ধেমেলীয়া সম্পৰ্ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নৃতত্ত্বত ধেমেলীয়া সম্পৰ্ক (ইংৰাজী: Joking Relationship) হ’ল দুজন মানুহৰ মাজত গঢ় লৈ উঠা এক সম্পৰ্ক য’ত জোকাবলৈ বা ঠাট্টা কৰাৰ উদ্দেশ্য ধেমেলীয়া আচাৰ-ব্যৱহাৰ জড়িত হৈ থাকে। এই সম্পৰ্কত দুজন আত্মীয়ই অতি আন্তৰিক সম্পৰ্ক বজাই ৰাখি ইজনে সিজনক ধেমালি কৰে। উদাহৰণস্বৰূপে, ভাৰতীয় পৰম্পৰাগত সমাজত দেৱৰ-বৌ, ভিনী-খুলশালীৰ মাজত এনে এক আন্তৰিক সম্পৰ্ক বজাই ৰখা হয়। এই ধৰণৰ সম্পৰ্কৰ ধেমালিবোৰ যৌনতাৰ ওপৰত আপত্তিজনক উল্লেখৰ আদান-প্ৰদানৰ সমান হ’ব পাৰে।

গাঁথনি[সম্পাদনা কৰক]

১৯৪০ চনত ব্ৰিটিছ সামাজিক নৃতত্ত্ববিদ আলফ্ৰেড ৰেডক্লিফ-ব্ৰাউনে বিশ্লেষণ কৰিছিল[1] যে- এই ধৰণৰ সম্পৰ্কত এক প্ৰকাৰৰ আচাৰ-ব্যৱহাৰৰ জড়িত হৈ থাকে, যিটো নেকি সংঘটিত হয়। উদাহৰণস্বৰূপে দক্ষিণ আফ্ৰিকাৰ কিছুমান থলুৱা সমাজত এজন পুৰুষ আৰু তেওঁৰ শাহুৰ মাজত এই ধৰণৰ সম্পৰ্ক সৃষ্টি কৰি ধেমালি কৰা হয়। আলফ্ৰেডৰ বিশ্লেষণত দুটা মূল ভিন্নতা বৰ্ণনা কৰা হৈছে: এটা অসমতাপূৰ্ণ সম্পৰ্ক য'ত এটা পক্ষই আনটো পক্ষৰ দ্বাৰা পোৱা উপহাসত কোনো ধৰণৰ আপত্তি নকৰে, আৰু এটা প্ৰতিসম সম্পৰ্ক য'ত প্ৰতিটো পক্ষই আনটোৰ প্ৰতি এই ধৰণে ধেমালি অব্যাহত ৰাখে।

ধেমেলীয়া সম্পৰ্কটো হৈছে এনে এক পাৰস্পৰিক ক্ৰিয়া যিয়ে সামাজিক সম্পৰ্কৰ মধ্যস্থতা কৰে আৰু সুস্থিৰ কৰে য'ত শহুৰেকৰ মাজত আৰু বংশ আৰু জনগোষ্ঠীৰ মাজত উত্তেজনা, প্ৰতিযোগিতা বা সম্ভাৱ্য সংঘাত থাকে।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Radcliffe-Brown, A. R. (July 1940). "On Joking Relationships". Journal of the International African Institute খণ্ড 13 (3): 195–210. doi:10.2307/1156093. 
  2. Radcliffe-Brown, Alfred (1952). Structure and Function in Primitive Society. প্ৰকাশক London: Cohen & West: New York Free Press of Glencoe. পৃষ্ঠা. 95. ISBN 0710019866. https://archive.org/details/structurefunctio0000unse_l3f6/page/95. 

লগতে পঢ়ক[সম্পাদনা কৰক]