ঢিঁডো
নেপাল ৰ এখন থাকালী ৰেষ্টুৰেণ্টত ঢিঁডো থালি | |
| প্ৰকাৰ | খাদ্য ব্যঞ্জণ |
|---|---|
| অঞ্চল | নেপাল |
| মুখ্য উপাদান | পানী, বগা আটা, বুটমাহ, শাক-পাচলি |
ঢিঁডো (নেপালী: ढिँडो) নেপালত প্ৰস্তুত কৰা এবিধ খাদ্য। উতলা পানীত লৰাই থাকি লাহে লাহে আটা দি প্ৰস্তুত কৰা হয়। নেপালৰ বিভিন্ন প্ৰান্তত বিশেষকৈ নেপালৰ পাহাৰীয়া অঞ্চল আৰু ভাৰতৰ চিকিম আৰু দাৰ্জিলিং অঞ্চলত এয়া এক প্ৰধান আহাৰ। [1] যদিও এয়া নেপালৰ এটা প্ৰধান খাদ্য কিন্তু ঢিঁডোক পূৰ্বতে ভাতৰ তুলনাত হীন খাদ্য হিচাপে দেখা গৈছিল আৰু ইয়াক নিম্ন মৰ্যাদাৰ খাদ্য বুলি বিবেচনা কৰা হৈছিল। [2] নগৰীয়া ৰেষ্টুৰেণ্টৰ মেনুত ধিঁনডোৰ অন্তৰ্ভুক্তি খাদ্যৰ তালিকাৰ সৈতে মিলি গৈছে আৰু সম্ভৱতঃ বৰ্তমানে পুষ্টিকৰ গুণাগুণলৈ চাই নেপালৰ থলুৱা শস্যৰ প্ৰতি ধাৰণা পৰিৱৰ্তন হৈছে যিবোৰ এতিয়া স্বীকৃতিপ্ৰাপ্ত খাদ্য তালিকাৰ ভিতৰত পৰিছে। [3]
প্ৰস্তুতি আৰু পৰিৱেশন
[সম্পাদনা কৰক]ঢিঁডো প্ৰস্তুত কৰিবলৈ পানী আৰু আটা প্ৰায় তিনি আৰু এক অনুপাতত মিহলাই লোৱা হয়। ৰন্ধা সময়ত ঢিঁডোত ঘিউ, হালধি, নিমখ বা চেনি দিব পাৰি বা ঘিউ পৃথকেও পৰিৱেশন কৰিব পাৰি।[4][5] আটাখিনি লাহে লাহে উতলি থকা পানীত দি মিশ্ৰণটো ঘন হোৱালৈকে ভালদৰে লৰাই থাকিব লাগে। ঢিঁডো বনোৱা প্ৰক্ৰিয়াটোক মছকাউনে (মসকাউনে) বোলা হয়।
পৰম্পৰাগতভাৱে আটা গুড়ি বা বজ্ৰাৰপৰা ঢিঁডো তৈয়াৰ কৰা হয় যদিও ঘেঁহুৰ আটাও সাধাৰণতে দেখা যায়। নীতিগতভাৱে যিকোনো আটা ব্যৱহাৰ কৰি ঢিঁডো বনাব পাৰি, কিয়নো ই মূলতঃ গৰম পানী আৰু পিহি লোৱা শস্যৰ সাধাৰণ মিশ্ৰণ। নতুবা কটা মাটন, বা কোমল কৰা ঝুৰপিৰ সৰু সৰু টুকুৰা বা গুড়িও ধিণ্ডোত দিব পাৰি।
ঢিঁডো বনোৱাৰ বাবে পছন্দৰ বাচন হ’ল ফালামে টাপকে (লোহাৰ কেৰাহী)। দাবিলো (দাবিলো) নামৰ সংকীৰ্ণ লোহাৰ স্পেটুলা এটাত ঢিঁডো ডাঠ হোৱাৰ লগে লগে লৰচৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
ঢিঁডোক আঙুলিৰে সৰু বল এটা কৰি তৰল পদাৰ্থত (মচুৰ দাইলৰ চূপ, মাংসৰ চূপ, গাখীৰ বা গুণ্ডৰুক) ডুবাই চোবাই নোখোৱাকৈ গিলি খায়।[6] ইয়াক প্ৰায়ে আচাৰ, দালি, গুণ্ড্ৰুক, আৰু বিভিন্ন মাংস আৰু শাক-পাচলিৰ তৰকাৰীৰ সৈতে পৰিৱেশন কৰা হয়।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "What is Dhido". weallnepali.com. Weallnepali. http://www.weallnepali.com/recipe/special-items/how-to-make-dhido-dhidom। আহৰণ কৰা হৈছে: 30 January 2014.
- ↑ Uprety, Aruna. "Dhido economy". Nepali Times. http://archive.nepalitimes.com/news.php?id=14780#.Xn2z4NMzaT9। আহৰণ কৰা হৈছে: 27 March 2020.
- ↑ Khanal, Kalpana (30 March 2017). "Dhindo, a Traditional Buckwheat Porridge, Gains Popularity at Kathmandu Restaurants". Global Press JournalGlobal Press Journal. https://globalpressjournal.com/asia/nepal/dhindo-traditional-buckwheat-porridge-gains-popularity-kathmandu-restaurants/। আহৰণ কৰা হৈছে: 27 March 2020.
- ↑ "How to make Dhido". weallnepali.com. Weallnepali. http://www.weallnepali.com/recipe/special-items/how-to-make-dhido-dhidom। আহৰণ কৰা হৈছে: 30 January 2014.
- ↑ "Dhido". Nepali Australian. 20 April 2017. https://nepaliaustralian.com/2017/04/21/dhido/। আহৰণ কৰা হৈছে: 27 March 2020.
- ↑ https://nepaliaustralian.com/2017/04/21/dhido/