ধৰ্মদাস
ধৰ্মদাস আছিল এজন ভাৰতীয় সাধু, ভোজপুৰী ভাষাৰ কবি আৰু কবীৰৰ অন্যতম শিষ্য।[1][2][3] কোৱা হয় যে কবীৰৰ শিষ্য হোৱাৰ পিছত তেওঁ নিজৰ সকলো ধন-সম্পত্তি ত্যাগ কৰিছিল।[4]ধৰ্মদাসৰ অনুগামীসকলক ধৰ্মদাসী বুলি জনা যায়।[5]
জীৱন
[সম্পাদনা কৰক]ধৰ্মদাসৰ জন্ম মধ্যপ্ৰদেশৰ জবলপুৰৰ ওচৰৰ এটা ধনী বৈশ্য পৰিয়ালত হৈছিল।[6] ধৰ্মদাসে জীৱনত দুজন গুৰু ধাৰণ কৰিছিল। প্ৰথম গুৰু ৰূপদাস আৰু দ্বিতীয় গুৰু কবীৰ।[7] ধৰমদাসৰ পত্নীৰ নাম আছিল আমিনি দেৱী। তেওঁৰ দুজন পুত্ৰ আছিল, প্ৰথম পুত্ৰ কবীৰৰ জ্ঞানৰ বিৰোধিতা কৰা নাৰায়ণ দাস আৰু দ্বিতীয় পুত্ৰ চুড়ামণি (মুক্তামণি)।
আধ্যাত্মিক যাত্ৰা
[সম্পাদনা কৰক]সৰুৰে পৰাই তেওঁ অতি ধাৰ্মিক আছিল। আগতে তেওঁ সৎসংগ, পূজা, তীৰ্থযাত্ৰা আদিত উপস্থিত থাকি ভাল পাইছিল। আগতে তেওঁ মূৰ্তি পূজা কৰিছিল। এদিন তেওঁ কবীৰক লগ পাইছিল।[8] দুয়োজনে আধ্যাত্মিক জ্ঞানৰ বিষয়ে আলোচনা কৰিলে। প্ৰথম সাক্ষাৎত কবীৰে দিয়া আধ্যাত্মিক জ্ঞান তেওঁ মানি লোৱা নাছিল। কিন্তু কবীৰৰ পৰা আধ্যাত্মিক জ্ঞান বুজি পোৱাৰ পিছত তেওঁ মূৰ্তি পূজা এৰিলে।[9] ধৰ্মদাসক দীক্ষা দিয়াৰ পিছত কবীৰ চাহেবে তেওঁক সৎলোক (অমৰ স্থান)লৈ লৈ গ’ল। সৎলোকৰ পৰা অহাৰ পিছত কবীৰ সাগৰ, কবীৰ বিজক, আৰু কবীৰ সাখী লিখিছিল যিবোৰ কবীৰৰ বৰ্ণিত।
ভাষণ
[সম্পাদনা কৰক]আজ মোহে দৰ্শন দিয়ো জী কবীৰ ||tek|| সত্যলোক সে চল কৰ আয়ে, কাটন জাম কি জঞ্জীৰ ||1||[10] থাৰে দৰ্শন সে ম্হাৰে পাপ কটত হৈ, নিৰ্মল হোৱৈ জী শৰীৰ ||2|| অমৃত ভোজন ম্হাৰে সতগুৰু জীমায়েন, শব্দ দুধ কী খীৰ ||৩|| হিন্দু কে তুম দেৱ কহায়ে, মুছলমান কে পীৰ ||৪|| দোনো দীন কা ঝগদা ছীড় গয়া, তোহে না পায়ে শৰীৰ || ৫|| ধৰ্মদাস কি অৰ্জ গোসাঁই, বেড়া লগাইও পাৰলে তীৰ ||৬||
মিছনেৰী কাম
[সম্পাদনা কৰক]কবীৰৰ শিষ্য সুৰত গোপালে,( প্ৰথম কবীৰপন্থী মিছনেৰী), কবীৰ চৌৰা(মঞ্চ) প্ৰতিষ্ঠা কৰাৰ অলপ সময়ৰ পিছত, ধৰ্মদাসে আধুনিক ছত্তীশগড়ত অৱস্থিত ধাম খেৰা (দামাখেড়া) মঠ (মাই বুলিও জনা যায় ইযাৰ অৰ্থ মাতৃ) প্ৰতিষ্ঠা কৰে।[11] ই মধ্য ভাৰতত মিছনেৰী কাৰ্যকলাপ চলাইছিল আৰু ইয়াৰ শাখাসমূহ ৰায়পুৰ, বিলাছপুৰ, ছিল্দাৱাড়াত অৱস্থিত আছিল।[11]
