ধানটো পতানটো
ধানটো-পতানটো (ইংৰাজী: Dhanto potanto) হ'ল অসমীয়া সাহিত্য জগতৰ এগৰাকী অন্যতম নাট্যকাৰ যোগেন চেতিয়াৰ এখন একাংকিকা নাটক। "সাহিত্য অকাডেমী"য়ে প্ৰকাশ কৰা, সত্যপ্ৰসাদ বৰুৱাই সংকলন আৰু সম্পাদনা কৰা, ১৯৯১ চনত প্ৰকাশিত অসমীয়া নাট্য সংকলনত এই নাটকখন প্ৰকাশিত হৈছিল। শিৱসাগৰৰ ৰংপুৰ সাহিত্য সভায়ো এই নাটকখনিৰ এটি সংকলন প্ৰকাশ কৰিছে।"[1]
বিষয়বস্তু আৰু সাৰাংশ
[সম্পাদনা কৰক]গ্ৰাম্য জীৱনৰ পটভূমিত ৰচিত 'ধানটো-পতানটো' নাটকত ক্ষমতাশালী লোকৰ সুবিধাবাদী তথা দুৰ্নীতি পাৰায়ণ মনোভাব, ভণ্ডামি, প্ৰবঞ্চনা আদি দিশবোৰক বিষয়বস্তুৰ মাজলৈ আনি নাট্যকাৰে এই নাটকখন ৰচনা কৰিছে। গাঁৱৰ ৰাজহুৱা পুখুৰী এটাৰ পাৰৰ সামান্য ঘটনা এটিক কেন্দ্ৰ কৰিয়েই নাট্য কাহিনীয়ে গতি লাভ কৰিছে।
গাৱঁৰ এগৰাকী সাধাৰণ মহিলা মাকনে গাৱঁৰ ৰাজহুৱা পুখুৰীৰ পাৰত কাপোৰ থুকুচি থাকোঁতে পঞ্চায়তৰ সভাপতিৰ পত্নী কনদাই পুখৰীৰ পানীত মেখেলা জুবুৰীয়াই ধুই থকা দেখে। গাৱঁৰ ৰাইজৰ সিদ্ধান্ত অনুসৰি তাত এনেবোৰ কাম কৰা নিষিদ্ধ। সেইবাবে মাকনে এই কাণ্ড দেখি হৈ-চৈ লগায়। মাকনৰ গিৰীয়েক, পঞ্চায়তৰ সভাপতি, দিলবৰহঁত আহি ঘটনাস্থলীত উপস্থিত হয়। গাৱঁৰ অন্য মানুহে এই কাৰ্য কৰিলে পঞ্চায়ত বহুৱাই দণ্ড ভৰোৱালেহেঁতেন কিন্তু স্বয়ং পঞ্চায়তৰ সভাপতিৰ ঘৰৰ মানুহেই এই ভুল কৰিছে, গতিকে ৰাইজে এনে কৰ্য্যত নিমাত হ'লে নহ'ব বুলি ৰাইজে চিঞৰ-বাখৰ কৰে। সভাপতিয়ে প্ৰথমে ৰাইজৰ মতত হয়-ভয় দিয়ে যদিও পত্নীয়ে পুখুৰীত জাপ দিয়াৰ পিছত কনদাক তুলি আনি ওলোতা খৰ মাৰে আৰু নানান যুক্তি দৰ্শাই কনদাক নিৰ্দোষী সজায়। কিন্তু দিলবৰে সাহসেৰে কনদাৰ আত্মহত্যা আৰু সভাপতিৰ আইন ভংগৰ অভিযোগ দিবলৈ থানালৈ যাবৰ বাবে উদ্যত হোৱাত সভাপতি আৰু কনদাই নিজৰ কথা সলনি কৰিছে। সিহঁতৰ এনে ধানটোৰ মুখতে পতানটোৰ দৰে কথাবোৰ সহিব নোৱাৰি দিলবৰৰ নেতৃত্বত গাৱঁৰ মানুহে দুয়োকে পঘাৰে বান্ধি ৰাস্তাৰ মাজেৰে টানি লৈ যায়।
গতিকে দেখা যায় যে সমাজৰ দুৰ্নীতি, ভণ্ডামি, ক্ষমতাৰ অপপ্ৰয়োগ আদি দিশবোৰক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা যোগেন চেতিয়াৰ 'ধানটো-পতানটো' নাটকত নাট্যকাৰৰ দুৰ্নীতি নিৰ্মূলকামী মানসিকতা, সমাজহিতকৰ চিন্তা তথা প্ৰতিবাদী মনোভাবৰো বৰ্হিপ্ৰকাশ ঘটিছে।
সহায়ক গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- ঠাকুৰীয়া, ৰামমল, সাহিত্য বিচাৰ, বীণা লাইব্ৰেৰী, গুৱাহাটী, অসম,প্ৰথম প্ৰকাশ, ১৯৬৪,নতুন সংস্কৰণ, ছেপ্টেম্বৰ, ২০০৯
- বৰুৱা, সত্যপ্ৰসাদ,নাটক আৰু অভিনয় প্ৰসংগ,বনলতা, পাণবজাৰ, গুৱাহাটী-১,সংশোধিত সংস্কৰণ, ২০০১
- শইকীয়া, অজিৎ (সম্পা.)ছশ বছৰৰ অসমীয়া নাটক: পৰম্পৰা আৰু পৰিৱৰ্তন,পথাৰ(সামাজিক-সাংস্কৃতিক কৰ্ষণভূমি), দুলীয়াজান, অসম,দ্বিতীয় প্ৰকাশ, ২০১৪
- শৰ্মা, সত্যেন্দ্ৰনাথ,অসমীয়া নাট্য সাহিত্য সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী-৮,প্ৰথম সংস্কৰণ, ১৯৬২,অষ্টম সংস্কৰণ, ২০০০
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ চেতিয়া, তিলোত্তমা (প্ৰকাশক), যোগেন চেতিয়াৰ নিৰ্বাচিত একাংকিকা, ঋদ্ধি প্ৰকাশন, কাৰেং পথ,জয়সাগৰ-৭৮৫৬৬৫, শিৱসাগৰ,পৰিবৰ্দ্ধিত প্ৰকাশ, ১ এপ্ৰিল, ২০০৮