দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ  
A bare-chested man shooting an arrow, from a bow shaped like a snake. The man's face is hidden, but there is a blue glow at his neck. The background shows fire burning through a battlefield.
লেখক অমিষ ত্ৰিপাঠী
প্ৰচ্ছদ শিল্পী ৰশ্মি পাছলকাৰ
দেশ ভাৰত
ভাষা ইংৰাজী
শৃংখলা শিৱ ত্ৰিলজী
বিষয় শিৱ, কিংবদন্তি, ফেণ্টাছী
প্ৰকাৰ কাল্পনিক
প্ৰকাশক ৱেষ্টলেণ্ড প্ৰেছ
প্ৰকাশ ২৭ ফেব্ৰুৱাৰী, ২০১৩
মিডিয়া প্ৰকাৰ ছপা (কেঁচাবন্ধা)
পৃষ্ঠা সংখ্যা ৫৬৫ (মুঠ ৫৭৫)
আই.এচ.বি.এন. 978-93-82618-34-8
পূৰ্বৱৰ্তী দ্য ইমৰ্টেলছ অফ মেলুহা
দ্য ছিক্ৰেট অফ দ্য নাগাজ

দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ (ইংৰাজী: The Oath of the Vayuputras) হৈছে ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজীৰ অন্তিমখন গ্ৰন্থ। ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ৱেষ্টলেণ্ড প্ৰেছযোগে উন্মোচন কৰা গ্ৰন্থখনে মেলুহা নামৰ এখন কাল্পনিক ঠাই আৰু ইয়াৰ নিবাসীসকলক শিৱ নামৰ ভ্ৰমণকাৰী এজন কিদৰে ৰক্ষা সেই কাহিনী সম্পূৰ্ণ কৰিছে। পূৰ্বৱৰ্তী গ্ৰন্থ দ্য ছিক্ৰেট অফ দ্য নাগাজৰ শেষছোৱাৰ পৰা আঁত ধৰি কাহিনীটো আগুৱাই গৈছে য'ত শিৱই আৱিষ্কাৰ কৰে যে সোমৰসেই হৈছে প্ৰকৃত অপশক্তি। তেওঁ তেতিয়াও সোমৰস ত্যাগ কৰিব নোখোজা লোকসকল, মূলতঃ মহৰ্ষি ভৃগুৰদ্বাৰা পৰিচালিত সম্ৰাট দক্ষ আৰু দিলীপৰ বিৰুদ্ধে এক ধৰ্মযুদ্ধ ঘোষণা কৰে। যুদ্ধ চলি থকা অৱস্থাত শিৱই বায়ুপুত্ৰ নামৰ এক সুখ্যাত জনগোষ্ঠীৰ সৈতে আলোচনাৰ বাবে পৰিহা নামৰ ঠাইলৈ ৰাওনা হয়। তেওঁ উলটি আহে মানে তেওঁৰ পত্নী সতীৰ হত্যাৰ লগতে যুদ্ধৰ ইতি পৰে। ক্ৰোধিত হৈ শিৱই বায়ুপুত্ৰসকলে দিয়া পাশুপাত নামৰ পাৰমাণৱিক অস্ত্ৰৰে মেলুহাৰ ৰাজধানী দেৱগিৰি বিনষ্ট কৰে আৰু সোমৰস ইতিহাসৰ পৰা হেৰাই যায়। শিৱ আৰু তেওঁৰ সহযোগীসকল তেওঁলোকৰ কৰ্মৰ বাবে দেৱতা হিচাপে জনপ্ৰিয় হয় আৰু ইয়াতে কাহিনীৰ অন্ত পৰে।

২০১১ চনৰ ছেপ্টেম্বৰত ত্ৰিপাঠীয়ে নিশ্চিতি দিয়ে যে তেওঁ দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ লিখি আছে আৰু ৱেষ্টলেণ্ডে ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ইয়াক মুক্তি দিয়াৰ কথা ঘোষণা কৰে। কিতাপখন পূৰ্বৰ দুখনতকৈ দীঘল আৰু ত্ৰিপাঠীয়ে এই কথা স্পষ্ট কৰে যে কেইটামান চৰিত্ৰৰ মৃত্যুৰে সৈতে আগৰ কিতাপখনৰ আধৰুৱা সামৰণিসমূহক গতি লগোৱা হ'ব। লগতে ইয়াকো ঘোষণা কৰা হয় যে কিতাপখনৰ প্ৰকাশন স্বত্ব আমেৰিকা আৰু ইংলেণ্ড উভয়ৰে প্ৰকাশন গোষ্ঠীয়ে ক্ৰয় কৰিছে। দ্য ইমৰ্টেলছ অফ মেলুহা আৰু দ্য ছিক্ৰেট অফ দ্য নাগাজৰ দৰে এই কিতাপখনেও বায়ুপুত্ৰজ শীৰ্ষক এক সংগীত এলবামৰ মুক্তিকে আদি কৰি বজাৰীকৰণৰ বিভিন্ন নৱতম কৌশল বহন কৰিছে।

মুক্তিৰ পিছত দ্য অ'থ অফ দ্য বায়ুপুত্ৰজে কাহিনী আৰু চৰিত্ৰৰ বাবে ইতিবাচক সঁহাৰি লাভ কৰাৰ লগতে বিজনেচ ষ্টেণ্ডাৰ্ডে ত্ৰিপাঠীক আখ্যা দিয়ে। অৱশ্যে তেওঁ আধুনিক, সহজ ইংৰাজীৰ ব্যৱহাৰ অব্যাহত ৰখা কথাটোক মিণ্টে নেতিবাচক সঁহাৰি প্ৰদান কৰে। কিতাপখনে ৩৫০,০০০টা কপিৰ আগতীয়া অৰ্ডাৰ আৰু প্ৰথমাৱস্থাত ৫০০,০০০টা কপি ছপাৰে বাণিজ্যিক সফলতা লাভ কৰে। মুক্তিৰ প্ৰথম দিনাই প্ৰথমচাম ছপা কপিৰ বিক্ৰীৰে কিতাপখনে ভাৰতৰ সৰ্বাধিক গতিবেগত বিক্ৰী হোৱা কিতাপৰ অভিলেখ ভংগ কৰে। এই কথাই ৱেষ্টলেণ্ডক পৰৱৰ্তী গ্ৰন্থ শৃংখলাৰ বাবে ত্ৰিপাঠীক ৫ কোটি টকা (প্ৰায় ১ মিলিয়ন আমেৰিকান ডলাৰ) অগ্ৰিম ধন হিচাপে দিবলৈ অনুপ্ৰাণিত কৰে। আঢ়ৈ বছৰৰ ভিতৰত ৪০ কোটিৰ অধিক টকাৰ বিক্ৰীৰে শিৱ ত্ৰিলজীৰ ১.৭ মিলিয়নতকৈও অধিক কপিৰ বিক্ৰী হয় আৰু ভাৰতীয় প্ৰকাশৰ ইতিহাসত ই সৰ্বাধিক গতিবেগত বিক্ৰী হোৱা গ্ৰন্থ শৃংখলা হিচাপে পৰিগণিত হয়।[1]

কাহিনী সাৰাংশ[সম্পাদনা কৰক]

