সমললৈ যাওক

ধোন চোলেচা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুন্থখু মৈঞ্চা আৰু ধোন চোলেচা

ধোন চোলেচা (নেপালী: धोन चोलेचा) এজনী কণমানি ছোৱালী আৰু এগৰাকী বৃদ্ধ নেনী ছাগলীৰ নেপালী সাধুকথা। কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সমাজৰ এয়া আটাইতকৈ পৰিচিত শিশু কাহিনী। এই সাধুটোত পুন্থখু মৈঞ্চা (पुन्थखु मैंचा) নামৰ এগৰাকী কণমানি ছোৱালী আৰু তাইৰ নিষ্ঠুৰ মাহী মাকে তাইক কৰা বেয়া ব্যৱহাৰৰ বিষয়ে কোৱা হৈছে।[1][2] নেপাল ভাষাত ধোন চোলেচাৰ অৰ্থ "বুঢ়ী নানী ছাগলী"।

পুন্থখু মৈঞ্চা

[সম্পাদনা কৰক]

পুন্থখু মৈঞ্চা নামৰ কণমানি ছোৱালীজনীৰ মাক খুব সৰুতে ঢুকাইছিল। তাইৰ দেউতাকে পুনৰ বিয়া পাতে আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ হয়। তাৰ পিছত পুন্থখু মৈঞ্চাৰ জীৱন কঠিন হৈ পৰিল। তাইৰ মাহী-মাক এগৰাকী নিষ্ঠুৰ মহিলা আছিল, তাইক ঘৰৰ সকলো কাম কৰিবলৈ বাধ্য কৰাইছিল আৰু তাইক খাবলৈ খুব কমকৈ দিছিল। পুন্থখু মৈঞ্চাই তেওঁলোকৰ বুঢ়ী নানী ছাগলী ধোন চোলেচাক চৰাবলৈ লৈ যাবলগীয়া হৈছিল।

ধোন চোলেচা

[সম্পাদনা কৰক]

কঠোৰ পৰিশ্ৰম আৰু কমকৈ খাবলৈ দিয়াৰ পিছতো পুন্থখু মৈঞ্চাক সদায় সুস্থ আৰু ভালকৈ খাবলৈ পোৱা যেন লাগিছিল। গতিকে ধোন চোলেচাক চৰাবলৈ লৈ যোৱাৰ সময়ত মাহী মাকে তাইৰ জীয়েকক বায়েকৰ চোৰাংচোৱাগিৰি কৰিবলৈ ক’লে। নানী ছাগলীজনীয়ে জানিছিল যে পুন্থখু মৈঞ্চাই কিমান কঠিন জীৱন কটাইছে, আৰু সেয়েহে তাইক বহুত ভাল পাইছিল। দুয়ো চৰণীয়া ঠাই পালে ছাগলীটোৱে পুন্থখু মৈঞ্চাৰ বাবে সুস্বাদু আহাৰ বমি কৰি উলিয়াইছিল, যাৰ বাবে তাইক সদায় সুস্থ দেখা গৈছিল।

সতীয়া ভনীয়েকে দেখা পোৱা সকলো কথা মাকক জনালে। ঈৰ্ষাপৰায়নী মহিলাগৰাকীয়ে ধোন চোলেচাক হত্যা কৰাৰ পৰিকল্পনা কৰিলে যাতে পুন্থখু মৈঞ্চাই আৰু খাদ্য নাপায়। তাইৰ মৰমৰ ধোন চোলেচাক পাৰিবাৰিক ভোজত বধ কৰিব বুলি গম পাই পুন্থখু মৈঞ্চা দুখী হৈ পৰিল। বুঢ়ী নানী ছাগলীজনীয়ে তাইক সান্ত্বনা দিবলৈ চেষ্টা কৰিলে, আৰু তাইৰ হাড়বোৰ সিহঁতৰ বাৰীত পুতিবলৈ পৰামৰ্শ দিলে। তেতিয়া সেই ঠাইতে এজোপা ডিমৰু গছ গজিব, আৰু তাই ফলবোৰ খাব পাৰিব।

