সমললৈ যাওক

ন'ম চম্‌স্কি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ন'ম চম্‌স্কি
A photograph of Noam Chomsky
২০১৭ চনত ন'ম চম্‌স্কি
জন্ম আভৰাম ন'ম চম্‌স্কি
৭ ডিচেম্বৰ, ১৯২৮ (৯৬ বছৰ)
ফিলাডেলফিয়া, পেনচিলভেনিয়া, আমেৰিকা
দাম্পত্যসঙ্গী
  • কেৰল শ্বাটজ (বি. ১৯৪৯; মৃ. ২০০৮)
  • ভেলেৰিয়া ৱাছাৰমেন (বি. ২০১৪)
সন্তান ৩, আভিভাসহ
শৈক্ষিক পটভূমি
শিক্ষা পেনচিলভেনিয়া বিশ্ববিদ্যালয় (বিএ, এমএ, পিএইচ.ডি‍)
Transformational Analysis (1955)
ডক্টৰেল পৰামৰ্শদাতা জেলিগ হেৰিছ
প্ৰভাৱিত হৈছে
শৈক্ষিক কৰ্ম
শাখা ভাষাবিজ্ঞান, বিশ্লেষণাত্মক দৰ্শন, জ্ঞান বিজ্ঞান, ৰাজনৈতিক সমালোচনা
বিদ‍্যালয় বা পৰম্পৰা এনাৰ্কো-চিণ্ডিকেলিজম, উদাৰতাবাদী সমাজবাদ
প্ৰতিষ্ঠানসমুহ
ডক্টৰেল শিক্ষাৰ্থী
প্ৰভাৱিত কৰিছে
স্বাক্ষৰ
ৱেবছাইট
chomsky.info

ন'ম চম্‌স্কি (ইংৰাজী: Noam Chomsky; জন্ম: ৭ ডিচেম্বৰ, ১৯২৮) এজন আমেৰিকান তাত্ত্বিক ভাষাবিদ, শিক্ষাবিদ, দাৰ্শনিক আৰু সমাজ সমালোচক। বৰ্তমান তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি নামক মাৰ্কিন প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ এমেৰিটাছ অধ্যাপক আৰু একে সময়তে তেওঁ আমেৰিকাৰ এৰিজোনা বিশ্ববিদ্যালয়ত বিশিষ্ট অধ্যাপক হিচাপে কাম কৰি আছে।

চম্‌স্কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াৰ অঙ্গৰাজ্য ফিলাডেলফিয়া চহৰৰ এক মধ্যবিত্ত আচকেনাজী ইহুদী অভিবাসী পৰিয়ালত জন্মগ্ৰহণ কৰে আৰু ডাঙৰ-দীঘল হয়। তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰিছিল। তাৰ পৰাই পাছলৈ ১৯৫৫ চনত ভাষাবিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তাত তেওঁ আমেৰিকান ভাষাবিদ জেলিগ হেৰিছৰ অধীনত কাম কৰিছিল। স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰি থকাৰ সময়ত চম্‌স্কিয়ে ১৯৫১ চনৰ পৰা ১৯৫৫ চনলৈকে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত কনিষ্ঠ গৱেষক হিচাপে কাম কৰিছিল। ১৯৫৫ চনত তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিত ফৰাচী আৰু জাৰ্মান ভাষাৰ প্ৰশিক্ষক হিচাপে যোগদান কৰে। ১৯৭৬ চনত তেওঁ তাত থকা ইনষ্টিটিউট অৱ লিংগুইষ্টিকছৰ অধ্যাপক হয়।

