সমললৈ যাওক

দ্য কৰ্টেজানছ অৱ বম্বে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য কৰ্টেজানছ অৱ বম্বে

আমেৰিকাৰ মুক্তিৰ বাবে প্ৰস্তুত কৰা পোষ্টাৰ
পৰিচালক ইছমাইল মাৰ্চেণ্ট
ৰচনা ইছমাইল মাৰ্চেণ্ট
জেমছ আইভৰী
ৰুথ প্ৰাৱেৰ ঝাবভালা
প্ৰযোজক ইছমাইল মাৰ্চেণ্ট
অভিনয়ত কৰিম সমৰ
চৈয়দ জাফ্ৰি
জোহৰা ছেহগল
চিত্ৰগ্ৰহণকাৰী বিষ্ণু মাথুৰ
সম্পাদনা অমিত বসু
ৰীতা ষ্টাৰ্ণ
প্ৰযোজনা
কোম্পানী
মাৰ্চেণ্ট আইভৰী প্ৰ’ডাকচনছ্
পৰিবেশক চেনেল ফোৰ (যুক্তৰাজ্য)
নিউয়ৰ্ক ফিল্মছ্ (যুক্তৰাষ্ট্ৰ)
মুক্তি
জানুৱাৰী ১৯৮৩ (1983-01) (UK)
১৯ মাৰ্চ ১৯৮৬ (1986-03-19) (U.S.)
দৈৰ্ঘ্য
৭৩ মিনিট
দেশ যুক্তৰাজ্য
ভাষা ইংৰাজী

দ্য কৰ্টেজানছ অৱ বম্বে (ইংৰাজী: The Courtesans of Bombay ) ইছমাইল মাৰ্চেণ্টৰ পৰিচালনাত আৰু মাৰ্চেণ্ট, জেমছ আইভৰী, আৰু ৰুথ প্ৰাৱেৰ ঝাবভালাৰ সহযোগিতাত ১৯৮৩ চনত নিৰ্মিত এখন ব্ৰিটিছ ডকুড্ৰামা দ্য। ছবিখনে বোম্বাইৰ পৱন পুল নামেৰে জনাজাত এটা চৌহদৰ ওপৰত গুৰুত্ব কেন্দ্ৰীভূত কৰিছে, য’ত মনোৰঞ্জন উদ্যোগত কাম কৰাৰ বাবে আগ্ৰহী মহিলাসকলে দিনত পুৰুষ দৰ্শকৰ পৰা টকা পাবলৈ নাচে আৰু খোলাকৈ নকলেও কোৱা হৈছে যে, ৰাতি তেওঁলোকে বেশ্যা হিচাপে কাম কৰে। ১৯৮৩ চনৰ জানুৱাৰী মাহত ব্ৰিটেইনৰ চেনেল ফোৰত ছবিখন সম্প্ৰচাৰিত হয় আৰু ১৯৮৬ চনৰ ১৯ মাৰ্চত আমেৰিকাত সীমিত সংখ্যক চিত্ৰগৃহত মুক্তি পায়।

মাৰ্চেণ্টে কম বয়সতে কৰ্টেছান বা তৱাইফ সকলৰ বিষয়ে জানিছিল, "ঘৰত বিয়া, সন্তান জন্ম আৰু অন্যান্য উৎসৱৰ সময়ত তেওঁলোক অহা আমি দেখিছিলো। তেওঁলোকে গান আৰু নৃত্যৰে মনোৰঞ্জন কৰিছিল আৰু মই প্ৰায়ে তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰিছিলো।" ষোল্ল বছৰ বয়সত প্ৰথমবাৰৰ বাবে পৱন পুললৈ যোৱাৰ সময়ত তেওঁৰ মনত পুৰণি স্মৃতিসমূহ জাগৰিত হয় আৰু যিয়ে তেওঁক তৱাইফসকলৰ কাৰ্যকলাপ আৰু অভিজ্ঞতাসমূহ চলচ্চিত্ৰত লিপিবদ্ধ কৰিবলৈ অনুপ্ৰাণিত কৰে। [1]

কৰিম সমৰ, চৈয়দ জাফ্ৰি, আৰু জোহৰা ছেহগল হৈছে পেছাদাৰী অভিনেতা। তেওঁলোকে অঞ্চলটোৰ প্ৰকৃত বাসিন্দাসকলৰ সৈতে ভাব বিনিময় কৰে। সমৰে এজন ভাড়া সংগ্ৰাহকৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে এজন ঘৰৰ মালিকক প্ৰতিনিধিত্ব কৰে। তেওঁ মাৰ্চেণ্টৰ বন্ধু আছিল আৰু প্ৰকল্পটোত সন্মতি জনাইছিল। জাফ্ৰিৰ ভূমিকা হৈছে এজন অভিনেতাৰ, যাৰ এগৰাকী তৱাইফৰ প্ৰতি থকা মোহ আৱেগলৈ ৰূপান্তৰিত হয়। ছেহগাল এগৰাকী অৱসৰপ্ৰাপ্ত তৱাইফ। মাহীয়েকে এজন ধনী ব্যক্তিৰ ওচৰত তেওঁৰ চোৱাচিতাৰ দায়িত্ব দিয়াৰ আগৰ জীৱনটো মনত পেলায়। [2]

সমালোচনা

[সম্পাদনা কৰক]

দ্য নিউয়ৰ্ক টাইমছৰ ৱালটাৰ গুডমেনে ছবিখনক “সমাজবিজ্ঞান, মানৱ আগ্ৰহ আৰু বিদেশী মনোৰঞ্জনৰ এক মনোমোহা ৭৩ মিনিট” বুলি অভিহিত কৰি লগতে কয়, “যেতিয়া আমি অচিনাকি সংগীতৰ প্ৰতি অভ্যস্ত হৈ পৰিছো, তেতিয়া শ্ব’টোত নিমজ্জিত হৈ শোষণ পাহৰি যোৱাটো সহজ হৈ পৰে।” বিশাল নিতম্বযুক্ত তৱাইফসকলে নিজৰ যৌনতাক লৈ প্ৰচুৰ আত্মবিশ্বাসেৰে গতি কৰে, আৰু কিছু পৰিমাণে বিচ্ছিন্ন যেন লগা সকলো পুৰুষ দৰ্শক তেওঁলোকৰ অভিনয়ৰ দ্বাৰা উত্তেজিত হওক বা পিছলৈ ঘনিষ্ঠ যোগাযোগৰ সম্ভাৱনাৰ থাকক, তাত কোনো গুৰুত্ব নাথাকে।" [2]

ৱেবছাইট ডিভিডি টকৰ বাবে ডিভিডি মুক্তিৰ পৰ্যালোচনাত গ্লেন এৰিক্সনে কয় যে "ইয়াৰ সংগীত আৰু নৃত্য প্ৰদৰ্শনৰ সৈতে দ্য কৰ্টেছানছ অৱ বম্বে এখন আচৰিত তথ্যচিত্ৰ হ'ব যদিহে ই প্ৰামাণিক সামগ্ৰী আৰু প্ৰদৰ্শিত বিষয়বস্তুৰ মাজত পাৰ্থক্য থাকে। যদিও আক্ষৰিক অৰ্থত পাৰ্থক্য নাথাকিবও পাৰে। আমি চলচ্চিত্ৰ নিৰ্মাতাসকলক বিশ্বাস কৰিব লাগিব যে ইয়াক যি দেখুওৱা হৈছে সেয়া সঠিক। [3]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]