পুন্থখু মৈঞ্চাই অসুস্থ হোৱাৰ অভিনয় কৰি ভোজলৈ যোৱা নাছিল। পিছত তাই হাড়বোৰ গোটাই বাৰীত পুতি থৈছিল। ধোন চোলেচাই কোৱাৰ দৰে তাত এজোপা ডিমৰু গছ গজিল। এদিন তাই ডালত বহি গছৰ ফল খাই থাকোঁতে বুঢ়া দম্পতীৰ বেশত দুজন লাখেই (দানৱ) আহি তাইক কেইটামান ফল বিচাৰিলে। তাই ফল কেইটামান তললৈ পেলাই দিলে, কিন্তু দানৱবোৰে তাইক আৰু কেইটামান ফল ছিঙি তললৈ নামি আহিবলৈ ক’লে।

পুন্থখু মৈঞ্চা গছৰ পৰা নামি আহিলত সিহঁতে তাইক ধৰি নিজৰ ঘৰলৈ লৈ গ’ল। অসুৰবোৰে গা ধুবলৈ যোৱাৰ সময়ত পুন্থখু মৈঞ্চাক ৰাতিৰ খাবলৌ ফ্লেট ব্ৰেড (ৰুটি) প্ৰস্তুত কৰিবলৈ ক’লে।

নিগনিটো

[সম্পাদনা কৰক]

তাই ৰুটি ৰান্ধি থাকোঁতে গাঁতৰ পৰা এটা নিগনি লৰালৰিকৈ ওলাই আহি ক'লে, "মোক ফ্লেটব্ৰেড এটা দিলে মই এটা কথা ক’ম।" গতিকে পুন্থখু মৈঞ্চাই নিগনিটোক এটা ৰুটি দিলে। নিগনিটোৱে ৰুটিটো লৈ গুছি গ’ল আৰু অলপ সময়ৰ পিছত পুনৰ আবিৰ্ভাৱ হৈ একেখিনি কথাই ক’লে। তাই তাক আৰু এটা ৰুটি দিলে। নিগনিটো তৃতীয়বাৰৰ বাবে আহিল, তাই আৰু এটা দিলে।

তেতিয়া নিগনিটোৱে ক'লে, "এই মানুহবোৰ প্ৰকৃততে লাখেই, আৰু সিহঁতে আজু তোমাক খাব পেলাব। যিমান পাৰা সোণ, ৰূপ, ৰত্ন আৰু অন্যান্য ধন-সম্পত্তি গোটাই লোৱা, আৰু পলাই যোৱা। যোৱাৰ আগতে খটখটিৰ প্ৰতিটো খোজতে থু পেলাবা, আৰু লগতে প্ৰতিটো খোজতে এঙাৰৰ টুকুৰা থৈ যাবা।"

দানৱবোৰে উভতি আহি দুৱাৰত টুকৰ মাৰিলে, কিন্তু প্ৰতিবাৰেই থু আৰু কয়লাৰ টুকুৰাবোৰে "হয়" আৰু "ঠিক আছে" বুলি উত্তৰ দিলে। অৱশেষত দানৱবোৰে জোৰকৈ সোমাই গ’ল, আৰু দেখিলে যে ছোৱালীজনী পলাই গৈছে। পুন্থখু মৈঞ্চা ধন-সম্পত্তি লৈ ঘৰ পালেগৈ, আৰু বিস্মিত পৰিয়ালটোক সকলো ঘটনা বিৱৰি ক’লে। লোভী মাহী-মাকে অধিক ধন-সম্পত্তি পাবলৈ নিজৰ ছোৱালীজনীকো তালৈ পঠিয়াবলৈ সিদ্ধান্ত ল’লে।

অধৈৰ্য্য ছোৱালীজনী

[সম্পাদনা কৰক]

এইবাৰ মাহী-মাকৰ ছোৱালীজনীয়ে গছজোপাত বহি ফল খাবলৈ ধৰিলে আৰু আশা কৰা মতে অসুৰবোৰ আহিল। ছোৱালীজনীক ঘৰলৈ লৈ গৈ সিহঁতে গা ধুবলৈ যোৱাৰ সময়ত ৰুটি প্ৰস্তুত কৰিবলৈ ক’লে। যেতিয়া নিগনিটোৱে বাৰে বাৰে ৰুটি বিচাৰি আহিছিল, তেতিয়া তাই বিৰক্ত হৈ ৰঙা গৰম হেতাখন নিগনিটোৰ গাত লগাই দিলে, ফলত নিগনিটো দৌৰি গৈ নিজৰ গাঁতত সোমাই থাকিল। যিহেতু নিগনিটোৱে তাইক একো কোৱা নাছিল, গতিকে কি হ’ব তাইৰ কোনো ধাৰণা কৰিব নোৱাৰিলে। দানৱবোৰ উভতি আহিল৷ তিনিওজনে চেপেটা ৰুটি খাই বিচনাত শুই পৰিল, ছোৱালীজনী দানৱদুটাৰ মাজতে শুলে।

