দ্য শ্বোলে গাৰ্ল
দ্য শ্বোলে গাৰ্ল (ইংৰাজী: The Sholay Girl ) আদিত্য সৰ্পোতদাৰ পৰিচালিত আৰু শ্ৰাৱণী দেওধৰ, সাই দেওধৰ আৰু শক্তি আনন্দ প্ৰযোজিত ২০১৯ চনৰ হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্যধৰ্মী ছবি।[1] ফৈজল আখতাৰ আৰু শ্ৰবাণী দেওধৰৰ দ্বাৰা ৰচিত এই ছবিখন ভাৰতৰ প্ৰথম ষ্টাণ্ট অ’মেন ৰেশমা পাঠানৰ জীৱনৰ ওপৰত আধাৰিত।[2] বিদিতা বেগে পাঠানৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে চন্দন ৰায় সন্যাল, ৰাজকুমাৰ ৰোডে আৰু আদিত্য লখিয়াই সহযোগী চৰিত্ৰত অভিনয় কৰিছে।[3]
এই শিৰোনামটোৱে শ্বোলেক বুজায়, যিখন ছবিত পাঠানে হেমা মালিনীৰ বাবে ষ্টাণ্ট ডাবল হিচাপে কাম কৰিছিল।[4] এই ভূমিকাত প্ৰস্তুতি চলাবলৈ বেগে যুদ্ধকলাৰ প্ৰশিক্ষণ লৈছিল।[5] তেওঁ লগতে কয় যে তেওঁ শ্বোলে ছবিখনৰ টংগা দৃশ্যটো "অন্ততঃ ১০০ বাৰ চাইছিল, যাতে এই চৰিত্ৰটো আয়ত্ত কৰিব পাৰে।"[6] ২০১৯ চনৰ ৩ মাৰ্চত অফিচিয়েল ট্ৰেইলাৰ মুক্তি পায় আৰু ছবিখন আন্তৰ্জাতিক মহিলা দিৱসৰ দিনা ৮ মাৰ্চত অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্ম ZEE5 ত মুক্তি পায়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Sholay Girl trailer: Bidita Bag stars as India's first stuntwoman Reshma Pathan". The Indian Express. 3 March 2019. https://indianexpress.com/article/entertainment/web-series/the-sholay-girl-trailer-bidita-bag-as-reshma-pathan-5609059/। আহৰণ কৰা হৈছে: 10 March 2019.
- ↑ Chakraborty, Rimi (8 March 2019). "Not Jai-Veeru Or Gabbar, Basanti's Stunt Double Reshma Pathan Was The Real Action Star Of 'Sholay'". https://www.mensxp.com/entertainment/bollywood/50887-not-jai-veeru-or-gabbar-basanti-s-stunt-double-reshma-pathan-was-the-real-action-star-of-sholay.html। আহৰণ কৰা হৈছে: 10 March 2019.
- ↑ "Bidita Bag will be seen as Hema Malini's body double in The Sholay Girl". Mid Day. 21 February 2019. https://www.mid-day.com/articles/bidita-bag-will-be-seen-as-hema-malinis-body-double-in-the-sholay-girl/20444191। আহৰণ কৰা হৈছে: 10 March 2019.
- ↑ Sharma, Aayushi (4 March 2019). "All You Need To Know About Reshma Pathan aka The Sholay Girl, India's First Stunt Woman". Zee TV. Archived from the original on 7 August 2020. https://web.archive.org/web/20200807033401/https://zeetv.zee5.com/all-you-need-to-know-about-reshma-pathan-aka-the-sholay-girl-indias-first-stunt-woman/। আহৰণ কৰা হৈছে: 10 March 2019.
- ↑ Bandyopadhyay, Bohni (2 March 2019). "Streaming Now: Amazon Prime's Made In Heaven, ZEE5's Sholay Girl Queued Up For Women's Day". https://www.news18.com/news/movies/streaming-now-amazon-primes-made-in-heaven-zee5s-sholay-girl-queued-up-for-womens-day-2052897.html। আহৰণ কৰা হৈছে: 10 March 2019.
- ↑ "Bidita Bag to play Hema Malini's body double Reshma Pathan in web film The Sholay Girl". 19 February 2019. https://www.firstpost.com/entertainment/bidita-bag-to-play-hema-malinis-body-double-reshma-pathan-in-web-film-the-sholay-girl-6112421.html। আহৰণ কৰা হৈছে: 10 March 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- The Sholay Girl সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।