সমললৈ যাওক

নগেন্দ্ৰনাথ বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নগেন্দ্ৰনাথ বসু

নগেন্দ্ৰনাথ বসু ১৯৩০ চন-১৯৪০ চনৰ আৰম্ভণিত
জন্ম ০৬ জুলাই, ১৮৬৬
মহেশ গাঁও, হুগলী, বংগ, ব্ৰিটিছ ভাৰত (বৰ্তমান হুগলী, পশ্চিম বংগ, ভাৰত)
মৃত্যু ১১ অক্টোবৰ, ১৯৩৮ (৭২ বছৰ)
কলকাতা, বংগ, ব্ৰিটিছ ভাৰত (বৰ্তমান কলকাতা, পশ্চিম বংগ, ভাৰত)
পেচা ·বিশ্বকোষবিদ
·প্ৰত্নতত্ত্ববিদ
·কৰ্মী
·ঐতিহাসিক
উল্লেখযোগ্য কৰ্ম শব্দেন্দু মহাকোষ (১৮৮৪)
বাংলা বিশ্বকোষ (১৮৮৫)
উত্তৰৰহিয়া কায়স্থ কাণ্ড (১৯১০)
বঙ্গেৰ জাতীয় ইতিহাস (১৯১১)

নগেন্দ্ৰনাথ বসু (ইংৰাজী: Nagendranath Basu; ৬ জুলাই ১৮৬৬ – ১১ অক্টোবৰ ১৯৩৮) এজন বাংলা ভাষাৰ[1][2][3]বিশ্বকোষবিদ, পুৰাতত্ত্ববিদ, জাতীয়তাবাদী সমাজ ইতিহাসবিদ আৰু কায়স্থ কৰ্মী আছিল।[4]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

বেংগল প্ৰেছিডেন্সীৰ হুগলী জিলাত অৱস্থিত মহেশ গাঁৱত নগেন্দ্ৰনাথৰ জন্ম হৈছিল।[5] এক বাঙালী কায়স্থ পৰিয়ালত তেখেতৰ জন্ম৷ তেখেত আশুতোষ দেৱৰ ভগ্নী তাৰিনিৰ প্ৰপৌত্ৰ আছিল।[6]

কায়স্থ সভা

[সম্পাদনা কৰক]

১৯০২ চনত বসুৱে কায়স্থ সভা প্ৰতিষ্ঠা কৰে। বসুৱে কায়স্থ পত্ৰিকাৰ বাবে লিখিছিল, ই সংস্থাৰ মুখপত্ৰ আছিল আৰু তাত তেওঁ কায়স্থ শব্দটো ব্যৱহাৰ কৰিছিল যাৰ অৰ্থ হৈছে চাৰিটা সৰু সৰু এককৰে গঠিত বৈচিত্ৰ্যময় জাতি।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

পুৰাতত্ত্ব আৰু সংগ্ৰাহক

[সম্পাদনা কৰক]

নগেন্দ্ৰনাথ উৰিষ্যা চৰকাৰৰ ময়ুৰভঞ্জ জিলাৰ এজন চৰকাৰী জৰীপকাৰী আছিল,[7] আৰু তেওঁ প্ৰত্নতাত্ত্বিক অৱশিষ্টসমূহ পৰীক্ষা কৰিবলৈ বহু ভ্ৰমণ কৰিছিল, অসংখ্য ভাস্কৰ্য্য, মুদ্ৰা আৰু শিলালিপি সংকলন কৰিছিল।[1][5][8] এই অভিযানসমূহৰ অধিকাংশই স্ব-পুঁজিৰে চলিছিল আৰু সংগ্ৰহসমূহ বঙ্গীয় সাহিত্য পৰিষদক দান কৰা হৈছিল।[8]

তেখেতৰ বাংলা, সংস্কৃত আৰু উড়িয়া ভাষাৰ প্ৰাচীন পাণ্ডুলিপি (পুথি‍)ৰ বিপুল সংগ্ৰহ আছিল, তেখেতে সেইবোৰৰ বেছিভাগেই ৰাজপথৰ বিক্ৰেতাৰ পৰা সংগ্ৰহ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত পুথিভঁৰাল আৰম্ভ কৰিবলৈ সুবিধা কৰি দিছিল।[1][5][9][10][11]

সাহিত্য

[সম্পাদনা কৰক]