ডেৰ শতিকাৰো অধিক সময় ধৰি চমস্কিৰ এই কামে ভাষাবিজ্ঞানৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। ১৯৫৭ চনত তেওঁৰ গ্ৰন্থ Syntactic Structures-ত তেওঁ "ৰূপান্তৰমূলক উৎপাদনশীল ব্যাকৰণ" তত্ত্বৰ প্ৰৱৰ্তন কৰিছিল, যিটোৱে আধুনিক ভাষাবিজ্ঞানত "বিপ্লৱ"ৰ সূচনা কৰা বুলি বহুতে বিবেচনা কৰে। চম্‌স্কিয়ে মানুহৰ মনৰ গৱেষণাৰ কেন্দ্ৰবিন্দুত ভাষাবিজ্ঞানক স্থান দিছিল। চমস্কিৰ আগতে কুৰি‍ শতিকাৰ প্ৰথমাৰ্ধত ভাষাবিদসকলে বিভিন্ন ভাষাৰ বাহ্যিক গঠনৰ সাদৃশ্য আৰু পাৰ্থক্যৰ ওপৰত অধিক গুৰুত্ব দিছিল। ভাষা আৰু মানৱ মনৰ অধ্যয়নৰ এই অভিজ্ঞতাধৰ্মী দৃষ্টিভংগীক তেওঁ সমালোচনা কৰি যুক্তিবাদী দৃষ্টিভংগীৰ সমৰ্থন কৰিছিল। তেওঁৰ মতে, জন্মৰ সময়ত যিকোনো ভাষা আহৰণৰ মৌলিক সৃষ্টিশীল বৈশিষ্ট্যৰ সৈতে প্ৰতিটো মানৱ সন্তান জন্মে। এই সৰ্বজনীন বৈশিষ্ট্যসমূহ মানুহৰ অৱচেতনত বাস কৰে। সংজ্ঞা আৰু যুক্তিসংগত বিশ্লেষণৰ জৰিয়তে এই বৈশিষ্ট্যসমূহৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰাটোৱেই ভাষাবিদসকলৰ কাম। কেৱল ভাষাবিজ্ঞানতে নহয় চম্‌স্কিয়ে জ্ঞান বিজ্ঞান আৰু মন আৰু ভাষাৰ দৰ্শনতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁৰ তাত্ত্বিক অৱদানসমূহে কুৰি‍ শতিকাৰ দ্বিতীয়াৰ্ধত "সংজ্ঞানাত্মক বৈজ্ঞানিক বিপ্লৱ"ৰ সূচনা কৰিছিল আৰু ইয়াৰ বিকাশত শক্তিশালী ভূমিকা পালন কৰিছিল।

ৰাজনৈতিক ভিন্নমতাৱলম্বী হিচাপে চম্‌স্কিয়ে আমেৰিকাৰ ঘৰুৱা ৰাজনীতি, বৈদেশিক নীতি আৰু বৌদ্ধিক সংস্কৃতিৰ ওপৰত তথাকথিত আমেৰিকাৰ "অৰ্থনৈতিক অভিজাত শ্ৰেণী"ৰ ক্ষতিকাৰক প্ৰভাৱ বিশ্লেষণ কৰিছিল; যাৰ বাবে তেওঁ বিশ্বজুৰি অসংখ্য অনুৰাগী আৰু প্ৰশংসক লাভ কৰিছিল। তেওঁ কিশোৰ অৱস্থাতে স্থানীয় বাতৰি কাকতত ৰাজনীতিৰ বিষয়ে লিখিছিল। কিন্তু তেওঁ ৰাজনীতিৰ বিষয়ে অধিক লিখিবলৈ আৰম্ভ কৰিছিল ১৯৬০ চনৰ পৰা। সেই সময়ত দক্ষিণ-পূব এছিয়াত আমেৰিকাৰ বৈদেশিক নীতি তেওঁৰ সমালোচনাৰ বিষয় আছিল। ইয়াৰ পাছত তেওঁ আমেৰিকাৰ বৈদেশিক নীতিৰ ওপৰত আমেৰিকাৰ সাধাৰণ জনতাৰ ঐকমত গঢ় দিয়াত বিভিন্ন সংবাদ মাধ্যম আৰু শিক্ষানুষ্ঠানৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি কেইবাখনো গ্ৰন্থ লিখিছিল। চমস্কিয়ে নিয়মীয়াকৈ আৰু মুকলিকৈ আমেৰিকাৰ বৈদেশিক নীতিৰ ধ্বংসাত্মক ফলাফলৰ সমালোচনা কৰি আহিছে। তেওঁ কয় যে আমেৰিকাৰ বুদ্ধিজীৱীসকলৰ দায়িত্ব হৈছে আমেৰিকা চৰকাৰৰ অনৈতিক নীতিক যুক্তিসংগতভাৱে সমালোচনা কৰা আৰু এই নীতিসমূহক পৰাস্ত কৰিবলৈ কাৰ্য্যকৰী ৰাজনৈতিক কৌশল বিচাৰি উলিওৱা। ৰাজনৈতিকভাৱে চম্‌স্কি ব্যক্তিবাদী সমাজবাদ আৰু নৈৰাজ্যবাদী ট্ৰেড ইউনিয়নবাদৰ অনুগামী।