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]ধৰ্মদাসী উপপৰম্পৰাৰ মুখ্য কাৰ্যালয় ৰায়পুৰৰ ওচৰৰ দামখেৰা গাঁৱত ধৰ্মদাসৰ আশ্ৰমত অৱস্থিত।[5] এই গোটটোৱে ৰাধাস্বামীসকলৰ সৈতে সাদৃশ্য বহন কৰে।[5] শেহতীয়াকৈ এই গোটৰ এজন আধ্যাত্মিক গুৰু আছিল গ্ৰীন্ধমুনি নাম।[5]
কবীৰ পন্থ কবীৰৰ শিক্ষাৰ ওপৰত আধাৰিত এটা পন্থা। কবীৰ পন্থাৰ এটা মূল সিদ্ধান্ত হ’ল ১২টা পন্থৰ উত্থান হ’ব। এই ১২ পন্থা কবীৰ চাহাবৰ নামত কাল (কালব্ৰহ্ম)ৰ দ্বাৰা পৰিচালিত হব, কিন্তু প্ৰকৃত জ্ঞানৰ পৰা আঁতৰত থাকিব। ১২ পন্থাৰ পিছত প্ৰকৃত জ্ঞান প্ৰকাশ পাব।
১২টা পন্থৰ বিৱৰণ:
চুৰামণি নাম চাহেব পন্থ:
দামাখেড়া পন্থ।
জাগু দাসপন্থ।
সুৰত গোপাল পন্থ।
মূল নিৰঞ্জন পন্থ।
টক্সৰী পন্থ।
ভগৱান দাস পন্থ।
সত্যনামী পন্থ।
কমাল পন্থ।
ৰাম কবীৰ পন্থ।
পৰম ধাম বাণী পন্থ।
জীৱা পন্থ।
গৰীব দাস পন্থ।
কবীৰ সাগৰৰ কবীৰ বাণী নামৰ অধ্যায়ৰ ১৩৫-১৩৭ পৃষ্ঠাত বাৰটা পন্থাৰ বিৱৰণ দি যি বাণী লিখা আছে সেইটো মিশ্ৰিত আৰু অসম্পূৰ্ণ:-
সম্ৱত সত্ৰাসৈ পচহত্তৰ হোঈ, তাদিন প্ৰেম প্ৰকটে জগ সোঈ।
সাখী হমাৰী লে জীৱ সমঝাৱৈ, অসংখ্য জন্ম ঠৌৰ নহী পাৱৈ। বাৰৱে পন্থ প্ৰগট হ্ণৈ বাণী, শব্দ হমাৰে কী নিৰ্ণয় ঠানী। অস্থিৰ ঘৰ কা মৰম ন পাৱৈ, য়ে বাৰা পন্থ হমহী কো ধ্যাৱৈ।
বাৰৱে পন্থ হম হী চলি আৱৈ, সব পন্থ মেটি এক হী পন্থ চলাৱৈ।
গৰীবদাস মহাৰাজৰ উপৰ্যুক্ত যি বাৰটা পন্থা চলিব, এই পন্থাবোৰে মোৰ সাখী লৈ জীৱক বুজাব। কিন্তু বাস্তৱিক মন্ত্ৰৰ লগত অপৰিচিত হোৱা বাবে সাধক অসংখ্য জন্মলৈকে সৎলোকলৈ যাব নোৱাৰে। উপৰ্যুক্ত বাৰটা পন্থাই মোৰেই প্ৰমাণ দি ভক্তি কৰিব। কিন্তু স্থায়ী স্থান (সৎলোক) প্ৰাপ্ত কৰিব নোৱাৰিব। দ্বাদশ পন্থাত (গৰীবদাস পন্থাত) কাল নিৰঞ্জনে কৈছে যে দ্বাদশ পন্থাত ময়েই আগবাঢ়ি আহিম, এই সকলো পন্থাক নষ্ট কৰি এটা পন্থা কৰিম। সন্ত ৰামপাল মহাৰাজেই ত্ৰয়োদশ পন্থাৰ প্ৰৱৰ্তক যিয়ে সকলো অন্ধকাৰ দূৰ কৰি আছে। ত্ৰয়োদশ পন্থাইহে বাস্তৱিক মন্ত্ৰৰ দীক্ষা প্ৰদান কৰি আছে। এইকাৰণে সন্ত ৰামপাল মহাৰাজেই বাস্তৱিক তত্ত্বদৰ্শী সন্ত যাৰ লগত বাস্তৱিক সাৰ শব্দ আছে, আৰু সন্ত ৰামপাল মহাৰাজেই বাস্তৱিক কবীৰ পন্থী গুৰু।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Upadhyaya, Krishnadev (1960). Bhojpuri Lok Sahitya Ka Adhyayan. পৃষ্ঠা. 51.
