদ্ধক নতুন কিতাপৰ দ্বাৰা প্ৰতিষ্ঠাপিত কৰিছিল। বক্সোমেট্ৰি বিজ্ঞানৰ ওপৰত তেওঁৰ লিখনিয়ে গণিতৰ পণ্ডিতসকলক আকৰ্ষিত কৰিছে।

সংগীত ৰচনাৰ লগতে অন্যান্য বিশিষ্ট কাৰ্যকলাপ

[সম্পাদনা কৰক]

তেওঁ ১৮৮৪ চনৰ পৰা দীঘলীয়া ২৫ বছৰ 'তত্ত্ববোধিনী পত্ৰিকা' সম্পাদনা কৰিছিল। তেওঁ 'হিতবাদী' পত্ৰিকা এখনো প্ৰকাশ কৰি উলিয়াইছিল। দ্বিজেন্দ্ৰনাথে তত্ত্ববোধিনী পত্ৰিকা প্ৰকাশ অব্যাহত ৰাখিব বিচাৰিছিল।[11]কিন্তু তেওঁৰ আন এজন ভাতৃ জ্যোতিন্দ্ৰনাথ ঠাকুৰে 'ভাৰতী' নামৰ এখন নতুন আলোচনী আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছিল। যদিও দ্বিজেন্দ্ৰনাথ কাকতখন সম্পাদনাৰ দায়িত্বত আছিল কিন্তু আলোচনীখন মুখ্যতঃ জ্যোতিন্দ্ৰনাথে পৰিচালনা কৰিছিল। বাংলা সাহিত্যলৈ তেওঁৰ অসামান্য অৱদানৰ বাবে তেওঁ ১৮৯৭ চনৰ পৰা ১৯০০ চনলৈ বংগীয়া সাহিত্য পৰিষদৰ তেওঁ সভাপতি নিৰ্বাচিত হৈছিল। ১৯১৪ চনত বেংগল লিটাৰেৰী কনফাৰেন্সৰ অধিৱেশনত তেওঁ পুৰোহিত আছিল।

যেতিয়া ১৮৭৩ চনত পাবনা বিদ্ৰোহৰ সময়ত তেওঁৰ জমিদাৰীৰ উপাৰ্জন হ্ৰাস পাইছিল। তেতিয়া তেওঁ কৃষকসকলৰ বিৰুদ্ধে 'শান্তি পুনৰুদ্ধাৰ' কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছিল। ১৮৬৬ চনৰ পৰা ১৮৭১ চনৰ ভিতৰত তেওঁ আদি ব্ৰহ্ম সমাজৰ আচাৰ্যৰ পদত অধিষ্ঠিত আছিল। ব্ৰজ সুন্দৰ মিত্ৰৰ তত্ত্বাৱধানত ঢাকা ব্ৰহ্ম সমাজৰ উদ্বোধনী অনুষ্ঠানত তেওঁ তেওঁৰ পিতৃ দেবেন্দ্ৰনাথৰ সৈতে ঢাকা ভ্ৰমণ কৰিছিল।[12]

দ্বিজেন্দ্ৰনাথ হিন্দু মেলাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। তেওঁ হিন্দু মেলাৰ বাবে দেশপ্ৰেমমূলক গীতো ৰচনা কৰিছিল। গীত লিখা তেওঁৰ অভ্যাস আছিল। তেওঁৰ দ্বাৰা ৰচিত ব্ৰহ্মসংগীত কৰো তাৰ নাম গান, যত দিন ৰহে দেহা প্ৰাণ বহু বছৰ ধৰি প্ৰাৰ্থনাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

শান্তিনিকেতনৰ কালছোৱা

[সম্পাদনা কৰক]

