ধামাইল
| বাংলাদেশৰ সংগীত | |
|---|---|
বংগৰ আধ্যাত্মিক গীত পৰিৱেশক, বাউল। | |
| প্ৰকাৰ | |
| * ধ্ৰুপদী | |
| নিৰ্দিষ্ট প্ৰকাৰ | |
| আঞ্চলিক সংগীত | * হামদ |
| নৃগোষ্ঠীয় সংগীত | * আগমনী-বিজয়া |
| পৰম্পৰাগত সংগীত | * ৰবীন্দ্ৰ সংগীত |
| গণ মাধ্যম আৰু পৰিৱেশন | |
| সংগীতৰ বঁটা | * শিল্পকলা একাডেমী বঁটা |
| সংগীতৰ উৎসৱ | * ঢাকা বিশ্ব সংগীত মহোৎসৱ |
| সংগীতৰ গণ মাধ্যম | ৰেডিঅʼ
টেলিভিছন ইণ্টাৰনেট |
| জাতীয়তাবাদী আৰু দেশপ্ৰেমমূলক গীত | |
| ৰাষ্ট্ৰীয় সংগীত | আমাৰ সোনাৰ বাংলা |
| অন্যান্য | নতুনেৰ গান (ৰাষ্ট্ৰীয় ৰণ-সংগীত) একুশেৰ গান (ভাষা আন্দোলনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি) |
| আঞ্চলিক সংগীত | |
| সম্বন্ধীয় ক্ষেত্ৰ | * বংগ |
| অন্যান্য অঞ্চল | * ভাৰত |
ধামাইল গীত আৰু ধামাইল নৃত্য হʼল বাংলাদেশৰ ময়মনসিংহ আৰু চিলেট অঞ্চল (বিশেষকৈ সুনামগঞ্জ)ত প্ৰচলিত একপ্ৰকাৰৰ কাহিনী সংবলিত মূলতঃ মহিলাসকলৰ আচাৰকেন্দ্ৰিক বঙালী লোকগীত আৰু লোকনৃত্য। ই এই অঞ্চলৰ লোকসাহিত্যৰ এক অবিচ্ছেদ্য অংশ। যিকোনো ধৰণৰ মাঙ্গলিক অনুষ্ঠান অৰ্থাৎ ব্ৰত, পূজা-পাৰ্বণ, জন্ম, বিয়া-সবাহ আদিত ময়মনসিংহ আৰু চিলেটৰ হিন্দু ধৰ্মাৱলম্বী মহিলাসকলৰ মাজত এই গীত-নৃত্যৰ অধিক প্ৰচলন দেখা যায়।[1][2] ৰাধাৰমণ দত্তৰদ্বাৰা এই গীতবোৰ সৰ্বাধিক প্ৰচাৰিত আৰু প্ৰচলিত হৈছিল বাবে তেওঁকেই ইয়াৰ স্ৰষ্টা বুলি গণ্য কৰা হয়। কিন্তু, প্ৰতাপৰঞ্জন তালুকদাৰ বিৰচিত ধামাইল গীতেও হাওৰাঞ্চলত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে। তেওঁৰ ৰচিত ধামাইল গীতবোৰ ‘প্ৰতাপ-বান্ধা’ হিচাপে পৰিচিত। ধামাইল গীতৰ উদ্ভৱ আৰু বিকাশক কেন্দ্ৰ কৰি লোকসংস্কৃতিৰ গৱেষক সুমনকুমাৰ দাশৰ সম্পাদনাত বাংলা একাডেমিৰপৰা ‘বাংলাদেশেৰ ধামাইল গান’ গ্ৰন্থটি প্ৰকাশিত হৈছে। এই গ্ৰন্থখনত প্ৰায় ১০০০ ধামাইল গীতৰ লগতে ধামাইল গীতৰ জন্ম, বিকাশ, বিস্তৃতি আৰু গীতিকাৰসকলৰ পৰিচিতি আৰু ভালেসংখ্যক আলোকচিত্ৰও আছে।[3]