শৈশৱ: ১৯২৮–১৯৪৫

[সম্পাদনা কৰক]

আব্ৰাম ন'ম চম্‌স্কিৰ জন্ম ১৯২৮ চনৰ ৭ ডিচেম্বৰত পেনচিলভেনিয়াৰ ফিলাডেলফিয়াৰ ইষ্ট অকলেণ্ডত৷ তেওঁৰ পিতৃ উইলিয়াম চম্‌স্কি এজন হিব্ৰু পণ্ডিতৰ পুত্ৰ আছিল। ইউক্ৰেইনৰ এখন চহৰৰ পৰা তেওঁ আমেৰিকালৈ আহিছিল। আনহাতে, তেওঁৰ মাতৃ এল জি চমস্কি (পূৰ্বৰ ছিমনফস্কি) ইউৰোপৰ বেলাৰুছৰ পৰা পিতৃ-মাতৃৰ সৈতে আমেৰিকালৈ আহিছিল। মাক আমেৰিকাত ডাঙৰ-দীঘল হৈছিল আৰু নিউয়ৰ্কৰ সাধাৰণ স্থানীয় ভাষা কৈছিল৷ তেওঁৰ পিতৃ-মাতৃ জিভ "উইলিয়াম" চম্‌স্কি আৰু এলচি ছিমোনফস্কি ইহুদী অভিবাসী আছিল। ১৯১৩ চনত উইলিয়ামে ৰাছিয়ান সাম্ৰাজ্যৰ পৰা পলায়ন কৰে আৰু বাল্টিমোৰৰ ঘেঁহুৰ দোকান আৰু হিব্ৰু প্ৰাথমিক বিদ্যালয়ত কাম কৰে। ফিলাডেলফিয়ালৈ যোৱাৰ পাছত উইলিয়ামে মিকভে ইজৰাইল ৰিলিজিয়াছ স্কুলৰ অধ্যক্ষ হয় আৰু গ্ৰেটজ কলেজত যোগদান কৰে৷ ন'ম আছিল উইলিয়ামৰ প্ৰথম সন্তান। চমস্কিৰ কনিষ্ঠ ভাতৃ ডেভিদ এলি চম্‌স্কিৰ জন্ম হৈছিল পাঁচ বছৰৰ পাছত ১৯৩৪ চনত। দুয়োজন ভাতৃৰ ঘনিষ্ঠ আছিল যদিও ডেভিদ অতি চঞ্চল আছিল, আনহাতে ন'ম কম চঞ্চল নাছিল। চম্‌স্কি আৰু তেওঁৰ ভাতৃ ইহুদী হিচাপে ডাঙৰ-দীঘল হৈছিল, সৰুতে তেওঁলোকক হিব্ৰু ভাষা শিকোৱা হৈছিল আৰু নিয়মিতভাৱে জায়নিজমৰ ৰাজনৈতিক তত্ত্ব শিকোৱা হৈছিল। তেওঁলোকৰ পৰিয়ালটো বিশেষভাৱে ‘আহাদ হাম’ৰ বাওঁপন্থী জিয়নিষ্ট লেখাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। চম্‌স্কি শিশু অৱস্থাত ফিলাডেলফিয়াৰ আইৰিছ আৰু জাৰ্মান সম্প্ৰদায়ৰ পৰা বৰ্ণবাদী ঘৃণাৰ বলি হৈছিল৷ চম্‌স্কিয়ে ফিলাডেলফিয়াৰ ইণ্ডিপেণ্ডেণ্ট, ডিউইট অকলেণ্ড কান্ট্ৰী ডে স্কুল আৰু চেণ্ট্ৰেল হাইস্কুলত পঢ়িছিল। তাতেই তেওঁ প্ৰতিষ্ঠানিক দক্ষতা আহৰণ কৰিছিল। তেওঁ বিভিন্ন ক্লাৱ আৰু ছ’চাইটিত যোগদান কৰিছিল। কিন্তু বিদ্যালয়খনৰ নিয়ন্ত্ৰিত শিক্ষা আৰু পুৰোহিতৰ শিক্ষা শৈলীৰ বাবে তেওঁ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁ গ্ৰেটজ কলেজৰ হিব্ৰু হাইস্কুলতো পঢ়িছিল; য'ত তেওঁৰ দেউতাকে পঢ়িছিল।