নাগসকলৰ ৰাজধানী পঞ্চৱতীত বৃহস্পতিক লগ পোৱাৰ পিছত তেওঁৰ পৰা শিৱই অপশক্তিৰূপী সোমৰস আৰু ভাৰতীয় লোকৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে জানিব পাৰে। বৃহস্পতিয়ে এই কথা ব্যাখ্যা কৰি কয় যে সোমৰস প্ৰস্তুত কৰিবলৈ যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয় আৰু এই কাৰণে সৰস্বতী নদী শুকাই আহিছে। সোমৰস প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটোত উপন্ন হোৱা বৰ্জিত পদাৰ্থসমূহ ছাংপো নদীত নিক্ষেপ কৰা হয় যি ব্ৰহ্মপুত্ৰৰ জৰিয়তে ব্ৰঙ্গ দেশৰ মাজেদি বৈ যায় আৰু তাত সংক্ৰামক মহামাৰীৰ সৃষ্টি কৰে। সোমৰসে জীৱদেহৰ কোষসমূহৰ গুণাত্মক বৃদ্ধি কৰাৰ হেতুকে শাৰীৰিক বিসংগতি লৈ নাগ শিশুৰ জন্ম হয়।

শিৱই মুখ্য বাসুদেৱ পণ্ডিত গোপালক লগ কৰিবলৈ গুপ্ত নগৰ উজ্জয়িনীলৈ যায়। অপশক্তিৰ উত্থান ঘটিলে কিদৰে পশ্চিমৰ পৰিহা নামৰ ঠাইত থকা পূৰ্বৱৰ্তী মহাদেৱ ৰূদ্ৰ দেৱতাই প্ৰতিষ্ঠা কৰা এক পুৰণি জনগোষ্ঠী বায়ুপুত্ৰসকলে তেওঁলোকৰ এজন সদস্যক নীলকণ্ঠ হিচাপে প্ৰশিক্ষণ দিয়ে সেই কথা গোপালে ব্যাখ্যা কৰে। শিৱ অৱশেষত এই সিদ্ধান্তত উপনীত হয় যে তেওঁৰ খুৰাক, বায়ুপুত্ৰ সমিতিৰ এজন প্ৰাক্তন সদস্য মানভুৱে তেওঁক নীলকণ্ঠ হিচাপে প্ৰশিক্ষণ দিছিল। মেলুহাক সোমৰস নিৰ্মাণৰ কেন্দ্ৰ হিচাপে দেখা পাই সোমৰসৰ কাৰখানাটো বিনষ্ট কৰিবলৈ শিৱই ৰাজ্যখনৰ বিৰুদ্ধে এক ধৰ্মযুদ্ধৰ ঘোষণা কৰে আৰু সোমৰস পৰিত্যাগ কৰিবলৈ জনগণৰ প্ৰতি আহ্বান জনায়। পৰ্বতেশ্বৰে নিজ মাতৃভূমিক ৰক্ষা কৰাটো তেওঁৰ ধৰ্ম বুলি গণ্য কৰি শিৱৰ অনুমতি লৈ মেলুহাৰ পক্ষ লয় আৰু আনন্দময়ীয়েও তেওঁক লগ দিয়ে। শিৱই এই কথা উপলব্ধি কৰে যে পঞ্চৱতী আক্ৰমণৰ মূল হোতা মহৰ্ষি ভৃগুহে যি সম্ৰাট দক্ষ আৰু দিলীপক তেওঁৰ বিপক্ষে পৰিচালনা কৰিছে। ব্ৰঙ্গ, বৈশালী আৰু কাশীয়ে শিৱৰ পক্ষ লয় আৰু সমৰসজ্জা আৰম্ভ হয়। তেওঁ নাগ আৰু ব্ৰঙ্গ সৈন্য আৰু বাসুদেৱসকলৰ হাতীৰ পাল সহিত মেলুহা আক্ৰমণ কৰে। ইফালেদি গণেশ আৰু কাৰ্ত্তিকে অযোধ্যা আক্ৰমণ কৰি সফলতাৰ তেওঁলোকক মেলুহাক সহায় কৰাত বাধা প্ৰদান কৰে। শিৱই মৃত্তিকাৱতী দখল কৰি বিদ্যুন্মালীৰ অধীনত থকা সৈন্যদলক স্থানীয় বাসিন্দাৰ সহায়ত বন্দী কৰি ৰাখে। অৱশ্যে বিদ্যুন্মালী পলাই সাৰে আৰু বাসুদেৱ হাতীসমূহক নিয়ন্ত্ৰণহীন কৰাৰ গুপুত কৌশল আহৰণ কৰি পৰ্বতেশ্বৰ আৰু ভৃগুক সৈমান কৰি সতীৰ বাহিনীটো আক্ৰমণ কৰি পৰাস্ত কৰে।

এই পৰাজয়ত মেলুহাৰ ভিতৰ সোমোৱাৰ পৰিকল্পনা বাদ দি গোপালৰ সৈতে শিৱ পৰিহালৈ ৰাওনা হয়। তেওঁলোকে পৰিহাৰ বায়ুপুত্ৰসকলৰ পৰা ব্ৰহ্মাস্ত্ৰ আহৰণ কৰি মেলুহানসকলক ভয় দেখুৱাই শান্তিৰে কাম সমাধা কৰাৰ পৰিকল্পনা কৰে।

পৰিহাত তেওঁ বায়ুপুত্ৰৰ মুৰব্বী মিত্ৰক লগ পায় যি প্ৰকৃততে তেওঁৰ মোমায়েক। মিত্ৰই বায়ুপুত্ৰসকলক প্ৰত্যয় নিয়াই যে শিৱ প্ৰকৃত নীলকণ্ঠ আৰু তেওঁ শিৱক ব্ৰহ্মাস্ত্ৰতকৈ কম বিনষ্টকাৰী পাশুপতিঅস্ত্ৰ প্ৰদান কৰে। ইফালে পৰ্বতেশ্বৰে আভুৱা ভৰা নৌকাৰে কালীৰ মনত এনে ভাৱ ওপজাই যে তেওঁলোক পঞ্চৱতী আক্ৰমণ কৰিবলৈ গৈ আছে। কালীয়ে বাছকবনীয়া নাগ সৈন্যৰ সৈতে পঞ্চৱতী ৰক্ষাৰ বাবে ততাতৈয়াকৈ ৰাওনা হয়। অৱশ্যে স্থানীয় মিত্ৰ শাসনকৰ্তাৰ পৰা কালীয়ে নিজৰ ভুলটো গম পাই উলটি আহে।

