দ্য লাষ্ট কিচ
| দ্য লাষ্ট কিচ | |
|---|---|
ললিতাৰ বৰ্তমানেও উপলব্ধ এখন স্থিৰচিত্ৰ | |
| পৰিচালক | অম্বুজ গুপ্ত |
| চিত্ৰগ্ৰহণকাৰী | খাজা আজাদ খাজা আজমল |
প্ৰযোজনা কোম্পানী |
ৰাজকীয় পৰিয়াল |
মুক্তি |
১৯৩১ |
দৈৰ্ঘ্য |
৯০ মিনিট |
| বাজেট | ₹১২,০০০ (১৬৮.২৪ ডলাৰ) |
দ্য লাষ্ট কিচ (ইংৰাজী: The Last Kiss) অম্বুজ গুপ্তাৰ পৰিচালনাত ১৯৩১ চনত নিৰ্মিত ব্ৰিটিছ ভাৰতৰ এখন নিৰ্বাক চলচ্চিত্ৰ। ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা এই ছবিখন পূৰ্ববংগৰ (বৰ্তমান বাংলাদেশ) প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল। ঢাকাত শ্বুটিং কৰা ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম কলকাতাত কৰা হৈছিল। মুকুল থিয়েটাৰত দ্য লাষ্ট কিচক মুক্তি দিয়া হৈছিল।
ঢাকাৰ বেশ্যালয়ৰ পৰা অনা ললিতা আৰু চাৰুবালা দেৱীয়ে অভিনয় কৰা ছবিখন কলিকতাৰ আৰোৰা ফিল্ম কোম্পানীক বিক্ৰী কৰি দিয়া হয়।
কাহিনী
[সম্পাদনা কৰক]ছবিখনৰ সম্পূৰ্ণ কাহিনীভাগ অজ্ঞাত, আৰু ইয়াৰ উৎসৰ ভিন্নতা আছে। খাজা শাহেদে কয় যে কাহিনীটো পৰিয়ালৰ দুজন সদস্যৰ মাজত হোৱা সংঘাতৰ বিষয়ে।[1] খাজা জাহিৰে কয় যে এই কাহিনীভাগত নায়কৰ পত্নীক অপহৰণ কৰা হৈছিল আৰু তাৰ পিছত নায়কে তেওঁক খলনায়কৰ শোৱা কোঠাত বিচাৰি পাইছিল আৰু তাৰ ফলত হোৱা সংঘৰ্ষত নায়ক আৰু তেওঁৰ পত্নী দুয়োৰে মৃত্যু হৈছিল।[1]
নিৰ্মাণ
[সম্পাদনা কৰক]১৯২৮ চনত জগন্নাথ মহাবিদ্যালয়ৰ ক্ৰীড়া প্ৰশিক্ষক অম্বুজ গুপ্তাই নিৰ্বাক ছবি সুকুমাৰী পৰিচালনা কৰে। ১৯২৯ চনৰ অক্টোবৰ মাহত সেই প্ৰকল্পটো শেষ কৰাৰ কিছু দিনৰ পিছতে তেওঁ দ্য লাষ্ট কিচৰ কাম আৰম্ভ কৰে।[1][2] ছবিখনৰ চিত্ৰগ্ৰহণ খাজা আজাদ আৰু খাজা আজমলে কৰিছিল। ১৪ বছৰীয়া মুখ্য অভিনেত্ৰী ললিতাক ঢাকাৰ বাদামতলি বেশ্যালয়ৰ পৰা আৰু সহযোগী অভিনেত্ৰী চাৰুবালা দেৱীক কুমাৰতুলি বেশ্যালয়ৰ পৰা অনা হয়।[1] ব্ৰিটিছ ভাৰতৰ তেতিয়াৰ বংগ প্ৰদেশৰ পূব অংশত এই প্ৰকল্পৰ সম্পূৰ্ণ চিত্ৰগ্ৰহণ কৰা হয় আৰু কলকাতাত পোষ্ট প্ৰডাকচনৰ কাম কৰা হয়।[1]
বঙালী, ইংৰাজী আৰু উৰ্দু এই তিনিটা ভাষাত ছবিখনৰ টাইটেল কাৰ্ড তৈয়াৰ কৰা হৈছিল। গুপ্তই প্ৰথম দুটা ভাষাত টাইটেল কাৰ্ড ৰচনা কৰিছিল আৰু উৰ্দু কাৰ্ডসমূহ পিছত ড° ডব্লিউ এইচ আন্দালিব ছাদানীয়ে প্ৰস্তুত কৰিছিল।[1] দ্য লাষ্ট কিচক পূৰ্ণদৈৰ্ঘ্যৰ প্ৰথম বাংলাদেশী ছবি বুলি গণ্য কৰা হয়।[note 1][2][3][4] এইখন ঢাকা ৰাজ-পৰিয়ালে নিৰ্মাণ কৰিছিল।[5]
মুক্তি
