ধিষণা
ধিষণা (সংস্কৃত: धिषणा) হিন্দু ধৰ্মত সমৃদ্ধিৰ দেৱী বুলি গণ্য কৰা হয়। চাৰিবেদৰ অন্যতম ঋগবেদৰ মণ্ডল সম্পৰ্কীয় প্ৰায়বোৰ গীতত ধিষণাৰ উল্লেখ পোৱা যায়। তেওঁক অগ্নি, সূৰ্য্য, চন্দ্ৰ আৰু তৰাৰ দেৱী হিচাপেও উল্লেখ কৰা হৈছে।[1]
অন্যান্য হিন্দু ধৰ্ম গ্ৰন্থ অনুসৰি ধিষণা নামে অন্য বিভিন্ন বস্তু যেনে সোমৰসৰ পাত্ৰ, জ্ঞান, বুদ্ধি আৰু বাক্যকো বুজায়।[2] ঋগবেদত ধিষণাক প্ৰাচুৰ্যতাৰ দেৱী আৰু পবিত্ৰ অগ্নিৰ ৰক্ষক বুলি উল্লেখ কৰা হৈছে।
ভাৰতবিদ সকলৰ ভিতৰত অতি কমসংখ্যকেহে তেওঁলোকৰ অধ্যয়ন আৰু আলোচনাত ধিষণাৰ বিষয়ে উল্লেখ কৰিছিল৷ জাৰ্মান ইতিহাসবিদ আলফ্ৰেড হিলেব্ৰাণ্ড (Alfred Hillebrandt) আৰু ৰিচাৰ্ড পিচেলৰ (Richard Pischel) লেখাত ধিষণাৰ উল্লেখ পোৱা যায়।
অন্য এক টোকাত ধিষণাক স্বৰ্গ আৰু পৃথিৱী দুয়োখন জগত বুলি উল্লেখ কৰা হৈছে। আনহাতে এ হিলেব্ৰাণ্ডে ধিষণাক মূলতঃ পৃথিৱী আৰু পৃথিৱী, বায়ুমণ্ডল আৰু স্বৰ্গৰ সৈতে ঘনিষ্ঠভাৱে জড়িত তিনিটা গোট হিচাপে নামকৰণ কৰিছে। অন্য কিছুমান হিন্দু গ্ৰন্থত ধিষণাক সোমৰস থোৱা পাত্ৰ হিচাপে বৰ্ণনা কৰিছে।
ৰিচাৰ্ড পিচেলে ধিষণাক অদিতি আৰু পৃথিৱীৰ সৈতে সাদৃশ্য থকা ধনৰ দেৱী বুলি বৰ্ণনা কৰিছে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Carroll, Barbara (2015-12-15) (en ভাষাত). Gods, Goddesses, and Saints: A Solitary Practice of Chanting and Meditation. Outskirts Press. ISBN 9781478747000. https://books.google.com/books?id=2BszCwAAQBAJ&q=Gods%2C+Goddesses%2C+and+Saints%3A+A+Solitary+Practice+of+Chanting+and+Meditation&pg=PA306.
- ↑ "Dhīşaņā - Hindupedia, the Hindu Encyclopedia" (en ভাষাত). www.hindupedia.com. http://www.hindupedia.com/en/Dh%C4%AB%C5%9Fa%C5%86%C4%81। আহৰণ কৰা হৈছে: 2017-11-28.
- ↑ Macdonell, Arthur Anthony; Keith, Arthur Berriedale (1912). Vedic index of names and subjects. Robarts - University of Toronto. London, Murray. https://archive.org/details/vedicindexofname02macduoft.