কবিতা আৰু উপন্যাসেৰে সাহিত্যিক জীৱন আৰম্ভ কৰা বসু অতি সোনকালেই সম্পাদনাৰ লগত ব্যাপকভাৱে জড়িত হৈ পৰে।[1]

সম্পাদক

[সম্পাদনা কৰক]
জাৰ্নেল
[সম্পাদনা কৰক]

বসুৱে একাধিক আলোচনী সম্পাদনা কৰিছিল — স্থানীয় ভাষাৰ মাহেকীয়া কাকত তপস্বিনী আৰু ভাৰত, সাহিত্য পৰিষদ পত্ৰিকা, বঙ্গীয় সাহিত্য পৰিষদৰ মুখপত্ৰ আৰু কায়স্থ, কায়স্থ সভা (যিখন তেখেতে‍ প্ৰতিষ্ঠা কৰিছিল)ৰ প্ৰকাশ।[1]

কিতাপ আৰু পাঠ্যগ্ৰন্থ
[সম্পাদনা কৰক]

তেওঁ একাধিক সমসাময়িক বাংলা লেখকৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু অসংখ্য মধ্যযুগৰ বাংলা শাস্ত্ৰীয় গ্ৰন্থ প্ৰকাশ কৰিছিল — জয়নন্দৰ চৈতন্য মংগলা, ৰঘুনাথ ভাগৱত আচাৰ্যৰ কৃষ্ণ প্ৰেম তৰংগিনী, বঙ্গীয় সাহিত্য পৰিষদৰ জৰিয়তে কাশী-পৰিক্ৰামা ইত্যাদি।[5][1] নগেন্দ্ৰনাথক পাঠ্যপুথি সমিতিলৈও মনোনীত কৰা হৈছিল৷[7]

বাংলা বিশ্বকোষ
[সম্পাদনা কৰক]

১৯ শতিকাৰ শেষৰ ফালে বসুৱে বাংলা বিশ্বকোষৰ সংকলনকাৰী হিচাপে ব্যাপক স্বীকৃতি লাভ কৰে[1], যিটো বাংলা ভাষাৰ (সেই সময়ত) অন্যতম সম্পূৰ্ণ বিশ্বকোষ আছিল।[12] বাংলা বিশ্বকোষৰ প্ৰথম খণ্ডটো ১৮৮৭ চনত ত্ৰ‍ৈলোক্যনাথ মুখোপাধ্যায়ে (আৰু তেওঁৰ ভাতৃ ৰঙ্গলালে) সংকলন কৰিছিল; কিন্তু তাৰ পাছৰ সকলো খণ্ড নগেন্দ্ৰনাথে সংকলন আৰু প্ৰকাশ কৰিছিল, যিটোত তেখেত ১৮৮৮ চনৰ পৰা ১৯১১ চনত ২২ সংখ্যক (আৰু শেষ) খণ্ড প্ৰকাশ হোৱালৈকে জডি়ত হৈ‍ আছিল।[12] ১৯১৬ চনৰ পৰা ১৯৩১ চনলৈকে নগেন্দ্ৰনাথে হিন্দী ভাষাত ২৪ খণ্ডৰ এক অনুবাদ সংকলন কৰি প্ৰকাশ কৰে।[12] ১৯৩৩ চনৰ পৰা তেখেত দ্বিতীয়টো হিন্দী সংস্কৰণ সংকলনত মনোনিৱেশ কৰে; কিন্তু তেখেতৰ মৃত্যুৰ আগতে মাত্ৰ চাৰিটা খণ্ডহে প্ৰকাশ পাইছিল আৰু প্ৰকল্পটো এতিয়াও অসম্পূৰ্ণ হৈ আছে।[12]

বংগেৰ জাতীয় ইতিহাস
[সম্পাদনা কৰক]

বহু খণ্ডৰ এই গ্ৰন্থখন কুলাপাঞ্জিকাৰ ওপৰত আধাৰিত আছিল — ই বিশিষ্ট পৰিয়ালৰ বংশাৱলীৰ ইতিহাস, আৰু তেতিয়াৰ পৰাই ইয়াক মেগনাম অপাছ হিচাপে গণ্য কৰা হয়।[13][2][14] ১৯১১ চনৰ পৰা ১৯৩৩ চনলৈকে ইয়াক ক্ৰমাগতভাৱে প্ৰকাশ কৰা হৈছিল।[13] বসুৱে দেশৰ বিভিন্ন প্ৰান্তৰ ঘটক (মেচমেকাৰ)ৰ পৰা এই কুলাপাঞ্জিকাসমূহ গোটাইছিল, যিয়ে বাঙালী সমাজত পেছাদাৰী বংশাৱলীবিদ হিচাপে উচ্চ প্ৰশংসা লাভ কৰিছিল (সমাজৰ মৰ্যাদাৰ বিবাদৰ মধ্যস্থতা কৰাৰ পৰিসৰলৈকে) আৰু ফলপ্ৰসূভাৱে সামাজিক স্মৃতিৰ আহিলা হিচাপে কাম কৰিছিল।[2][7]

