সমললৈ যাওক

ধলপুৰ শিৱমন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভৌগলিক অৱস্থিতি:

বুঢ়া লুইতৰ বুকুত জাগ্ৰত প্ৰহৰীৰূপে থিয় হৈ থকা ধলপুৰ পাহাৰখন প্রাচীন সভ্যতাৰ জ্বলন্ত স্বাক্ষৰ আৰু প্ৰত্নতত্বৰ মেটমৰা ভঁৰালপাহাৰ শিখৰৰ পবিত্র শিৱগোঁসাই থান ভাৰতবৰ্ষৰ তীর্থক্ষেত্ৰবিলাকৰ ভিতৰত অন্যতম। এই শৈৱ পূন্যতীর্থ আৰু ইয়াৰ চাৰিওফালে অ'ত-ত'ত অনাদৃতভাৱে পৰি থকা বিভিন্ন মূর্তি, শিলত কটা চিত্ৰ আৰু আচৰিত ধৰণৰ লিপিসমূহে হিন্দুধর্ম আৰু সভ্যতা সংস্কৃতিৰ এক স্বর্ণময় ঐতিহ্যৰ নিদৰ্শন দাঙি ধৰে।

ধলপুৰ ধাম গুৱাহাটী চহৰৰ পৰা প্রায় বিশ কিল'মিটাৰ উজানত আৰু ছিপাঝাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পোন্ধৰ কিল'মিটাৰ দক্ষিণে দৰং জিলাৰ সীমান্তৱৰ্তী স্থানত অৱস্থিত। ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তর্গত এই স্থান কামৰূপ-কামাখ্যাৰ নাতিদূৰত।

পৌৰাণিক কাহিনীমতেঃ

ধলপুৰ বেদসিদ্ধ তীর্থস্থানকালিকা পুৰাণৰ কাহিনীমতে যোনীদেৱী কামাখ্যাৰ পূজকসকলৰ বাহিৰে শৈৱধর্মী কিৰাতসকলক প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰে নগৰৰ সীমা বাহিৰ কৰি কাটি মাৰি পূব সাগৰলৈ খেদি দিছিলকিৰাতক কটা ঠাইখনৰ নাম তেতিয়াৰ পৰা আজিলৈকে কিৰাতকাটা নামেৰে প্ৰসিদ্ধ হৈ আছে। ধলপুৰ পাহাৰখনৰ দক্ষিণ দাঁতিতে লাগি আছে বৰ্তমানৰ সেই ঠাইখন।

নৰকাসুৰৰ দ্বাৰা ৰাজদণ্ডীত হৈ বিতাৰিত শৈৱ ধৰ্ম্মালম্বী কিৰাত জনগোষ্ঠীৰ লোকসকলে বোধহয় এই থান স্থাপন কৰে পোনপ্ৰথমে।