সমললৈ যাওক

দ্য আননোন ৱাৰ্ল্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য আননোন ৱাৰ্ল্ড
The Unknown World
A still from the animated film 'The Unknown World'
চলচ্চিত্ৰৰ পোষ্টাৰ
পৰিচালক বৰুণ মেহতা
ৰচনা বৰুণ মেহতা
প্ৰযোজক ৱিজ ম'শ্বন ষ্টুডিঅ'
মুক্তি
২০১১ (2011)
দেশ ভাৰত
ভাষা ইংৰাজী

দ্য আননোন ৱাৰ্ল্ড ২০১১ চনত ভাৰতৰ পৰা নাৰী শিশুহত্যা বা মহিলা ভ্ৰুণহত্যাৰ বিষয়ে নিৰ্মিত এনিমেটেড চলচ্চিত্ৰ। ইয়াৰ পৰিচালক আৰু প্ৰযোজক বৰুণ মেহতা। এইখন চলচ্চিত্ৰ ২০১১ চনত ভাৰতৰ চেন্নাইত অনুষ্ঠিত হোৱা জনসেৱা ঘোষণা চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়।[1]

এগৰাকী যুৱতীয়ে ছোৱালী জন্ম দিবলৈ ওলাইছে। মাকৰ গৰ্ভত শিশুটিয়ে নিজৰ পৃথিৱীখন স্থাপন কৰে য’ত তাই খেলা-ধূলা কৰে, নাচি থাকে, দোল খায় আৰু আনন্দৰে ইফালে সিফালে জঁপিয়াই থাকে। বাস্তৱ জগতৰ অজ্ঞাত এখন পৃথিৱী। শিশুটিয়ে তাইৰ বাস্তৱ জগতত আগমনৰ বাবে আনন্দৰে অপেক্ষা কৰি আছে, কিন্তু যেতিয়া তাইৰ পিতৃ-মাতৃয়ে গৰ্ভপাত কৰাৰ সিদ্ধান্ত লয় তেতিয়া সন্তানটোক গৰ্ভৰ ভিতৰতে হত্যা কৰা হয়। শিশুটিয়ে চকুৰ সন্মুখতে তাইৰ পৃথিৱীখন ধ্বংস হোৱাটোহে দেখিব পাৰে।

অভ্যৰ্থনা

[সম্পাদনা কৰক]

চেন্নাইত অনুষ্ঠিত প্ৰথম জনসেৱা ঘোষণা (পি এছ এ) চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল দ্য আননোন ৱাৰ্ল্ড। ইয়াৰ থিম ‘মহিলা ভ্ৰুণহত্যা’ৰ বাবে বিশেষ পুৰস্কাৰ লাভ কৰে। ২০১২ চনত আমেৰিকাৰ ৱেবছাইট Buzzgoo.comৰ দ্বাৰা আয়োজিত আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত জয়ী হয়।[2][3]


সমগ্ৰ ভাৰতৰ বহু চহৰত এই ছবিখন প্ৰদৰ্শিত হৈছিল। ছ’চাইটি অৱ এনিমেচন ইন দিল্লী চমুকৈ এছ এ আই ডিয়ে ২০১২ চনত এক বঁটা অনুষ্ঠানত ছবিখনক সন্মান জনাইছিল।আলিগড় চৰকাৰে সামাজিক সংস্থা মানৱ উপকাৰে আয়োজন কৰা এক অনুষ্ঠানতো এই ছবিখনক সন্মান জনাইছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Interview with Varun Mehta – Wiz Animation Studio – Founder, CEO". Archived from the original on 6 April 2015. https://web.archive.org/web/20150406202017/http://animationgalaxy.in/Newsindetail.aspx?Dept=Interviews&PID=35। আহৰণ কৰা হৈছে: 3 September 2015. 
  2. "'The Unknown World' short film by Varun Mehta wins International Short Film Contest online". Animationxpress.com. 28 May 2012. http://www.animationxpress.com/index.php/animation/the-unknown-world-short-film-by-varun-mehta-wins-international-short-film-contest-online। আহৰণ কৰা হৈছে: 28 June 2016. 
  3. "buzzgoo Announces Winners of Inaugural Short Film and Photography Competitions". Prweb.com. Archived from the original on 31 May 2016. https://web.archive.org/web/20160531034347/http://www.prweb.com/releases/2012/6/prweb9628329.htm। আহৰণ কৰা হৈছে: 28 June 2016.