দ্ৰাস
দ্ৰাস | |
|---|---|
চহৰ | |
| দ্ৰাস | |
| উপনাম: দ্য গেটৱে টু লাডাখ | |
![]() | |
| স্থানাংক: 34°25′49″N 75°45′11″E / 34.4303077°N 75.7531320°Eস্থানাংক: 34°25′49″N 75°45′11″E / 34.4303077°N 75.7531320°E | |
| Country | |
| Union Territory | |
| District | কাৰ্গিল |
| Tehsil | দ্ৰাস[1] |
| উচ্চতা | ৩,৩০০ মিটাৰ (১০,৮০০ ফুট) |
| জনসংখ্যা | |
• মুঠ |
২১,৯৮৮ |
দ্ৰাস (ইংৰাজী: Dras) স্থানীয়ভাৱে হিমাবছ, হেম্বাবছ বা হুমাছ বুলিও জনা যায়, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ কাৰ্গিল জিলাৰ এখন চহৰ আৰু পাহাৰীয়া ষ্টেচন। জোজি লা পাছ আৰু কাৰ্গিল চহৰৰ মাজৰ ১ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত। উচ্চ উচ্চতাৰ ট্ৰেকিং পথ আৰু পৰ্যটনস্থলীৰ বাবে ই পৰ্যটনৰ কেন্দ্ৰ আৰু ইয়াক প্ৰায়ে "লাডাখৰ গেটৱে" বুলি কোৱা হয়।[3] চহৰখনৰ নামটোৰ চৰকাৰী বানান হৈছে "দ্ৰাস"।[4]
ব্যুৎপত্তিবিজ্ঞান
[সম্পাদনা কৰক]পৰম্পৰাগতভাৱে দ্ৰাসক হেম-বাবছ বুলি জনা যায়, যাৰ অৰ্থ হৈছে "বৰফৰ দেশ"; "হেম" শব্দটোৰ অৰ্থ হ'ল বৰফ। শীতকালত দ্ৰাসৰ গড় উষ্ণতা −২০ ডিগ্ৰী চেলছিয়াছ।[5]
ভূগোল
[সম্পাদনা কৰক]দ্ৰাসক প্ৰায়ে "লাডাখৰ গেটৱে" বুলি কোৱা হয়। ই ১০,৮০০ ফুট (৩,৩০০ মিটাৰ) উচ্চতাত থিয় হৈ আছে।[2] একে নামৰ উপত্যকাৰ মাজভাগত দ্ৰাস অৱস্থিত। শ্ৰীনগৰৰ পৰা দ্ৰাস ১৪০ কিলোমিটাৰ আৰু সোণামাৰ্গৰ পৰা ৬৩ কিলোমিটাৰ দূৰত্বত। শ্ৰীনগৰৰ পৰা লেহলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ ১ নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰাসৰ পৰা ৫৮ কিলোমিটাৰ দূৰত্বত কাৰ্গিল চহৰ।
ইতিহাস
[সম্পাদনা কৰক]
ৰাজকীয় ৰাজ্য জম্মু-কাশ্মীৰত (১৮৪৬–১৯৪৭) দ্ৰাস লাডাখ ৱাজাৰতৰ কাৰ্গিল তহচিলৰ অংশ আছিল।[6]
১৯৪৭-৪৮ চনত পাকিস্তানৰ আক্ৰমণৰ সময়ত পাকিস্তানৰ লগত যোগ দিয়া শক্তিশালী গিলগিট স্কাউটসকলে ১৯৪৮ চনৰ ১০ মে’ত কাৰ্গিল অঞ্চল আক্ৰমণ কৰে। তেতিয়ালৈকে কাশ্মীৰ ৰক্ষাৰ দায়িত্বত থকা ভাৰতীয় সেনাই শক্তিবৰ্ধক বাহিনী পঠিয়াইছিল। কিন্তু তেওঁলোকে সময়মতে দ্ৰাসৰ ওচৰ পাব নোৱাৰিলে আৰু ১৯৪৮ চনৰ ৬ জুনত দ্ৰাস গিলগিটিছৰ হাতত পৰে। কাৰ্গিল আৰু স্কাৰডুও চুটি ক্ৰমত পৰে।[7] ১৯৪৮ চনৰ নৱেম্বৰ মাহত ভাৰতীয় সেনাই টেংকৰ সহায়ত অপাৰেচন বাইছন আৰম্ভ কৰি দ্ৰাস আৰু কাৰ্গিল পুনৰ দখল কৰে। কিন্তু স্কাৰডু পাকিস্তানৰ নিয়ন্ত্ৰণত থাকিল।[8] ১৯৪৯ চনৰ যুদ্ধবিৰতি ৰেখাডাল দ্ৰাসৰ পৰা ১২ কিলোমিটাৰ উত্তৰে ৫৩৫৩ নং পইণ্টৰ মাজেৰে পাৰ হৈ যায়।[9]
