ধীৰেশ্বৰ কলিতা
অৱয়ব
ধীৰেশ্বৰ কলিতা (ইংৰাজী: Dhireswar Kalita; ২২ এপ্ৰিল ১৯২২ – ১৪ জানুৱাৰী ১৯৯৭) এজন ভাৰতীয় ৰাজনীতিক আছিল আৰু লোকসভাৰ সাংসদ আছিল। তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ এজন নেতা আছিল। [1] ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈকে তেওঁ গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। [2]
কলিতাই ইয়াৰ পূৰ্বে ১৯৪৩ চনলৈকে ছাত্ৰ হৈ থাকোঁতে কংগ্ৰেছৰ সৈতে জড়িত আছিল। তেওঁ গুৱাহাটী লোকেল ব’ৰ্ডৰ সদস্য আছিল আৰু ছবছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য আছিল। ছাত্ৰ ফেডাৰেচনৰ স্বেচ্ছাসেৱক হিচাপে তেওঁ ১৯৪১ চনত পাণ্ডুৰ বাৰ্মাৰ শৰণাৰ্থী শিবিৰত আৰু গুৱাহাটীত সেৱা আগবঢ়াইছিল। বংগ দুৰ্ভিক্ষৰ সময়ত তেওঁ ১৯৪৩ চনৰ পৰা ১৯৪৪ চনলৈকে গুৱাহাটীত এটা নিৰাশ্ৰয় গৃহ পৰিচালনা কৰিছিল।
১৯৭৭ চনৰ ১৪ জানুৱাৰীত গুৱাহাটীত ৭৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। [3]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Members : Lok Sabha". Loksabha.nic.in. https://loksabha.nic.in/members/partyardetail.aspx?party_code=33&lsno=4। আহৰণ কৰা হৈছে: 2 March 2022.
- ↑ "Members Bioprofile". Loksabhaph.nic.in. http://loksabhaph.nic.in/writereaddata/biodata_1_12/1804.htm। আহৰণ কৰা হৈছে: 2 March 2022.
- ↑ Com. Dhireswar Kalita passes away. Trade Union Record. 1997. পৃষ্ঠা. 15. https://books.google.com/books?id=p2ztAAAAMAAJ&q=%22Dhireswar+Kalita%22+%22assam%22+%22passed%22। আহৰণ কৰা হৈছে: 23 July 2022.