তেওঁৰ ৰচনাৰ উৎস সামগ্ৰীৰ ঐতিহাসিকতাক সমসাময়িক পেছাদাৰী ইতিহাসবিদসকলৰ গৰিষ্ঠসংখ্যকে প্ৰায় সম্পূৰ্ণৰূপে নাকচ কৰিছিল য'ত আছিল অক্ষয় কুমাৰ মৈত্ৰেয়, ৰামপ্ৰসাদ চন্দ, আৰ চি মজুমদাৰ, আৰ ডি বেনাৰ্জী আৰু অন্যান্য যুক্তিবাদী-ধনাত্মকবাদী চিন্তাধাৰাৰ অন্তৰ্গত লোকসকল।[13][15] কাহিনীবোৰ কেৱল জাতি ভিত্তিক সুকীয়া ছাপ থকা আৱেগিক পদ্যই নহয়, ইটোৱে সিটোৰ লগত প্ৰায়ে বিৰোধিতা কৰিছিল, তাৰিখ নিৰ্ণয়ৰ ভুলৰ সন্মুখীন হৈছিল আৰু প্ৰত্নতাত্ত্বিক প্ৰমাণৰ দ্বাৰাও সমৰ্থন কৰিব পৰা হোৱা নাছিল।[13][16] কিন্তু বসু আৰু আনসকলে ৰোমান্টিক নেটিভিষ্ট স্কুল অনুসৰণ কৰিছিল আৰু সেইবোৰক থলুৱা সামাজিক ইতিহাসৰ এক ভঁৰাল হিচাপে গণ্য কৰিছিল, য’ত ইতিহাসৰ অৰ্থ কেৱল বংশ শাসক আৰু ৰাষ্ট্ৰৰ ৰৈখিক কালক্ৰম নহয় বৰঞ্চ স্থানীয় জাতি-সমাজ (সমাজা)ৰ নিজস্ব পৌৰাণিক কাহিনী, পৰম্পৰা আৰু বস্তুগত কৃতিত্বৰ সম্পূৰ্ণতাহে, যিটো জনসাধাৰণৰ অভিজ্ঞতা আৰু কুলাপাঞ্জিকাত প্ৰতিফলিত হয়।[13]

বিভিন্ন কুলাপাঞ্জিকাৰ পৰা পোৱা সামগ্ৰীসমূহ আত্মসাৎ কৰি বহল বাঙালী সমাজৰ ইতিহাস গঠন কৰা হৈছিল।[7]

অন্যান্য সমাজ ইতিহাস
[সম্পাদনা কৰক]

বসুৱে বিভিন্ন স্থানীয় জাতি-সমাজৰ বংশাৱলীৰ ইতিহাসক একত্ৰিত কৰি উত্তৰ ৰহৰ (উত্তৰ বংগৰ এটা ভৌগোলিক অঞ্চল) উপ-আঞ্চলিক ইতিহাস উত্তৰৰহিয়া কায়স্থ কাণ্ড (১৯১০) লিখিছিল।[7] বৰ্ধমান আৰু কামৰূপৰ আঞ্চলিক ইতিহাসৰ ওপৰত এটা খণ্ডও একে ধৰণেৰে প্ৰস্তুত কৰা হৈছিল।[7][3]স্থানীয় অভিজাত, ৰাজহ আৰু জমিদাৰসকলে বিভিন্ন ৰূপত তেওঁক পৃষ্ঠপোষকতা প্ৰদান কৰিছিল।[7]

সানমিহলি

[সম্পাদনা কৰক]

বসুৱে বংগৰ সংগীত ঐতিহ্যৰ বিষয়ে‍ বহুকেইটা খণ্ড ৰচনা আৰু সম্পাদনা কৰিছিল।[17][18]