দ্বিজেন্দ্ৰনাথে জ্ঞান আৰু লিখনিৰ অনুশীলনৰ জৰিয়তে প্ৰকৃতিৰ সংগত শান্তিনিকেতনত জীৱনৰ শেষ বিশ বছৰ অতিবাহিত কৰিছিল। তেওঁ শান্তিনিকেতনৰ আশ্ৰমবাসীকলৰ সৈতে হাস্যৰসাত্মক কিছুমান লিখনিও লিখিছিল। ৰবীন্দ্ৰনাথে তেওঁক বৰদাদা বুলি মাতিছিল। দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহাৰ পিছত মহাত্মা গান্ধী আৰু চাৰ্লছ ফ্ৰিৰ এণ্ড্ৰুজে শান্তিনিকেতন ভ্ৰমণ কৰে আৰু দ্বিজেন্দ্ৰনাথক লগ কৰে। তেওঁলোকেও তেওঁক বাৰদাদা বুলিও সম্বোধন কৰে। দ্বিজেন্দ্ৰনাথৰ সম্পৰ্কে বাতৰি কাকতত মহাত্মা গান্ধীয়ে প্ৰস্তাৱনা হিচাপে লিখিছিল, "আপুনি দ্বিজেন্দ্ৰনাথক জানেনে। তেওঁ শ্ৰী ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ আছিল আৰু তেওঁ তেওঁৰ দেউতাক দেবেন্দ্ৰনাথ ঠাকুৰৰ দৰে এজন সন্ন্যাসীৰ জীৱন যাপন কৰিছিল।" [13]

উত্তৰাধিকাৰী

[সম্পাদনা কৰক]

দ্বিজেন্দ্ৰনাথৰ পাঁচজন পুত্ৰ আছিল। তেওঁলোকৰ নাম আছিল দীপেন্দ্ৰনাথ, অৰুণেন্দ্ৰনাথ, নিতিন্দ্ৰনাথ, সুধীন্দ্ৰনাথ আৰু ত্ৰিপেন্দ্ৰনাথ। তেওঁলোকৰ ভিতৰত সুধীন্দ্ৰনাথ ঠাকুৰ (১৮৬৯-১৯২৯) এজন বিশিষ্ট লেখক আছিল। তেওঁ ভালেমান কবিতা, উপন্যাস আৰু চুটি গল্প ৰচনা কৰি গৈছে। ১৮৯১ চনত তেওঁ 'সাধনা' নামৰ এখন আলোচনী প্ৰকাশ কৰে। তেওঁ এই আলোচনীখনৰ সম্পাদক আছিল। পিছত ৰবীন্দ্ৰনাথে এই আলোচনীখন সম্পাদনা কৰাৰ দায়িত্ব গ্ৰহণ কৰে। সময়ৰ লগে লগে কাকতখন 'ভাৰতী'ৰ সৈতে একত্ৰিত হ'ল।

গ্ৰন্থসমূহ

[সম্পাদনা কৰক]

বঙালী ভাষাৰ [14][3][7]

  • বাংলা অনুবাদ: কালিদাসৰ মেঘদুত কাব্য (১৮৬০)
  • ব্ৰাদাৰহুড (১৮৬৩)
  • অণ্টোলজী (তিনিটা খণ্ডত, 1866-68)
  • সপোন দেখা (১৮৭৫)
  • সোণৰ কাঠি, ৰূপৰ কাঠি (১৮৮৫)
  • সোণাই সোহাগা (১৮৮৫)
  • আৰায়ামি আৰু চাহিবিয়ান
  • চামাজিক ৰোগেৰ কবিৰাজী চিকিৎসা (১৮৯১)
  • অদ্বৈত মতেৰ সমালোচনা (১৮৯৬)
  • আৰ্য ধৰ্ম আৰু বৌদ্ধ ধৰ্মেৰ ঘাত প্ৰতিঘাত (১৮৯৯)
  • ব্ৰহ্মজ্ঞান আৰু ব্ৰহ্মসাধনা (১৯০০)
  • বংগেৰ ৰঙ্গভূমি(১৯০৭)
  • হাৰমনিৰ অন্বেশন (১৯০৬)
  • ৰেখাক্ষৰ-বাৰ্ণামালা (১৯১২)
  • গীত পাথেৰ ভূমিকা (১৯১৫)
  • প্ৰবন্ধমালা(১৯২০)
  • কাব্য মালা(১৯২০)

