সমললৈ যাওক

দ্য প্ৰিন্সেছ ডায়েৰীজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য প্ৰিন্সেছ ডায়েৰীজ
পৰিচালক গেৰী মাৰ্শ্বাল
চিত্ৰনাট্য জিনা ৱেণ্ডকোছ
ভিত্তি মেগ কেবটৰ "দ্য প্ৰিন্সেছ ডায়েৰীজ"
প্ৰযোজক
  • হুইটনী হিউষ্টন
  • ডেব্ৰা মাৰ্টিন চেজ
  • মাৰিঅ' ইস্কোভিচ
অভিনয়ত
  • এনি হাথাৱে
  • হেক্টৰ এলিজোণ্ডো
  • হেদাৰ মাটাৰাজো
  • মেণ্ডি মুৰ
  • কেৰোলাইন গুডাল
  • ৰবাৰ্ট শ্বোৱাৰ্টজমেন
  • জুলি এণ্ড্ৰুজ
চিত্ৰগ্ৰহণকাৰী কাৰ্ল ৱাল্টাৰ লিণ্ডেনলাউব
সম্পাদনা ব্ৰুছ গ্ৰীন
সংগীত পৰিচালক জন ডেবনী
প্ৰযোজনা
কোম্পানীসমূহ
  • ৱাল্ট ডিজনী পিকচাৰ্ছ
  • ব্ৰাউনহাউছ প্ৰডাকচনছ
পৰিবেশক বুয়েনা ভিষ্টা পিকচাৰ্ছ ডিষ্ট্ৰিবিউচন
মুক্তি
জুলাই ২৯, ২০০১ (2001-07-29) (এল কেপিটান থিয়েটাৰ)
আগষ্ট ৩, ২০০১ (2001-08-03) (আমেৰিকা যুক্তৰাষ্ট্ৰ)
দৈৰ্ঘ্য
১১৫ মিনিট
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বাজেট ২.৬ কোটি ডলাৰ
সৰ্বমুঠ আয় ১৬.৫৩ কোটি ডলাৰ

দ্য প্ৰিন্সেছ ডায়েৰীজ (ইংৰাজী: The Princess Diaries) হ'ল ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান কমেডী চলচ্চিত্ৰ।[1][2][3] ৱাল্ট ডিজনী পিকচাৰ্ছৰ দ্বাৰা নিৰ্মিত আৰু গেৰী মাৰ্শ্বালৰ দ্বাৰা পৰিচালিত এই ছবিখন মেগ কেবটৰ ২০০০ চনৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত। ছবিখনত এনি হাথাৱে আৰু জুলি এণ্ড্ৰুজে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। কাহিনীভাগ মিয়া থাৰ্মোপলিছ (হাথাৱে) নামৰ এগৰাকী লাজকুৰীয়া আমেৰিকান কিশোৰীৰ ওপৰত কেন্দ্ৰিত, যিয়ে হঠাত জানিব পাৰে যে তেওঁ এখন ইউৰোপীয় ৰাজ্যৰ সিংহাসনৰ উত্তৰাধিকাৰী। তেওঁৰ আইতাক তথা ৰাজ্যখনৰ ৰাণীৰ (এণ্ড্ৰুজ) তত্বাৱধানত মিয়াই নিজৰ ৰাজকীয় উপাধি গ্ৰহণ কৰিব নে ত্যাগ কৰিব, সেই সিদ্ধান্ত ল’বলগীয়া হয়।

এই ছবিখনৰ জৰিয়তে এনি হাথাৱে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। আনহাতে, জুলি এণ্ড্ৰুজে ১৯৬৪ চনৰ 'মেৰী পপিন্স'ৰ পিছত পুনৰ ডিজনীৰ ছবিত অভিনয়লৈ ঘূৰি আহে। গেৰী মাৰ্শ্বালে এই কাহিনীটোক এক সুন্দৰ পাৰিবাৰিক মনোৰঞ্জন বুলি গণ্য কৰি পৰিচালনাৰ দায়িত্ব লৈছিল। ছবিখনৰ বেছিভাগ অংশ ২০০০ চনৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত ছান ফ্ৰান্সিস্কোত চিত্ৰগ্ৰহণ কৰা হৈছিল।