বিশ্ববিদ্যালয়: ১৯৪৫–১৯৫৫

[সম্পাদনা কৰক]

১৯৪৫ চনত ১৬ বছৰ বয়সত চম্‌স্কিয়ে পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। তাতে তেওঁ দৰ্শন, যুক্তি, ভাষা আদি অধ্যয়ন কৰিছিল। সেই সময়ত তেওঁ আৰৱী ভাষা শিকিব বিচাৰিছিল। ইয়াৰ আগতে তেওঁ ঘৰতে হিব্ৰু ভাষা শিকিছিল। ১৯৫১ চনৰ পৰা ১৯৫৫ চনলৈকে চম্‌স্কি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ছ’চাইটি অৱ ফেল’ৰ সদস্য আছিল, য’ত তেওঁ পি এইচ ডিৰ গৱেষণাৰ কাম কৰিছিল। দাৰ্শনিক উইলাৰ্ড ভেন অৰমান কুইন তাত থকাৰ বাবেই চম্‌স্কি হাৰ্ভাৰ্ডৰ প্ৰতি আকৰ্ষিত হৈছিল। কুইন আৰু আন এজন দাৰ্শনিক অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ জে.এল.। অষ্টিনে চমস্কিক প্ৰবলভাৱে প্ৰভাৱিত কৰিছিল। ১৯৫২ চনত চমস্কিয়ে তেওঁৰ প্ৰথম শৈক্ষিক প্ৰবন্ধ ‘Systems of Syntactic Analysis’ প্ৰকাশ কৰে; যিটো ভাষাবিজ্ঞানৰ আলোচনীত নহয়, ‘জাৰ্নেল অৱ চিম্বলিক লজিক’ত প্ৰকাশ পাইছিল। পেনচিলভেনিয়াত তেওঁৰ ছাত্ৰ হিচাপে পঞ্জীয়ন হোৱা নাছিল যদিও ১৯৫৫ চনত তেওঁ ৰূপান্তৰমূলক ব্যাকৰণৰ বিষয়ে তেওঁৰ ধাৰণাসমূহ উল্লেখ কৰি এখন থিছিছ দাখিল কৰে; ইয়াৰ বাবে তেওঁক ফিলাটেলিষ্ট ডিগ্ৰী প্ৰদান কৰা হয়। হাৰ্ভাৰ্ডৰ অধ্যাপক জৰ্জ আৰ্মিটেজ মিলাৰ চম্‌স্কিৰ থিছিছৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু তেওঁৰ সৈতে গাণিতিক ভাষাবিজ্ঞানৰ কেইবাটাও কাৰিকৰী গৱেষণা-পত্ৰত সহযোগিতা কৰিছিল। ১৯৪৪ চনত চমস্কিৰ সৰুৰে পৰা চিনাকি কেৰ’ল ড’ৰিছ শ্বাটজৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়। ১৯৪৯ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। চমস্কি হাৰ্ভাৰ্ডৰ ফেলো হোৱাৰ পিছত দম্পতীহালে বষ্টনৰ অলষ্টন অঞ্চললৈ গুচি যায়। ১৯৫৫ চনত তেওঁ এম আই টিৰ সহকাৰী অধ্যাপক হয়। এমআইটি-তে চম্‌স্কিয়ে‍ তেওঁৰ অৰ্ধেক সময় ব্যয় কৰিছিল যান্ত্ৰিক অনুবাদৰ কামত৷ ১৯৫৭ চনৰ পৰা ১৯৫৮ চনলৈ তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক আছিল। সেই বছৰতে চমস্কিৰ প্ৰথমজনী ছোৱালীৰ জন্ম হৈছিল, আৰু তেওঁৰ নাম থৈছিল আভিভা। ১৯৫৮ চনৰ পৰা ১৯৫৯ চনলৈকে চম্‌স্কি নিউ জাৰ্ছিৰ প্ৰিন্সটনৰ ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিৰ নেশ্যনেল চাইন্স ফাউণ্ডেশ্যনৰ ফেল' আছিল।

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]

ভাষাবিজ্ঞান

[সম্পাদনা কৰক]

