দ্যা ছেণ্টিনেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দ্য চেণ্টিনেলৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
দ্যা ছেণ্টিনেল
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা(ব্ৰডশ্বীট)
সম্পাদক প্ৰধান শংকৰ ৰাজখোৱা
প্ৰতিষ্ঠাপন হয় ১৯৮৩
ভাষা ইংৰাজী
মুখ্য কাৰ্যালয় গুৱাহাটী
ৱেবছাইট www.sentinelassam.com

দ্যা ছেণ্টিনেল (ইংৰাজী: The Sentinel) এখন দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৮৩ চনত গুৱাহাটীত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় অাৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা অাৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত অাৰু জনপ্ৰিয়। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, শ্বিলং অাৰু ইটানগৰৰ পৰা একেসময়তে প্ৰকাশ পায়। ছেণ্টিনেল গোষ্ঠী উত্তৰ-পূব ভাৰতৰ এক বৃ্হৎ সংবাদ গোষ্ঠী।

দ্যা ছেণ্টিনেল কাকতখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮৩ চনত গুৱাহাটীত অাৰু জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱা অাছিল কাকত খনৰ প্ৰতিষ্ঠাপক সম্পাদক।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]