ইংৰাজী ভাষাত: বক্সোমেট্ৰিৰ ওপৰত এখন কিতাপ (বাকচামিটি, যাক "ইউক্লিডিয়ান নীতিৰ প্ৰকৃতিত নিৰ্ধাৰিত কোড আৰু সূত্ৰ অনুসৰি ভাঁজ কৰা কাগজৰ সৈতে এক অন্তহীন প্ৰকাৰৰ ৰিচেপ্টেকল নিৰ্মাণৰ এক বিস্তৃত বিষয় বুলি বৰ্ণনা কৰা হৈছে(১৯১৩)[15],অণ্টোলজী (১৮৭১) আৰু জ্যামিতি।[14]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. হিৰণ্ময় বন্দোপাধ্যায়। ঠাকুৰবাড়িৰ কথা। শিশু সাহিত্য সংসদ। পৃষ্ঠা ৯৫–৯৮।
  2. "Dwijendranath Tagore". www.visvabharati.ac.in. http://www.visvabharati.ac.in/DwijendranathTagore.html। আহৰণ কৰা হৈছে: 2021-05-17. 
  3. 3.0 3.1 "দ্বিজেন্দ্ৰনাথ ঠাকুৰ". onushilon.org. http://onushilon.org/corita/dejendronath-thakur.htm। আহৰণ কৰা হৈছে: 2021-05-17. 
  4. "Dwijendranath Tagore (1840–1926), brother of Rabindranath" (en-GB ভাষাত). The Scottish Centre of Tagore Studies. 2019-02-05. https://scotstagore.org/dwijendranath-tagore-1840-1926-brother-of-rabindranath-by-christine-kupfer/। আহৰণ কৰা হৈছে: 2021-05-17. 
  5. Times, Wireless To the New York (1926-02-10). "TAGORE'S BROTHER IS DEAD.; Dwijendranath, 87, Also a Poet, Was Eldest of Seven Sons." (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/1926/02/10/archives/tagores-brother-is-dead-dwijendranath-87-also-a-poet-was-eldest-of.html. 
  6. "দ্বিজেন্দ্ৰনাথ ঠাকুৰেৰ জন্ম" (en ভাষাত). www.dainikamadershomoy.com. http://www.dainikamadershomoy.com/post/305470। আহৰণ কৰা হৈছে: 2021-05-17. 
  7. 7.0 7.1 "দ্বিজেন্দ্ৰনাথ ঠাকুৰ" (bn-BD ভাষাত). সববাংলায়. 2020-03-11. https://sobbanglay.com/sob/dwijendranath-tagore/। আহৰণ কৰা হৈছে: 2021-05-18. 
  8. সুবোধ চন্দ্ৰ সেনগুপ্ত; অঞ্জলি বোস, সম্পাদকগণ (১৯৯৮) [১৯৭৬]। সংসদ বাঙালি চৰিতাভিধান। সাহিত্য সংসদ। পৃষ্ঠা ২২৫। আইএসবিএন 81-85626-65-0।
  9. ইন্দিৰা দেবী চৌধুৰাণী। স্মৃতিসম্পুত। বিশ্বভাৰতী। পৃষ্ঠা ২৯–৩১।
  10. Calcutta, the living city. Sukanta Chaudhuri (1st paperback সম্পাদনা). প্ৰকাশক Calcutta: Oxford University Press. 1995. ISBN 0-19-563696-1. OCLC 34412913. https://www.worldcat.org/oclc/34412913. 
  11. Sarker, Dulal। "Article on: Tagore, Dwijendranath।" Dwijendranath Tagore। Banglapedia
  12. Sastri, Sivanath, History of the Brahmo Samaj, 1911-12/1993, p. 344, p. 395, Sadharan Brahmo Samaj.
  13. দেশাই, মহাদেব। "Day to day with Gandhi।" Secretary’s Diary। সৰ্ব সেবা সাংঘ প্ৰকাশন, ৰাজঘাট, বেনাৰস - ২২১০০১। ২০০৭-০৫-২৪ তাৰিখে মূল থেকে আৰ্কাইভ কৰা। সংগ্ৰহেৰ তাৰিখ ২০০৭-০২-২৬।
  14. 14.0 14.1 Sarker, Dulal। "Article on: Tagore, Dwijendranath।" Dwijendranath Tagore। Banglapedia।
  15. Roy, Kshitis. "Rabindranath Tagore's Emergence as an Artist". India Picks. https://www.indiapicks.com/Indianart/Articles/R_Tagore_Artist.htms। আহৰণ কৰা হৈছে: 18 May 2021. [সংযোগবিহীন উৎস]