- ↑ Essays in Indian Folklore: Papers Presented to the Centenary Festival of Rai Bahadur S. C. Roy. Indian Publications. 1973. পৃষ্ঠা. 36.
- ↑ Singh, Suresh Kumar (2005). People of India: Uttar Pradesh (3 pts.). Anthropological Survey of India. পৃষ্ঠা. 23. ISBN 9788185579092.
- ↑ Indian Literature. Prabhat Prakashan. 1988. পৃষ্ঠা. 611.
- ↑ 5.0 5.1 5.2 5.3 Juergensmeyer, Mark (1991). Radhasoami Reality: The Logic of a Modern Faith (illustrated, reprint সম্পাদনা). Princeton University Press. পৃষ্ঠা. 28. ISBN 9780691010922.
- ↑ Bauman, Chad M. (2008). Christian Identity and Dalit Religion in Hindu India, 1868-1947. Wm. B. Eerdmans Publishing. পৃষ্ঠা. 49. ISBN 9780802862761.
- ↑ Ranjan, Purnendu (2007). "Historical Evidence for the Study of Kabirpanth". Proceedings of the Indian History Congress খণ্ড 68: 1041–1047. ISSN 2249-1937. https://www.jstor.org/stable/44147909.
- ↑ Maheshwari, S. D. (1980) (en ভাষাত). Sants, Sadhs, Mahatmas, and Devotees of the Past: Their Short Biographical Sketches. Radhasoami Satsang. https://books.google.com/books?id=l-onAAAAYAAJ&q=dharamdas+Kabir+Ji.
- ↑ "धर्मदास जी का जीवन-चरित्र : हिंदी पीडीऍफ़ पुस्तक - धार्मिक | Dharmdas Ji Ka Jivan Charitra : Hindi PDF Book - Religious (Dharmik)" (en-US ভাষাত). 44Books. 2019-05-28. https://www.44books.com/dharmdas-ji-ka-jivan-charitra.html। আহৰণ কৰা হৈছে: 2021-05-29.
- ↑ "Supreme God Kabir Sahib: The Father of All Souls - Jagat Guru Rampal Ji". www.jagatgururampalji.org. https://www.jagatgururampalji.org/en/kabir/। আহৰণ কৰা হৈছে: 2021-05-29.
- ↑ 11.0 11.1 Singh, Harbans (2011). The Encyclopedia of Sikhism. 2: E-L (3rd সম্পাদনা). Punjabi University, Patiala. পৃষ্ঠা. 405–406.