চম্‌স্কিৰ সম্পূৰ্ণ গ্ৰন্থতালিকা চাওঁক তেওঁৰ এমআইটি-ৰ পৃষ্ঠাত

  • চম্‌স্কি (১৯৫১)। Morphophonemics of Modern Hebrew। স্নাতকোত্তৰ থিচিচ, পেনচিলভেনিয়া বিশ্ববিদ্যালয়।
  • চম্‌স্কি (১৯৫৫)। Logical Structure of Linguistic Theory। এমআইটি মানৱবিদ্যা লাইব্ৰেৰি। মাইক্ৰোফিল্ম।
  • চম্‌স্কি (১৯৫৫)। Transformational Analysis. পিএইচডি থিচিচ, পেনচিলভেনিয়া বিশ্ববিদ্যালয়।
  • চম্‌স্কি, নোম, মৰিস হালে আৰু ফ্ৰেড লুকফ (১৯৫৬)। "On accent and juncture in English।" For Roman Jakobson-এ। দ্য হেগ: মুতঁ।
  • চম্‌স্কি (১৯৫৭)। Syntactic Structures. The Hague: Mouton. Reprint. Berlin and New York (1985).
  • চম্‌স্কি (১৯৬৪)। Current Issues in Linguistic Theory.
  • চম্‌স্কি (১৯৬৫)। Aspects of the Theory of Syntax. Cambridge: The MIT Press.
  • চম্‌স্কি (১৯৬৫)। Cartesian Linguistics. New York: Harper and Row. Reprint. Cartesian Linguistics. A Chapter in the History of Rationalist Thought. Lanham, Maryland: University Press of America, 1986.
  • চম্‌স্কি (১৯৬৬)। Topics in the Theory of Generative Grammar.
  • চম্‌স্কি, নোম, এবং মৰিস হালে (১৯৬৮). The Sound Pattern of English. New York: Harper & Row.
  • চম্‌স্কি (১৯৬৮)। Language and Mind.
  • চম্‌স্কি (১৯৭২)। Studies on Semantics in Generative Grammar.
  • চম্‌স্কি (১৯৭৫)। The Logical Structure of Linguistic Theory.
  • চম্‌স্কি (১৯৭৫)। Reflections on Language.
  • চম্‌স্কি (১৯৭৭)। Essays on Form and Interpretation.
  • চম্‌স্কি (১৯৭৯)। Morphophonemics of Modern Hebrew.
  • চম্‌স্কি (১৯৮০)। Rules and Representations.
  • চম্‌স্কি (১৯৮১)। Lectures on Government and Binding: The Pisa Lectures. Holland: Foris Publications. Reprint. 7th Edition. Berlin and New York: Mouton de Gruyter, 1993.
  • চম্‌স্কি (১৯৮২)। Some Concepts and Consequences of the Theory of Government and Binding.
  • চম্‌স্কি (১৯৮২)। Language and the Study of Mind.
  • চম্‌স্কি (১৯৮২)। Noam Chomsky on The Generative Enterprise, A discussion with Riny Hyybregts and Henk van Riemsdijk.
  • চম্‌স্কি (১৯৮৪)। Modular Approaches to the Study of the Mind.
  • চম্‌স্কি (১৯৮৬)। Knowledge of Language: Its Nature, Origin, and Use.
  • চম্‌স্কি (১৯৮৬)। Barriers. Linguistic Inquiry Monograph Thirteen. Cambridge, MA and London: The MIT Press.
  • চম্‌স্কি (১৯৯৩)। Language and Thought.
  • চম্‌স্কি (১৯৯৫)। The Minimalist Program. Cambridge, MA: The MIT Press.
  • চম্‌স্কি (১৯৯৮)। On Language.
  • চম্‌স্কি (২০০০)। New Horizons in the Study of Language and Mind.
  • চম্‌স্কি (২০০০)। The Architecture of Language (Mukherji, et al, eds.).
  • চম্‌স্কি (২০০১)। On Nature and Language (Adriana Belletti and Luigi Rizzi, ed.).

কম্পিউটাৰ বিজ্ঞান

[সম্পাদনা কৰক]
  • Chomsky (1956)। Three models for the description of language. I.R.E. Transactions on Information Theory, vol. IT-2, no. 3: 113-24.

