সমললৈ যাওক

দৰ্শীল ছাফাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দৰ্শীল ছাফাৰী
জন্ম ০৯ মাৰ্চ, ১৯৯৭ (২৯ বছৰ) [1]
মুম্বাই , মহাৰাষ্ট্ৰ , ভাৰত
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০৭ - বৰ্তমানলৈ
উল্লেখযোগ্য কৰ্ম তাৰে জমিন পৰ


দৰ্শীল ছাফাৰী (জন্ম ৯ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় অভিনেতা, তেওঁ হিন্দী, গুজৰাটী ছবি আৰু টেলিভিছনত অভিনয় কৰে। ছাফাৰীয়ে আমিৰ খানৰ পৰিচালনাত মুক্তিলাভৰ কৰা তাৰে জমিন পৰ (২০০৭)ত চলচ্চিত্ৰত ডিছলেক্সিয়া ছাত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত অভিষেক ঘটায়, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।

ছাফাৰীয়ে এটা গুজৰাটী পৰিয়ালত জন্মগ্ৰহণ কৰে আৰু তাৰে জমিন পৰ (২০০৭) ছবিখনত প্ৰথম আত্মপ্ৰকাশ কৰে। [2] ছবিখনত তেওঁ ঈশান নন্দকিশোৰ অৱস্থীৰ চৰিত্ৰত অভিনয় কৰি। ২০০৬ চনৰ শেষৰ ফালে চিত্ৰনাট্যকাৰ আৰু সৃষ্টিশীল পৰিচালক অমোল গুপ্তেতাৰে জমিন পৰৰ বাবে পুৰুষ নায়ক বিচাৰি থাকোঁতে মুম্বাইৰ এখন নৃত্য একাডেমীত ছাফাৰীক আৱিষ্কাৰ কৰিছিল। ছিবখনৰ নায়কৰ বাবে বহুজনে অডিচন দিছিল যদিও ছাফাৰীক ঈশানৰ চৰিত্ৰ অমোল গুপ্তে নিৰ্বাচন কৰিছিল। [3] চলচ্চিত্ৰ খনত এটি ডিছলেক্সিক সংগ্ৰামী শিশু হিচাপে অভিনয় কৰি ছাফাৰী চলচ্চিত্ৰ সমালোচকসকলৰ প্ৰশংসা লাভ কৰিছিল। [4][5] এই অভিনয়ৰ বাবে তেওঁ কেইবাটাও বঁটা লাভ কৰে। indiaFM ৰ পৰা তৰণ আদৰ্শই ছাফাৰীক "মাষ্টাৰ" বুলি অভিহিত কৰে আৰু তেওঁৰ অভিনয় বিশেষ বঁটাৰ যোগ্য বুলি উল্লেখ কৰে। [6] CNN-IBNৰাজীৱ মাছান্দই কৈছিল , “দৰ্শীল ছাফাৰীয়ে ঈশান অৱস্থীৰ ৰূপত আপোনাৰ হৃদয় চুৰি কৰিব পাৰে । দৰ্শীল অভিনেতা হিচাপে প্ৰকাশ, তেওঁ স্বতঃস্ফূৰ্ত আৰু মৰমলগা আৰু এই ছবিখন সম্পূৰ্ণৰূপে কান্ধত কঢ়িয়াই লৈ ফুৰে”। [7]তেওঁৰ অভিনয়ৰ পাৰদৰ্শীতাৰ বাবে কিছুমান চলচ্চিত্ৰ পৰ্যালোচকে ছাফাৰীক "চলচ্চিত্ৰখনৰ প্ৰকৃত তাৰকা" বুলি অভিহিত কৰে।[8][9]২০০৭ চনত দিয়া এক সাক্ষাৎকাৰত ছাফাৰীয়ে কৈছিল যে তেওঁ ভৱিষ্যতে গায়ন-বায়ন, নৃত্য, ব্যৱসায়ী বা গহনা ডিজাইনাৰ আদি কৰা পৰিকল্পনাত আছে । [10]

তেওঁৰ দ্বিতীয়খন ছবি বুম বুম বোলে ২০১০ চনত আহিছিল আৰু কিছুমান সূত্ৰৰ মতে তেওঁক ৩ লাখ টকা দিয়া হৈছিল, যিটো সেই সময়ত যিকোনো শিশু অভিনেতাক দিয়া সৰ্বাধিক ধন। .[11]ইয়াৰ উপৰি তেওঁ আৰু দুখন ছবিত অভিনয় কৰিছিল, ডিজনী ইণ্ডিয়াৰ ছুপাৰহিৰো ছবি জোক্কোমন (২০১১) আৰু দীপা মেহতামিডনাইটছ চিলড্ৰেনছ (২০১২)। [12][13]

