সমললৈ যাওক

নকুল কাপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নকুল কাপুৰ
জন্ম ১১ জুলাই, ১৯৭৪ (৫১ বছৰ)
দিল্লী, ভাৰত
পেচা অভিনেতা, যোগ প্ৰশিক্ষক, উদ্যোগী
সক্ৰিয় হৈ থকা সময় ১৯৯৮–২০০৫
উচ্চতা ৫ ফুট ৯ ইঞ্চি
ওজন ৭০ কিল'গ্ৰাম
ধৰ্ম হিন্দু
সন্তান

নকুল কাপুৰ (ইংৰাজী: Nakul Kapoor, জন্ম: ১১ জুলাই ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় অভিনেতা, যি পাছত যোগ প্ৰশিক্ষক হিচাপে মনোনিবেশ কৰে। তেওঁ মূলত “তুমছে আচ্ছা কৌন হ্যায়” (২০০২) চলচ্চিত্ৰৰ জৰিয়তে খ্যাতি লাভ কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

নকুল কাপুৰ ১১ জুলাই ১৯৭৪ তাৰিখে দিল্লীত জন্মগ্ৰহণ কৰিছিল। তেওঁ দিল্লীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল আৰু পিছত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।[2]

অভিনয় জীৱন

[সম্পাদনা কৰক]

নকুল কাপুৰে প্ৰথমতে হো গয়ী হ্যায় মহব্বত তুমছে (১৯৯৮) আৰু আজা মেৰে য়াৰ (২০০১) গীতৰ ভিডিঅ'ত অভিনয় কৰিছিল। তাৰ পিছত তেওঁ তুমছে আচ্ছা কৌন হ্যায় (২০০২) চলচ্চিত্ৰৰ যোগেদি বলিউডত প্ৰৱেশ কৰে আৰু জনপ্ৰিয় হৈ উঠে। এই ছবিখনে তেওঁক অতিৰিক্ত পৰিচয়, ধন আৰু ভক্ত সমাগম দান কৰে।[3][4] তুমছে আচ্ছা কৌন হ্যায় চলচ্চিত্ৰত তেওঁ অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁক আৰু বলিউডত দেখা নগ'ল।

তেওঁ ২০০৫ চনত কানাডাৰ টেলিভিছন শৃংখলা "Terminal City"ত ইয়াছ চৰিত্ৰত অভিনয় কৰিছিল।[5] আৰু ইয়াৰ পিছত তেওঁ অভিনয় জীৱন ত্যাগ কৰে।

যোগ আৰু উদ্যোগ

[সম্পাদনা কৰক]

নকুল কাপুৰৰ ভিতৰত আধ্যাত্মিক আগ্ৰহৰ ফলত তেওঁ বলিউড এৰি কানাডালৈ যায়। তেওঁ ভেংকুভাৰ, B.C., কানাডাত “Divine Life” নামৰ যোগ কেন্দ্ৰ স্থাপন কৰে আৰু ইয়াত প্ৰশিক্ষক আৰু মালিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।[6][7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নকুল কাপুৰ সম্পৰ্কে অধিক তথ্য বিচাৰি পোৱা নাযায়। বলিউডৰ অভিনেতা সকলৰ ভিতৰত আটাইতকৈ কম তথ্য পোহৰলৈ অহা অভিনেতা তেওঁ। তেওঁৰ পিতৃ-মাতৃৰ নাম সম্পৰ্কে কোনোধৰণৰ তথ্য পোহৰলৈ অহা নাই। “তুমছে আচ্ছা কৌন হ্যায়” চলচ্চিত্ৰৰ যোগেদি তেওঁ জনপ্ৰিয় হৈ পৰিছিল যদিও হঠাতে তেওঁ বলিউডৰ পৰা অন্তৰ্ধান হৈ যায়। বহু সময়ত তেওঁ মৃত্যু হোৱা বুলি ভুৱা বাতৰি প্ৰকাশিত হৈছিল, বাস্তৱৰ সৈতে যাৰ কোনো সম্পৰ্ক নাছিল। বহু বছৰ অজ্ঞাতবাসৰ পিছত তেওঁ সামাজিক মাধ্যমৰ যোগেদি নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰে। শেহতীয়া তথ্য অনুসৰি নকুল কাপুৰ সম্প্ৰতি বিবাহিত আৰু তেওঁৰ ২ গৰাকী সন্তান আছে, অৱশ্যে পত্নীৰ নাম কতো প্ৰকাশ কৰা নাই।[8] বৰ্তমান তেওঁ কানাডাত যোগ প্ৰশিক্ষক হিচাপে জীৱন নিৰ্বাহ কৰি আছে।[9]