ৰাজনীতি

[সম্পাদনা কৰক]
  • (1969)। American Power and the New Mandarins
  • (1970)। "Notes on Anarchism," New York Review of Books
  • (1970)। At war with Asia
  • (1970)। Two essays on Cambodia
  • (1971)। Chomsky: selected readings
  • (1971)। Problems of knowledge and freedom
  • (1973)। For reasons of state
  • (1974)। Peace in the Middle East? Reflections on justice and nationhood
  • (1976)। Intellectuals and the state
  • (1978)। Human Rights and American Foreign Policy
  • (1979)। With Edward Herman, After the cataclysm: postwar Indochina and the reconstruction of imperial ideology
  • (1979)। Language and responsibility
  • (1979)। With Edward Herman, The Washington connection and Third World fascism
  • (1981)। Radical priorities
  • (1982)। Superpowers in collision: the cold war now
  • (1982)। Towards a new cold war: essays on the current crisis and how we got there
  • (1983)। The fateful triangle: the United States, Israel, and the Palestinians
  • (1985)। Turning the tide : U.S. intervention in Central America and the struggle for peace
  • (1986)। Pirates & emperors: international terrorism in the real world
  • (1986)। The race to destruction: its rational basis
  • (1987)। The Chomsky reader
  • (1987)। On Power and Ideology
  • (1987)। Turning the tide: the U.S. and Latin America
  • (1988)। The Culture of Terrorism
  • (1988)। Language and Politics
  • (1988)। With Edward Herman, Manufacturing consent: the political economy of the mass media
  • (1989)। Necessary Illusions
  • (1991)। Terrorizing the Neighborhood
  • (1992)। What Uncle Sam really wants
  • (1992)। Chronicles of dissent
  • (1992)। Deterring democracy
  • (1993)। Letters from Lexington: reflections on propaganda
  • (1993)। The prosperous few and the restless many
  • (1993)। Rethinking Camelot: JFK, the Vietnam War, and U.S. political culture
  • (1993)। World order and its rules: variations on some themes
  • (1993)। Year 501: the conquest continues
  • (1994)। Keeping the rabble in line
  • (1994)। Secrets, lies, and democracy
  • (1994)। World orders, old and new
  • (1995)। Secrets, lies, and democracy
  • (1996)। Powers and prospects: reflections on human nature and the social order
  • (1996)। Class warfare
  • (1997)। Media control: the spectacular achievements of propaganda
  • (1997)। One chapter, The Cold War and the University
  • (1998)। The Culture of Terrorism
  • (1999)। The new military humanism: lesssons from Kosovo
  • (1999)। Profits over people
  • (1999)। The fateful triangle
  • (2000)। Rogue States
  • (2001)। Propaganda and the public mind
  • (2001)। 9-11
  • (2002)। Understanding Power: the indispensable Noam Chomsky
  • (2002)। Media control
  • (2003)। Hegemony or Survival: America's Quest for Global Dominance
  • (2005)। Chomsky on anarchism
  • (2006)। Failed States : The Abuse of Power and the Assault on Democracy

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

সাক্ষাৎকাৰ

[সম্পাদনা কৰক]
  • Keeping the Rabble in Line (1994)
  • Class Warfare (1996)
  • The Common Good (1998)
  • Propaganda and the Public Mind (2001)
  • Imperial Ambitions - Conversations With Noam Chomsky On The Post-9/11 World (2005)

আনৰ দ্বাৰা

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Chomsky 1991, পৃষ্ঠা. 50.
  2. Sperlich 2006, পৃষ্ঠা. 44–45.
  3. Slife 1993, পৃষ্ঠা. 115.
  4. Barsky 1997, পৃষ্ঠা. 58.
  5. Antony & Hornstein 2003, পৃষ্ঠা. 295.
  6. Chomsky 2016.
  7. Harbord 1994, পৃষ্ঠা. 487.
  8. 8.0 8.1 8.2 8.3 8.4 Barsky 2007, পৃষ্ঠা. 107.
  9. Smith 2004, পৃষ্ঠা. 185.
  10. 10.0 10.1 Amid the Philosophers.
  11. Persson & LaFollette 2013.
  12. Prickett 2002, পৃষ্ঠা. 234.
  13. Searle 1972.
  14. 14.0 14.1 14.2 14.3 14.4 Adams 2003.
  15. Gould 1981.
  16. "Kyle Kulinski Speaks, the Bernie Bros Listen". https://jacobinmag.com/2020/03/kyle-kulinski-bernie-bros-secular-talk-joe-rogan-youtube। আহৰণ কৰা হৈছে: February 9, 2022. 
  17. Keller 2007.
  18. Swartz 2006.