দক্ষই শিৱক গুপুতে হত্যা কৰিবলৈ চক্ৰান্ত কৰে আৰু বিদ্যুন্মালীক ইজিপ্তৰ গুপ্তহত্যাকাৰীদল আনিবলৈ পথায়। তেওঁ কাৰাচপালৈ যোৱা পৰ্বতেশ্বৰ আৰু ভৃগুৱে ভূ নোপোৱাকৈ এক শান্তি আলোচনাৰ আয়োজন কৰে। পিছে শিৱৰ অনুপস্থিতিত সতী আলোচনালৈ আহে আৰু দক্ষৰ আচল পৰিকল্পনাটো জানিব পাৰে। গুপ্তহত্যাকাৰীদলৰ সৈতে যুঁজত সতী নিহত হয় আৰু তেওঁৰ মৃত্যুত যুদ্ধৰ ইতি পৰে। ইফালে শিৱ উলটি আহি এই ঘটনাত ক্ৰোধাম্বিত হয় আৰু দেৱগিৰিক চিৰদিনৰ বাবে নিঃশেষ কৰি দিবলৈ পাশুপতিঅস্ত্ৰ প্ৰয়োগৰ সিদ্ধান্ত লয়। পৰ্বতেশ্বৰ, আনন্দময়ী, ভৃগু আৰু বিৰিণীয়ে নগৰৰ ভিতৰতে থাকি ইয়াৰ লগতে মৃত্যুক আঁকোৱালি ল'বলৈ সিদ্ধান্ত লয়। কিন্তু কাৰ্ত্তিকে ভৃগুক এনেদৰে মৃত্যুবৰণ নকৰি তেওঁৰ বিস্তৃত জ্ঞান ভৱিষ্যত প্ৰজন্মক বিলাই দিবলৈ সৈমান কৰায়। শিৱই অস্ত্ৰপাত প্ৰয়োগ কৰে আৰু দেৱগিৰিৰ লগতে নগৰখনত থকা সোমৰস নিৰ্মাণ কাৰখানা নিশ্চিহ্ন হৈ যায়।

উপসংহাৰত, শিৱ কৈলাস পৰ্বতলৈ উলটি যায় আৰু তাতেই জীৱনৰ বাকীছোৱা কাল কটায়। গণেশ, কালী আৰু কাৰ্ত্তিক তেওঁলোকৰ পৰাক্ৰমৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে দেৱতা হিচাপে জনাজাত হয়। তেওঁলোকে ইজিপ্তৰ গুপ্তহত্যাকাৰীদলৰ আটাইকে হত্যা কৰি সতীৰ মৃত্যুৰ প্ৰতিশোধ লয়। ভৃগুৱে শিক্ষাদান চলাই যায় আৰু তেওঁৰ জ্ঞান ভৃগু সংহিতাত লিপিৱদ্ধ কৰে। সতী পিছলৈ শক্তি দেৱী হিচাপে জনাজাত হয় আৰু তেওঁৰ চিতাভস্মসমূহ গোটেই ভাৰতবৰ্ষতে বিয়পি পৰে, যি পিছলৈ শক্তিপীঠৰূপে জনাজাত হয়। সোমৰস যাতে আকৌ অধিক পৰিমাণত তৈয়াৰ কৰা নহয় তাৰ বাবে যমুনা নদীৰ সুঁতি সলাই সোমৰসৰ মূল উপাদান সৰস্বতী নৈৰ পানী শুকুৱাই পেলোৱা হয়।

চৰিত্ৰ আৰু পটভূমি[সম্পাদনা কৰক]

ত্ৰিপাঠীয়ে বিশ্বাস কৰে যে "কিংবদন্তিসমূহ আন একো নহয় কেৱলমাত্ৰ সঁচা অতীতৰ বিশৃংখল স্মৃতিহে। মাটিৰ তলত আৰু অৱহেলাত পোত যোৱা অতীত। "[2] গ্ৰন্থখনত হিন্দু সাহিত্যৰ জনাজাত চৰিত্ৰৰ লগতে লেখকৰ কল্পনাপ্ৰসূত চৰিত্ৰও আছে।[3] অৱশ্যে এই হিন্দু চৰিত্ৰসমূহে ইয়াৰ আটাইখিনি পৰম্পৰাগত বৈশিষ্ট্য বহন কৰা নাই।[4]

চৰিত্ৰ[সম্পাদনা কৰক]