বসুৰ ঐতিহাসিক পদ্ধতিক প্ৰত্যাহ্বান জনোৱা হৈছে। ভাৰতত মুছলমান শাসনৰ প্ৰতি তেওঁৰ প্ৰবল বিদ্বেষ আৰু তেতিয়াৰ প্ৰচলিত জাতিগত স্তৰক সামাজিক ব্যৱস্থা হিচাপে কঠোৰভাৱে গ্ৰহণ কৰাৰ বাবে‍ তেওঁৰ ব্যাখ্যাসমূহ এতিয়া প্ৰশ্নবোধক নিৰ্ভৰযোগ্য বুলি ধৰা হৈছে।[7][19] প্ৰজিত বিহাৰী মুখাৰ্জীয়েও তেওঁক এজন নিষ্ঠাৱান কায়স্থ প্ৰচাৰক বুলি অভিযোগ উত্থাপন কৰিছে।[20]

তেওঁৰ কুলাপাঞ্জিকাক প্ৰামাণিক উৎস(সমূহ) হিচাপে ব্যৱহাৰ কৰাটোৱে কেৱল অবিশ্বাস্যতাৰ দিশসমূহৰ প্ৰৱৰ্তন কৰাই নহয়[16] কিন্তু পৃথিৱীৰ প্ৰতি সবৰ্ণ দৃষ্টিভংগীও সমৰ্থন কৰিছে;[7] সম্পূৰ্ণ মিথ, কিংবদন্তি আৰু জনপ্ৰিয় কল্পনা (বিশেষকৈ আৰ্য্যসকলৰ মহত্ত্বৰ বিষয়ে আৰু আৰ্য বৈশিষ্ট্যৰ সৈতে মিল থকা এক প্যান-বাঙালী পৰিচয়) তেওঁৰ ৰচনাসমূহত সঘনাই ব্যপ্ত।[7]