তাই যেতিয়া টোপনি আহিল মতা দানৱটোৱে নিজৰ দাৰে তাইৰ গাৰ পৰা এটুকুৰা মাংস কাটি পেলালে। তাই বিষত কান্দিবলৈ ধৰিলে৷ তেতিয়া মাইকীজনীয়ে ক'লে, "ককাই তোমাক চিকুটিলে নেকি?" আৰু তাইক মৰম কৰি দিলে। অলপ পিছত তাইও মাংসৰ এটুকুৰা কাটি পেলালে। মতা দানৱে তেতিয়া ক'লে, "আইতাই তোমাক চিকুটিলে নেকি? আহা, মোৰ কাষত শুই থাকা।" এইদৰেই গোটেই ৰাতিটো দুয়োটা দানৱে তাইৰ মাংস কাটি কাটি কেৱল হাড়বোৰহে বাকী এৰিলে।

পিছদিনা সোণ-ৰূপ লৈ ছোৱালীজনী ঘূৰি অহালৈ আশাৰে অপেক্ষা কৰি কৰি মাকে চুলি আঁচুৰি আছিল। ছাদত বহি কাউৰী এটাই চিঞৰি থাকিল, "ছোৱালীজনী কংকাল হোৱাৰ বিপৰীতে মাকে নিজকে ধুনীয়া কৰি আছে।" কাউৰীয়ে কি ক’বলৈ চেষ্টা কৰিছে বুলি ভাবি তাই ছাদলৈ উঠি দূৰলৈ চালে। তাই দেখিলে তাইৰ জীয়েকৰ হাড়বোৰ দানৱৰ ঘৰত শুকুৱাবলৈ বাহিৰত ৰখা হৈছে। তাৰ পিছত তাই বুকু ঢকিয়াই কান্দিবলৈ ধৰিলে।[3][4]

প্ৰকাশন

[সম্পাদনা কৰক]

১৯৬৬ চনত প্ৰকাশিত নেপাল ভাষাৰ লোককথাৰ সংকলনত ধোন চোলেচাৰ কাহিনী সন্নিবিষ্ট কৰা হৈছিল।[5] কিতাপখনৰ ইংৰাজী, ফৰাচী আৰু জাপানী ভাষাৰ অনুবাদো প্ৰকাশ পাইছে।[6][7][8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The Story of Dhon Cholecha". Dabu. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304063542/http://www.reocities.com/rajumaha/dabu/vol1no5/story.htm। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Vaidya, Karuna Kar (1961). "The Story of Dhon Cholecha". Folk tales of Nepal: First series. Himalayan Pioneer Pubs. https://books.google.com/books?id=5aLYAAAAMAAJ. 
  3. "The Story of Dhon Cholecha". Dabu. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304063542/http://www.reocities.com/rajumaha/dabu/vol1no5/story.htm। আহৰণ কৰা হৈছে: 16 July 2012. 
  4. Kansakar, Prem Bahadur (1966). Nyakan Bakhan. Kathmandu: Himanchal Pustak Bhavan. Page 1.
  5. Kansakar, Prem Bahadur (1966). Nyakan Bakhan. Kathmandu: Himanchal Pustak Bhavan. Page 1.
  6. Sakya, Karna and Griffith, Linda (1980). Tales of Kathmandu: Folktales from the Himalayan kingdom of Nepal. House of Kathmandu.
  7. Lall, Kesar (1998). Contes et légendes de la vallée de Kathmandou, Nepal. Kathmandu: Mandala Book Point.
  8. Otsuka, Yuzo (1992). Punkhu Maincha, the Story of Dhon Cholecha. প্ৰকাশক Tokyo: Fukuinkan Shoten Publishers. ISBN 978-4-8340-1082-4. Archived from the original on 20 May 2014. https://web.archive.org/web/20140520162608/http://www.fukuinkan.com/alltitles_p_detail.php?id=9876। আহৰণ কৰা হৈছে: 16 July 2012.