নামকৰণ
[সম্পাদনা কৰক]"ধামা" শব্দৰপৰা “ধামালি” বা "ধামাইল" শব্দটোৰ উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে আৱেশ বা ভাব। মানক উচ্চাৰণ “ধামালি”-ৰ আঞ্চলিক উচ্চাৰণ “ধামাইল”য়েই বেছি প্ৰচলিত আৰু জনপ্ৰিয় (উদাহৰণস্বৰূপে, চিলেট অঞ্চলত, প্ৰামাণিক উচ্চাৰণ ”গালি” অপিনিহিতিৰ জৰিয়তে আঞ্চলিক উচ্চাৰণত “গাইল”লৈ পৰিৱৰ্তিত হৈছে)। আকৌ আঞ্চলিক বা কথিতভাৱে ইয়াৰ অৰ্থ চোতাল। ৰাধাৰমণ দত্ত এগৰাকী চিন্তাশীল স্বভাৱৰ ব্যক্তি হোৱাৰ বাবেই এই ধৰণৰ নামৰ উৎপত্তি হৈছে বুলি বিশ্বাস কৰা হয়। আকৌ বহুতে ভাবে যে, ঘৰৰ চোতালত এই গীত-নৃত্যৰ আয়োজন কৰা হয় বাবে ইয়াক "ধামাইল গীত/নৃত্য" বোলে।[4]
প্ৰচলিত অঞ্চল
[সম্পাদনা কৰক]এই গীত আৰু নৃত্যবিধ বাংলাদেশৰ চিলেট আৰু ময়মনসিংহ বিভাগৰ কিছু অঞ্চলৰ লোকগীত আৰু লোকনৃত্য হিচাপে পৰিচিত। চিলেট আৰু ময়মনসিংহৰ বাহিৰেও ইয়াৰ পাৰ্শ্বৱৰ্তী ব্ৰাহ্মণবাড়িয়া, কুমিল্লা জিলাৰ লগতে ভাৰতৰ অসমৰ কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি আৰু ত্ৰিপুৰা ৰাজ্যৰ ধৰ্মনগৰসহ কিছু অঞ্চলত ধামাইল গীত আৰু নৃত্যৰ প্ৰচলন দেখা যায়।[5]
ধামাইল দিৱস
[সম্পাদনা কৰক]২০২৩ চনৰ ২৬ মেʼ তাৰিখে ধামাইল নৃত্যৰ প্ৰৱৰ্তক ৰাধাৰমণ দত্ত পুৰকায়স্থৰ জন্মদিৱস উপলক্ষ্য্যে এই দিনটোক জাতীয় ধামাইল দিৱস হিচাপে পালনৰ দাবী জনাই চিলেটৰ হবিগঞ্জ জিলাৰ সাংস্কৃতিক সংগঠন “ধামালি চুনাৰুঘাট” সংস্কৃতি মন্ত্ৰণালয়ে এখন স্মাৰকলিপিৰে জাতীয় ধামাইল দিৱস পালন কৰিছিল। প্ৰতিবছৰে চিলেটৰ বিভিন্ন সংগঠনৰ সহযোগিতাত আৰু ব্যক্তি পৰ্যায়তো ”ৰাধাৰমন স্মৰণ দিৱস” আৰু “জাতীয় ধামাইল দিৱস” পালন কৰা হয়। এই উপলক্ষ্য্যে সংগঠনটোৰ সভাপতি, লোকসংস্কৃতি সংগ্ৰাহক অধিবক্তা মোস্তাক আহাম্মদ বাহাৰে নিৰালস্য প্ৰচেষ্টা চলাই আছে। ইয়াৰ ধাৰাবাহিকতাতেই ২০২৪ চনত অসমৰ “সম্মিলিত লোকমঞ্চ, শিলচৰ”য়ে আন্তৰ্জাতিক ধামাইল দিৱস পালন কৰিছিল।
বিশেষত্ব
