দ্য টাও অৱ পুহ
দ্য টাও অৱ পুহ বেন্যামিন হফৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। এই গ্ৰন্থ প্ৰাচ্যৰ টাওবাদী দৰ্শনৰ সৈতে পাশ্চাত্যৰ পৰিচয় কৰোৱাৰ উদ্দেশ্যেৰে লিখা। এলেন এলেক্সেণ্ডাৰ মিলনেৰ বিখ্যাত চৰিত্ৰ ৱিনি দ্য পুহৰ মাধ্যমেৰে টাওবাদৰ মৌলিক নীতিসমূহৰ ব্যাখ্যা এই গ্ৰন্থত দাঙি ধৰা হৈছে। এই গ্ৰন্থখন ৪৯ সপ্তাহৰ বাবে নিউ য়ৰ্ক টাইমছ বে'ষ্ট চেলাৰ আছিল।[1] দ্য টাও অৱ পুহৰ সাফল্যৰ পাছত হফে দ্য টে' অৱ পিগ্লেট লিখি উলিয়াইছিল।
পটভূমি
[সম্পাদনা কৰক]আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগনৰ ৱাশ্বিংটন পাৰ্কৰ প'ৰ্টলেণ্ড জাপানীছ গাৰ্ডেনত গছ কটা কাম কৰি ৰাতি আৰু সপ্তাহৰ শেষৰ চুটি পোৱাত হফে এই গ্ৰন্থ লিখি উলিয়াইছিল।[2]

সাৰাংশ
[সম্পাদনা কৰক]গ্ৰন্থখনৰ আৰম্ভণি হয় চীনৰ বিখ্যাত ভিনেগাৰৰ সোৱাদ লোৱা কাহিনীৰে: য'ত চীনৰ তিনি প্ৰধান দাৰ্শনিক পৰম্পৰা, বৌদ্ধ ধৰ্ম, কনফুচিয়ানবাদ আৰু টাওবাদৰ তুলনা পোৱা যায়। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ, কনফুচিয়ানবাদৰ প্ৰৱৰ্তক কনফুচিয়াছ আৰু টাওবাদৰ প্ৰৱৰ্তক লাওচেই একেই পাত্ৰৰ পৰা ভিনেগাৰৰ সোৱাদ লয়। এই ভিনেগাৰ হ'ল জীৱনৰ প্ৰতীক। সংসাৰত কেৱল দুখ দেখা বুদ্ধই কয়, "এই ভিনেগাৰ তিতা" আৰু সংসাৰত কপট দেখা পোৱা, আৰু সেয়েহে নীতি-নিয়ম মানি চলিবলৈ কোৱা কনফুচিয়াছে কয়, "এই ভিনেগাৰ টেঙা"। কিন্তু লাওচেই কয়, "এই ভিনেগাৰ দেখোন মিঠা!"
হফে কয়, যে অনেকে কয় এনে জ্ঞান প্ৰাচ্যৰ দৰ্শনতহে পোৱা যায়, পাশ্চাত্য়ৰ দৰ্শনত ইয়াৰ অভাৱ। এনে দাবী কৰি হফে হাস্যকৰ ধঙেৰে কয়, যে এই দাবী মিছা: পাশ্চাত্যৰ টাওবাদী এজনো আছে, আৰু সেইজন হ'ল ৱিনি দ্য পুহ। এ' এ' মিলনেৰ ৱিনি দ্য পুহ আৰু দ্য হাউছ এট পুহ কৰ্ণাৰৰ কেইবাটাও বাক্য এই গ্ৰন্থত সিচৰিত আৰু তাৰ লগত আছে হফৰ নিজা পৰ্যবেক্ষণ। বিভিন্ন চৰিত্ৰই টাওবাদী দৰ্শনত ভিন ভিন ধাৰণা দাঙি ধৰে। যেনে পুহ হ'ল ৱু ৱেইৰ, অৰ্থাৎ "কৰোঁ বুলি নকৰা কাম" আৰু পু, বা "অভিজ্ঞতালৈ খুলা কিন্তু অভিজ্ঞতাৰ ভাৰ অনুভৱ নকৰা"ৰ প্ৰতীক। তাৰ বিপৰীতে, ঔল আৰু ৰেবিটে প্ৰত্যেক সমস্যাকে জোখতকৈ জটিল কৰি পেলায়, আৰু আয়'ৰে প্ৰতিটো কথাতেই ত্ৰুতি বিচাৰি অসন্তোষ কৰে, কেৱল "থাকিব" নোৱাৰে। গ্ৰন্থখনত লাওচে আৰু ঝুৱাং ঝৌৰ শাস্ত্ৰীয় লেখৰ অংশও সন্নিৱিষ্ট।
আদৰণি
[সম্পাদনা কৰক]এই গ্ৰন্থ ৪৯ সপ্তাহৰ বাবে নিউ য়ৰ্ক টাইমছ বে'ষ্ট চেলাৰ আছিল।[3]
কোনো কোনো পাঠ্যক্ৰমত এই গ্ৰন্থ পঢ়া আৱশ্যক ।[2][4][5][6]
টোকা
[সম্পাদনা কৰক]- ↑ 2.0 2.1 "Peace Is a Bookshelf Away". 1992-11-29. https://query.nytimes.com/gst/fullpage.html?res=9E0CE2D91431F93AA15752C1A964958260&sec=&spon=&pagewanted=all.
- ↑ "Mid and Far East Literature (ENGL. 332)". Marywood University. Archived from the original on March 4, 2004. https://web.archive.org/web/20040304190122/http://www.marywood.edu/english/hoffmanmidfarsyll.stm। আহৰণ কৰা হৈছে: 2008-06-12.
- ↑ "Asian Studies 190 - Tao Reasoning". California State University, Long Beach. Archived from the original on 2013-10-19. https://web.archive.org/web/20131019083317/http://www.csulb.edu/~wweinste/ast190.html। আহৰণ কৰা হৈছে: 2008-06-12.
- ↑ "Introduction to Philosophy PHIL 001.005" (PDF). University of Nevada, Reno. Spring 2008. Archived from the original on June 11, 2011. https://web.archive.org/web/20110611075525/http://www.unr.edu/philosophy/pdf/s101dl_sp.pdf। আহৰণ কৰা হৈছে: 2008-06-12.