২০০১ চনৰ ৩ আগষ্টত আমেৰিকাত মুক্তি পোৱা 'দ্য প্ৰিন্সেছ ডায়েৰীজ' এখন 'শ্লীপাৰ হিট' ছবি হিচাপে পৰিগণিত হয়। বিশ্বজুৰি ই ১৬.৫৩ কোটি ডলাৰ উপাৰ্জন কৰি উদ্যোগটোৰ আশা অতিক্ৰম কৰে। সমালোচকসকলে ছবিখনৰ কাহিনীৰ ওপৰত মিশ্ৰিত সঁহাৰি দিছিল যদিও এনি হাথাৱেৰ অভিনয়ক বিশেষভাৱে প্ৰশংসা কৰিছিল। এই ছবিখনে হাথাৱেক এগৰাকী সফল অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে জুলি এণ্ড্ৰুজৰ চলচ্চিত্ৰ কেৰিয়াৰকো পুনৰুজ্জীৱিত কৰে। ইয়াৰ সফলতাৰ বাবে ২০০৪ চনত ইয়াৰ চিকুৱেল 'দ্য প্ৰিন্সেছ ডায়েৰীজ ২: ৰয়েল এংগেজমেণ্ট' মুক্তি দিয়া হয় আৰু বৰ্তমান ইয়াৰ তৃতীয়টো খণ্ডৰ কাম চলি আছে।

চান ফ্ৰান্সিস্কোৰ এখন পুৰণি অগ্নি নিৰ্বাপক কেন্দ্ৰৰ বাসগৃহত মিয়া থাৰ্মোপলিছে তেওঁৰ অবিবাহিত মাতৃ হেলেনৰ সৈতে বাস কৰে। গ্ৰোভ হাইস্কুলৰ এগৰাকী সাধাৰণ ছাত্ৰী মিয়াই জনসমুখত কথা ক'বলৈ ভয় কৰে। বিদ্যালয়ৰ জনপ্ৰিয় ল’ৰা জছ ব্ৰায়াণ্টৰ প্ৰতি মিয়াৰ দুৰ্বলতা আছে যদিও জছৰ প্ৰেমিকা লানা থমাছে প্ৰায়ে মিয়াক জজক লৈ জোকায়। মিয়াৰ একমাত্ৰ বন্ধু হ’ল লিলি মস্কোভিটজ আৰু তাইৰ ককায়েক মাইকেল। মাইকেলে মিয়াক মনে মনে ভাল পায় যদিও মিয়াই সেই কথা গম নাপায়।

মিয়াই তেওঁৰ আইতাক ক্লাৰিছক সাক্ষাৎ কৰিবলৈ আমন্ত্ৰণ পায়, যি এগৰাকী কূটনৈতিক ভ্ৰমণত চান ফ্ৰান্সিস্কোলৈ আহিছে। তাত মিয়াই জানিব পাৰে যে তেওঁ ইউৰোপৰ এখন সৰু ৰাজ্য 'জেনোভিয়া'ৰ একমাত্ৰ উত্তৰাধিকাৰী। তেওঁৰ প্ৰয়াত পিতৃ ফিলিপৰ পৰা তেওঁ এই ৰাজকীয় মৰ্যাদা লাভ কৰিছে। বৰ্তমানৰ ৰাণী ক্লাৰিছে মিয়াক এগৰাকী মাৰ্জিত ৰাজকুমাৰী হিচাপে গঢ়ি তুলিব বিচাৰে যাতে ভৱিষ্যতে তেওঁ ৰাজ্য শাসন কৰিব পাৰে। প্ৰথমতে মিয়াই এই প্ৰস্তাৱত মান্তি হোৱা নাছিল যদিও মাতৃৰ অনুৰোধত তেওঁ আইতাকৰ ওচৰত "ৰাজকুমাৰীৰ শিক্ষা" ল’বলৈ সন্মত হয়। অৱশ্যে মিয়াই চৰ্ত ৰাখে যে জেনোভিয়াৰ স্বাধীনতা দিৱসৰ বল নৃত্যৰ নিশাহে তেওঁ চূড়ান্ত সিদ্ধান্ত জনাব।

মিয়াৰ চেহেৰাৰ আমূল পৰিৱৰ্তন কৰা হয় আৰু তেওঁক বিদ্যালয়লৈ অনা-নিয়া কৰিবলৈ জো নামৰ এজন ব্যক্তিগত চালক নিযুক্তি দিয়া হয়। জো মিয়াৰ বাবে এজন পিতৃসদৃশ ব্যক্তি হৈ পৰে। মিয়াৰ এই পৰিৱৰ্তনে বিদ্যালয়ত তেওঁৰ প্ৰতি সকলোৰে দৃষ্টি সলনি কৰে। মিয়াই তেওঁৰ এই ৰাজকীয় পৰিচয়ৰ কথা লিলিৰ ওচৰত গোপন ৰাখিবলৈ শপত খায় যদিও পাওলো নামৰ এজন ৰূপসজ্জাকাৰীয়ে এই খবৰটো সংবাদ মাধ্যমক বিক্ৰী কৰি দিয়ে। ফলত মিয়াৰ পাছে পাছে পেপাৰাজ্জিৰ দল ঘূৰিবলৈ লয়। ৰাজকীয় ভোজমেলত মিয়াই নিজৰ অনভিজ্ঞতাৰ বাবে কিছু অপ্ৰস্তুত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও আইতাকে তেওঁক মৰমেৰে বুজাই দিয়ে। আইতাকে মিয়াক জনায় যে মিয়াৰ মাক-দেউতাকে ইজনে সিজনক ভাল পাইছিল যদিও নিজৰ কৰ্মক্ষেত্ৰৰ স্বাৰ্থত তেওঁলোকে সন্মতি সাপেক্ষে বিচ্ছেদ ঘটাইছিল।

