দ্য প্ৰিণ্ট
| ছাইটৰ প্ৰকাৰ | সংবাদ মাধ্যম |
|---|---|
| উপলব্ধ ভাষা | ইংৰাজী, হিন্দী |
| উৎপত্তিৰ দেশ | ভাৰত |
| মালিক | Printline Media Pvt. Ltd. |
| সৃষ্টি কৰা ব্যক্তি | শেখৰ গুপ্ত |
| আয় | বিজ্ঞাপন, চাবস্ক্ৰিপশ্যন |
| ৱেবছাইট | theprint |
| বাণিজ্যিক | হয় |
| আৰম্ভণি | আগষ্ট ২০১৭ |
দ্য প্ৰিণ্ট (ThePrint) হ'ল প্ৰিণ্টলাইন মিডিয়া প্ৰাইভেট লিমিটেডৰ মালিকানাধীন এখন সংবাদপত্ৰ।[1] ইয়াক সাংবাদিক শেখৰ গুপ্তই ২০১৭ চনৰ আগষ্ট মাহত আৰম্ভ কৰিছিল।[2][3]
ইতিহাস
[সম্পাদনা কৰক]সাংবাদিক শেখৰ গুপ্তই প্ৰতিষ্ঠা কৰা প্ৰিণ্টলাইন মিডিয়া প্ৰাইভেট লিমিটেড[2] ২০১৬ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ নতুন দিল্লীত, নিবন্ধিত হৈছিল।[1]
দ্য প্ৰিণ্টৰ প্ৰধান লক্ষ্য হৈছে ৰাজনীতি আৰু নীতি-নিৰ্ধাৰণৰ ওপৰত ফ’কাছ কৰা।[4] এই উদ্যোগটো Off the Cuff নামৰ অনুষ্ঠানৰ সৈতে জড়িত, যি আজ তক চেনেলত প্ৰচাৰ হয় আৰু দ্য প্ৰিণ্টৰ ইউটিউব আৰু ফেচবুক চেনেলতো উপলব্ধ।[5]
২০১৭ চনৰ মে’ মাহত, এন. আৰ. নাৰায়ণ মূৰ্তি, নন্দন নিলে-কণী, ৰতন টাটা, কিৰণ মজুমদাৰ শ্ব, উদয় কোটাক, বিজয় শেখৰ শৰ্মা, ৰাজীৱ চি. মোদী, ৰবি ঠাকৰণ, ভৱিষ আগৰৱাল, নিৰ্মল জৈন, আৰ. ভেংকটৰামণ, কৰণ ভগত আৰু যতীন শ্বাহে এই উদ্যোগত অৰ্থ বিনিয়োগ কৰিছিল।[6][7][8]
সম্পাদক-ইন-চিফ হিচাপে গুপ্তই পাঠকসকলক এখন মুকলি চিঠি লিখি দ্য প্ৰিণ্টৰ লক্ষ্য ‘‘তথ্যভিত্তিক আৰু উদাৰপন্থী’’ হোৱাৰ কথা উল্লেখ কৰিছিল।[9] দ্য প্ৰিণ্টে নিজৰ ৱেবচাইটত প্ৰকাশ কৰা অনুসৰি সাংবাদিকতাৰ নৈতিকতা কোডত প্ৰতিশ্ৰুতি বহন কৰে বুলি দাবী কৰিছে।[10][11]
সামগ্ৰী
[সম্পাদনা কৰক]ৱেবচাইট
[সম্পাদনা কৰক]দ্য প্ৰিণ্ট এটা ডিজিটেল প্লেটফৰ্ম যিয়ে প্ৰধানকৈ ইংৰাজীত খবৰ প্ৰকাশ কৰে। ইয়াৰ হিন্দী সংস্কৰণো উপলভ্য।[12] সংবাদসমূহ তথ্যভিত্তিক খবৰ আৰু মতামত বিভাগত বিভক্ত কৰা হয়।
চাবস্ক্ৰিপশ্যন
[সম্পাদনা কৰক]ওৱেবচাইটটো প্ৰধানকৈ ডিজিটেল বিজ্ঞাপনৰ আয়েৰে চলি থাকিলেও, এককালীন অনুদান আৰু নিয়মীয়া চাবস্ক্ৰিপশ্যন ব্যৱস্থাও উপলভ্য।[13]
অফ দ্য কাফ
[সম্পাদনা কৰক]অফ দ্য কাফ হৈছে এক ধৰণৰ আলোচনামূলক অনুষ্ঠান, যি আজ তকৰ সৈতে সহযোগিতাত ২০১৬ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল। শেহতীয়াকৈ, ইয়াৰ অনুষ্ঠানবোৰ মাত্ৰ অনলাইন সংস্কৰণ হিচাপে দ্য প্ৰিণ্টে নিজেই প্ৰচাৰ কৰিছে।[14] ইয়াত অমীশ ত্ৰিপাঠী, গীতা গোপীনাথ, মাৰ্টিন উলফ আৰু ফ্ৰান্সিছ ফুকুইয়ামা আদি খ্যাতনামা ব্যক্তিসকল অংশগ্ৰহণ কৰিছে।[15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Printline Media Private Limited". www.tofler.in. https://www.tofler.in/printline-media-private-limited/company/U22130DL2016PTC306028। আহৰণ কৰা হৈছে: 2 September 2019.