২০১২ চনত তেওঁ অৱনীত কৌৰক নৃত্যৰ সহযোগী হিচাপে লৈ ঝলক দিখলা জা নৃত্যৰ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছিল যদিও সপ্তম স্থানত বাহিৰ হৈ যায় । [14] ইয়াৰ পিছত তেওঁ অভিনয়ৰ পৰা বিৰতি লৈ পঢ়া-শুনাত মনোনিৱেশ কৰিছিল। [15]২০১৬ চনত তেওঁ য়্যে হেই আচিক্যি ধাৰাবাহিকত অভয়ৰ চৰিত্ৰত অভিনয় কৰিছিল।[16]ইয়াৰ পিছত তেওঁ ২০২৩ চনৰ হিন্দী ক্ৰীড়া নাটক ছবি হুকুছ বুকুছত আৰু গুজৰাটী ছবি, কুচ এক্সপ্ৰেছ ত অভিনয় কৰে।[15][15]

অভিনিত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বচৰ নাম ভূমিকা টোকা Ref.
২০০৭ তাৰে জমিন পৰ ঈশান নন্দকিশোৰ অৱস্থী Filmfare Award for Best Actor (Critics)
Nominated–Filmfare Award for Best Actor
[4]
২০১০ বুম বুম বোলে পিনাকি "পিনু"গুৱালা [11]
২০১১ জোক্কোমন কুনাল /জোক্কোমন [12]
২০১২ মিডনাইটছ চিলড্ৰেনছ চেলীম চিনাই [13]
২০২২ কেপিটেল এ স্মল আদি চুটি ছবি [17]
২০২৩ কুচ এক্সপ্ৰেছ অবিনাশ গুজৰাটী ছবি [18]
২০২৩ হুকুছ বুকুছ অৰ্জুন [19]
২০২৩ হো যা মুক্ত বিক্ৰম Vikram
২০২৫ ফুলে যশৱান্ত

