নগাঁও কুইজ ফ'ৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নগাঁও কুইজ ফ'ৰাম
সভাপতি সীমান্ত হাজৰিকা
সম্পাদক নয়নজ্যোতি বৰা
প্ৰতিষ্ঠা ২০১০ চন

নগাঁও কুইজ ফ'ৰাম (ইংৰাজী: Nagaon Quiz Forum) ২০১০ চনত অসমনগাঁও জিলাৰ পৰা আত্মপ্ৰকাশকৰা এটি কুইজিকেল সংগঠন । মানদণ্ডসম্পন্ন কুইজৰ প্ৰসাৰ আৰু কুইজৰ মাজেৰে এক সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাই এই সংগঠনৰ মূল উদ্দ্যেশ্য ।

ইতিহাস[সম্পাদনা কৰক]

ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে মানদণ্ডসম্পন্ন কুইজ প্ৰতিযোগিতাৰ প্ৰসাৰ উত্তৰ-পূব ভাৰততো লেখত ল'বলগীয়া। অসমত বছৰটোৰ বিভিন্ন সময়ত নিয়মীয়াকৈ প্ৰত্যেক বছৰে আয়োজন কৰি অহা ব্ৰেইনজেম (ইংৰাজী: Brainjam), দ্য ক'ল'ছিয়াম (ইংৰাজী: The Colosseum), কুইজটাইম (ইংৰাজী: Quiztime) ,দ্য স্পেকট্ৰাম (ইংৰাজী: The Spectrum) আদিবোৰ তেনে কুইজ প্ৰতিযোগিতাৰ উদাহৰণ। কিন্তু কুইজৰ এই প্ৰসাৰৰ পৰা বিকেন্দ্ৰীভূতহৈ অসমৰ অন্যতম জিলা নগাঁৱত মানদণ্ডৰ লগতে এই জ্ঞান চৰ্চাৰ মাধ্যমটোয়ে জনসাধাৰণৰ মাজত ইয়াৰ স্বকীয় জনপ্ৰিয়তা হেৰুৱাৰ সময়তে জিলাখনৰ কেইগৰাকীমান কুইজাৰ্ড আৰু কুইজপ্ৰেমীয়ে একান্ত প্ৰচেষ্টাৰে গঢ়ি তোলে স্বেচ্ছাচাৰী কুইজিকেল অনুষ্ঠান নগাঁও কুইজ ফ'ৰাম।