সমললৈ যাওক

দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ
পৰিচালক জন মাস্কাৰ
ৰন ক্লিমেণ্টছ
চিত্ৰনাট্য ৰন ক্লিমেণ্টছ
জন মাস্কাৰ
ৰব এডৱাৰ্ডছ
কাহিনী ৰন ক্লিমেণ্টছ
জন মাস্কাৰ
গ্ৰেগ আৰ্ব
জেছন অৰেমলেণ্ড
ভিত্তি ই. ডি. বেকাৰৰ দ্য ফ্ৰগ প্ৰিন্সেছ
ব্ৰাদাৰ্ছ গ্ৰিমৰ "দ্য ফ্ৰগ প্ৰিন্স"
প্ৰযোজক পিটাৰ ডেল ভেচো
অভিনয়ত আনিকা ননী ৰোজ
ব্ৰুনো কেম্পোছ
কীথ ডেভিদ
মাইকেল-লিওন উলী
জিম কামিংছ
জেনিফাৰ ক’ডী
পিটাৰ বাৰ্টলেট
জেনিফাৰ লুইচ
অ’প্ৰা উইনফ্ৰে
টেৰেন্স হাৱাৰ্ড
জন গুডমেন
সম্পাদনা জেফ ড্ৰাহিম
সংগীত পৰিচালক ৰেণ্ডী নিউমেন
প্ৰযোজনা
কোম্পানী
ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ’
পৰিবেশক ৱাল্ট ডিজনী ষ্টুডিঅ’ মোচন পিকচাৰ্ছ
মুক্তি
১৫ নৱেম্বৰ, ২০০৯ (ৱাল্ট ডিজনী ষ্টুডিঅ’ লট)
২৫ নৱেম্বৰ, ২০০৯ (নিউয়ৰ্ক আৰু লছ এঞ্জেলছ)
১১ ডিচেম্বৰ, ২০০৯ আমেৰিকা যুক্তৰাষ্ট্ৰ
দৈৰ্ঘ্য
৯৭ মিনিট[1]
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বাজেট ১০৫ নিযুত ডলাৰ
সৰ্বমুঠ আয় ২৭১ নিযুত ডলাৰ[1][2]

দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ (ইংৰাজী: The Princess and the Frog; জন্ম: ২০০৯) — ২০০৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী কমেডী চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত এই ছবিখন ২০০২ চনত ই. ডি. বেকাৰৰ উপন্যাস দ্য ফ্ৰগ প্ৰিন্সেছৰদ্বাৰা আংশিকভাৱে অনুপ্ৰাণিত আৰু ব্ৰাদাৰ্ছ গ্ৰিমৰ জাৰ্মান লোককথা "দ্য ফ্ৰগ প্ৰিন্স"ৰ এক আধুনিক সংস্কৰণ। ছবিখনৰ পৰিচালনা কৰিছে জন মাস্কাৰ আৰু ৰন ক্লিমেণ্টছে। ইয়াত আনিকা ননী ৰোজ, ব্ৰুনো কেম্পোছ, মাইকেল-লিওন উলী, জিম কামিংছ, জেনিফাৰ ক’ডী, জন গুডমেন, কীথ ডেভিদ, পিটাৰ বাৰ্টলেট, জেনিফাৰ লুইচ, অ’প্ৰা উইনফ্ৰে আৰু টেৰেন্স হাৱাৰ্ডে কণ্ঠদান কৰিছে। ১৯২০ চনৰ নিউ অৰলিন্সৰ পটভূমিত নিৰ্মিত এই ছবিখনত টিয়ানা নামৰ এগৰাকী পৰিশ্ৰমী ৱেইট্ৰেছৰ কাহিনী কোৱা হৈছে যাৰ সপোন আছিল নিজাকৈ এখন ৰেষ্টুৰেণ্ট খোলা। দুষ্ট ভুডু তান্ত্ৰিক ফেচিলিয়াৰে ভেকুলীলৈ ৰূপান্তৰিত কৰা ৰাজকুমাৰ নবীনক চুমা খোৱাৰ পাছত টিয়ানা নিজেও এজনী ভেকুলীলৈ পৰিৱৰ্তিত হয় আৰু অতি পলম হোৱাৰ আগতেই তেওঁলোকে পুনৰ মানুহ হোৱাৰ উপায় বিচাৰি উলিয়াবলগীয়া হয়।