[সম্পাদনা কৰক]এই গীত/নৃত্যৰ কিছুমান বিশেষত্ব আছে; যেনে:
- ই এবিধ নৃত্য সংবলিত গীত; অৰ্থাৎ, ইয়াত গীতৰ তালে তালে নচা হয়।
- ই একপ্ৰকাৰ কাহিনীমূলক পৰিৱেশনা; অৰ্থাৎ, ইয়াত একো একোটা বিষয়/কাহিনী লৈ তাৰ বিভিন্ন অংশ পৰ্যায়ক্ৰমে পৰিৱেশন কৰা হয়।
- মাঙ্গলিক আচাৰ; অৰ্থাৎ, ই কেৱল মাত্ৰ কোনো শুভ কামৰ পূৰ্বে পৰিৱেশন কৰা হয়।
- পুৰুষ বৰ্জিত আচাৰ; অৰ্থাৎ, এটি কেৱল মাত্ৰ স্ত্ৰী-সমাজতেই সীমাবদ্ধ।
ধামাইল নৃত্য পদ্ধতিতো ব্যাপক বৈচিত্ৰ্য পৰিলক্ষিত হয়। যেনে-
১. এই নৃত্যবিধ সম্পূৰ্ণ দক্ষিণাৱৰ্ত-মণ্ডলাকাৰ দলবদ্ধ নৃত্য।
২. ই পৰম্পৰাগতভাৱে এবিধ পুৰুষ বৰ্জিত নৃত্য অৰ্থাৎ কেৱল মাত্ৰ স্ত্ৰীসমাজতেই সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান সময়ত কিছুমান পুৰুষেও ধামাইল নৃত্যত অংশগ্ৰহণ কৰে। চিলেট অঞ্চলত ভালেমান পুৰুষৰ ধামাইল দল আছে।
৩. মহিলাসকলৰ নৃত্য বুলি নৃত্যবিধ লাস্য ভাবাশ্ৰয়ী। কিন্তু তাৰ ভিতৰত বীৰ ৰসৰ উদ্দীপনা বৰ্তমান বলেই বলিষ্ঠ।
৪. প্ৰতিটো নৃত্যই মন্থৰ লয়ত আৰম্ভ হৈ দ্ৰুতৰপৰা দ্ৰুততৰ লয়ত সমাপ্ত হৈ আকৌ ধীৰলয়ত ঘূৰি আহে। কোনো কোনো ক্ষেত্ৰেত, দ্ৰুত লয়তেই সমাপ্ত হয়।
৫. হাত-চাপৰিৰ সংখ্যা ১ থেকে ৮ পৰ্যন্ত হয়। অৰ্থাৎ, বঙ্গীয় তালৰ অষ্টজাতিৰ লক্ষণ ধামাইল নৃত্যত সম্পূৰ্ণৰূপে পৰিস্ফুটিত হয়। অৰ্থাৎ, নিৰ্দিষ্ট মাত্ৰাৰ ভিতৰত যিমান বেছি হাত-চাপৰি সন্নিৱেশিত কৰা যায় সিমানেই নৃত্যটোৱে বেছি উৎকৰ্ষ লাভ কৰে।
৬. মাজে মাজে হাত-চাপৰিৰ লগত চুটকি বজোৱাটো কৃতিত্বৰ লক্ষণ।
৭. বাৰটা খোজৰ নৃত্যত প্ৰতি তিনি খোজৰ মূৰে মূৰে বৃত্তাকাৰ গতিৰে সোঁ, বাওঁ, আগলৈ আৰু পিছলৈ ঘূৰি ঘূৰি ফুলি থকা ফুলৰ ৰূপ সৃষ্টি কৰাৰ কৌশল জড়িত হৈ থাকে।
৮. কৰতাল ছাড়া কোন কোন জায়গায় কৰতাল সহযোগে ধামাইল নৃত্য হয়ে থাকে।
৯. পৰস্পৰ মুখোমুখি কৰতালি দেওয়া এবং তাৰপৰ নৃত্যৰত অৱশ্থায় পৰৱৰ্তীকে ছাড়িয়ে তৃতীয় জনেৰ সঙ্গে কৰতালি দিয়ে ক্ৰমান্বয়ে নৃত্য পৰিৱেশন হয়ে থাকে।