  • শিৱ: কাহিনীৰ মূল চৰিত্ৰ। তেওঁ মেলুহালৈ প্ৰব্ৰজন কৰা গুণা জনজাতিৰ দলপতি। মেলুহাত উপস্থিত হৈ সোমৰস (এবিধ পানীয়) পান কৰাৰ পিছত তেওঁৰ কণ্ঠ নীলা হৈ পৰে আৰু তেওঁ মেলুহান কিংবদন্তিৰ অপশক্তিৰ সংহাৰক নীলকণ্ঠ হিচাপে পৰিগণিত হয়। মেলুহানসকলে তেওঁক তেওঁলোকৰ ৰক্ষাকৰ্তাৰূপে বিশ্বাস কৰিবলৈ লয়। শিৱই অপশক্তিৰ উস বিচাৰিবলৈ ধৰে আৰু এই সিদ্ধান্তত উপনীত হয় যে সোমৰসেই ভাৰতক ধ্বংসৰ মুখলৈ লৈ গৈ আছে। তেওঁ পানীয়বিধক সম্পূৰ্ণৰূপে অপসাৰণ কৰিবলৈ এক ধৰ্মযুদ্ধৰ ঘোষণা কৰে। ভাৰতবৰ্ষক ৰক্ষা কৰিবলৈ তেওঁৰ অহোপুৰুষাৰ্থ তথা সাফল্যই তেওঁক মহাদেৱ হিচাপে তুলি ধৰে।
  • সতী: মেলুহাৰ এক ৰাজকুমাৰী, সম্ৰাট দক্ষৰ জীয়ৰী। শিৱ সতীৰ প্ৰেমত পৰে আৰু দুয়ো বিবাহপাশত আৱদ্ধ হয়। সতী এক নিপুণ তৰোৱাল-যোদ্ধা আৰু শৈশৱৰেপৰাই অসীম সাহসী। তেওঁ শিৱক অপশক্তিৰ বিৰুদ্ধে অভিযানত সহায় কৰে কিন্তু এদল গুপ্তহত্যাকাৰীৰ পৰা নিজা মানুহবোৰ ৰক্ষা কৰিবলৈ যাওঁতে মৃত্যুমুখত পৰে। তেওঁৰ মৃত্যুত যুদ্ধৰ অৱসান ঘটে। পিছলৈ তেওঁ দেৱী শক্তিৰূপে জনাজাত হয় আৰু তেওঁৰ চিতাভষ্ম সমগ্ৰ ভাৰতবৰ্ষতে বিয়পাই দিয়া হয় আৰু এই ঠাইসমূহ শক্তিপীঠ নামেৰে পৰিচিত হয়।
  • নন্দী - মেলুহান সৈন্যৰ সেনানায়ক। শিৱৰ এজন নিষ্ঠাৱান ভক্ত যাৰপৰা শিৱই প্ৰায়ে মতামত আৰু পৰামৰ্শ বিচাৰে।
  • বীৰভদ্ৰ - শিৱৰ বাহিনীৰ এজন সেনানায়ক আৰু শিৱৰ এজন অন্তৰংগ বাল্যবন্ধু। পিছত শুদা হাতেৰে বাঘ এটা বশ কৰাৰ বাবে তেওঁ বীৰ ভদ্ৰ নাম পায়। তেওঁ কৃত্তিকাক বিয়া কৰাবলৈ শিৱৰ অনুমতি বিচাৰে।
  • বৃহস্পতি - মুখ্য মেলুহান বৈজ্ঞানিক যি শিৱৰ এজন ভাল বন্ধু হৈ পৰে। তেওঁ নীলকণ্ঠৰ কিংবদন্তি বিশ্বাস নকৰে যদিও এই কথা বিশ্বাস কৰে যে শিৱ মেলুহাক এক নৱ উজ্জ্বলতাৰ দিলে লৈ যাবলৈ সমৰ্থ।
  • কালী: সতীৰ যমজ ভগ্নী যাক পিতৃ দক্ষই জন্মৰ পিছতে সতীৰপৰা বিচ্ছিন্ন কৰি পথায়। কালীয়ে দুখন অতিৰিক্ত হাত লৈ জন্মগ্ৰহণ কৰিছিল। সেয়ে তেওঁক নাগ হিচাপে ঘোষণা কৰি সমাজৰ পৰা আঁতৰাই পথোৱা হয়। অতি খঙাল স্বভাৱৰ কালীয়ে শিৱক অপশক্তিৰ ধ্বংস অভিযানত সহায় কৰে। পিছলৈ তেওঁ দেৱীৰূপে পৰিগণিত হয়।
  • গণেশ: সতীৰ প্ৰথম পতিৰ ফালৰ সন্তান, যাক দক্ষই শাৰীৰিক বিসংগতি লৈ জন্ম হোৱা বাবে মৃত হিচাপে ঘোষণা কৰি গোপনে পৰিত্যাগ কৰে। গণেশক কালীয়ে ডাঙৰ-দীঘল কৰে আৰু দুয়ো মিলি এক দুৰ্ধৰ্ষ নাগ সৈন্যদলৰ সৃষ্টি কৰে। গণেশ শিৱ আৰু সতীৰ অনুগামী হৈ পৰে, আৰু পিছলৈ এজন দেৱতা ৰূপে জনাজাত হয়।
  • কাৰ্ত্তিক: শিৱ আৰু সতীৰ পুত্ৰ। তেওঁ এক দুৰ্ধৰ্ষ যোদ্ধা আৰু তেওঁৰ সমৰ নিপুণতা আৰু কৌশলৰ বাবে জনাজাত হয়। কাৰ্ত্তিকে সমগ্ৰ মেলুহা ধ্বংস নকৰি শিৱৰ উত্তৰাধিকাৰ সংৰক্ষণ কৰাৰ গুৰুত্ব উপলব্ধি কৰে। তেওঁ পিছলৈ দক্ষিণ ভাৰতলৈ যায়গৈ আৰু তাত এজন দেৱতা ৰূপে পৰিচিত হয়।
  • দক্ষ: মেলুহাৰ ৰজা, যি সমগ্ৰ ভাৰতবৰ্ষৰ সম্ৰাট হ'বলৈ বিচাৰে। তেওঁ মোহপাশত আৱদ্ধ হৈ সতীৰ প্ৰতি অন্যায় ব্যৱহাৰক পোহৰলৈ অনাৰ বাবে শিৱৰ প্ৰতি বিষোদগাৰ পোষণ কৰে।
  • বিৰিণী: দক্ষৰ পত্নী, মেলুহাৰ ৰাণী। তেওঁ শিৱৰ বিৰুদ্ধে দক্ষই কৰা দুতলীয়া কাৰ্যৰ বিৰোধী।
  • পৰ্বতেশ্বৰ: মেলুহান সেনাপ্ৰধান আৰু এজন নিষ্ঠাৱান সূৰ্যবংশী। তেওঁ শিৱৰ এজন অনুগামী। শিৱই সোমৰস ধ্বংস কৰিবলৈ মেলুহা আক্ৰমণ কৰিবলৈ লোৱাত তেওঁ দোধোৰ-মোধোৰত পৰে আৰু শেষত নিজ দেশক ৰক্ষা কৰিবলৈ তেওঁৰ কৰ্ত্তব্যৰ বাবে বাধ্য হৈ মেলুহাৰ পক্ষ লয়।
  • ভাগীৰথ: অযোধ্যাৰ যুৱৰাজ যি শিৱৰ অভিযানত সহায় কৰে।
  • আনন্দময়ী: অযোধ্যাৰ ৰাজকুমাৰী, এগৰাকী দৃঢ়মনা নাৰী। তেওঁ পৰ্বতেশ্বৰৰ প্ৰেমত পৰে আৰু বিয়া কৰায়। পৰ্বতেশ্বৰে মেলুহাৰ পক্ষে যুঁজিবলৈ সিদ্ধান্ত লোৱাত আনন্দময়ীয়ে তেওঁক লগ দিয়ে।
  • আয়ুৰ্ৱতী: মুখ্য চিকিৎসক আৰু এগৰাকী বুদ্ধিমতী তথা সন্মানীয় মহিলা। তেওঁ যিকোনো ৰোগেই নিৰাময় কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। তেৱেঁই প্ৰথমে শিৱক নীলকণ্ঠ বুলি চিনাক্ত কৰিছিল।
  • ভৃগু: ভাৰতৰ এজন প্ৰখ্যাত ঋষি, যি অতিশয় শক্তিশালী আৰু হিংসুক প্ৰকৃতিৰ। তেওঁ বিশ্বাস কৰিছিল যে সোমৰস কেতিয়াও অপশক্তি হ'ব নোৱাৰে। সেয়ে তেওঁ শিৱৰ বিপক্ষে যুদ্ধৰ সূচনা কৰে। সতীৰ মৃত্যুৰ পিছত আটাইৰে শ্ৰদ্ধা আৰু ভয়ভাব দেখি ভৃগুৱে তেওঁৰ ভুল উপলব্ধি কৰে।
  • দিলীপ: অযোধ্যাৰ ৰজা তথা ভাগীৰথ আৰু আনন্দময়ীৰ পিতৃ। নিজৰ চেহেৰা আৰু বয়সৰ চাপ পৰা দেহৰ প্ৰতি সচেতন দিলীপক ভৃগুৱে শিৱৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিবলৈ ব্লেকমেইল কৰে।
  • গোপাল: বাসুদেৱসকলৰ প্ৰধানজন। তেওঁ শিৱক সৰ্বতোপ্ৰকাৰে সহায় কৰে।
  • কনখলা: মেলুহাৰ প্ৰধানমন্ত্ৰী। তেওঁ ৰজা দক্ষৰ অন্ধকাৰ, অপৰাধী দিশটো আৱিষ্কাৰ কৰি স্তম্ভিত হয়। যেতিয়া দক্ষই শিৱক গুপুতে হত্যা কৰাৰ পৰিকল্পনা কৰে তেতিয়া কনখলাই কৌশলেৰে পৰ্বতেশ্বৰলৈ বাৰ্তা পথায় আৰু আত্মহনন কৰে।

বংশ/কুল[সম্পাদনা কৰক]

