ধূসৰতাৰ কাব্য
| ধূসৰতাৰ কাব্য | |
|---|---|
| লেখক | ড॰ দেৱব্ৰত দাস |
| দেশ | অসম, ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | উপন্যাস |
| প্ৰকাশক | বনলতা প্ৰকাশন |
| প্ৰকাশ | ডিচেম্বৰ, ২০০৫ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
| পৃষ্ঠা সংখ্যা | ১৫৭ |
| আই.এচ.বি.এন. | 81-7339-4563 |
ধূসৰতাৰ কাব্য (ইংৰাজী: Dhusaratar Kabya) এখন অসমীয়া উপন্যাস। উপন্যাসখনৰ লেখক দেৱব্ৰত দাস। উপন্যাসখন ২০০৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ হয়। উত্তৰ আধুনিকতাবাদ ধাৰণাটোক কেন্দ্ৰ কৰি উপন্যাসখন ৰচিত। কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে উপন্যাসখন গৰীয়সীৰ পাতত ২০০৪ চনৰ পৰা ২০০৫ চনলৈকে ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল।
লেখকৰ পৰিচয়
[সম্পাদনা কৰক]দেৱব্ৰত দাস ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক।[1] ১৯৯১ চনত তেখেতৰ প্ৰথমখন গল্প সংকলন “অৰ্পিতাৰ এৰাতি”প্ৰকাশ পায়। তেখেতে সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢোৱা বিভিন্ন অৱদানৰ বাবে “টেগৰ লিটাৰেচাৰ এৱাৰ্ড” আৰু “সাহিত্যজ্যোতি বটাঁ” লাভ কৰে। দেৱব্ৰত দাসৰ মতে “এটা বা উপন্যাস এখন লেখক নামধাৰী এক সামাজিক-ৰাজনৈতিক শক্তিৰ নিৰ্মিতিহে। তাত লেখকৰ নিজা বুলি বক্তব্য থাকিলেও সেয়া তেওঁৰ সামাজিক অৱস্থানৰ পৰা উৎসাৰিত”।[2] দেবব্ৰত দাসৰ প্ৰকাশিত গল্প-সংকলনকেইখন হ'ল: অৰ্পিতাৰ এৰাতি' (১৯৮১), হয়তোবা ভেশছন (১৯৮৭), অৰ্পিতাৰ অন্য এবাতি (১৯৯২), বিষয় মূলতঃ প্ৰেম (১৯৯৫) আৰু নিৰ্মালীৰ সপোন (২০০২)। আনহাতে তেওঁৰ প্ৰকাশিত উপন্যাসকেইখন হ'ল: গধূলিৰপৰা গধূলিলৈ (১৯৮৩), মৃগয়া নিঠুৰ মৃগয়া (১৯৯৩), গান গোলাপ আৰু কাঁইটৰ কথা (১৯৯৩), মধ্যান্তৰ (১৯৯৩), দুৱাৰডলিৰ সময় (১৯৯৩), দূৰলৈ নেযাবা কাবেৰী (১৯৯৩), পুতলানাচৰ সাধু (১৯৯৪), সপোনৰ দৰে দিঠকৰ দৰে (১৯৯৫), বৰষাৰ প্ৰথম সুবাস (১৯৯৬) আৰু ধূসৰতাৰ কাব্য (২০০৫)। চাৰিটা খণ্ডত প্ৰকাশিত তেওঁৰ হিয়াৰ পখিলাবোৰ নামৰ সংকলনটো হ'ল। তেওঁ বাতৰিকাকতত লিখা এমুঠি জনপ্ৰিয় স্তস্তলেখাৰ নিৰ্বাচিত সংকলন।
কাহিনীভাগ
