সমললৈ যাওক

দৰ্শনা সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দৰ্শনা সিং
পূৰ্বসূৰী স্বাতী সিং
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
৫ জুলাই ২০২২
সমষ্টি উত্তৰ প্ৰদেশ
বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি
কাৰ্যকাল
২১ জুন ২০২১
ৰেলৱে মন্ত্ৰালয় (ভাৰত)ৰ বাবে পৰামৰ্শদাতা সমিতিৰ সদস্য।
উত্তৰ প্ৰদেশ বিজেপি মহিলা মৰ্চাৰ সভাপতি
কাৰ্যকাল
10-02-2018 to 21-06-2021
ব্যক্তিগত তথ্য
জন্ম ১০ জুলাই ১৯৭৪
দাম্পত্যসঙ্গী ৰনঞ্জয় সিং
সন্তান
বাসস্থান দিল্লী
শিক্ষানুষ্ঠান এলাহাবাদ বিশ্ববিদ্যালয়

দৰ্শনা সিং (ইংৰাজী: Darshana Singh; জন্ম: ১০ জুলাই ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য[1] হিচাপে উত্তৰ প্ৰদেশৰ পৰা ভাৰতৰ সংসদৰ উচ্চ সদনৰ ৰাজ্যসভাৰ সদস্য।[2] তেওঁ বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী পদতো অধিষ্ঠিত হৈ আছে। ইয়াৰ পূৰ্বে তেওঁ উত্তৰ প্ৰদেশ বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৯৬ চনত আজমগড়ৰ ডি এ ভি কলেজৰ পৰা বুৰঞ্জীত তেওঁ এম এ ডিগ্ৰী লাভ কৰি স্বৰ্ণ পদক বিজয়ী হৈ পিছলৈ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু দৃশ্য যোগাযোগ বিভাগত ডিপ্লমা লাভ কৰে।

পদাধিকাৰসমূহ

[সম্পাদনা কৰক]

০৫-জুলাই-২০২২ বৰ্তমানলৈ সংসদ ৰাজ্যসভাৰ সদস্য।
২১-জুন-২০২১ বৰ্তমানলৈ, বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি।
১০-ফেব্ৰুৱাৰী-২০১৮ৰ পৰা ২১-জুন-২০২১লৈ বিজেপি মহিলা মৰ্চাৰ ইউ পি সভাপতি।
২০১৬–২০১৮, উত্তৰ প্ৰদেশৰ কাশী অঞ্চলৰ ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক
২০১৩–২০১৫, ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি, উত্তৰ প্ৰদেশৰ চণ্ডাউলী জিলাৰ মহিলা মৰ্চাৰ
২০১১–২০১৩, ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি, উত্তৰ প্ৰদেশৰ চণ্ডাউলী জিলাৰ মহিলা মৰ্চাৰ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://prsindia.org/mptrack/rajya-sabha/darshana-singh
  2. "11 Rajya Sabha candidates in UP, including 8 from BJP elected unopposed". Business Standard. 4 June 2022. https://www.business-standard.com/article/elections/11-rajya-sabha-candidates-in-up-including-8-from-bjp-elected-unopposed-122060400093_1.html আহৰণ কৰা হৈছে: 4 June 2022.