১০. পদচালন, অঙ্গচালন, কৰতালি, ক্ৰিয়াকৌশল ছাড়াও নৃত্য চলাকালীন দেহে হিল্লোল তোলা বা দেহকে উপৰ দিকে তৰঙ্গায়িত কৰা ধামাইল নৃত্যেৰ প্ৰধান বৈশিষ্ট্য।
১১. মাথায় বৰণ ডালা নিয়ে ধামাইল নৃত্য কৰাৰ ৰীতি আছে। বৰণ ডালায় নানা মাঙ্গলিক দ্ৰব্যাদি সজ্জিত কৰে জ্বলন্ত একাধিক প্ৰদীপ স্থাপন কৰে দ্ৰুত তালে সমস্ত যথাযথ অৱশ্থায় ৰেখে নৃত্য কৰাও এক বিশেষ দক্ষতাৰ পৰিচায়ক।
১২. কলসি (শূন্য বা জলভৰ্তি) কাঁখে বা মাথায় নিয়ে নৃত্য কৰা, শূন্য কলসি হলে হাত বদল কৰা, আবাৰ তাতে হাত দিয়ে ধ্বনি উৎপন্ন কৰাৰ কৌশলও জল-ধামাইলে দেখা যায়।
১৩. সমবেত ও দলবদ্ধভাবে আঙিনায় বিছানো ধানেৰ তুষ, বালি সামান্য কৰ্দমাক্ত মাটিৰ উপৰে পদবিক্ষেপ ও তৎসহযোগে নকশা তৈৰি কৰাৰ কৃতিত্ব ধামাইল নৃত্যে দেখা যায়।
১৪. মাথাৰ উপৰ থালাতে জ্বলন্ত প্ৰদীপ বা মোমবাতি ৰেখে নৃত্যাবস্থায় মাটি থেকে দেহ তুলে পাশে ৰাখা থালাৰ উপৰ দু'দিকে দু'পা ৰেখে নৃত্য, চক্ৰভ্ৰমৰী ইত্যাদি ধামাইলে দেখা যায়।
১৫. ৰথযাত্ৰা বা নৌকা টানা উৎসৱে এক ধৰণেৰ ধামাইল দেখা যায় যা মণ্ডলাকৃতি দক্ষিণাবৰ্ত নয়। এগুলি পথ চলা বা অগ্ৰসৰ হওয়াৰ জন্য। সেক্ষেত্ৰে কৰতালি সহ অঙ্গসঞ্চালন হয়ে থাকে।
১৬. কৰ্মবিষয়ক ধামাইল সম্পূৰ্ণ মুক্ত ছন্দযুক্ত। এইক্ষেত্ৰত মহিলাসকলে নানাধৰণৰ শাৰীৰিক কলাকৌশল, উঠা-বহা, হাতধৰা আৰু কঁকালত ধৰি নাচে। কেতিয়াবা হাত-চাপৰি আৰু কেতিয়াবা খুঁটিতাল আৰু ঢোলৰ দৰে বাদ্যযন্ত্ৰও বজোৱা হয়।
১৭. ধামাইল নৃত্যবোৰ গীতকেন্দ্ৰিক। গীতৰ কথাৰ স্থায়ী পৰিৱৰ্তনৰ সৈতে প্ৰতি নতুন অন্তৰাত নৃত্য পৰিৱৰ্তন হয়। নৃত্যৰতা মহিলাসকলেই গান গায়। এজনে নেতৃত্ব দিয়ে। আন শিল্পীসকলে তেওঁক অনুসৰণ কৰি চাল-চলন, হাত-চাপৰি ইত্যাদি প্ৰয়োগ কৰে।
জনপ্ৰিয় ধামাইল গীত
[সম্পাদনা কৰক]ৰাধাৰমণ দত্তৰদ্বাৰা ৰচিত কেইটামান ধামাইল গীত:
জলেৰ ঘাটে দেইখা আইলাম কি সুন্দৰ শ্যামৰাই
শ্যামৰাই ভ্ৰমৰায় ঘুইৰা ঘুইৰা মধু খায়।
নিত্যি নিত্যি ফুল বাগানে ভ্ৰমৰ আইসা মধু খায়
