নঈম ঘালিলী
| নঈম ঘালিলী | |
|---|---|
| জন্ম | ১৯৬২ ইছফাহান, ইৰান |
| পেচা | অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা |
নঈম ঘালিলী (জন্ম: ১৯৬২, ইছফাহান, ইৰান) এগৰাকী ইৰানীয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। কেইবাখনো দেশলৈ প্ৰব্ৰজন কৰাৰ পাছত তেওঁ মালয়েছিয়াৰ কুৱালালামপুৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু বৰ্তমান চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ আছে।
জীৱনী
[সম্পাদনা কৰক]তেওঁ সহ-পৰিচালক আমিৰ মহম্মদৰ সৈতে চুচুক নামৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰখন পৰিচালনা কৰাৰ বাবে পৰিচিত। তেওঁৰ শেহতীয়া কাম আছিল ভিআইইউ-ৰদ্বাৰা বিতৰণ কৰা চেলুন নামৰ এটা ষ্ট্ৰীমিং ধাৰাবাহিক।[1][2][3]
টাইগাৰটাইগাৰ প'ষ্ট-ত কাৰ্যবাহী প্ৰযোজক হিচাপে কৰা পূৰ্বৰ কামে তেওঁক কুৱালালামপুৰত এটা মিডিয়া প'ষ্ট প্ৰডাকচন হাউচ কেল প'ষ্ট আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।[4][5] ঘালিলীয়ে এজন প'ষ্ট প্ৰডিউচাৰ হিচাপে কেইবাখনো পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ কাম সম্পূৰ্ণ কৰিছে। ইয়াৰ ভিতৰত শেহতীয়াখন হৈছে ২০১৯ চনত মুক্তি পোৱা ছাংকাৰ। তেওঁ মনচুন পিকচাৰ্ছৰ পৰিচালন সঞ্চালক, যিয়ে চেলুন নামৰ চলচ্চিত্ৰখন আৰু ২০১৮ চনত একে নামেৰে এখন টিভি ধাৰাবাহিক প্ৰযোজনা কৰিছিল।[6][7] অৱশ্যে অটিটি ধাৰাবাহিক চেলুনৰ সৈতে ২০০৫ চনৰ একে নামৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰখনৰ কোনো সম্পৰ্ক নাই।
ঘালিলীয়ে আন্তঃৰাষ্ট্ৰীয়ভাৱে মুক্তি পোৱা চলচ্চিত্ৰসমূহতো অভিনেতা হিচাপে অভিনয় কৰিছে, যেনে— শ্বাহৰুখ খান অভিনীত ডন[8][9] আৰু আনাস তাছিয়া জাভোৰোটনিয়ুক অভিনীত দা এপক্লিপ্স ক'ড।[10] শেহতীয়াকৈ তেওঁ লেফট বেংক পিকচাৰ্ছে প্ৰযোজনা কৰা ষ্ট্ৰাইক বেক নামৰ টিভি ধাৰাবাহিকখনৰ সপ্তম ছিজনত এজন ইণ্ডোনেচিয়ান কৰ্ণেলৰ চৰিত্ৰত অভিনয় কৰিছিল।[11][12][13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ http://viu.com/ott/my/articles/things-to-know-viu-my-original-salon/ [বিশ্বাসযোগ্যতা প্ৰমাণৰ প্ৰয়োজন]
- ↑ Salsa (2018-12-27). "Sinopsis Salon Episode 1 – 10 Lengkap (Web Drama Malaysia)" (en-US ভাষাত). Dailysia. https://www.dailysia.com/sinopsis-salon-episode-1-10-lengkap-web-drama-malaysia/। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ "4 Things to Know about Viu Malaysia Original 'Salon'" (en-US ভাষাত). Viu. 2018-08-29. http://viu.com/ott/my/articles/things-to-know-viu-my-original-salon/। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ "Feature" (en ভাষাত). Archived from the original on 22 March 2010. https://web.archive.org/web/20100322202245/http://www.tigertiger.tv/feature.php। আহৰণ কৰা হৈছে: 17 September 2023.
- ↑ "KLPOST – About Us". klpost.com.my. Archived from the original on 2019-08-12. https://web.archive.org/web/20190812091548/http://www.klpost.com.my/about.html। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ "Home". www.monsoon.com.my. Archived from the original on 2017-09-19. https://web.archive.org/web/20170919142202/http://monsoon.com.my/। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ (en ভাষাত) Salon (2005), https://letterboxd.com/film/salon/, আহৰণ কৰা হৈছে: 2020-08-18
- ↑ "Naeim Ghalili". IMDb. http://www.imdb.com/name/nm1220784/। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ Don (2006) – IMDb, http://www.imdb.com/title/tt0461936/fullcredits, আহৰণ কৰা হৈছে: 2020-08-18
- ↑ Kod apokalipsisa, http://www.imdb.com/title/tt1087832/, আহৰণ কৰা হৈছে: 2020-08-18
- ↑ "'Strike Back' to End With Season 7 on Cinemax | Hollywood Reporter". www.hollywoodreporter.com. 27 February 2019. https://www.hollywoodreporter.com/live-feed/strike-back-end-season-7-cinemax-1191182। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ Goldberg, Lesley (February 27, 2019). "‘Strike Back’ to End With Season 7 on Cinemax". https://www.hollywoodreporter.com/tv/tv-news/strike-back-end-season-7-cinemax-1191182/.
- ↑ "Home | Left Bank Pictures". www.leftbankpictures.co.uk. https://www.leftbankpictures.co.uk/। আহৰণ কৰা হৈছে: 2020-08-18.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- নঈম ঘালিলী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- KL POST Archived 12 August 2019 at the Wayback Machine
- Movieloo Mag
- Star News February 6 2006
- Star News August 15 2008
- Rotterdam Film Fest