২০০৬ চনৰ জুলাই মাহত দ্য ফ্ৰগ প্ৰিন্সেছ নামৰ কাৰ্যকৰী শিৰোনামেৰে এই ছবিখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। ২০০৪ চনৰ হোম অন দ্য ৰেঞ্জৰ পিছত এয়া আছিল ডিজনীৰ প্ৰথম পৰম্পৰাগত এনিমেটেড চিনেমা। মাস্কাৰ আৰু ক্লিমেণ্টছ, যিয়ে পূৰ্বে দ্য লিটল মাৰমেইড (১৯৮৯) আৰু আলাদিন (১৯৯২) ৰ দৰে বিখ্যাত ছবি পৰিচালনা কৰিছিল, তেওঁলোকে এই ছবিখন পৰিচালনা কৰিবলৈ ডিজনীলৈ উভতি আহে। ষ্টুডিঅ’টোৱে ডিজনী নৱ-জাগৰণৰ (Disney Renaissance) সময়ত প্ৰায়ে ব্যৱহাৰ কৰা ব্ৰডৱে মিউজিকেল শৈলীৰ আৰ্হিলৈ পুনৰ উভতি যায়। ছবিখনৰ সংগীত আৰু গীতসমূহ ৰেণ্ডী নিউমেনে ৰচনা কৰিছে, যি টয় ষ্ট’ৰী ফ্ৰেঞ্চাইজিৰ দৰে পিক্সাৰৰ ছবিসমূহৰ সংগীতৰ বাবে জনাজাত।

২০০৯ চনৰ ১৫ নৱেম্বৰত বাৰবেংকৰ ৰয় ই. ডিজনী এনিমেচন বিল্ডিংত এই ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়। ইয়াৰ পিছত ২৫ নৱেম্বৰত নিউয়ৰ্ক আৰু লছ এঞ্জেলছত সীমিতভাৱে আৰু ১১ ডিচেম্বৰত সমগ্ৰ আমেৰিকাত মুক্তি পায়। ছবিখনে সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰে। বিশেষকৈ ইয়াৰ হাতেৰে অঁকা পৰম্পৰাগত এনিমেচন শৈলীৰ প্ৰশংসা কৰা হয়। অৱশ্যে লুইজিয়ানা ভুডুৰ চিত্ৰণ আৰু জিম ক্ৰ’ যুগৰ দক্ষিণ আমেৰিকাৰ ঐতিহাসিক উপস্থাপনৰ বাবে ই কিছু পৰিমাণে সমালোচনাৰো সন্মুখীন হয়। ডিজনীৰ মানদণ্ড অনুসৰি ছবিখনে আশা কৰা ধৰণে ব্যৱসায় কৰিব নোৱাৰিলে যদিও ই ২৭১ নিযুত ডলাৰ উপাৰ্জন কৰে আৰু ৮২সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ এনিমেটেড ছবিসহ তিনিটা মনোনয়ন লাভ কৰে।