  • সূৰ্যবংশী - সূৰ্যবংশীসকল শ্ৰী ৰামৰ অনুগামী আৰু সূৰ্য দিনপঞ্জীৰ অনুসৰণ কৰোঁতা। তেওঁলোকে যিমান পাৰি এক আদৰ্শ জীৱন যাপন কৰিবলৈ চায়। সূৰ্যবংশীসকলে সত্য, ধৰ্ম, মান, কৰ্ত্তব্য আৰু সন্মানত বিশ্বাস ৰাখে।
  • চন্দ্ৰবংশী - এওঁলোকে চন্দ্ৰ দিনপঞ্জী অনুসৰণ কৰে। পৰম্পৰা অনুসৰি চন্দ্ৰবংশী আৰু সূৰ্যবংশীসকলৰ মাজত শত্ৰুতা চলি আহিছে। তেওঁলোক স্বাধীন প্ৰজাতন্ত্ৰ যি শৃংগাৰ, সৌন্দৰ্য আৰু স্বতন্ত্ৰতাত বিশ্বাস কৰে।
  • নাগ - এওঁলোক শাৰীৰিক বিসংগতিযুক্ত অভিশপ্ত লোক। নাগসকল ভীষণ দক্ষ যোদ্ধা।
  • বাসুদেৱ: বাসুদেৱসকল পুৰোহিতৰ এক গুপুত দল। তেওঁলোকে অপশক্তিৰ সংহাৰক নীলকণ্ঠলৈ অপেক্ষা কৰে আৰু তেওঁক সহায় কৰে।
  • বায়ুপুত্ৰ: এওঁলোক পূৰ্বৰ মহাদেৱ, ভগৱান ৰুদ্ৰই প্ৰতিষ্ঠা কৰি যোৱা এক গুপ্ত অনুগামী দল। তেওঁলোক পৰিহা নিবাসী আৰু অপশক্তিৰ উত্থান ঘটিলেই তেওঁলোকৰ মাজৰ এজনক নীলকণ্ঠ হিচাপে গঢ়ি তোলে।

ৰাজ্য[সম্পাদনা কৰক]

অগ্ৰগতি আৰু প্ৰকাশ[সম্পাদনা কৰক]

প্ৰথমাৱস্থাত ত্ৰিপাঠীয়ে দৰ্শনৰ ওপৰত এখন কিতাপ লিখিবলৈ সিদ্ধান্ত লৈছিল, কিন্তু পৰিয়ালৰফালৰ পৰা নিৰুৎসাহ হয়। সেয়ে তেওঁ হিন্দু দেৱতা শিৱৰ ওপৰত এখন কিতাপ লিখে।[6][7] ত্ৰিপাঠীৰ এজেণ্টে নিজাববীয়াকৈ কিতাপখন প্ৰকাশৰ সিদ্ধান্ত লয়।[8] ২০১০ চনৰ ফেব্ৰুৱাৰীত মুক্তি পোৱাৰ পিছত দ্য ইমৰ্টেলছ অফ মেলুহাই বৃহৎ বাণিজ্যিক সফলতা লাভ কৰে। চাহিদাৰ সৈতে সংগতি ৰাখি ইয়াক কেইবাবাৰো পুনৰ্মুদ্ৰণ কৰা হয়।[9] চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনে গ্ৰন্থখনৰ বোলছবি স্বত্ব ক্ৰয় কৰে।[10][11] এই সফলতাৰ ফলত ত্ৰিপাঠীয়ে দ্য ছিক্ৰেট অফ দ্য নাগাজ শীৰ্ষক দ্বিতীয়খন গ্ৰন্থ ৰচনা কৰে। গ্ৰন্থখন লিখি থকা কালতে ত্ৰিপাঠীয়ে ইয়াৰ বজাৰীকৰণ আৰু অগ্ৰগতিত তেওঁৰ আটাইখিনি সময় নিয়োজিত কৰিবলৈ বেংকাৰৰ চাকৰি ত্যাগ কৰে। দুয়োখন গ্ৰন্থই প্ৰকাশৰ দুবছৰৰ ভিতৰতে ২২ কোটি টকাৰ বিক্ৰীৰে নীলসেন বুকস্কেনৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাত শীৰ্ষস্থান অব্যাহত ৰাখে।

২০১১ চনৰ ছেপ্টেম্বৰত ত্ৰিপাঠীয়ে এই কথাৰ নিশ্চিতি দিয়ে যে পিছৰ মাহৰ পৰাই তেওঁ তৃতীয় ভাগটো লিখাৰ কামত লাগিব। ২০১৩ চনৰ জানুৱাৰীত এই কথা প্ৰকাশ হয় যে সেই বছৰৰে ২৭ ফেব্ৰুৱাৰীত ৱেষ্টলেণ্ড পাব্লিছিঙে দ্য অ'থ অফ দ্য বায়ুপুত্ৰজৰ মুক্তি দিব। ত্ৰিপাঠীয়ে বহলাই কয় যে গ্ৰন্থখনৰ অন্তিম সংস্কৰণটো তেওঁ আশা কৰাতকৈ দীঘল হ'ব, যিটো ৫৩টা অধ্যায়ৰ সৈতে আনকেইখন কিতাপৰ দুগুণ। টাইমছ অফ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লেখকজনে কিতাপখনৰ কিছু গুৰুত্বপূৰ্ণ দৃশ্য আলোচনা কৰে। তেওঁ ব্যাখ্যাৰে সৈতে কয় যে যিহেতু তেওঁ শৃংখলাটোত শিৱ এজন মৰণশীল ব্যক্তি, সেয়ে তেওঁ কিতাপখনত এক উপযুক্ত উপসংহাৰ সন্নিৱিষ্ট কৰিছে। শিৱই গুপ্ত নগৰ উজ্জয়িনী আৰু পৰিহাত বাসুদেৱ আৰু বায়ুপুত্ৰসকলৰ প্ৰধানকেইজনক লগ পাইছে। "অসম্পূৰ্ণ ৰূপত থোৱা কিছুমান সামৰণি পাঠকে অনুমান কৰি ল'বলৈ এৰা হৈছে। ....... শিৱ ত্ৰিলজীয়ে অপশক্তিৰ বিৰুদ্ধে যুদ্ধৰ বিবৃতি দিয়ে। আৰু অপশক্তি ৰাতি নীৰৱে আঁতৰি নাযায়; বৰঞ্চ, ই শুভশক্তিৰ বিৰুদ্ধে এক বলিষ্ঠ যুঁজ দিয়ে। গতিকে হয়, বায়ুপুত্ৰত মানুহৰ মৃত্যু হয়," তেওঁ এইদৰে সামৰণি মাৰে।

এই কথা ব্যাখ্যা কৰি ত্ৰিপাঠীয়ে কয় যে তেওঁ নিজৰ তাড়না অনুসৰিহে লিখিছিল, দৰ্শন বা প্ৰেম বা যুদ্ধৰ আধিক্য হ'বলৈ বুলি নহয়। তেওঁ নিশ্চিত আছিল যে বায়ুপুত্ৰজৰ এক কৰুণ সামৰণি ঘটিব। দেইলী নিউজ এণ্ড এনালাইছিছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ত্ৰিপাঠীয়ে কয় যে তেওঁ উদ্দেশ্যপ্ৰণোদিতভাৱে ভাৰতৰ পৌৰাণিক নাম জম্বুদ্বীপৰ সলনি ভাৰত নামটো ব্যৱহাৰ কৰাৰ লগতে কিতাপখনত বৰ্ণিত ঐতিহাসিক স্থানসমূহৰ আধুনিক নামবোৰ ব্যৱহাৰ কৰিছে। তেওঁ এই কথা বিশ্বাস কৰা নাছিল যে তেওঁৰ গ্ৰন্থত ভাৰতক এক ৰাজনৈতিক ধাৰণা হিচাপে উপস্থাপন কৰিব পৰা যাব, কিয়নো ত্ৰিলজীত বৰ্ণিত সময়ছোৱাত ভাৰত এক সাংস্কৃতিক ধাৰণাহে আছিল। কিছুসংখ্যক চৰিত্ৰৰ নাম পৌৰাণিক আখ্যানমতে হোৱাৰ বিপৰীতে ইয়াৰ প্ৰচলিত চাৰিত্ৰিক বৈশিষ্ট্য অনুসৰণ নকৰে। তেওঁ বিশ্বাস কৰিছিল যে এনে উন্নয়ন ইচ্ছাকৃত আৰু আগলৈ তেওঁৰ লেখাৰ প্ৰতি প্ৰশ্ন উত্থাপন নকৰে।

