নটুৱা নাচ
অৱয়ব
সত্ৰীয়া নৃত্যধাৰাৰ এপদ আকৰ্ষণীয় নাচ হ'ল- নটুৱা নাচ। গুৰু দুজনা আৱিৰ্ভাৱৰ পূৰ্বৰেপৰা উজনি-নামনিৰ সত্ৰবোৰত দেৱদাসী নৃত্যৰ পয়োভৰ আছিল। এই নাচৰ বিভিন্ন ৰূপাংগৰ আধাৰত সত্ৰসমূহত নটুৱা নাচে এঙামুৰি দিয়ে। কোনো কোনো লোকৰ মতে এই নাচৰ সৃষ্টিত মহাপুৰুষ মাধৱদেৱৰ অৱদান ভালেখিনি। কম বয়সৰ ল'ৰাক, ছোৱালী সাজ-পাৰ পিন্ধাই সৃষ্টি কৰা এই নাচৰ সৈতে দেৱদাসী নৃত্যৰ ভালেখিনি সাদৃশ্য ধৰা পৰে।[1] যেনে-
- দুয়োটা নাচতে বগা সাজ ব্যৱহাৰ হয়;
- দেৱদাসীৰ বুকুত মেঠনি আৰু নটুৱা থাকে কঁকালত টঙালি;
- দেৱদাসীৰ মুখমণ্ডল ওৰণিৰে ঢাক খোৱা, নটুৱাই মূৰত মাৰে এক বিশেষ ধৰণৰ পাগুৰী;
- তাণ্ডৱৰ বাজনাৰে উভয় নৃত্যৰে আৰম্ভণি আৰু পৰিসমাপ্তি;
- দুয়োটা নাচতে অযুগ্ম সংখ্যাৰ শিল্পীয়ে ভাগ লয়।
এই নাচৰ ভাগ তিনিটা- ঘাট, গীতৰ নাচ আৰু মেলা নাচ। এই বিভাগবোৰে সত্ৰভেদে বেলেগ নাম লৈছে। নামনিৰ সত্ৰবোৰত এই নাচ নাই। উজনিৰ দক্ষিণ পাট, আউনীআটী, গড়মূৰ, বেঙেনাআটী প্ৰভৃতি সত্ৰত এই নাচ অদ্যপি বৰ্তমান।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ নাৰায়ণ দাস (মুখ্য সম্পাদক) অসমৰ সংস্কৃতি কোষ (২০২১), প্ৰকাশক: জ্যোতি প্ৰকাশন, পৃষ্ঠা.৩৫২