১৯২৬ চনৰ নিউ অৰলিন্সৰ এগৰাকী যুৱতী টিয়ানাই নিজাকৈ এখন ৰেষ্টুৰেণ্ট খোলাৰ সপোন দেখে। টকা উপাৰ্জন কৰিবলৈ তাই দুঠাইত ৱেইট্ৰেছৰ কাম কৰে, যাৰ বাবে তাইৰ হাতত সামাজিক জীৱনৰ বাবে কোনো সময় নাথাকে। ইফালে, মালডোনিয়াৰ অহংকাৰী ৰাজকুমাৰ নবীন চহৰলৈ আহে। তেওঁ টিয়ানাৰ ধনী বান্ধৱী চাৰ্লট লা বাফক বিয়া কৰাব বিচাৰে, কাৰণ তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক পৰিয়ালৰ সম্পত্তিৰপৰা বঞ্চিত কৰিছে। চাৰ্লটৰ দেউতাক 'বিগ ড্যেডী'য়ে নবীনৰ সন্মানত এখন মাস্কুৱেৰেড বল (ছদ্মৱেশী নৃত্য অনুষ্ঠান) আয়োজন কৰে। চাৰ্লটে টিয়ানাৰপৰা পাৰ্টিৰ বাবে বেইনেট (beignets) তৈয়াৰ কৰিবলৈ কয় আৰু ইয়াৰ বিনিময়ত টিয়ানাৰ সপোনৰ ৰেষ্টুৰেণ্টখন খোলাৰ বাবে প্ৰয়োজনীয় পুৰণি মিলটো কিনিবলৈ পৰ্যাপ্ত ধন দিয়ে।

আনফালে, নবীন আৰু তেওঁৰ পৰিচাৰক লৰেন্সৰ সাক্ষাৎ হয় ড° ফেচিলিয়াৰৰ সৈতে, যি এজন দুষ্ট ভুডু তান্ত্ৰিক। ফেচিলিয়াৰে নিউ অৰলিন্স শাসন কৰাৰ পৰিকল্পনা কৰে। তেওঁ নবীনৰ তেজ থকা এটা যাদুকৰী তাবিজ ব্যৱহাৰ কৰি নবীনক এটা ভেকুলীলৈ আৰু লৰেন্সক নবীনৰ দৰে দেখিবলৈ ৰূপান্তৰিত কৰে। ফেচিলিয়াৰৰ পৰিকল্পনা আছিল যে ছদ্মৱেশী লৰেন্সে চাৰ্লটক বিয়া কৰাব আৰু তাৰ পিছত এতা ভুডু পুতলা ব্যৱহাৰ কৰি চাৰ্লটৰ দেউতাকক হত্যা কৰি তেওঁলোকৰ সম্পত্তি দখল কৰিব।

নৃত্য অনুষ্ঠানত টিয়ানাই গম পায় যে ৰেষ্টুৰেণ্টৰ বাবে বাছনি কৰা মিলটোৰ নিলামত তাইতকৈ অধিক দাম আন এজনে দিছে। হতাশ হৈ তাই তৰাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰোঁতেই নবীনৰ আবিৰ্ভাব হয়। নবীনে টিয়ানাৰ সাজ-পোছাক দেখি তাইক এগৰাকী প্ৰকৃত ৰাজকুমাৰী বুলি ভুল কৰে আৰু যাদু ভাঙিবলৈ তাইক এটা চুমা খাবলৈ অনুৰোধ কৰে। টিয়ানাই অনিচ্ছাসত্ত্বেও সন্মত হয়, কিন্তু চুমা খোৱাৰ পাছত টিয়ানা নিজেই এজনী ভেকুলীলৈ ৰূপান্তৰিত হয়। দুয়োৰে মাজত হোৱা ধাৱা-ধাপলত তেওঁলোকে এটা জলাশয়ত (bayou) আশ্ৰয় লয় আৰু তাত লুই নামৰ এজন সংগীতপ্ৰেমী ঘঁৰিয়ালক লগ পায়। লুয়ে তেওঁলোকক মামা অডি নামৰ আন এগৰাকী ভুডু সাধিকাৰ সহায় ল’বলৈ পৰামৰ্শ দিয়ে।

