সমললৈ যাওক

ধীৰেন্দ্ৰ নাথ পাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধীৰেন্দ্ৰ নাথ পাল
জন্ম ১৯৪৫[1]
পাবনা (বাংলাদেশ)
জীৱন-সংগী শেফালি পাল
দেশ ভাৰতীয়
কৰ্মৰাজী টেৰাকোটা
বঁটা অসম গৌৰৱ বঁটা ২০২৫

ধীৰেন্দ্ৰ নাথ পাল (ইংৰাজী: Dhirendra Nath Paul) অসম ৰাজ্যধুবুৰী জিলাআশাৰীকন্দি গাঁৱৰ এগৰাকী টেৰাকোটা (মৃৎশিল্প) শিল্পী। তেখেতৰ কৰ্মৰাজিৰ বাবে ২০২৫ চনত অসম চৰকাৰে "অসম গৌৰৱ বঁটা" প্ৰদান কৰে।[2] [3][4][5]

প্ৰাৰম্ভিক জীৱন আৰু জন্ম

[সম্পাদনা কৰক]

১৯৪৫ চনত পূৰ্ব বংগ (বৰ্ত্তমান বাংলাদেশ)ৰ পাবনা জিলাত কুঞ্জলাল আৰু সৰলা বালাৰ ঘৰত তেখেতৰ জন্ম হয়।[1] তেখেতৰ যেতিয়া মাত্ৰ ২ মাহ বয়স হৈছিল তেতিয়া পিতৃ-মাতৃৰ সৈতে অসমলৈ আহিছিল। প্ৰথমাবস্থাত তেখেতৰ পৰিয়ালে নগাঁৱ জিলাত থিতাপি ললেও শেষত গৈ ধুবুৰীৰ আশাৰীকন্দিত নিগাজিকৈ থাকিবলৈ লয়।[2] পালদেৱে মাত্ৰ ১০ বছৰ বয়সতে টেৰাকোটা শিল্পৰ জগত খনত খোজ পেলাইছিল। তেখেতৰ প্ৰায় ৯ বছৰ সুপ্ৰচেষ্টাৰ কৰ্মৰাজিৰ বাবে ১৯ বছৰ বয়ষতেই টেৰাকোটা শিল্পী ৰূপে সুখ্যাতি লাভ কৰিছিল।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ধীৰেন্দ্ৰ নাথ পাল ১৯৭৫ চনত জিলা উদ্যোগ কেন্দ্ৰ আৰু নিখিল ভাৰত হস্তশিল্প আয়োগৰ সহযোগত পোন প্ৰথমে বণিজ্য মেলাত যোগদান কৰে। তাৰ পিছত ১৯৭৮ চনত মদ্ৰাছৰ (বৰ্ত্তমান চেন্নাই) ললিত কলা একাডেমীত হস্ত শিল্প (Demonstration Programme) ত যোগদান কৰে। ১৯৮২ চনত দিল্লীৰ প্ৰগতি ময়দানত আন্তৰ্জাতিক বণিজ্য মেলাত ধীৰেন্দ্ৰ নাথ পাল আৰু মাতৃ সৰলা বালাই যোগদান কৰে। এই বণিজ্য মেলাত টেৰাকোটা শিল্পী সৰলা বালা দেৱীক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰে। ১৯৮৮ চনত ধীৰেন্দ্ৰ পালে ছাৰ্ক (SAARC) সন্মিলনত যোগদান কৰি মানপত্ৰ অৰ্জন কৰে। ১৯৮৪ চনত শিল্প প্ৰদৰ্শন কৰাৰ বাবে আমেৰিকানিউয়ৰ্ক চহৰলৈ আমন্ত্ৰিত হৈছিল যদিও বিশেষ অসুবিধাত যাব নোৱাৰিছিল। ১৯৮৭ চনত ইউৰোপ ভ্ৰমণৰ উপৰিও ছুইডেন, ডেনমাৰ্ক, জাৰ্মান ভ্ৰমণ কৰিছিল।[1]

তেখেতৰ কৰ্মৰাজিৰ চিত্ৰ

[সম্পাদনা কৰক]
হাতিমা পুতলা
হাতিমা পুতলা 
অটল বিহাৰী বাজপেয়ী
অটল বিহাৰী বাজপেয়ী 
গণেশ
গণেশ 
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
 
 
 
 
প্ৰতিমা বৰুৱা পাণ্ডে
বিহু নাচ প্ৰদৰ্শন
 
গণেশ

তথ্যসমূহ

[সম্পাদনা কৰক]
  1. 1 2 3 ধুবুৰীৰ ঐতিহ্য আৰু সংস্কৃতি. প্ৰকাশক পাণ বজাৰ, গুৱাহাটী: অসম কলেজ শিক্ষক সংস্থা. ২০১৮. পৃষ্ঠা. ১৬৯. ISBN 9788193662144. Archived from the original on 2025-09-29. https://web.archive.org/web/20250929222807/https://pbcollege.co.in/upload/criteria/1721652743.pdf আহৰণ কৰা হৈছে: 2025-07-31.
  2. 1 2 3 "ধুবুৰীৰ টেৰাকোটা শিল্পী ধীৰেন্দ্ৰ নাথ পাললৈ অসম গৌৰৱ বঁটা প্ৰদান". নিয়মীয়া বাৰ্তা. নিয়মীয়া বাৰ্তা. ১০ মাৰ্চ ২০২৫. https://niyomiyabarta.com/assam/terracotta-artist-dhirendra-nath-pal-of-dhubri-has-been-awarded-the-assam-gaurav-award/ আহৰণ কৰা হৈছে: 31 July 2025.
  3. দৈনন্দিন বাৰ্তা (৩ এপ্ৰিল ২০২৫). "State Civilian Awards: আজি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান". dainandinbarta. https://www.dainandinbartagroup.in/state-civilian-awards/ আহৰণ কৰা হৈছে: 31 July 2025.
  4. "অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা, কোনে-কোনে লাভ কৰিব বঁটা সমূহ?". Kangkan Deka. নিৱজ ১৮ অসম. 9 March 2025. https://assam.news18.com/news/assam/assam-vaibhav-saurav-gaurav-awards-announced-by-chief-minister-kd-449062.html আহৰণ কৰা হৈছে: 31 July 2025.
  5. "Dhubri’s Terracotta maestro Dhirendra Nath Pal to be conferred Assam Gaurav Award". Mehtab Uddin Ahmed. India Today NE. Mar 09, 2025. https://www.indiatodayne.in/assam/story/dhubris-terracotta-maestro-dhirendra-nath-pal-to-be-conferred-assam-gaurav-award-1181624-2025-03-09 আহৰণ কৰা হৈছে: 31 July 2025.