১৯৭২ চনৰ ছিমলা চুক্তিত যুদ্ধবিৰতি ৰেখাৰ নাম সলনি কৰি নিয়ন্ত্ৰণ ৰেখা ৰখা হয়, য’ত ভাৰত আৰু পাকিস্তানে নিজৰ উল্লেখিত স্থিতিৰ প্ৰতি কোনো ক্ষতি নকৰাকৈ এই ৰেখাক সন্মান কৰিবলৈ সন্মত হয়।
কিন্তু ১৯৯৯ চনৰ প্ৰথম মাহকেইটাত মুজাহিদীনৰ বেশ পিন্ধি পাকিস্তানী সৈন্যই অঞ্চলটোত অনুপ্ৰৱেশ কৰি দ্ৰাস আৰু ঘাইপথৰ ওপৰেৰে চাই থকা শৃংগসমূহ বিশেষকৈ দ্ৰাসৰ পৰা ৪ কিলোমিটাৰ দূৰত্বত থকা টোলোলিং আৰু দ্ৰাসৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত থকা টাইগাৰ হিল নিয়ন্ত্ৰণ কৰে। তেওঁলোকে দ্ৰাস আৰু ঘাইপথত আৰ্টিলাৰী গুলীচালনা কৰি কাৰ্গিল যুদ্ধৰ সূচনা কৰে। ১৯৯৯ চনৰ জুলাই মাহৰ ভিতৰত ভাৰতীয় সেনাই টোললিং আৰু টাইগাৰ হিল শৃংগ মুকলি কৰি দিয়ে।
জলবায়ু
[সম্পাদনা কৰক]দ্ৰাস হৈছে ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাই। ইয়াৰ উচ্চতাৰ বাবে ইয়াত এক প্ৰকাৰৰ ভূ-মধ্য সাগৰীয় মহাদেশীয় জলবায়ু (কোপেন জলবায়ু শ্ৰেণীবিভাজন: Dsb) বিৰাজ কৰে। ইয়াত শীতকাল অতিপাত ঠাণ্ডা, য’ত গড় নিম্নতম উষ্ণতা প্ৰায় −২০° চেলচিয়াছ (−৪° ফাৰেনহাইট) আৰু শীতৰ চৰম পৰ্যায়ত এই উষ্ণতা −২৩° চেলচিয়াছ পৰ্যন্ত হয়। অক্টোবৰৰ মাজভাগৰ পৰা মে’ মাহৰ মাজভাগলৈকে ইয়াত শীতকাল থাকে। আনহাতে জুন মাহৰ পৰা ছেপ্টেম্বৰৰ আৰম্ভণিলৈকে জহকাল থাকে। জহকালত গড় উষ্ণতা ২৩° চেলচিয়াছৰ (৭৪° ফাৰেনহাইট) ওচৰা-উচৰি হয় আৰু বৰষুণ অতি কম পৰিমাণে হয়। বছৰেকীয়া অধঃক্ষেপণ প্ৰায় সম্পূৰ্ণৰূপে ডিচেম্বৰৰ পৰা মে’ মাহৰ ভিতৰত কেন্দ্ৰীভূত হয়, যি সময়ত দ্ৰাসত প্ৰায় ৫৫০ মিলিমিটাৰ পানীৰ সমতুল্য তুষাৰপাত হয়। দ্ৰাসক পৃথিৱীৰ দ্বিতীয়টো আটাইতকৈ শীতল জনবসতিপূৰ্ণ স্থান বুলি বিভিন্ন ঠাইত ফলক বা চাইনবৰ্ড দেখা পোৱা যায় যদিও এই দাবীটো নিশ্চিত কৰিবলৈ কোনো নিৰ্ভৰযোগ্য বতৰ বিজ্ঞানৰ তথ্য নাই।
| দ্ৰাস | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| জলবায়ু তালিকা (ব্যাখ্যা) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| দ্ৰাসৰ জলবায়ুৰ তথ্য | |||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