- ↑ 2.0 2.1 "Shekhar Gupta's media venture gets big names on-board". The Asian Age. http://www.asianage.com/business/companies/110717/shekhar-guptas-media-venture-gets-big-names-on-board.html.
- ↑ "ThePrint raises funding from corporate bigwigs Ratan Tata, Narayana Murthy, Nandan Nilekani, Uday Kotak, others". The Indian Express. https://www.financialexpress.com/industry/theprint-raises-funding-from-corporate-bigwigs-ratan-tata-narayana-murthy-nandan-nilekani-uday-kotak-others/759296/.
- ↑ Pokharel, Sugam; Berlinger, Joshua (4 April 2018). "India makes U-turn after proposing to punish 'fake news' publishers". CNN. https://edition.cnn.com/2018/04/03/asia/india-fake-news-intl/index.html.
- ↑ "Shekhar Gupta". 3 November 2017. https://timesofindia.indiatimes.com/litfest/litfest-2017/speakers/shekhar-gupta/articleshow/61117722.cms.
- ↑ Bansal, Shuchi. "Shekhar Gupta's The Print raises funds from Ratan Tata, Nandan Nilekani, Uday Kotak". Mint. https://www.livemint.com/Companies/wZvHR4E6sGu9n6Q76kJGQI/Shekhar-Guptas-The-Print-raises-funds-from-Ratan-Tata-Nand.html.
- ↑ "Printline Media gets funding". The Hindu. http://www.thehindu.com/business/Industry/printline-media-gets-funding/article19259075.ece.
- ↑ "ThePrint raises funding from Tata, Narayana Murthy, others". Outlook. https://www.outlookindia.com/newsscroll/theprint-raises-funding-from-tata-narayana-murthy-others/1096729.
- ↑ Gupta, Shekhar. "Letter from the Editor-in-Chief". ThePrint. https://theprint.in/letter-editor-chief/। আহৰণ কৰা হৈছে: 2 September 2019.
- ↑ "About – ThePrint". ThePrint. https://theprint.in/about-us/। আহৰণ কৰা হৈছে: 2 September 2019.
- ↑ "Code Of Ethics – ThePrint". ThePrint. https://theprint.in/code-of-ethics/। আহৰণ কৰা হৈছে: 2 September 2019.
- ↑ "ThePrint Hindi - Latest News in Hindi, हिंदी समाचार, हिंदी न्यूज़, India, राजनीति, देश, विदेश, मत-विमत | दिप्रिंट हिंदी" (en-US ভাষাত). ThePrint Hindi. https://hindi.theprint.in/। আহৰণ কৰা হৈছে: 2020-11-20.
- ↑ "Support Our Journalism – ThePrint". ThePrint. 2020-09-09. https://theprint.in/subscribe/। আহৰণ কৰা হৈছে: 2020-11-20.
- ↑ "Off The Cuff – ThePrint". ThePrint. 2020-09-09. https://theprint.in/off-the-cuff/। আহৰণ কৰা হৈছে: 2020-11-20.
- ↑ "Off The Cuff" (en-US ভাষাত). ThePrint. https://theprint.in/off-the-cuff/। আহৰণ কৰা হৈছে: 2020-11-20.