মিয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে জছে তেওঁক এটা বীচ পাৰ্টিলৈ আমন্ত্ৰণ জনায়। জছৰ আমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ মিয়াই লিলি আৰু মাইকেলক দিয়া কথা পাহৰি যায়। সেই পাৰ্টিত পেপাৰাজ্জিয়ে মিয়াক ঘেৰি ধৰে আৰু জছে কেৱল জনপ্ৰিয়তা পাবলৈ মিয়াক জনসমুখত চুমা খায়। লানাই মিয়াৰ এক আপত্তিকৰ ছবি সংবাদ মাধ্যমত প্ৰকাশ কৰাই দিয়ে। এই ঘটনাত ৰাণী ক্লাৰিছে মিয়াক গালি পাৰে আৰু মিয়াই অপমানিত অনুভৱ কৰি ৰাজকীয় উপাধি ত্যাগ কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে জোৱে ক্লাৰিছক সোঁৱৰাই দিয়ে যে মিয়া এগৰাকী কিশোৰীহে আৰু তেওঁৰ প্ৰতি ক্লাৰিছে অলপ কঠোৰ ব্যৱহাৰ কৰিছে।

মিয়াই লিলিৰ সৈতে ভুল বুজাবুজি দূৰ কৰে আৰু লানাৰ দৰে উৎপতীয়া ছাত্ৰীক উচিত শিক্ষা দিয়ে। মিয়াই স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ লিলি আৰু মাইকেলক নিমন্ত্ৰণ কৰে যদিও মাইকেলে মিয়াৰ ওপৰত খং কৰি আহিবলৈ অমান্তি হয়। অনুষ্ঠানৰ দিনা মিয়াই ৰাজ্য ত্যাগ কৰি পলাই যাবলৈ পৰিকল্পনা কৰে যদিও পিতৃৰ এটা পুৰণি চিঠি পঢ়ি তেওঁৰ মন সলনি হয়। বৰষুণৰ মাজতে জোৱে মিয়াক বিচাৰি পায় আৰু অনুষ্ঠানলৈ লৈ আহে।

তিতিপুৰি থকা অৱস্থাতে মিয়াই অনুষ্ঠানত উপস্থিত হয় আৰু জেনোভিয়াৰ ৰাজকুমাৰী হিচাপে নিজৰ দায়িত্ব গ্ৰহণ কৰে। মিয়াই মাইকেলৰ ওচৰত ক্ষমা খোজে আৰু মাইকেলেও তেওঁক ক্ষমা কৰি দিয়ে। দুয়োৱে একেলগে নৃত্য কৰে আৰু ইজনে সিজনৰ প্ৰতি থকা প্ৰেম স্বীকাৰ কৰে। শেষৰ দৃশ্যত মিয়াক নিজৰ মেকুৰী 'ফ্যাট লুই'ৰ সৈতে এখন ব্যক্তিগত বিমানত জেনোভিয়ালৈ যাত্ৰা কৰা দেখা যায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The Princess Diaries". AFI Movie Club. November 11, 2022. https://www.afi.com/news/the-princess-diaries-afi-movie-club/ আহৰণ কৰা হৈছে: July 19, 2024. "THE PRINCESS DIARIES (2001) is a modern day coming-of-age Cinderella story"
  2. Grobar, Matt (November 15, 2022). "'The Princess Diaries' Threequel Written By Aadrita Mukerji In Works At Disney". Deadline Hollywood. https://deadline.com/2022/11/the-princess-diaries-threequel-in-works-at-disney-1235173279/. "The Princess Diaries is a coming-of-age comedy"
  3. Boardman, Madeline (March 14, 2023). "The Princess Diaries cast: Where are they now?". Entertainment Weekly. https://ew.com/gallery/princess-diaries-where-are-they-now/ আহৰণ কৰা হৈছে: July 18, 2024. "Disney's 2001 coming-of-age comedy".

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]