সমললৈ যাওক

দ্য ডাৰ্টি পিকচাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য ডাৰ্টি পিকচাৰ

পোষ্টাৰ
পৰিচালক মিলন লুথৰিয়া
ৰচনা ৰজত আৰোৰা
প্ৰযোজক একতা কাপুৰ
শোভা কাপুৰ
অভিনয়ত
সূত্ৰধাৰ ইমৰান হাছমী
চিত্ৰগ্ৰহণকাৰী ববী সিং
সম্পাদনা আকিব আলি
সংগীত পৰিচালক আৱহ:
সন্দীপ শিৰোদকাৰ
গীত:
বিশাল-শেখৰ
প্ৰযোজনা
কোম্পানীসমূহ
বালাজী টেলিফিল্মছ
ALT এণ্টাৰটেইনমেণ্ট
পৰিবেশক এ এ ফিল্মছ
মুক্তি
২ ডিচেম্বৰ ২০১১ (2011-12-02) (India)
দৈৰ্ঘ্য
১৪৪ মিনিট[1]
দেশ ভাৰত
ভাষাসমূহ হিন্দী
তামিল
তেলুগু
বাজেট ১৮ কোটি (২.৫২ মিলিয়ন ডলাৰ)
সৰ্বমুঠ আয় ১১৭ কোটি (১৬.৪ মিলিয়ন ডলাৰ)[2][3]

দ্য ডাৰ্টি পিকচাৰ (ইংৰাজী: The Dirty Picture) কামোদ্দীপক চৰিত্ৰৰ বাবে বিখ্যাত ভাৰতীয় অভিনেত্ৰী ছিল্ক স্মিতাৰ জীৱন কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত আৰু ২০১১ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন বায়’পিক সংগীতমধুৰ ড্ৰামা ছবি। ছবি নিৰ্মাতাই স্পষ্ট কৰি দিছে যে এই কাহিনী আনুষ্ঠানিকভাৱে বা আক্ষৰিক অৰ্থত কেৱল স্মিতাৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ ডিস্কো শান্তিৰ দৰে সমকালীন অভিনেত্ৰীৰ ওপৰত আধাৰিত। ইয়াৰ উপৰিও জনপ্ৰিয় সংস্কৃতিৰ আন মহিলাসকলৰ ব্যক্তিগত জীৱনৰ সৈতেও মিল আছে, য'ত অভিনেত্ৰী আৰু যৌনতাৰ প্ৰতীক মেৰিলিন মনৰোও অন্তৰ্ভুক্ত।[4] ছবিৰ পৰিচালক মিলন লুথ্ৰিয়া আৰু প্ৰযোজক যৌথভাবে শোভা কাপুৰ আৰু একতা কাপুৰ। ছবিখন নিৰ্মাণৰ বিষয়ে একতা কাপুৰৰ মনলৈ অহাত এই বিষয়বস্তুৰে চিত্ৰনাট্যকাৰ ৰজত আৰোৰাক তেওঁ কাহিনীটো লিখিবলৈ দিছিল।[5][6]

₹১৮ কোটি (২.১ মিলিয়ন মাৰ্কিন ডলাৰ) বাজেটত নিৰ্মিত,[7] দ্য ডাৰ্টি পিকচাৰ ২০১১ চনৰ ২ ডিচেম্বৰত (স্মিতাৰ জন্মৰ বাৰ্ষিকী)[8] হিন্দী, তেলেগু আৰু তামিল সংস্কৰণত বিশ্বজুৰি মুক্তি দিয়া হয়। ইয়াত বিদ্যা বালান, ইমৰাণ হাছমী, নাছিৰুদ্দিন শ্বাহ আৰু তুষাৰ কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[9] মুক্তিৰ লগে লগে ই সমালোচক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে। বালানৰ অভিনয়ে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে; তেওঁক "চলচ্চিত্ৰখনৰ নায়ক" (the hero of the film) বুলি উল্লেখ কৰা হৈছিল।[10] ইয়াৰ উপৰিও নাৰীক শক্তিশালী ৰূপত চিত্ৰিত কৰাৰ বাবে ছবিখনে উচ্চ প্ৰশংসা লাভ কৰিছিল, যিয়ে মূলতঃ পুৰুষ প্ৰধান সমাজ এখনত অনন্য কিবা এক অৰিহণা যোগাইছে।[11] ছবিখনৰ ৰজত আৰোৰাৰ গীতৰ সৈতে বিশাল–শেখৰৰ সংগীতেও ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল আৰু "উ লা লা" শীৰ্ষক গীতটো বছৰৰ অন্যতম চাৰ্টবাষ্টাৰ হিচাপে পৰিগণিত হৈছিল।