তেওঁলোকে ৰে' নামৰ এটা জোনাকী পৰুৱাক লগ পায় যিয়ে মামা অডিৰ ঠিকনা বিচাৰি পোৱাত সহায় কৰে। যাত্ৰাৰ সময়ত টিয়ানা আৰু নবীনৰ মাজত প্ৰেমৰ ভাব গঢ়ি উঠে। ইফালে, নবীনৰ তেজ থকা তাবিজটোৰ শক্তি শেষ হৈ আহে, গতিকে ফেচিলিয়াৰে নবীনক ধৰিবলৈ ছাঁ ডেমোনৰ (shadow demons) এক বাহিনী পঠিয়াই দিয়ে। মামা অডিয়ে নিশ্চিত কৰে যে কেৱল এগৰাকী প্ৰকৃত ৰাজকুমাৰীৰ চুমাইহে তেওঁলোকক পুনৰ মানুহ কৰিব পাৰিব। টিয়ানাই উপলব্ধি কৰে যে যিহেতু চাৰ্লটৰ দেউতাক 'মাৰ্ডি গ্ৰাছ কিং' হিচাপে নিৰ্বাচিত হৈছে, সেয়েহে চাৰ্লট মাজনিশা পৰ্যন্ত এগৰাকী ৰাজকুমাৰী হৈ থাকিব।

গোটেই দলটো নিউ অৰলিন্সলৈ উভতি আহে। নবীনে টিয়ানাৰ বাবে নিজৰ প্ৰেম ত্যাগ কৰি চাৰ্লটক চুমা খাই টিয়ানাৰ ৰেষ্টুৰেণ্টৰ বাবে ধন যোগাৰ কৰিবলৈ সিদ্ধান্ত লয়। কিন্তু ছাঁ ডেমোনবোৰে নবীনক ধৰি ফেচিলিয়াৰৰ ওচৰলৈ লৈ যায়। ৰে'ই টিয়ানাৰ ওচৰত নবীনৰ প্ৰেমৰ কথা প্ৰকাশ কৰে। টিয়ানাই নবীনক বিচাৰি যাওঁতে দেখে যে ছদ্মৱেশী লৰেন্সে চাৰ্লটক বিয়া কৰাইছে। ৰে'ই আচল নবীনক উদ্ধাৰ কৰে আৰু যাদুকৰী তাবিজটো চুৰ কৰে, কিন্তু ফেচিলিয়াৰৰ হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। টিয়ানাই তাবিজটো ধ্বংস কৰি পেলায়, যাৰ ফলত ভুডু আত্মাবোৰে ফেচিলিয়াৰক নিজৰ পৃথিৱীলৈ টানি লৈ যায়।

লৰেন্সক গ্ৰেপ্তাৰ কৰা হয় আৰু টিয়ানাই নবীনৰ ওচৰত নিজৰ প্ৰেম স্বীকাৰ কৰে। চাৰ্লটে নবীনক চুমা খাবলৈ সন্মত হয় যদিও ঘড়ীৰ কাঁটাত ১২ বজাৰ লগে লগে তাইৰ ৰাজকুমাৰীৰ মৰ্যাদা শেষ হয় আৰু তেওঁলোক মানুহ হ’বলৈ সক্ষম নহয়। আঘাতপ্ৰাপ্ত ৰে'ৰ মৃত্যু হয় আৰু সি এটা তৰালৈ ৰূপান্তৰিত হয়। শেষত মামা অডিয়ে টিয়ানা আৰু নবীনৰ বিবাহ সম্পন্ন কৰায়। যিহেতু টিয়ানা এতিয়া এগৰাকী ৰাজকুমাৰী (বিয়াৰ পাছত), সেয়েহে তেওঁলোকৰ চুমাই যাদু ভাঙি পেলায় আৰু দুয়ো পুনৰ মানুহৰ ৰূপ লাভ কৰে। তেওঁলোকে নিউ অৰলিন্সত নিজৰ সপোনৰ ৰেষ্টুৰেণ্ট "টিয়ানাছ পেলেচ" মুকলি কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "The Princess and the Frog (2009) – Box Office Mojo". Box Office Mojo. IMDb. https://boxofficemojo.com/movies/?id=princessandthefrog.htm আহৰণ কৰা হৈছে: July 18, 2010.
  2. "The Princess and the Frog (2009)". The Numbers. Nash Information Services. https://www.the-numbers.com/movie/Princess-and-the-Frog-The আহৰণ কৰা হৈছে: August 29, 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]