নগেন্দ্ৰনাথ বসু ফলক

তেওঁ "ৰায়চাহেব"[7] আৰু "প্ৰচ্যাবিদ্যামহৰ্ণৱ" উপাধি লাভ কৰে।[16] ১৯১৫ চনৰ ১৭ মাৰ্চত কলকাতা পৌৰ নিগমে বাংলা বিশ্বকোষৰ আঁৰৰ তেওঁৰ অগ্ৰণী প্ৰচেষ্টাৰ স্মৃতিত বাসুৰ ৮ নং আৱাসিক ৰাস্তা কান্তপুকুৰ লেনৰ নাম সলনি কৰি বিশ্বকোষ লেন নামেৰে নামাকৰণ কৰে।[21]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 Bhowmik, Dulal. "Basu, Nagendranath". Banglapedia. Archived from the original on 18 November 2018. Retrieved 15 July 2026.
  2. 1 2 3 Majumdar, Rochona (November 2004). "Looking for Brides and Grooms: Ghataks, Matrimnials, and the Marriage Market in Colonial Calcutts, circa 1875–1940" (en ভাষাত). The Journal of Asian Studies খণ্ড 63 (4): 911–935. doi:10.1017/S0021911804002360. ISSN 1752-0401. https://archive.org/details/sim_journal-of-asian-studies_2004-11_63_4/page/911.
  3. 1 2 Gupta, Swarupa (2018-01-01) (en ভাষাত). Cultural Constellations, Place-Making and Ethnicity in Eastern India, c. 1850-1927. Brill. ISBN 978-90-04-34976-6. https://brill.com/view/title/32088.
  4. 1 2 Ghosh, Nabaparna (2023-07-03). "INHERITING caste: the judicial construction of Bengali Kayastha caste identity in inheritance settlements in colonial Calcutta". South Asian History and Culture খণ্ড 14 (3): 336–355. doi:10.1080/19472498.2022.2095597. ISSN 1947-2498.
  5. 1 2 3 4 Historical Dictionary of the Bengalis, Kunal Chakrabarti, Shubhra Chakrabarti, Scarecrow Press, 2013, p. 83
  6. ↑ Chakravarty, Ishita (2019-10-01). "Owners, creditors and traders: Women in late colonial Calcutta" (en ভাষাত). The Indian Economic & Social History Review খণ্ড 56 (4): 427–456. doi:10.1177/0019464619873800. ISSN 0019-4646.
  7. 1 2 3 4 5 6 7 8 9 10 11 Gupta, Swarupa (2009-06-24) (en ভাষাত). Notions of Nationhood in Bengal: Perspectives on Samaj, c. 1867-1905. Brill. ISBN 978-90-474-2958-6. https://brill.com/view/title/15737.
  8. 1 2 Guha-Thakurta, Tapati (2004). "Between the nation and the region: The locations of a Bengali archaeologist" (en ভাষাত). Monuments, Objects, Histories, Institutions of Art in Colonial and Post-Colonial India. প্ৰকাশক New York: Columbia University Press. পৃষ্ঠা. 124–25. doi:10.7312/guha12998-006. ISBN 978-0-231-50351-8. https://books.google.com/books?id=XFzjSSnT5NUC.
  9. ↑ Roy, Tapti (2018-11-13) (en ভাষাত). Print and Publishing in Colonial Bengal: The Journey of Bidyasundar. Taylor & Francis. ISBN 978-0-429-67351-1. https://books.google.com/books?id=rrF5DwAAQBAJ.
  10. ↑ Bose, Neilesh (2014-04-03). "Remapping Muslim literary culture: folklore, Bulbul, and world-making in late colonial Bengal". South Asian History and Culture খণ্ড 5 (2): 214. doi:10.1080/19472498.2014.883759. ISSN 1947-2498.
  11. ↑ Ghosh, Anindita (2016-08-01). "Cheap Books, 'Bad' Books: Contesting Print-Cultures in Colonial Bengal" (en ভাষাত). South Asia Research খণ্ড 18 (2): 181. doi:10.1177/026272809801800204.
  12. 1 2 3 4 Datta, Amaresh (1988) (en ভাষাত). Encyclopaedia of Indian Literature: Devraj to Jyoti. Sahitya Akademi. পৃষ্ঠা. 1162. ISBN 978-81-260-1194-0. https://books.google.com/books?id=zB4n3MVozbUC.
  13. 1 2 3 4 5 Chatterjee, Kumkum (2005-12-01). "The King of Controversy: History and Nation-Making in Late Colonial India" (en ভাষাত). The American Historical Review খণ্ড 110 (5): 1454–1475. doi:10.1086/ahr.110.5.1454. ISSN 0002-8762. https://archive.org/details/sim_american-historical-review_2005-12_110_5/page/1454.
  14. ↑ Ghosh, Semanti (2016-11-17) (en-US ভাষাত). Promises and Politics of a New Nation: 1912–25. Oxford University Press. doi:10.1093/acprof:oso/9780199468232.001.0001. ISBN 978-0-19-908738-9. https://www.oxfordscholarship.com/view/10.1093/acprof:oso/9780199468232.001.0001/acprof-9780199468232-chapter-3.
  15. ↑ Chakrabarty, Dipesh (2004-04-01). "Reviews". Postcolonial Studies খণ্ড 7 (1): 127. doi:10.1080/1368879042000210630. ISSN 1368-8790.
  16. 1 2 3 Chakravarti, Bisweswar (1955). "Raja Ganesa—A Myth". Proceedings of the Indian History Congress খণ্ড 18: 159. ISSN 2249-1937.
  17. ↑ Chaudhuri, Narayan (1973). "Musical Literature of Bengal". Indian Literature খণ্ড 16 (1/2): 14–27. ISSN 0019-5804.
  18. ↑ Williams, Richard David (2016-12-28). "Music, Lyrics, and the Bengali Book: Hindustani Musicology in Calcutta, 1818–1905" (en ভাষাত). Music and Letters খণ্ড 97 (3): 465–495. doi:10.1093/ml/gcw071. ISSN 1477-4631. https://muse.jhu.edu/article/642689.
  19. ↑ "Kayasthas of Bengal" (en ভাষাত). Economic and Political Weekly খণ্ড 52 (47): 7–8. 2015-06-05. https://www.epw.in/journal/2017/47/special-articles/kayasthas-bengal.html.
  20. ↑ Mukharji, Projit Bihari (2016-10-14) (en ভাষাত). Doctoring Traditions: Ayurveda, Small Technologies, and Braided Sciences. University of Chicago Press. পৃষ্ঠা. 47. ISBN 978-0-226-38313-2.
  21. ↑ Dutta, Krishna (2003) (en ভাষাত). Calcutta: A Cultural and Literary History. Signal Books. পৃষ্ঠা. 44. ISBN 978-1-902669-59-5. https://books.google.com/books?id=UKfoHi5412UC.