| সৰ্বাধিক উষ্ণতা °C (°F) | 5 (41) |
6 (43) |
10 (50) |
18 (64) |
25 (77) |
30 (86) |
33 (91) |
31 (88) |
29 (84) |
25 (77) |
15 (59) |
9 (48) |
— |
| গড় উষ্ণতা - উচ্চ °C (°F) | −8.8 | −6.5 | −1.3 | 5.5 (41.9) |
14.4 (57.9) |
21.6 (70.9) |
24.0 (75.2) |
24.3 (75.7) |
20.4 (68.7) |
13.6 (56.5) |
4.0 (39.2) |
−3.5 (25.7) |
8.98 (48.16) |
| দৈনিক গড় উষ্ণতা °C (°F) | −16.4 (2.5) |
−14.5 (5.9) |
−8.4 (16.9) |
−0.7 (30.7) |
7.8 (46.0) |
13.8 (56.8) |
17.0 (62.6) |
17.2 (63.0) |
12.8 (55.0) |
6.1 (43.0) |
−3.3 (26.1) |
−10.2 (13.6) |
1.77 (35.18) |
| গড় উষ্ণতা - নিম্ন °C (°F) | −23.9 (−11.0) |
−22.4 (−8.3) |
−15.5 (4.1) |
−6.9 (19.6) |
1.1 (34.0) |
6.0 (42.8) |
9.9 (49.8) |
10.0 (50.0) |
5.2 (41.4) |
−1.4 (29.5) |
−10.5 (13.1) |
−16.8 (1.8) |
−5.43 (22.22) |
| সৰ্বনিম্ন উষ্ণতা °C (°F) | −42 (−44) |
−43 (−45) |
−33 (−27) |
−25 (−13) |
−8 (18) |
−5 (23) |
−5 (23) |
−5 (23) |
−20 (−4) |
−29 (−20) |
−45 (−49) |
−48 (−54) | |
| বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) | 33.1 (1.303) |
56.1 (2.209) |
44.6 (1.756) |
36.6 (1.441) |
30.3 (1.193) |
6.7 (0.264) |
18.3 (0.72) |
59.0 (2.323) |
7.4 (0.291) |
17.6 (0.693) |
54.7 (2.154) |
40.9 (1.61) |
405.3 (15.957) |
| Avg. precipitation days (≥ 2.5 mm) | 2.4 | 3.0 | 3.4 | 2.2 | 3.0 | 0.7 | 1.0 | 0.9 | 0.8 | 0.7 | 2.7 | 2.4 | 23.2 |
| উৎস নং ১: | |||||||||||||
| উৎস নং ২: Precipitation [10] | |||||||||||||
জনগাঁথনি
[সম্পাদনা কৰক]জনগোষ্ঠী
[সম্পাদনা কৰক]এতিয়াৰ প্ৰধান জনগোষ্ঠীসমূহ হ'ল শ্বিনা লোকসকল (Shina people), যিসকলে ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ চিনা ভাষাত কথা কয়; আৰু পুৰিগপা (Purigpa) লোকসকল, যাৰ ভাষা বাল্টি ভাষাৰ সৈতে সাদৃশ্য থকা তিব্বতী ভাষা গোটৰ অন্তৰ্ভুক্ত। চিনা জনগোষ্ঠীৰ লোকসকল মুঠ জনসংখ্যাৰ প্ৰায় ৬৫-৭০% আৰু তেওঁলোকেই সংখ্যাগুৰু, আনহাতে পুৰিগী/বাল্টি জনগোষ্ঠীৰ লোকসকল ৩০-৩৫% জনসংখ্যাৰে এক উল্লেখনীয় সংখ্যালঘু গোট। স্থানীয় জনসংখ্যাৰ ৬৪% পুৰুষ আৰু ৩৬% মহিলা। ২০১১ চনৰ লোকপিয়ল অনুসৰি দ্ৰাসৰ মুঠ জনসংখ্যা ২১,৯৮৮ জন। ইয়াৰে ১৪,৭৩১ জন পুৰুষ আৰু ৭,২৫৭ গৰাকী মহিলা। এই ব্লকত ০-৬ বছৰ বয়সৰ শিশুৰ সংখ্যা ২,৭৬৭ জন, যাৰ ভিতৰত ১,৪১৭ জন ল’ৰা আৰু ১,৩৫০ গৰাকী ছোৱালী।[11]