মুম্বাইৰ এক অনুষ্ঠানত ৱেষ্টলেণ্ড প্ৰকাশনৰ মুখ্য কাৰ্যবাহী বিষয়া গৌতম পদ্মনাভন আৰু বেটুপাটৰ আৰ্হি প্ৰস্তুত কৰোঁতা ৰশ্মি পাছলকাৰৰ উপস্থিতিত ত্ৰিপাঠী আৰু জোহৰে দ্য অ'থ অফ দ্য বায়ুপুত্ৰজৰ বেটুপাত উন্মোচন কৰে। লেখকে লগতে কয় যে পাছলকাৰে ত্ৰিলজীৰ আগৰকেইখন কিতাপৰ দৰেই চাক্ষুস আকৰ্ষণ বজাই ৰাখি কিতাপখনত বৰ্ণিত কেইবাটাও প্ৰতীকি উপাদান একগোট কৰিছে। তেওঁ বেটুপাতৰ এক প্ৰতীকি অৰ্থ থকাটো বিচাৰিছিল, য'ত শিৱ দৈৱিক ধনু পিনাক ধাৰণ কৰি থকা ৰূপত আৰু তেওঁৰ পিছফালে জ্বলি থকা এক জোপোহা থাকিব। ত্ৰিপাঠীৰ মতে বেটুপাতৰ বৰ্দ্ধমান উজ্জ্বলতাই অপশক্তিৰ বিৰূদ্ধে শুভশক্তিৰ বিজয় চিহ্নিত কৰিব। দ্য অ'থ অফ দ্য বায়ুপুত্ৰ সহিত ত্ৰিলজীৰ ইউ.কে. প্ৰকাশন স্বত্ব জ' ফ্লেট্চাৰ বুকছে ক্ৰয় কৰে। কিতাপখনে ২০১৪ চনৰ গ্ৰীষ্মকালি আমেৰিকাত মুক্তি পাব।

বজাৰীকৰণ কৌশল[সম্পাদনা কৰক]

দ্য ইমৰ্টেলছ অফ মেলুহা আৰু দ্য ছিক্ৰেট অফ দ্য নাগাজ দুয়োখন গ্ৰন্থৰে বজাৰীকৰণ কৌশলসমূহ অভিনৱ হোৱাৰ হেতুকে ত্ৰিপাঠীয়ে দ্য অ'থ দ্য বায়ুপুত্ৰজৰ প্ৰকাশৰ ক্ষেত্ৰটো একেধৰণৰ অভিনৱত্বৰ কথা কয়।[12] এনে কৌশলৰ ভিতৰত শিৱ ত্ৰিলজীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা বায়ুপুত্ৰজ নামৰ সংগীত এলবাম অন্যতম।[13] ইয়াৰ ধাৰণাটো ত্ৰিপাঠীৰ বিজ্ঞাপন এজেঞ্চী 'থিংকহোৱাইনট'ৰ মুখ্য কাৰ্যবাহী বিষয়া সংগ্ৰাম চুৰভেৰ ফালৰপৰা আহে।[14] কিতাপৰ বিভিন্ন অংশ আৰু কাহিনীৰেখাৰদ্বাৰা অনুপ্ৰাণিত এলবামটোত নটা গান সন্নিৱিষ্ট হৈছে য'ত বলিউদৰ কেইবাজনো কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে।[15] বায়ুপুত্ৰজ শীৰ্ষক মূল গীতটো তৌফিক কুৰশ্বিয়ে ৰচনা কৰিছে আৰু চনু নিগমে ইয়াত কণ্ঠদান কৰিছে।[16][17] অমিত পণ্ডিৰকাৰৰ পৰিচালনা আৰু ৰাজীৱ শৰ্মাৰ সংগীতেৰে থিংকহোৱাইনট গোটে এক সংগীত ভিডিঅ'ও নিৰ্মাণ কৰে। এই ভিডিঅ'টো জনপ্ৰিয় টেলিভিছন চেনেলসমূহ আৰু প্ৰায়বোৰ চ'ছিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰ কৰা হয়।[18]

সমালোচনা[সম্পাদনা কৰক]

দেইলী নিউজ এণ্ড এনালাইচিছৰ আৰ কৃষ্ণই গ্ৰন্থখনৰ ইতিবাচক সমালোচনা কৰে। তেওঁ লক্ষ্য কৰে যে বেয়া সম্পাদনা আৰু লেখনিৰ বাবে দ্বিতীয় গ্ৰন্থখনক কৰা সমালোচনা দ্য অ'থ অফ দ্য বায়ুপুত্ৰজে মোহাৰি পেলায়। গুপ্তহত্যাকাৰীদলৰ সৈতে সতীৰ যুদ্ধৰ যি বৰ্ণনা দিয়া হৈছে তাক প্ৰশংসা কৰি তেওঁ মন্তব্য কৰে যে কিতাপখনৰ দাৰ্শনিক আলোচনাসমূহৰ একচন দৃশ্যৰে সঠিকভাৱে সমতা ৰক্ষা কৰা হৈছে। কৃষ্ণই মোখনি মাৰি কয় যে কিতাপখনৰ বিভিন্ন চৰিত্ৰই ইয়াক সুখপাঠ্য কৰি তুলিছে আৰু শৃংখলাটোক এক উপযুক্ত সামৰণি প্ৰদান কৰিছে।[19] মিড ডে'ৰ ফৰাম দালালে কিতাপখনত শিৱৰ মুখত ব্যৱহৃত গাঁৱলীয়া উপভাষাৰ প্ৰশংসা কৰে আৰু এই কথা অনুভৱ কৰে যে গোটেই কাহিনীটোৰ ওপৰত ত্ৰিপাঠীৰ সুস্থিৰ নিয়ন্ত্ৰণে পঢ়ুৱৈৰ মনোযোগ একেঠাইত ৰাখি, ত্ৰিলজীক এক উপযুক্ত সামৰণি দিছে।[20] বিজনেছ ষ্টেণ্ডাৰ্ডৰ সঞ্জীৱ কাপুৰে এক নিৰপেক্ষ সঁহাৰি দি কয় যে পূৰ্বৱৰ্তী কিতাপকেইখনৰ ক্ষিপ্ৰ আৰু সহজ ধৰণটো অব্যাহত ৰখা হৈছে যদিও, যদি কোনোৱে দ্য ইমৰ্টেলছ অফ মেলুহাৰ প্ৰথম কেইটামান পৃষ্ঠা পুনৰ পঢ়ি চায় তেন্তে ই প্ৰমাণ কৰিব যে ত্ৰিপাঠী তেওঁৰ লেখাত অধিক সহজ আৰু আত্মবিশ্বাসী হৈ উঠিল। "নিশ্চয়কৈ, যিসকলৰ সাহিত্য ৰস ৰেন এণ্ড মাৰ্টিনৰ বাহিৰ হ'ব পৰা নাই তেওঁলোকে এওঁৰ ইংৰাজী ভাষাৰ ব্যৱহাৰত ত্ৰুটী পাবই। কিন্তু আমাৰ বাকীসকলৰ বাবে এই কথা লক্ষ্য কৰাটো আনন্দদায়ক যে ত্ৰিপাঠীয়ে কিদৰে মহান যুদ্ধৰ দৃশ্য আৰু অসামান্য প্ৰাকৃতিক দৃশ্যসমূহ বৰ্ণনা কৰিবলৈ সৰল ভাষাৰ ব্যৱহাৰ কৰিছে। "[21]