[সম্পাদনা কৰক]১৯৩১ চনত মুকুল টকীজত (বৰ্তমান আজাদ চিনেমা) দ্য লাষ্ট কিচ মুক্তি পায়।[1][6][7] প্ৰিমিয়াৰত অংশগ্ৰহণ কৰা অধ্যাপক ৰমেশ চন্দ্ৰ মজুমদাৰে খাজা শাহেদ আৰু বেবী টুনটুনক দুটা সোণৰ পদক প্ৰদান কৰে।[1] সেই বছৰতে কলকাতাৰ আৰোৰা ফিল্ম কোম্পানীয়ে ছবিখন বিতৰণৰ বাবে দ্য লাষ্ট কিচৰ একমাত্ৰ প্ৰিন্টটো ক্ৰয় কৰে। বৰ্তমান ছবিখনৰ প্ৰিন্ট আৰু নিগেটিভ হেৰাই যোৱা বুলি গণ্য কৰা হয়।[1]
ছবিখন সম্পূৰ্ণ হোৱাৰ পিছতে ছবিখনৰ অভিনেতা-অভিনেত্ৰী আৰু ক্ৰু পৃথক হৈ পৰে। ললিতা আৰু চাৰুবালা দেৱী নামৰ অভিনেত্ৰী দুগৰাকীয়ে নিজৰ বেশ্যালয়লৈ উভতি যায় আৰু পৰিচালক অম্বুজ গুপ্তই কলিকতালৈ গুছি যায়।[1]
টোকা
[সম্পাদনা কৰক]- ↑ Scholarly consensus disagrees with it being considered first Bangladeshi film to be full-length but other sources say it is a Bangladeshi film to be full-length.
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 Raju, Zakir Hossain (17 December 2014) (en ভাষাত). Bangladesh Cinema and National Identity: In Search of the Modern?. Routledge. পৃষ্ঠা. 90–91. ISBN 978-1-317-60180-7. https://books.google.com/books?id=PnLfBQAAQBAJ&pg=PT91.
- ↑ 2.0 2.1 Ghosh, Partha S. (23 May 2016) (en ভাষাত). Migrants, Refugees and the Stateless in South Asia. SAGE Publishing India. পৃষ্ঠা. 232. ISBN 978-93-5150-853-3. https://books.google.com/books?id=VxpBDwAAQBAJ&pg=PT232.
- ↑ "Cinema of Bangladesh". Hyderabad Film Club. পৃষ্ঠা: 3. http://www.hyderabadfilmclub.org/newsletter/Rerevised%20HYFIC%20OCTOBER%202017.pdf। আহৰণ কৰা হৈছে: 22 June 2020.
- ↑ Huq, Sabiha; Mukherjee, Srideep (21 January 2020). "Guns in Bangla cinema across borders: perspectives on cultural evolution" (en ভাষাত). Palgrave Communications খণ্ড 6 (1): 1–12. doi:10.1057/s41599-019-0379-6. ISSN 2055-1045.
- ↑ Sharma, Anukrati (5 August 2019) (en ভাষাত). Sustainable Tourism Development: Futuristic Approaches. CRC Press. পৃষ্ঠা. 117. ISBN 978-0-429-67478-5. https://books.google.com/books?id=xuCsDwAAQBAJ&pg=PA117.
- ↑ Vasudev, Aruna; Padgaonkar, Latika; Doraiswamy, Rashmi (2002) (en ভাষাত). Being & Becoming, the Cinemas of Asia. Macmillan. পৃষ্ঠা. 5. ISBN 978-0-333-93820-1. https://books.google.com/books?id=VN5kAAAAMAAJ&q=The+Last+Kiss+1931.
- ↑ "Indian Popular Cinema in Bangladesh". INFLIBNET Centre. পৃষ্ঠা: 215. https://sg.inflibnet.ac.in/bitstream/10603/163962/13/13_chapter%209.pdf। আহৰণ কৰা হৈছে: 22 June 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- দ্য লাষ্ট কিচ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।