ধৰম বীৰ
ধৰম বীৰ | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | মনমোহন দেশাই |
ৰচনা | কাদেৰ খান (dialogues)[1] |
প্ৰযোজক | সুভাষ দেশাই |
অভিনয়ত | ধৰ্মেন্দ্ৰ জীতেন্দ্ৰ জীনত আমন নীতু সিং প্ৰাণ জীৱন ৰঞ্জিত |
সংগীত পৰিচালক | লক্ষ্মীকান্ত-প্যাৰেলাল |
মুক্তি |
৬ ছেপ্টেম্বৰ ১৯৭৭ |
দৈৰ্ঘ্য |
১৬৩ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
সৰ্বমুঠ আয় | est. ₹130.4 million (India/UK) 32 million tickets (USSR) |
ধৰম বীৰ (ইংৰাজী: Dharam-Veer ) ১৯৭৭ চনৰ, মনমোহন দেশাই পৰিচালিত হিন্দী ভাষাৰ এখন পিৰিয়দ একচন-ড্ৰামা ছবি। আৰ.কে. ষ্টুডিঅ’ৰ বেনাৰত মেহবুব ষ্টুডিঅ’ৰ অধীনত সুভাষ দেশায়ে ছবিখন প্ৰযোজনা কৰিছিল। অভিনয় কৰিছিল ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, জীনত আমন, নীতু সিং আৰু প্ৰাণে।
সংগীত ৰচনা লক্ষ্মীকান্ত–প্যাৰেলালৰ। ধৰ্মেন্দ্ৰৰ কনিষ্ঠ পুত্ৰ ববী দেউলে পিতৃৰ চৰিত্ৰৰ শৈশৱৰ সংস্কৰণটোত কম সময়ৰ বাবে ভূমুকি মাৰিছিল।
ছবিখনত এখন পৌৰাণিক ৰাজ্যৰ ধৰম আৰু বীৰ নামৰ এহাল যমজ ভাতৃৰ কাহিনী কোৱা হৈছে। ধৰম আৰু বীৰৰ ভূমিকাত ক্ৰমে ধৰ্মেন্দ্ৰ আৰু জীতেন্দ্ৰই অভিনয় কৰা কৰিছে। জন্মৰ সময়তে তেওঁলোকৰ বিচ্ছেদ ঘটোৱা হয়। শৈশৱত দুয়োজন ভাল বন্ধু হৈ পৰে, অথচ তেওঁলোক যে আপোন ভাই সেই কথা নাজানিছিল। পিছলৈ খলনায়কৰ বিভিন্ন ষড়যন্ত্ৰৰ বাবে ইজনে সিজনৰ বিৰুদ্ধে থিয় দিয়ে আৰু শেষত পুনৰ মিলন ঘটে। এই ছবিখন ১৯৭৭ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয়।[2][3][4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Kader Khan interview you must read". Rediff. https://www.rediff.com/movies/special/the-kader-khan-interview-you-must-read/20190101.htm.
- ↑ "BoxOfficeIndia.Com-The complete Hindi film box office site". 2006-04-22. Archived from the original on 2006-04-22. https://web.archive.org/web/20060422055222/http://boxofficeindia.com/70-79.htm। আহৰণ কৰা হৈছে: 2023-11-07.
- ↑ "Box Office 1977". Box Office India. Archived from the original on 2009-03-23. https://web.archive.org/web/20090323192239/http://boxofficeindia.com/showProd.php?itemCat=183&catName=MTk3Nw==। আহৰণ কৰা হৈছে: 2 March 2023.
- ↑ "United Kingdom Evolution - £100k To £4 Million Of Pathaan". Box Office India. https://www.boxofficeindia.com/report-details.php?articleid=7602.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Dharam Veer সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।