ধৰ্ম
[সম্পাদনা কৰক]এতিয়াৰ জনসংখ্যাৰ ৯৯% ই মুছলমান। চিনা লোকসকলৰ সৰহভাগেই ছুন্নী পন্থী (মুঠ জনসংখ্যাৰ প্ৰায় ৬৫-৭৫%), আনহাতে পুৰিগী/বাল্টি লোকসকল মূলতঃ ছিয়া পন্থী (মুঠ জনসংখ্যাৰ ২৫-৩৫%)।[11] কাশ্মীৰীসকল অতি কম সংখ্যক সংখ্যালঘু আৰু তেওঁলোকো ছুন্নী মুছলমান। কাশ্মীৰী ব্যৱসায়ীসকলৰ প্ৰভাৱত এই অঞ্চলত সৰ্বপ্ৰথম ইছলাম ধৰ্মৰ আগমন ঘটিছিল।[12] লাডাখৰ ভিতৰত দ্ৰাস এনে এক একমাত্ৰ অঞ্চল (বৰ্তমান জিলা), য'ত ছুন্নী মুছলমানসকল সংখ্যাগুৰু।
সংস্কৃতি
[সম্পাদনা কৰক]দ্ৰাসৰ বহু বাসিন্দাই যৱৰ দৰে প্ৰাথমিক শস্যৰ খেতি কৰে। স্থানীয় লোকসকলে গৰু আৰু পনিৰ দৰে পশুধনও পালন কৰে।[13]
মানুহৰ খাদ্যত থকা সাধাৰণ খাদ্যসমূহৰ ভিতৰত আলু, যৱ, মেৰ পোৱালি, মাটন আৰু চাহৰ দৰে পানীয় আদি অন্তৰ্ভুক্ত।[13] পল' খেল দ্ৰাসত অতি জনপ্ৰিয় খেল।[12]
পৰ্যটন
[সম্পাদনা কৰক]১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পিছৰে পৰা দ্ৰাসক এক পৰ্যটন স্থলী হিচাপে গঢ়ি তোলা হৈছে, কিয়নো সেই সময়ত বহু দৰ্শকে যুদ্ধক্ষেত্ৰ চাবলৈ আহিছিল।[14] গুৰেজ উপত্যকাক কাৰ্গিলৰ দ্ৰাস ছেক্টৰৰ মুস্কোহ উপত্যকাৰ সৈতে সংযোগ কৰা ১৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো এতিয়া পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। এই পথটো কাওবাল গলিৰ (৪,১৬৬.৯ মিটাৰ) মাজেৰে গৈছে, যিটো গুৰেজৰ সৰ্বোচ্চ গিৰিপথ। ইয়াৰ জৰিয়তে দৰ্শকে কাৰ্গিল যুদ্ধৰ ঐতিহাসিক পটভূমিৰ এক আভাস পাব পাৰে। এসময়ত যুদ্ধক্ষেত্ৰ হিচাপে পৰিচিত এই অঞ্চলসমূহৰ কাৰ্গিল সংঘাতত বিশেষ গুৰুত্ব আছে।[15] দ্ৰাসৰ পৰা ৭ কিলোমিটাৰ দূৰত্বত কাৰ্গিল যুদ্ধ স্মাৰক অৱস্থিত। দ্ৰাস চহৰখন ১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (শ্ৰীনগৰ-দ্ৰাস-কাৰ্গিল-লে) ওপৰত অৱস্থিত।
২০২৫ চনৰ আৰম্ভণিতে ভাৰত চৰকাৰে এই অঞ্চলত উচ্চ গতিসম্পন্ন ৰাজহুৱা ৪জি/৫জি ম'বাইল আৰু ইণ্টাৰনেট সংযোগ উপলব্ধ কৰিছে।[16]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Revenue Villages | District Kargil, Union Territory of Ladakh | India". https://kargil.nic.in/revenue-villages/.