ডাৰ্টি পিকচাৰে বক্স অফিচত ₹ ১১৭ কোটি (১৪ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে আৰু বক্স অফিচ ইণ্ডিয়াই চতুৰ্থ সপ্তাহৰ পিছত ইয়াক "হিট" বুলি ঘোষণা কৰে।[3] ৫৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনত অভিনয় কৰি বালানে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ৫৭তম ফিল্মফেয়াৰ বঁটাত দ্য ডাৰ্টি পিকচাৰে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ সহযোগী অভিনেতাকে ধৰি মুঠ ৬টা মনোনয়ন পাইছিল আৰু শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি ৩টা বঁটা পাবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ১৭তম স্ক্ৰীণ বঁটাত ই ১০টা মনোনয়ন লাভ কৰাৰ লগতে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি ৬টা বঁটা লাভ কৰে।

(:en: List of accolades received by The Dirty Picture|দ্য ডাৰ্টি পিকচাৰে লাভ কৰা প্ৰশংসাৰ তালিকা)

৫৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[12]
  • শ্ৰেষ্ঠ অভিনেত্ৰী- বিদ্যা বালান
  • শ্ৰেষ্ঠ মেক-আপ শিল্পী-বিক্ৰম গাইকাড়
  • শ্ৰেষ্ঠ বেশ-ভুষা- নিহাৰিকা খান
৫৭তম ফিল্মফেয়াৰ বঁটা[13]
  • শ্ৰেষ্ঠ অভিনেত্ৰী- বিদ্যা বালান
  • শ্ৰেষ্ঠ বেশভুষা- নিহাৰিকা খান
  • শ্ৰেষ্ঠ সহযোগী অভিনেতা- নাছিৰুদ্দিন শাহ
  • বৰ্ষশ্ৰেষ্ঠ দৃশ্য- দ্য ডাৰ্টি পিকচাৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The Dirty Picture (15)". British Board of Film Classification. http://www.bbfc.co.uk/releases/dirty-picture-2011-0। আহৰণ কৰা হৈছে: 21 March 2013. 
  2. "Boxofficeindia.com". Box Office India. 5 November 2012. Archived from the original on 5 November 2013. https://web.archive.org/web/20131105215110/http://www.boxofficeindia.com/arounddetail.php?page=shownews&articleid=4409&nCat=। আহৰণ কৰা হৈছে: 14 October 2013. 
  3. 3.0 3.1 "2011 Worldwide Figures". Box Office India. http://www.boxofficeindia.com/boxnewsdetail.php?page=shownews&articleid=3944&nCat=। আহৰণ কৰা হৈছে: 20 January 2011. 
  4. Talukdar, Tanya. "Dirty Picture chose me: Milan Luthria". Daily News and Analysis (India). http://www.dnaindia.com/entertainment/report_dirty-picture-chose-me-milan-luthria_1530653. 
  5. "'Silk' makes Vidya Balan a jubilee heroine in city, News – City – Ahmedabad Mirror, Ahmedabad Mirror". Ahmedabadmirror.com. 24 May 2012. http://www.ahmedabadmirror.com/article/3/20120524201205240217463788b8d6f9b/%E2%80%98Silk%E2%80%99-makes-Vidya-Balan-a-jubilee-heroine-in-city.html। আহৰণ কৰা হৈছে: 31 May 2012. 
  6. Dubey, Rachana. "The Dirty Picture creates first day buzz". HT Media Ltd.. Archived from the original on 4 December 2011. https://web.archive.org/web/20111204040704/http://www.hindustantimes.com/Entertainment/Bollywood/The-Dirty-Picture-creates-first-day-buzz/Article1-777307.aspx. 
  7. "'The Dirty Picture' hits screens on Silk Smitha's birthday". CNN-IBN. Archived from the original on 2012-02-03. https://web.archive.org/web/20120203011930/http://ibnlive.in.com/news/dirty-picture-to-release-on-silk-smitha-bday/173041-8-66.html. 
  8. Prakash (1 December 2011). "Actress Vidya Balan | The Dirty Picture | Tamil Audience". Oneindia.in. Archived from the original on 2 October 2013. https://web.archive.org/web/20131002101355/http://entertainment.oneindia.in/tamil/news/2011/vidya-balan-the-dirty-picture-011211.html। আহৰণ কৰা হৈছে: 20 December 2011. 
  9. ""Hero" Vidya enjoys the attention". NDTV Movies. http://www.ndtv.com/album/listing/entertainment/hero-vidya-enjoys-the-attention-11808. 
  10. S, Arpana. "Bollywood woman power". HT Media Ltd.. Archived from the original on 10 December 2011. https://web.archive.org/web/20111210130841/http://www.hindustantimes.com/Entertainment/Bollywood/Bollywood-woman-power-Vidya-Ekta-carry-the-baton/Article1-780176.aspx. 
  11. "Boxofficeindia.com". Box Office India. 10 December 2011. http://www.boxofficeindia.com/boxdetail.php?page=shownews&articleid=3790&nCat=। আহৰণ কৰা হৈছে: 14 December 2011. 
  12. "Vidya Balan wins National Award for 'The Dirty Picture'". The Times of India. 7 March 2012. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Vidya-Balan-wins-National-Award-for-The-Dirty-Picture/articleshow/12173411.cms. 
  13. "Filmfare Awards 2011 Winners". The Times of India. 31 January 2011. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Filmfare-Awards-2011-Winners/articleshow/11676105.cms. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]