সমললৈ যাওক

ধ্ৰুৱজ্যোতি ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধ্ৰুৱজ্যোতি ঘোষ

ধ্ৰুবজ্যোতি ঘোষ (সোঁফালে)ৰ লগত আন দুজন
জন্ম 1947 (1947)
মৃত্যু ১৬ ফেব্ৰুৱাৰী, ২০১৮ (৭১ বছৰ)
পেচা অভিযন্তা, পৰিৱেশবিদ

ধ্ৰুৱজ্যোতি ঘোষ (ইংৰাজী: Dhrubajyoti Ghosh; ১৯৪৭ – ১৬ ফেব্ৰুৱাৰী ২০১৮) ৰাষ্ট্ৰসংঘৰ গ্ল’বেল ৫০০ বঁটা বিজয়ী, কৃষি পৰিৱেশ তন্ত্ৰৰ বিশেষ উপদেষ্টা, পৰিৱেশ তন্ত্ৰ ব্যৱস্থাপনা আয়োগৰ অংশ, আৰু আই ইউ চি এনৰ দক্ষিণ এছিয়াৰ আঞ্চলিক অধ্যক্ষ আছিল।[1][2][3][4] পূব কলকাতা জলাশয়ৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা, ইয়াৰ নামকৰণ, আৰু বিশ্বৰ একমাত্ৰ সম্পূৰ্ণ কাৰ্যক্ষম জৈৱিক নলা-নৰ্দমা ব্যৱস্থাপনা ব্যৱস্থা সৃষ্টি কৰাৰ বাবে তেওঁক আটাইতকৈ বেছি কৃতিত্ব দিয়া হয়।[3][5][6]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ভাৰতৰ পশ্চিম বংগৰ কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ইক’লজীত পি এইচ ডি ডিগ্ৰী লাভ কৰা তেওঁ হ'ল বিশ্ববিদ্যালয়খনৰ প্ৰথমজন অভিযন্তা। তাৰ পাছত তেওঁ পশ্চিম বংগ চৰকাৰৰ অনাময় অভিযন্তা হৈছিল, যিয়ে কলকাতা জলাশয়ৰ সমস্যাবোৰ তেওঁৰ ওচৰলৈ কঢি়য়াই আনি‍ছিল।[1][3]

প্ৰকৃতিভিত্তিক সমাধানৰ পোষকতা কৰি পূব কলকাতা জলাশয়ত ঘোষৰ কামে দেখুৱাইছিল যে ইয়াক বিনামূলীয়াকৈ নলাৰ কাম, উৰ্বৰ জলজ বাগিছা আৰু মীনপালন, আৰু পৰিৱেশৰ ন্যূনতম ক্ষতিৰে বান প্ৰতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।[3]

ৰামছাৰত উল্লেখ থকা স্থান ব্যৱহাৰ কৰি তেওঁ ৰামছাৰ সন্ধিৰ অধীনত জলাশয়ৰ সুৰক্ষা নিশ্চিত কৰিছিল। এই ভূমি অতি সোনকালেই বিশ্বৰ একমাত্ৰ সম্পূৰ্ণ কাৰ্যক্ষম জৈৱিক নলা-নৰ্দমা ব্যৱস্থাপনা ব্যৱস্থা হৈ পৰিল, ৭৫ কোটি লিটাৰ/দিন শোধন কৰা, সৌৰ ইউভি‍ বিকিৰণ ব্যৱহাৰ কৰি জলাশয়লৈ যোৱা খালসমূহ বিশুদ্ধ কৰা হ'ল।[3][5] জলাশয়সমূহ এতিয়া ডেভেলপাৰৰ ভাবুকিৰ সন্মুখীন হৈছে, যিটো ঘোষে জীৱনকালত অহৰহ প্ৰতিহত কৰিছিল।[3] এই প্ৰকল্পটোৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেওঁৰ মূল অভিযোগ হ’ল যে গুণগত নিয়ন্ত্ৰণ ৰাখিবলৈ ব্যৱস্থাটোৰ কোনো বৃহৎ পৰিসৰৰ ব্যৱস্থাপনা বা পৌৰসভাৰ মালিকীস্বত্ব নাই, আৰু বৰ্তমান সেইটো সলনি কৰাৰ কোনো পৰিকল্পনা কৰা হোৱা নাই।[4][5]