আয় গো ললিতা সখী আবাৰ দেখি পুনৰায়।
মুখে হাসি হাতে বাঁশি বাজায় বাঁশি শ্যামৰাই
চান বদনে প্ৰেমেৰ ৰেখা আয় গো ফিৰি দেখে আয়।
ভাইবে ৰাধাৰমণ বলে, পাইলাম না ৰে হায়ৰে হায়
পাইতাম যদি প্ৰাণবন্ধুৰে ৰাখতাম হৃদয় পিঞ্জিৰায়।
বাইজ্জো না ৰে শ্যামেৰ বাঁশি জয়ৰাধে বলিয়া
ওৰে শ্যাম চান্দেৰ বাঁশি কই বিনয় কৰিয়া।
নিদ্ৰা সুখে শুইয়া থাকি নিশি যায় ফুৰাইয়া
শুইলে স্বপনে দেখি নিকটে বন্ধুয়া।
নিকটে বন্ধুয়াৰে বাঁশি নিকটে বন্ধুয়া
শুইলে স্বপনে দেখি নিকটে বন্ধুয়া।
পুৰুষও ভ্ৰমৰা জাতি কঠিন তাৰও হিয়া
নাৰী তো সৰল জাতি উঠে ৰইয়া ৰইয়া।
উঠে ৰইয়া ৰইয়া বাঁশি উঠে ৰইয়া ৰইয়া
নাৰী তো সৰল জাতি উঠে ৰইয়া ৰইয়া।
ভাইবে ৰাধা ৰমন বলে মনেতে ভাবিয়া
গোপনে কৰিছিলাম পিৰিত দিলা প্ৰকাশিয়া।
প্ৰাণ সখীৰে ওই শোন কদম্বতলে বাঁশি বাজায় কে।
বাঁশি বাজায় কে ৰে সখী, বাঁশি বাজায় কে॥
এগো নাম ধৰিয়া বাজায় বাঁশি, তাৰে আনিয়া দে।
অষ্ট আঙ্গুল বাঁশেৰ বাঁশি, মধ্যে মধ্যে ছেদা
নাম ধৰিয়া বাজায় বাঁশি, কলঙ্কিনী ৰাধা॥
কোন বা ঝাড়েৰ বাঁশেৰ বাঁশি, ঝাড়েৰ লাগাল পাই।
ঝাড়ে পড়ে উগৰাইয়া, সায়ৰে ভাসাই॥
ভাইবে ৰাধাৰমণ বলে, শুন গো ধনি ৰাই।
জলে গেলে হবে দেখা, ঠাকুৰ কানাই॥
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ খান, মোবাৰক হোসেন (১৯৮৫)। বাংলাদেশেৰ লোকসংগীত। শামসুজ্জামান খান (সম্পা.) ‘বাংলাদেশেৰ লোক ঐতিহ্য’। ঢাকা।
- ↑ আহমেদ, ওয়াকিল. "ধামাইল". বাংলাপিডিয়া. https://bn.banglapedia.org/index.php?title=%E0%A6%A7%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%87%E0%A6%B2_%E0%A6%97%E0%A6%BE%E0%A6%A8। আহৰণ কৰা হৈছে: 12 January 2025.
- ↑ আহমদ, ওয়াকিল (১৯৭৪)। বাংলাৰ লোক সংস্কৃতি। ঢাকা।
- ↑ দাশ, সুমনকুমাৰ (২০১১)। বাংলাদেশেৰ ধামাইল গান। ঢাকা: বাংলা একাডেমী। ভূমিকাংশ
- ↑ ভট্টাচাৰ্য, আশুতোষ (২০০৪)। বাংলাৰ লোকসাহিত্য। প্ৰথম খণ্ড, ৫ম সংস্কৰণ। কলকাতা।