[সম্পাদনা কৰক]উপন্যাসখন নায়ক শেখৰ আৰু তাৰ বন্ধু সুমন্তই ডবা খেলি থকাৰ পৰা আৰম্ভ হয়। ডবা খেলাৰ পৰা উঠি শেখৰে কেইপদমান বস্তু দোকানৰ পৰা কিনি ঘৰলৈ গৈ দেখে যে তাৰ পত্নী মন্দিৰা ঘৰ এৰি গুচি গৈছে। মন্দিৰাই ডায়েৰীৰ শেষ পৃষ্ঠাত লিখি থৈ যায় যে- “মই মোক বিচাৰি আহিছো। মোক নিবিচৰাই ভাল। ”পত্নী ঘৰ এৰি যোৱাৰ সত্যটো উদঘাটন কৰাৰ পাছত শেখৰে কি কৰিব ভাবি উলিয়াব নোৱাৰি তাৰ বন্ধু চেম উকিল, সুমন্ত আদিৰ সৈতে মদ খাই আড্ডা দিছে। বন্ধুৰ ওচৰৰ পৰা আহি সি পত্নী কিয় তাক এৰি, ঘৰ এৰি গুচি গৈছে সেয়া ভাবিছে আৰু মন্দিৰা নোহোৱা ঘৰখন কিদৰে আগৱঢাই নিব সেয়া ভাবি দুচিন্তাত পৰিছে। যদিও পত্নী গুচি যোৱাত অলপ সময়ৰ বাবে শেখৰ চিন্তাত পৰিছে তথাপি পিছমুহূৰ্ততে সি জেৰিনাৰ সংগ লাভ কৰাৰ কথা ভাবিছে। জেৰিনাৰ কথা মনলৈ অহাৰ লগে লগে সি ভাবিছে জেৰিনা মানেই কেৱল সুখ।
শেখৰ স্তম্ভিত হৈছে তেওঁৰ মৰমৰ পত্নীৰ এনে কাণ্ডত। দুয়োৰে মাজত কোনো টুকটাক কেতিয়াও লগা নাছিল। অথচ হঠাৎ তেওঁ শেখৰক এৰি আঁতৰি গ'ল! শেখৰে যেনেকৈ শেষলৈকেও এই কথাৰ সম্ভেদ নাপালে, পাঠকৰ মতো ইয়াৰ কাৰণ স্পষ্ট নহ'ল। সকলো আবৃত হৈ থাকিল ধূসৰতাৰ মাজত। শেখৰে আৰম্ভ কৰি দিলে নিৰুদ্দিষ্ট পত্নীৰ অনুসন্ধান- শ্বিলঙত, গোৱালপাৰাত, কামৰূপৰ ভূটান পাহাৰৰ নামনিত। অনুসন্ধান কৰিলে তেওঁ, বন্ধু-বান্ধবে, আনকি পুলিচেও। অকল মন্দিৰাক বিচাৰি উলিওৱাই শেখৰৰ উদ্দেশ্য নহয়। শেখৰে জানিব খোজে, বিবাহিত জীৱন আধাতে সামৰি কি কাৰণে মন্দিৰা নিৰুদ্দেশ হ'ল। সুদীৰ্ঘ অনুসন্ধানৰ পিছত শেখৰে মদিবাকে বিচাৰি পালে। কিন্তু শেখৰে বুজি নাপালে, জানিব নোৱাৰিলে— কিয় মন্দিৰাই শেখৰক এৰি আঁতৰি গৈছিল।
সমালোচনা
[সম্পাদনা কৰক]উপন্যাসখনত আদি, মধ্য, অন্তযুক্ত এটা সুগঠিত কাহিনী নাই। নায়ক শেখৰৰ পত্নী মন্দিৰাই হঠাতে কোনো কাৰণ দাঙি নধৰাকৈ ঘৰ ত্যাগ কৰাৰ কাহিনী আৰু বিভিন্ন খণ্ডিত কাহিনীৰে ৰচিত এই উপন্যাসখনত উত্তৰ আধুনিকতাবাদ ধাৰণাটো প্ৰতিফলিত হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ২৫২. ISBN 81-89148-14-1.
- ↑ সম্পা- দাস শোণিত বিজয়, বায়ন মুনীন (২০০৬). কথা বৰেণ্য. প্ৰকাশক গুৱাহাটী: কথা প্ৰকাশন. পৃষ্ঠা. ৩৫২.