তেওঁ পশ্চিম বংগ চৰকাৰৰ পৰিৱেশ বিভাগৰ মুৰব্বী হোৱাৰ লগতে‍ ইণ্ডিয়া ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰৰ ব’ৰ্ড অৱ ট্ৰাষ্টীৰ সদস্য, ভাৰত চৰকাৰৰ অন্তৰ্গত ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ফেলো, ৰামছাৰ সন্মিলনৰ পৰিচালনা সমিতিৰ সদস্য আৰু ৰাষ্ট্ৰীয় জলাশয় সমিতিৰ সদস্য আছিল।[3]

২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত কলকাতাত তেওঁৰ মৃত্যু হয়।[3]

সমস্যা সম্পৰ্কে ঘোষৰ অভিমত

[সম্পাদনা কৰক]

ধ্ৰুৱজ্যোতি ঘোষে ২০১৭ চনত কৈছিল যে কলকাতা যদি আন এখন চেন্নাই হ’ব নালাগে‍ তেন্তে জলাশয় ৰক্ষাৰ আন্দোলন আগবঢ়াই নিবই লাগিব (অপৰিকল্পিত আন্তঃগাঁথনি উন্নয়নৰ ফলত জলাশয় হেৰুৱাৰ বাবে চেন্নাই বানপানীত বুৰ গৈছিল)।[7] ড০ ঘোষৰ জীৱন আৰু কামে দেখুৱাইছিল যে আমি কল্পনা কৰাতকৈ সমাধান সস্তা আৰু গোটেই জীৱন তেওঁ প্ৰকৃতিৰ শক্তিক প্ৰকৃতিভিত্তিক সমাধানৰ জৰিয়তে সমৰ্থন কৰিছিল। সাধাৰণ মানুহৰ মাজত থকা সমাধান হ'ল তেওঁলোকক জীৱিকাৰ সুবিধা প্ৰদান কৰা সমাধান আৰু সমাজ আৰু দেশলৈ পৰিৱৰ্তন আনিব পৰা সমাধান।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Dhrubajyoti Ghosh (1947-2018): He found wealth in waste". The Indian Express. 20 February 2018. https://indianexpress.com/article/opinion/columns/dhrubajyoti-ghosh-death-1947-2018-he-found-wealth-in-waste-5070411/। আহৰণ কৰা হৈছে: 26 November 2019. 
  2. Ghosh, Dhrubajyoti. "Dhrubajyoti Ghosh". LinkedIn. https://www.linkedin.com/in/dhrubajyoti-ghosh-5533a114/?originalSubdomain=in. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 "Obituary: Dr Dhrubjyoti Ghosh, pioneer of wetland conservation in Eastern India". iucn.org. 5 April 2018. https://www.iucn.org/news/commission-ecosystem-management/201804/obituary-dr-dhrubjyoti-ghosh-pioneer-wetland-conservation-eastern-india. 
  4. 4.0 4.1 Majumdar, Arkamoy Dutta (February 2018). "Dhrubajyoti Ghosh, wetlands warrior of Kolkata, is dead". Mint. https://www.livemint.com/Politics/RwzyqfFGfH7z3v6VupDhtK/Dhrubajyoti-Ghosh-wetlands-warrior-of-Kolkata-is-dead.html। আহৰণ কৰা হৈছে: 26 November 2019. 
  5. 5.0 5.1 5.2 "Dhrubajyoti Ghosh - Civil Society Magazine". civilsocietyonline.com. https://www.civilsocietyonline.com/mega-hall-of-fame/dhrubajyoti-ghosh/। আহৰণ কৰা হৈছে: 26 November 2019. 
  6. "Dhrubajyoti Ghosh to receive Luc Hoffmann Award for work on wise use of wetlands in Kolkata". Ramsar News. 17 August 2016. https://www.ramsar.org/news/dhrubajyoti-ghosh-to-receive-luc-hoffmann-award-for-work-on-wise-use-of-wetlands-in-kolkata. 
  7. 7.0 7.1 "Obituary: Dr Dhrubjyoti Ghosh, pioneer of wetland conservation in Eastern India". https://iucn.org/news/commission-ecosystem-management/201804/obituary-dr-dhrubjyoti-ghosh-pioneer-wetland-conservation-eastern-india। আহৰণ কৰা হৈছে: 19 November 2025.