বঁটা আৰু মনোনীত

[সম্পাদনা কৰক]
বছৰ বঁটা শ্ৰেণী চলচ্চিত্ৰ ফলাফল উৎস
২০০৮ ফ্লিমফেয়াৰ বঁটা, শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠ অভিনেতা]] তাৰে জমিন পৰ মনোনীত [20]
শ্ৰেষ্ঠ অভিনেতা(সমালোচকৰ) বিজয়ী [21]
জা চিনে এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা, পুৰুষ (সমালোচকৰ) বিজয়ী [22]
সৰ্বশ্ৰেষ্ঠ আৰম্ভণি (শ্ৰেষ্ঠ শিশু অভিনেতা ) বিজয়ী
ষ্টাৰ স্ক্ৰীন এৱাৰ্ড জুৰীৰ বিশেষ বঁটা বিজয়ী [23]
ভি. শান্তিৰাম এৱাৰ্ড মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা বিজয়ী [22]
  1. "Darsheel Safary: Want to explore the darker side of characters". 8 March 2021. https://www.hindustantimes.com/entertainment/bollywood/darsheel-safary-want-to-explore-the-darker-side-of-characters-101615203797484-amp.html. 
  2. "Meet Darsheel Safary: Taare Zameen Par's child actor is now all grown up" (en ভাষাত). The Indian Express. 2022-11-24. https://indianexpress.com/photos/entertainment-gallery/meet-darsheel-safary-taare-zameen-par-child-actor-is-now-all-grown-up-8287752/। আহৰণ কৰা হৈছে: 2024-02-11. 
  3. Vij, Gauri (3 February 2008). "A leap of faith". The Hindu. http://www.hindu.com/thehindu/mag/2008/02/03/stories/2008020350030200.htm। আহৰণ কৰা হৈছে: 2008-04-11. 
  4. 4.0 4.1 Shahryar, Faridoon (27 December 2007). "Darsheel deserves National Award for Best Actor". IndiaFM. http://www.indiafm.com/features/2007/12/27/3397/index.html। আহৰণ কৰা হৈছে: 2008-01-17. 
  5. Kelkar, Reshma (12 January 2008). "Darsheel Safary is best newcomer of the year!". The Times of India. Archived from the original on 15 January 2008. https://web.archive.org/web/20080115151756/http://movies.indiatimes.com/articleshow/2693226.cms। আহৰণ কৰা হৈছে: 2008-01-13. 
  6. Adarsh Taran (21 December 2007). "Taare Zameen Par review". IndiaFM. http://www.indiafm.com/movies/review/13306/index.html। আহৰণ কৰা হৈছে: 2008-01-13. 
  7. Masand, Rajeev (2007-12-21). "Taare Zameen Par may change your life". IBN-CNN. Archived from the original on 2008-10-12. https://web.archive.org/web/20081012032918/http://www.ibnlive.com/news/review-taare-zameen-par-may-change-your-life/54724-8-single.html। আহৰণ কৰা হৈছে: 2008-04-10. 
  8. Pandohar, Jaspreet (2007-12-18). "Taare Zameen Par (2007)". BBC. http://www.bbc.co.uk/films/2007/12/17/taare_zameen_par_2007_review.shtml। আহৰণ কৰা হৈছে: 2008-04-08. 
  9. Bhaskaran, Gautaman (2008-01-31). "Review". The Hollywood Reporter. http://www.hollywoodreporter.com/hr/film/reviews/article_display.jsp?rid=10573. 
  10. Rao, Girish (26 December 2007). "I want to be an actor, singer and dancer". Rediff.com. http://www.rediff.com/movies/2007/dec/26darsheel.htm। আহৰণ কৰা হৈছে: 2008-01-13. 
  11. 11.0 11.1 "Darsheel is highest-paid child actor". Hindustan Times. 13 May 2010. https://www.hindustantimes.com/entertainment/darsheel-is-highest-paid-child-actor/story-CghcOOCmaWUpC4otPxFTPL.html. 
  12. 12.0 12.1 "Meet the youngest superhero in the world". Rediff. https://www.rediff.com/movies/slide-show/slide-show-1-darsheel-safary-talks-about-zokkomon/20110420.htm. 
  13. 13.0 13.1 Hungama, Bollywood (31 March 2011). "Darsheel Safary to star in Deepa Mehta's adaptation of Midnight's Children : Bollywood News - Bollywood Hungama". Bollywood Hungama. https://www.bollywoodhungama.com/news/bollywood/darsheel-safary-to-star-in-deepa-mehtas-adaptation-of-midnights-children/. 
  14. "I do not want leniency from judges: Darsheel Safary". NDTV.com. https://www.ndtv.com/entertainment/i-do-not-want-leniency-from-judges-darsheel-safary-605445. 
  15. 15.0 15.1 15.2 "Darsheel Safary on Moving Away from Films After 'Taare Zameen Par': I Took a Conscious Break to Focus on My Education". 29 November 2023. https://www.outlookindia.com/art-entertainment/darsheel-safary-on-moving-away-from-films-after-taare-zameen-par-i-took-a-conscious-break-to-focus-on-my-education-news-333708. 
  16. "Darsheel Safary of Taare Zameen Par fame to play a teenager smitten by love in new TV show". 12 January 2016. https://indianexpress.com/article/entertainment/television/darsheel-safary-taare-zameen-par-play-teenager-smitten-by-love-tv-show/. 
  17. "Taare Zameen Par fame Darsheel Safary makes comeback with Capital A small a, watch trailer". 14 November 2022. https://indianexpress.com/article/entertainment/bollywood/taare-zameen-par-fame-darsheel-safary-makes-comeback-with-capital-a-small-a-trailer-8268142/. 
  18. "Darsheel Safary reveals sleeping through 'two-three' screenings of Taare Zameen Par: 'I was a shameless child'". Hindustan Times. 24 November 2022. https://www.hindustantimes.com/entertainment/bollywood/darsheel-safary-reveals-sleeping-through-two-three-screenings-of-taare-zameen-par-101669261530771.html. 
  19. "Taare Zameen Par actor Darsheel Safary in Hukus Bukus plays a diehard fan of Sachin Tendulkar". Film Companion. 9 October 2023. https://www.filmcompanion.in/news/taare-zameen-par-actor-darsheel-safary-in-hukus-bukus-plays-a-diehard-fan-of-sachin-tendulkar. 
  20. Bollywood Hungama News Network (23 February 2008). "Winners of 53rd Fair One Filmfare Awards". IndiaFM. http://www.indiafm.com/features/2008/02/23/3610/index.html। আহৰণ কৰা হৈছে: 2008-02-23. 
  21. Bollywood Hungama News Network (6 February 2008). "Nominees – 53rd Annual Filmfare Awards". IndiaFM. http://www.indiafm.com/features/2008/02/06/3548/index.html। আহৰণ কৰা হৈছে: 2008-02-06. 
  22. 22.0 22.1 Bollywood Hungama News Network (27 April 2008). "Winners of the Zee Cine Awards 2008". IndiaFM. Archived from the original on 14 August 2011. https://web.archive.org/web/20110814222126/http://www.bollywoodhungama.com/features/2008/04/27/3817/index.html। আহৰণ কৰা হৈছে: 27 April 2008. 
  23. "TZP wins V Shantaram award for Best Film". www.hindustantimes.com. 28 January 2009. https://www.hindustantimes.com/entertainment/tzp-wins-v-shantaram-award-for-best-film/story-K2EJqidXHMm9qYktYzx0hM.html.