মিণ্টৰ আদিষ্ট খান্না কিতাপখনক লৈ অসন্তুষ্ট হয় আৰু ইয়াৰ নেতিবাচক সমালোচনা কৰে। তেওঁৰ মতে দুৰ্বল ব্যাকৰণ আৰু বেয়া সম্পাদনাই দ্য অ'থ অফ দ্য বায়ুপুত্ৰজৰ এখন মহৎ গ্ৰন্থ হোৱাৰ সম্ভাৱনা নোহোৱা কৰিলে। কল্পনাৰ ক্ষেত্ৰখন বহল আৰু উচ্চাকাংক্ষী হোৱাৰ কথা কৈ খান্নাই কয় যে "কিতাপখন সঁচাকৈ ভালপাবলৈ বিচাৰিছিলো। কিন্তু ইয়াৰ সম্পাদনা আৰু পুনৰ্লিখনৰ এলাহৰ কথা ধৰিব পৰা আৰু এৰি দিব নোৱাৰা..। এনে লাগে যেন ৱেষ্টলেণ্ড লিমিটেডে কিতাপখন এখন নিশ্চিত বেষ্টচেলাৰ হোৱাৰ কথা জানি আচল সম্পাদনাৰ সময়ত যিমান পাৰি সিমান এলেহুৱা হ'বলৈ সিদ্ধান্ত লয়। "[22] দ্য কলকাতা ষ্টেটছমেনৰ মৃত্যুঞ্জয় খুৰাণাই ইতিবাচক সঁহাৰিৰে কয় যে "অমিষে নিপুণতাৰে উপনিষদ, পুৰাণ, জ'ৰ'ষ্ট্ৰিয়ান আৰু বৌদ্ধ আখ্যানৰ ছবি আৰু এইবিলাকৰ গোন্ধ স্বচ্ছ তথা সমসাময়িক ভাষাত ব্যৱহাৰ কৰিছে। "[23]

বাণিজ্যিক সঁহাৰি[সম্পাদনা কৰক]