- 1 2 Singh Negi, Sharad (2002) (en ভাষাত). Cold Deserts of India. Indus Publishing. পৃষ্ঠা. 226. ISBN 8173871272. https://books.google.com/books?id=54RgJ6FgMl0C&pg=PA226.
- ↑ "Page on Dras from". ladakh-kashmir.com. http://www.ladakh-kashmir.com/cities-jammu-kashmir/dras-india.html। আহৰণ কৰা হৈছে: 2012-06-15.
- ↑ "About District | District Kargil, Union Territory of Ladakh | India" (en-US ভাষাত). https://kargil.nic.in/about-district/। আহৰণ কৰা হৈছে: 2024-11-23.
- ↑ Schuh, Dieter (2014). "Drass". Tibet-Encyclopaedia. Archived from the original on 2021-04-11. https://web.archive.org/web/20210411020930/http://www.tibet-encyclopaedia.de/drass.html। আহৰণ কৰা হৈছে: 2025-12-05.
- ↑ Karim, Kashmir The Troubled Frontiers 2013, পৃষ্ঠা. 30–31.
- ↑ Cheema, Crimson Chinar 2015, পৃষ্ঠা. 48, 102–103.
- ↑ Cheema, Crimson Chinar 2015, পৃষ্ঠা. 111–112.
- ↑ Swami, Praveen (11 August 2000). "Pakistan still occupies key Dras point". The Hindu Business Line. http://www.thehindubusinessline.com/2000/08/11/stories/14115502.htm.
- ↑ "Climate of Jammu & Kashmir". প্ৰকাশক Dras is on page 126, the low temperature page 124: India Meteorological Department. https://imdpune.gov.in/library/public/Climate%20of%20Jammu%20&%20Kashmir.pdf। আহৰণ কৰা হৈছে: 18 February 2021.
- 1 2 "Page 4. Rambirpur (Drass)". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Sub_Districts_Master.aspx?state_code=01&district_code=08। আহৰণ কৰা হৈছে: 2012-06-15.
- 1 2 Aabedi, Zain-ul-aabedin (2009) (en ভাষাত). Emergence of Islam in Ladakh. Atlantic Publishers & Distributors. পৃষ্ঠা. 35. ISBN 978-81-269-1047-2. https://books.google.com/books?id=SUlVPgAACAAJ&q=Emergence+of+islam+in+ladakh.
- 1 2 Keatinge, Hilary (1993). "The Road to Leh". Aramco World. https://archive.aramcoworld.com/issue/199304/the.road.to.leh.htm। আহৰণ কৰা হৈছে: 2022-01-08.
- ↑ Bhan, Mona (2013). Counterinsurgency, Democracy, and the Politics of Identity in India: From Warfare to Welfare?. Routledge. পৃষ্ঠা. 1, 178–179. ISBN 978-1-13450-983-6. https://books.google.com/books?id=wZTDAAAAQBAJ&pg=PA1.
- ↑ "Kargil Wars Kaobal Gali, Mushkoh Valley Now Open For Tourists". eKashmirTourism.com. https://www.ekashmirtourism.com/kargil-wars-kaobal-gali-mushkoh-valley-now-open-for-tourists/। আহৰণ কৰা হৈছে: 20 April 2025.[সংযোগবিহীন উৎস]
- ↑ लद्दाख में सैनिकों को ऊंचाई वाली चौकियों पर मिली 4जी/5जी कनेक्टिविटी, सियाचिन ग्लेशियर तक सिग्नल, navbharattimes, 19 Apr 2025.
