দ্ৰৌপদী (১৯৩১ চলচ্চিত্ৰ)
| দ্ৰৌপদী | |
|---|---|
| পৰিচালক | ভাগৱতী প্ৰসাদ মিশ্ৰ |
| ৰচনা | ভাগৱতী প্ৰসাদ মিশ্ৰ |
| ভিত্তি | ব্যাসদেৱ প্ৰণিত মহাভাৰত |
| প্ৰযোজক | আৰ্দেশিৰ ইৰানী |
| অভিনয়ত | সুধাবালা পৃথ্বিৰাজ কাপুৰ খলিল জগদীশ সেঠী |
| চিত্ৰগ্ৰহণকাৰী | আদি ইৰানী |
প্ৰযোজনা কোম্পানী |
ইম্পেৰিয়েল ফিল্ম কোম্পানী |
মুক্তি |
১৯৩১ |
দৈৰ্ঘ্য |
১২৪ মিনিট |
| দেশ | ব্ৰিটিছ ভাৰত |
| ভাষা | হিন্দী |
দ্ৰৌপদী' (ইংৰাজী: Draupadi ) ভাৰতীয় চলচ্চিত্ৰৰ ১৯৩১ চনত মুক্তি পোৱা এখন সবাক ছবি। ভাৰতৰ প্ৰথমখন টকী আলম আৰা (১৯৩১) মুক্তিৰ পিছত আৰ্দেশিৰ ইৰানীৰ ইম্পেৰিয়েল ফিল্ম কোম্পানীয়ে নিৰ্মাণ কৰা এই ছবিখন আছিল বৃহৎ বাজেটৰ পৌৰাণিক প্ৰযোজনা। [1] ইয়াৰ পৰিচালক আছিল ভাগৱতী প্ৰসাদ মিশ্ৰ, যিয়ে ফটোগ্ৰাফাৰ আৰু চিত্ৰশিল্পী হিচাপে নিজৰ নাম উজলাইছিল আৰু ইৰানীৰ সৈতে তেওঁৰ ষ্টাৰ, মেজেষ্টিক, ৰয়েল আৰু ইম্পেৰিয়েল ষ্টুডিঅ'ত কাম কৰিছিল। [2] ব্যাসদেৱৰ মহাভাৰতৰ পৰা কাহিনী অভিযোজন আৰু চিত্ৰনাট্য মিশ্ৰৰ আছিল। তাৰকা অভিনেতাসকলৰ ভিতৰত আছিল কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পৃথ্বীৰাজ কাপুৰ, [3] দ্ৰৌপদীৰ চৰিত্ৰত সুধাবালা আৰু কৃষ্ণৰ চৰিত্ৰত খলিল। বাকী অভিনেতাসকলৰ ভিতৰত আছিল হাদি, এলিজাৰ, ৰুস্তম ইৰানী আৰু জিল্লুবাই। চিনেমেটোগ্ৰাফাৰ আছিল আদি ইৰানী। [4]
মহাভাৰতৰ এটা খণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখনত দুৰ্যোধনে হস্তিনাপুৰ দখল কৰাৰ পৰিকল্পনা আৰু পৰৱৰ্তী সময়ত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰি পাণ্ডৱক লজ্জিত কৰাৰ প্ৰচেষ্টাক প্ৰদৰ্শন কৰা হৈছিল।
ভাৰতীয় চলচ্চিত্ৰত দ্ৰৌপদী
[সম্পাদনা কৰক]নাৰীৰ প্ৰসংগত হিন্দু পৌৰাণিক কাহিনীৰ ব্যৱহাৰ, বিংশ শতিকাৰ আৰম্ভণিতে নিৰ্মিত বেছিভাগ ছবিৰে এটা সাধাৰণ বৈশিষ্ট্য আছিল। লেখক প্ৰেম চৌধৰীৰ মতে, ১৯১৬ চনৰ পৰা ১৯৪৪ চনৰ ভিতৰত প্ৰায় এঘাৰবাৰ ছবিত দ্ৰৌপদীৰ উল্লেখ কৰা হৈছিল।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Draupadi (1931)". indiancine.ma. https://indiancine.ma/AQO/info। আহৰণ কৰা হৈছে: 17 July 2015.
- ↑ Ashish Rajadhyaksha; Paul Willemen; Professor of Critical Studies Paul Willemen (10 July 2014). "Mishra, Bhagwati Prasad". Encyclopedia of Indian Cinema. Routledge. পৃষ্ঠা. 247–. ISBN 978-1-135-94318-9. https://books.google.com/books?id=SLkABAAAQBAJ&pg=PA247। আহৰণ কৰা হৈছে: 17 July 2015.
- ↑ Ananda Lal (2004). The Oxford Companion to Indian Theatre. Oxford University Press. পৃষ্ঠা. 195. ISBN 978-0-19-564446-3. https://books.google.com/books?id=DftkAAAAMAAJ। আহৰণ কৰা হৈছে: 17 July 2015.
- ↑ "Draupadi 1931". Alan Goblecitwf.com. http://www.citwf.com/film94563.htm। আহৰণ কৰা হৈছে: 17 July 2015.
- ↑ Prem Chowdhry (2000). "Gunga Din". Colonial India and the Making of Empire Cinema: Image, Ideology and Identity. Manchester University Press. পৃষ্ঠা. 143–. ISBN 978-0-7190-5792-2. https://books.google.com/books?id=1UNph7mAT2YC&pg=PA143। আহৰণ কৰা হৈছে: 17 July 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- দ্ৰৌপদী (১৯৩১ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।