জি নিউজৰ মতে দ্য অ'থ অফ দ্য বায়ুপুত্ৰজৰ আনুষ্ঠানিক মুক্তিৰ পূৰ্বেই ই ৩৫০,০০০ কপিৰ আগতীয়া অৰ্ডাৰ লাভ কৰে আৰু ৫০০,০০০টা কপি ছপা কৰা হয়।[14][24] মুক্তিৰ প্ৰথম দিনাই কিতাপখনৰ ছপা হোৱা প্ৰথমচামৰ বিক্ৰী হৈ ভাৰতৰ ক্ষিপ্ৰতম গতিত বিক্ৰী হোৱা কিতাপৰ অভিলেখ ভংগ কৰে।[25] এই কথাই পৰৱৰ্ত্তী লেখনিৰ বিষয় কি হ'ব এই বিষয়ে ত্ৰিপাঠীয়ে কোনো ধাৰণা নথকাৰ কথা স্বীকাৰ কৰিলেও পৰৱৰ্ত্তী গ্ৰন্থ শৃংখলাৰ বাবে ত্ৰিপাঠীক ৫ কোটি টকা (প্ৰায় এক মিলিয়ন আমেৰিকান ডলাৰ) অগ্ৰিম ধন দিবলৈ ৱেষ্টলেণ্ডক অনুপ্ৰাণিত কৰে।[25] পদ্মনাভনে এই বিষয়ে স্পষ্ট কৰে যে এই অগ্ৰিম ধনত ত্ৰিপাঠীৰ পৰৱৰ্ত্তী শৃংখলাৰ অডিঅ' আৰু ই-প্ৰকাশন স্বত্বও অন্তৰ্ভুক্ত হৈছে, আৰু ই কেৱল দক্ষিণ-এছিয় দেশসমূহৰ বাবে যি "...আমি প্ৰদান কৰা বৃহত্তম অগ্ৰিম ধন, আৰু বৃহত্তম লেনদেন। "[25] অনুজ বাহৰিয়ে কয় যে চলচ্চিত্ৰ, বৈদেশিক আৰু অনুবাদ স্বত্ব আহৰণ কৰিলে ই ৪ মিলিয়ন আমেৰিকান ডলাৰ হ'বগৈ পাৰে।[25] আঢ়ৈ বছৰৰ ভিতৰতে শিৱ ত্ৰিলজী মুঠ ৪০ কোটি টকা খুচুৰা মূল্যত বিক্ৰী হয় যি ইয়াক ভাৰতৰ প্ৰকাশনৰ ইতিহাসত ক্ষিপ্ৰতম গতিত বিক্ৰী হোৱা গ্ৰন্থ শৃংখলাৰূপে থিয় কৰায়।[26][27]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Lopex, Rachel (2013-04-26). "How Amish Tripathi changed Indian publishing". Hindustan Times (HT Media Ltd). Archived from the original on 2013-04-28. https://web.archive.org/web/20130428120335/http://www.hindustantimes.com/Brunch/Brunch-Stories/Cover-Story-How-Amish-Tripathi-changed-Indian-publishing/Article1-1050648.aspx। আহৰণ কৰা হৈছে: 2013-04-29. 
  2. "Theory on Indian Gods". Amish Tripathi Official Website. Archived from the original on 2013-03-08. https://web.archive.org/web/20130308093657/http://www.authoramish.com/mahadev_myth.html। আহৰণ কৰা হৈছে: 2011-11-13. 
  3. 3.0 3.1 Amish Tripathi. "The Character". Official Website. Archived from the original on 8 March 2013. https://web.archive.org/web/20130308093735/http://www.authoramish.com/shiva_the_characters.html। আহৰণ কৰা হৈছে: 5 March 2013. 
  4. "The Immortals of Meluha: A review". Hindustan Times. 2010-09-29. Archived from the original on 2011-12-28. https://web.archive.org/web/20111228180338/http://books.hindustantimes.com/2010/09/the-immortals-of-meluha-%E2%80%93-a-review/। আহৰণ কৰা হৈছে: 2011-11-13. 
  5. Amish Tripathi. "The World". Official website. Archived from the original on 8 March 2013. https://web.archive.org/web/20130308100653/http://www.authoramish.com/shiva_the_world.html। আহৰণ কৰা হৈছে: 5 March 2013. 
  6. Chakraberti, Sujata (2010-04-09). "Amish Tripathi’s going digital". Daily News & Analysis. http://www.dnaindia.com/lifestyle/report_amish-tripathi-s-going-digital_1369184। আহৰণ কৰা হৈছে: 2011-01-08. 
  7. Babbar, Sonakshi (2011-09-10). "Writing changed me from an atheist to a Shiva bhakt: Amish Tripathi". The Hindustan Times. Archived from the original on 2012-05-01. https://web.archive.org/web/20120501201624/http://books.hindustantimes.com/2011/09/writing-changed-me-from-an-atheist-to-a-shiva-bhakt-amish-tripathi/। আহৰণ কৰা হৈছে: 2011-11-07. 
  8. Tripathi, Amish (2010-09-01). "The MBA Writer". OPEN (Open Media Network Pvt Ltd.) খণ্ড 35. 
  9. Umair, Siddique (2010-09-11). "Faith at Heart". The Hindu (Kasturi and Sons Ltd.) খণ্ড 1345 (211): 13. ISSN 0971-751X. 
  10. Umair, Siddique (2010-09-11). "Faith at Heart". The Hindu (Kasturi and Sons Ltd.) খণ্ড 1345 (211): 13. ISSN 0971-751X. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/article625853.ece। আহৰণ কৰা হৈছে: 2013-01-23. 
  11. Basu, Upala (2012-01-04). "Karan Johar brings Meluha to life". The Times Of India (Bennett, Coleman & Co. Ltd). Archived from the original on 2013-07-04. https://web.archive.org/web/20130704153309/http://articles.timesofindia.indiatimes.com/2012-01-04/news-interviews/30588163_1_lord-shiva-book-rights-karan-johar-s-dharma-productions। আহৰণ কৰা হৈছে: 2012-01-25. 
  12. Chaudhuri, Dibyajyoti (2 January 2013). "I'm Only A Witness To Shiva's Magic". The Times of India. Archived from the original on 15 May 2013. https://web.archive.org/web/20130515042941/http://articles.timesofindia.indiatimes.com/2013-01-22/books/36257131_1_shiva-trilogy-meluha-amish-tripathi। আহৰণ কৰা হৈছে: 23 January 2013. 
  13. "Shiva Trilogy original soundtrack". The Times Of India (Bennett, Coleman & Co. Ltd). 2013-02-16. Archived from the original on 2014-02-02. https://web.archive.org/web/20140202095213/http://articles.timesofindia.indiatimes.com/2013-02-16/bollywood/37120075_1_shiva-trilogy-original-soundtrack-bickram-ghosh. 
  14. 14.0 14.1 Bhattacharya, Ananya (2013-02-24). "For the youth, Lord Shiva holds a different kind of attraction: Amish Tripathi". Zee News. http://zeenews.india.com/exclusive/for-the-youth-lord-shiva-holds-a-different-kind-of-attraction-amish-tripathi_6064.html। আহৰণ কৰা হৈছে: 2013-02-24. 
  15. Sharma, Garima (2013-01-18). "Amish's Shiva trilogy inspires a music album". The Times of India (The Times Group). http://timesofindia.indiatimes.com/entertainment/music/news-and-interviews/Amishs-Shiva-trilogy-inspires-a-music-album/articleshow/18132460.cms। আহৰণ কৰা হৈছে: 2013-01-23. 
  16. "Amish Tripathi plans music album for Oath of Vayuputras". Hindustan Times (HT Media Group). 2013-01-18. Archived from the original on 2013-01-22. https://web.archive.org/web/20130122162537/http://www.hindustantimes.com/Entertainment/Music/Amish-Tripathi-plans-music-album-for-Oath-of-Vayuputras/Article1-992902.aspx। আহৰণ কৰা হৈছে: 2013-01-23. 
  17. Naik, Varsha (2013-02-13). "Music for readers". Daily News and Analysis (Diligent Media Corporation). http://www.dnaindia.com/lifestyle/report_music-for-readers_1798109। আহৰণ কৰা হৈছে: 2013-02-13. 
  18. Laghate, Gaurav (2013-02-07). "Final book in Shiva Trilogy to kick off with innovative marketing campaign". Business Standard (Business Standard Ltd). http://www.business-standard.com/article/beyond-business/final-book-in-shiva-trilogy-to-kick-off-with-innovative-marketing-campaign-113020701134_1.html। আহৰণ কৰা হৈছে: 2013-02-24. 
  19. Krishna, Radha (2013-03-03). "Book review: The Oath Of The Vayuputras". Daily News and Analysis (Diligent Media Corporation). http://www.dnaindia.com/lifestyle/review_book-review-the-oath-of-the-vayuputras_1806692। আহৰণ কৰা হৈছে: 2013-03-04. 
  20. Dalal, Phorum (2013-03-10). "Book review: The oath of the Vayuputras". Mid Day (Mid Day Infomedia Limited). http://www.mid-day.com/lifestyle/2013/mar/100313-book-review-the-oath-of-the-vayuputras.htm। আহৰণ কৰা হৈছে: 2013-03-25. 
  21. Sanyal, Sanjeev (2013-03-29). "India's Tolkein invokes the spirit of Shiva". Business Standard (Ananda Publishers). http://www.business-standard.com/article/beyond-business/india-s-tolkein-invokes-the-spirit-of-shiva-113032900319_1.html। আহৰণ কৰা হৈছে: 2013-04-02. 
  22. Khanna, Aadisht (2013-03-08). "Book Review | The Oath of The Vayuputras". Mint (HT Media Ltd). http://www.livemint.com/Leisure/H8xiXxGWJwpTO8NAfWuRUJ/Book-Review--The-Oath-of-The-Vayuputras.html। আহৰণ কৰা হৈছে: 2013-03-21. 
  23. Khurana, Mrityunjay (2013-04-13). "Spotlight: The Oath of the Vayuputras". The Statesman (The Statesman Ltd). http://www.thestatesman.net/index.php?option=com_content&view=article&id=451882:spotlight&catid=44:8th-day&from_page=search। আহৰণ কৰা হৈছে: 2013-04-16. 
  24. Sharma, Manoj (2013-02-23). "New-age authors cash in on growing market". Hindustan Times (HT Media Ltd). Archived from the original on 2013-02-23. https://web.archive.org/web/20130223232810/http://www.hindustantimes.com/News-Feed/Placeholder-HT-UI-BusinessSectionPage-TopStories/New-age-authors-cash-in-on-growing-market/Article1-1016478.aspx। আহৰণ কৰা হৈছে: 2013-02-24. 
  25. 25.0 25.1 25.2 25.3 Umachandran, Shalini (2013-03-03). "Westland gives Amish Tripathi Rs 5cr advance for his next series". The Economic Times (The Times Group). http://economictimes.indiatimes.com/articleshow/18775583.cms। আহৰণ কৰা হৈছে: 2013-03-04. 
  26. Austen Soofi, Mayank (2013-03-11). "Amish Tripathi, The Sound of Money". Mint (HT Media Ltd). http://www.livemint.com/Leisure/lZ6T9wr4M0Mnmmk1aFnZ5K/Amish-Tripathi--The-sound-of-money.html?facet=print। আহৰণ কৰা হৈছে: 2013-04-09. 
  27. Lopex, Rachel (2013-04-26). "How Amish Tripathi changed Indian publishing". Brunch (HT Media Ltd). Archived from the original on 2013-04-28. https://web.archive.org/web/20130428120335/http://www.hindustantimes.com/Brunch/Brunch-Stories/Cover-Story-How-Amish-Tripathi-changed-Indian-publishing/Article1-1050648.aspx। আহৰণ কৰা হৈছে: 2013-04-29. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]