সমললৈ যাওক

দ্য এণ্ড (চুটিগল্প)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
"দ্য এণ্ড"
লিখক হৰ্হে লুইছ বৰ্হেছ
মূল শিৰোনাম "এল ফিন"
দেশ আৰ্জেণ্টিনা
ভাষা স্পেনিছ
প্ৰকাৰ চুটি গল্প
প্ৰকাশন সময় Ficciones (দ্বিতীয় সংস্কৰণ)
মিডিয়াৰ প্ৰকাৰ মুদ্ৰিত
প্ৰকাশৰ তাৰিখ ১৯৫৩
ইংৰাজীত প্ৰকাশ ১৯৬২

দ্য এণ্ড (মূল স্পেনিছ শিৰোনাম: El fin) হৈছে আৰ্জেণ্টাইন সাহিত্যিক হৰ্হে লুইছ বৰ্হেছৰ এটা চুটিগল্প। এই গল্পটো প্ৰথমবাৰৰ বাবে ১৯৫৩ চনত লা নেচন কাকতত প্ৰকাশ পাইছিল। পিছলৈ ১৯৫৬ চনৰ Ficciones গ্ৰন্থৰ দ্বিতীয় অংশ (Artifices)ত ইয়াক অন্তৰ্ভুক্ত কৰা হয়।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

দ্য এণ্ড গল্পটো হৈছে আৰ্জেণ্টিনাৰ মহাকাব্যিক কাব্য মাৰ্টিন ফিয়েৰ’ৰ এক প্ৰতিক্ৰিয়াস্বৰূপ ৰচনা। বৰ্হেছে সেই বছৰেই প্ৰকাশ কৰা দীঘল প্ৰবন্ধ এল মাৰ্টিন ফিয়েৰ’ত এই মহাকাব্যখনৰ বিষয়ে বিশদ আলোচনা কৰিছিল।[1]

গল্পটোত এগৰাকী মানুহৰ কথা কোৱা হৈছে, যিয়ে সম্ভৱতঃ এক গুৰুতৰ ষ্ট্ৰোকৰ ফলত শাৰীৰিকভাৱে পংগু হৈ পৰিছে। তেওঁ আধা দেখা আৰু আধা শুনা অৱস্থাত নিজৰ দোকানত সংঘটিত হোৱা এটা চূড়ান্ত দ্বন্দ্ব প্ৰত্যক্ষ কৰে। এই দ্বন্দ্বটো হয় এজন নিগ্ৰো গীটাৰবাদক আৰু এজন ৰহস্যময় অচিনাকি ব্যক্তিৰ মাজত। পিছলৈ সেই অচিনাকি ব্যক্তি মাৰ্টিন ফিয়েৰ্ৰো বুলি চিনাক্ত হয়, যাক সেই নিগ্ৰো গীটাৰবাদকে বহুদিন ধৰি অপেক্ষা কৰি আছিল।

গল্পৰ অন্তত নিগ্ৰো গীটাৰবাদকৰ হাতত মাৰ্টিন ফিয়েৰ্ৰোৰ মৃত্যু ঘটে। সাহিত্য সমালোচকসকলে এই বিষয়ত বিতৰ্ক কৰি আহিছে যে মাৰ্টিন ফিয়েৰ্ৰো চৰিত্ৰটো খ্ৰীষ্টসদৃশ প্ৰতীক হয় নে নহয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Jorge Luis Borges. El Martín Fierro. Columba, Buenos Aires, 1953.