সমললৈ যাওক

দৰ্শনা জৰ্দোশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দৰ্শনা জৰ্দোশ

২০২১ চনত জৰ্দোশ
ৰে'লৱে মন্ত্ৰী
কাৰ্যকাল
৭ জুলাই ২০২১ – ১১ জুন ২০২৪
Serving with ৰাওচাহেব দানভে
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ, দ্ৰৌপদী মূৰ্মু
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মন্ত্ৰী অশ্বিনী বৈষ্ণৱ
পূৰ্বসূৰী সুৰেশ অংগাদী
টেক্সটাইলৰ মন্ত্ৰী
কাৰ্যকাল
৭ জুলাই ২০২১ – ১১ জুন ২০২৪
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ দ্ৰৌপদী মূৰ্মু
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মন্ত্ৰী পিয়ুস গোৱেল
পূৰ্বসূৰী অজয় টামটা
লোকসভাৰ সাংসদ
কাৰ্যকাল
১৬ মে ২০০৯ – ১১ জুন ২০২৪
পূৰ্বসূৰী কাশীৰাম ৰাণা
সমষ্টি চুৰত লোকসভা সমষ্টি
ৰাষ্ট্ৰীয় বিজেপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১২
ব্যক্তিগত তথ্য
জন্ম ২১ জানুৱাৰী, ১৯৬১ (৬৪ বছৰ)
চুৰত, গুজৰাট, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী বিক্ৰম চন্দ্ৰকান্ত জৰ্দোশ
সন্তান
বাসস্থান চুৰত
শিক্ষানুষ্ঠান কেপি কলেজ অৱ কমাৰ্চ, চুৰত

দৰ্শনা জৰ্দোশ (ইংৰাজী: Darshana Jardosh, জন্ম-২১ জানুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ গুজৰাটত চুৰাট সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আৰু ২০০৯ চনত ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়৷ তাৰ পিছত তেওঁ ২০১৪ চনত ১৬ নং লোকসভা আৰু ২০১৯ চনত ১৭ নং লোকসভালৈ নিৰ্বাচিত হয়।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০৯ চনত তেওঁ ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়।

২০০৯ চনত তেওঁ চৰকাৰক হীৰা ব্যৱসায় বৃদ্ধিৰ বাবে চুৰাটত এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ স্থাপন কৰিবলৈ দাবী জনায়।[2]২০১২ চনত তেওঁ কংগ্ৰেছৰ সাংসদ তুষাৰ চৌধুৰীসুৰতলৈ বিমান সংযোগৰ কৃতিত্ব ল’বলৈ চেষ্টা কৰাৰ বাবে সমালোচনা কৰিছিল, যাৰ বাবে তেওঁ আৰু নৱছাৰীৰ সাংসদ চি আৰ পাটিল প্ৰচাৰ চলাইছিল।[1]

ছুৰাটৰ পৰা ২০১৪ নিৰ্বাচন লোকসভালৈ পুনৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ৫৩৩,১৯০ টা ভোটৰ ঐতিহাসিক ব্যৱধানত জয়ী হয়; যিটো ভাৰতীয় নিৰ্বাচনী ইতিহাসতইন্দিৰা গান্ধীৰ পিছত যিকোনো মহিলা সাংসদৰ সৰ্বাধিক অগ্ৰগতি৷ ২০১৪ চনৰ নিৰ্বাচনত এয়া চতুৰ্থ সৰ্বাধিক অগ্ৰগতি। তেওঁ ৭৬.৬% ভোটৰ অংশীদাৰিত্বৰে জয়লাভ কৰে যি আছিল ২০১৪ নিৰ্বাচনৰ অভিলেখ।

২০১৯ নিৰ্বাচনত তেওঁ চুৰাটৰ পৰা লোকসভালৈ ৭৯৫,৬৫১ টা ভোট লাভ কৰি পুনৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ২০২১ চনৰ ৭ জুলাইত নৰেন্দ্ৰ মোদীৰ মন্ত্ৰালয় সম্প্ৰসাৰণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি ভৱনত ৰেলৱেৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]