দৰংগিৰি কল বজাৰ
দৰংগিৰি কল বজাৰ (ইংৰাজী: Daranggiri banana market) গোৱালপাৰা জিলাৰ সদৰৰ পৰা ৪৩ কিল'মিটাৰ পূৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে দৰংগিৰি কল বজাৰ খন অৱস্থিত। এই বজাৰখন এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ কলৰ বজাৰ হিচাপে জনাজাত। এই বজাৰখনত প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে মেঘালয়ৰ গাৰো পাহাৰ আৰু অসমৰ গোৱালপাৰাৰ পৰা বহু খেতিয়ক আৰু ব্যৱসায়ী কল বিক্ৰী কৰিবলৈ আহে। ই এক গুৰুত্বপূৰ্ণ বজাৰ কেন্দ্ৰ যিয়ে স্থানীয় অৰ্থনীতিত এক ডাঙৰ ভূমিকা পালন কৰে।[1]
অৱস্থান
[সম্পাদনা কৰক]গোৱালপাৰা জিলাৰ দৰংগিৰি।

বিশেষত্ব
[সম্পাদনা কৰক]এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ কলৰ বজাৰ।[2] প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে বজাৰ বহে, মেঘালয় আৰু অসমৰ খেতিয়ক-ব্যৱসায়ীসকলৰ সমাগম হয়।
অৰ্থনৈতিক গুৰুত্ব
[সম্পাদনা কৰক]কল মৌলিক কৃষি উৎপাদন। এই বজাৰখনে কৃষকসকলক নিৰ্ভৰযোগ্য বজাৰ প্ৰদান কৰাৰ ফলত, তেওঁলোকে অধিক কল খেতি কৰিবলৈ উৎসাহিত হৈছে ।লগতে কৃষি উৎপাদন বৃদ্ধিত সহায় কৰিছে ।দৰংগিৰি কল বজাৰ অসমৰ গোৱালপাৰা জিলা ৰ অন্তৰ্গত এখন বিখ্যাত আৰু অন্যতম বৃহৎ কল বজাৰ। এই বজাৰখন মুলতঃ ভাৰতৰ ভিতৰতে নহয়, সমগ্ৰ দক্ষিণ-পূৰ্ব এছিয়াৰ ভিতৰতো এক অন্যতম কল বাণিজ্য কেন্দ্ৰ হিচাপে পৰিগণিত।ইয়াৰ উপৰি দৰংগিৰি কল বজাৰে গোৱালপাৰা আৰু ইয়াৰ আশে-পাশেৰ গাঁৱৰ লোকসকলৰ জীৱিকা আৰু আয়ৰ এক অন্যতম উৎস। ইয়াত সপ্তাহৰ প্ৰায় প্ৰতিদিনে হাজাৰ হাজাৰ টন কল কেনাবেচা হয়। বহু খেতিয়ক, ব্যৱসায়ী আৰু পৰিবহন ব্যৱসায়ীক এই বজাৰখনে আয়ৰ সুযোগ দিয়ে।
আন্তৰ্জাতিক বাণিজ্য
[সম্পাদনা কৰক]দৰংগিৰি বজাৰত উৎপন্ন কল বিহাৰ , পশ্চিমবংগ , উত্তৰ প্ৰদেশৰ লগতে বাংলাদেশ , নেপাল আৰু ভুটানলৈও ৰপ্তানি কৰা হয়। ফলস্বৰূপে, এই বজাৰখনে অসমৰ উৎপাদনক ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক বজাৰত প্ৰৱেশ কৰিবলৈ সহায় কৰিছে।[3]
উৎস
[সম্পাদনা কৰক]- ↑ শৰ্মা নীলমণি (জুন ১৩, ২০২০). "১ কোটি ১৯ লাখ টকাৰে এছিয়া বিখ্যাত দৰংগিৰি কল বজাৰ উন্নয়ন কামৰ শুভৰাম্ভ". নৰ্থ-ইষ্ট নাও. https://assam.nenow.in/author/admin/। আহৰণ কৰা হৈছে: 15 July 2025.
- ↑ "এছিয়াৰ ভিতৰতে বিখ্যাত এখন কলৰ বজাৰ". প্ৰতিদিন টাইম. ২৭ ছেপ্তেম্বৰ ২০২১. https://www.facebook.com/share/v/1HSTHjmB1s/। আহৰণ কৰা হৈছে: 15 July 2025.
- ↑ "এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ". Prothom Khabar. ২৯ অক্টোবৰ ২০২৪. https://www.facebook.com/share/v/15v9AFw7CP/। আহৰণ কৰা হৈছে: 15 July 2025.