শাৰীৰিক গঠন

[সম্পাদনা কৰক]

তেওঁৰ উচ্চতা ৫ ফুট ৯ ইঞ্চি আৰু ওজন প্ৰায় ৭০ কেজি। তেওঁৰ চকু আৰু চুলিৰ ৰং ডাৰ্ক ব্ৰাউন। তেওঁ প্ৰায়েই সল্প দাড়িৰ সৈতে দেখা যায়।[10]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Nakul Kapoor Wiki, Age, Biography". FilmyCharcha. https://filmycharcha.com/lifestyle/biography/nakul-kapoor-actor-wiki-age-biography-girlfriends-family-lifestyle-hobbies-more। আহৰণ কৰা হৈছে: 2025-10-21. 
  2. "Nakul Kapoor biography and early life". News18. https://www.news18.com/amp/movies/remember-nakul-kapoor-from-tum-se-achcha-kaun-hai-heres-what-hes-doing-now-9094472.html। আহৰণ কৰা হৈছে: 2025-10-21. 
  3. "Tum Se Achcha Kaun Hai – Wikipedia". Wikipedia. https://en.wikipedia.org/wiki/Tum_Se_Achcha_Kaun_Hai। আহৰণ কৰা হৈছে: 2025-10-21. 
  4. "Where is Nakul Kapoor now". Navbharat Times. https://www.navbharattimes.indiatimes.com/photomazza/bollywood-hollywood-photogalleries/where-is-nakul-kapoor-tum-se-achcha-kaun-hai-actor/amp_photoshow/116587982.cms। আহৰণ কৰা হৈছে: 2025-10-21. 
  5. "Nakul Kapoor acted in Terminal City". IMDb. https://www.imdb.com/name/nm1175806/bio/। আহৰণ কৰা হৈছে: 2025-10-21. 
  6. "Nakul Kapoor is a Yoga Teacher Now". NDTV. https://www.ndtv.in/bollywood/tum-se-achcha-kaun-hai-actor-nakul-kapoor-is-yoga-teacher-now-unrecognizable-in-latest-photo-after-22-years-8596249/amp/1। আহৰণ কৰা হৈছে: 2025-10-21. 
  7. "Nakul Kapoor left Bollywood and doing this job in Canada". Live Hindustan. https://www.livehindustan.com/entertainment/bollywood/film-tumse-acha-kaun-hai-actor-nakul-kapoor-left-bollywood-and-doing-this-job-in-canada-read-here-201717160821912.amp.html। আহৰণ কৰা হৈছে: 2025-10-21. 
  8. "Nakul Kapoor Biography, Girlfriend, Family". FilmyCharcha. https://filmycharcha.com/lifestyle/biography/nakul-kapoor-actor-wiki-age-biography-girlfriends-family-lifestyle-hobbies-more। আহৰণ কৰা হৈছে: 2025-10-21. 
  9. "Nakul Kapoor Wiki". FilmyCharcha. https://filmycharcha.com/lifestyle/biography/nakul-kapoor-actor-wiki-age-biography-girlfriends-family-lifestyle-hobbies-more। আহৰণ কৰা হৈছে: 2025-10-21. 
  10. "Nakul Kapoor physical appearance". India.com. https://www.india.com/entertainment/meet-actor-nakul-kapoor-who-became-overnight-star-was-seen-as-rival-to-shah-rukh-khan-salman-aamir-one-rumour-ruined-his-career-he-is-now-7340447/amp/। আহৰণ কৰা হৈছে: 2025-10-21.