সমললৈ যাওক

নতাশা সূৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নতাশা সূৰী
জন্ম ১৫ মে', ১৯৮৯ (৩৬ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষানুষ্ঠান জয় হিন্দ কলেজ,
মুম্বাই, ভাৰত
উচ্চতা ৫ ফুট ৮ ইঞ্চি (১.৭৩ মিটাৰ)
'Beauty pageant titleholder'
Title ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০০৬
মিছ মহাৰাষ্ট্ৰ
গেট গৰ্জিয়াছ-I চুপাৰমডেল অৱ ইণ্ডিয়া
নেভি কুইন
Hair color ক'লা
Eye color ক'লা
Major
competition(s)
ফেমিনা মিছ ইণ্ডিয়া ২০০৬
(ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০০৬)
মিছ মহাৰাষ্ট্ৰ
(বিজয়ী)
গেট গৰ্জিয়াছ-I চুপাৰমডেল অৱ ইণ্ডিয়া
(বিজয়ী)
নেভি কুইন
(বিজয়ী)
মিছ ৱৰ্ল্ড ২০০৬
(শীৰ্ষ ১৭)
ৱেবছাইট
www.natashasuri.in

নতাশা সূৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছুপাৰমডেল, টিভি আয়োজক আৰু প্ৰাক্তন মিছ ৱৰ্ল্ড ইণ্ডিয়া। ২০০৬ চনত ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া খিতাপ লাভ কৰাৰ লগতে পোলেণ্ডত অনুষ্ঠিত হোৱা সন্মানীয় মিছ ৱৰ্ল্ড পেজেণ্টত ভাৰতক আৰু অধিক প্ৰতিনিধিত্ব কৰি ফাইনেলত শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

নতাশা সূৰীৰ শেষৰ হিন্দী চিনেমা 'Tipppsy' ২০২৪ চনৰ ১০ মে’ তাৰিখে ভাৰতজুৰি মুক্তি পায়। তেওঁৰ বলীউড চিনেমা 'Dangerous', য'ত বিপাশা বসু, কৰণ সিং গ্ৰ’ভাৰ আৰু তেওঁ অভিনয় কৰিছিল, ২০২০ চনৰ ১৪ আগষ্টত মুক্তি পায়। এই চিনেমাত তেওঁ ‘গৌৰী’ৰ ভূমিকাত অভিনয় কৰে। ২০২০ চনৰ জুলাইত মুক্তি লাভ কৰা হিন্দী চিনেমা 'Virgin Bhanupriya'-ত তেওঁ 'সোণালী'ৰ চৰিত্ৰত অভিনয় কৰিছিল।

সূৰীয়ে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল ২০১৬ চনৰ মালয়ালম চিনেমা 'King Liar'ৰ জৰিয়তে, য'ত তেওঁ দীলীপ আৰু মাদন্নাৰ সৈতে অভিনয় কৰিছিল। ২০১৮ চনত Amazon Primeৰ জনপ্ৰিয় ৱেব ছিৰিজ 'Inside Edge'-ত তেওঁ এটা ৰহস্যময়ী মহিলা ৰূপে উপস্থিত হয়। তেওঁ ভাৰতীয় পপ ষ্টাৰ মিকা সিঙৰ সংগীত ভিডিঅ’ 'Tum Jo Mil Gaye Ho' আৰু জেজী বি আৰু এপাচি ইণ্ডিয়নৰ 'Dil Mangdi' সংগীত ভিডিঅ’ত অংশগ্ৰহণ কৰিছিল।

নতাশাই মিছ ইণ্ডিয়া বিজয় কৰাৰ আগতে নেভী কুইন (২০০৫), মিছ মহাৰাষ্ট্ৰ (২০০৫) আৰু Get Gorgeous-1 (২০০৪) আদি বহুতো সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী হৈছিল।

তেওঁ জনপ্ৰিয় টেলিভিশন অনুষ্ঠান পৰিচালিকা হিচাপে ১২টাতকৈ অধিক অনুষ্ঠান পৰিচালনা কৰিছে। তেওঁ NDTV India-ৰ 'Cell Guru' আৰু বিলাসিতা-জীৱনশৈলীৰ অনুষ্ঠান 'Velvet' পৰিচালনা কৰিছিল। লগতে তেওঁ 'Big Switch' (Season 3), 'SuperDude', 'Live Out Loud' (UTV Bindass) আৰু 'Style Police' (UTV Bindass)-ৰ পৰিচালিকা আছিল।

নতাশাই তাৰুণ তাহিলিয়ানি, ৰোহিত বাল, সুনীত বৰ্মা, ঋতু কুমাৰ, হেমন্ত ত্ৰিৱেদী আৰু নীতা লুল্লাৰ দৰে প্ৰসিদ্ধ ফেশ্বন ডিজাইনৰ বাবে মডেলিং কৰিছিল।

তেওঁ ৰোম ফেশ্বন উইকত প্ৰথমবাৰৰ বাবে ৰেম্পত খোজ কাঢ়ে আৰু তাৰপাছত দুবাই ফেশ্বন উইক, Amazon India Fashion Week আৰু Lakme Fashion Weekত পাঁচবাৰৰো অধিক অংশগ্ৰহণ কৰে। তেওঁ ১০০০তকৈও অধিক ৰেম্প শো-ত খোজ কাঢ়িছে আৰু বিভিন্ন ডিজাইনৰ শ্ব’ষ্ট’পাৰ ৰূপে পৰিচিত।

আলোকচিত্ৰ মডেল হিচাপে, নতাশাই 'Femina', 'Elle', 'Top Gear', 'Maxim', 'Avante Garde Life', 'Lifestyle & Luxury', 'Time & Style', 'Fitness First', 'Time Out', 'Fashion You Intimate', 'Brides Now', 'Models & Trends' আৰু 'Smart Photography' আদি আলোচনীৰ আৱৰণ মুখ আছিল।

২০১৬ চনত তেওঁ 'Maxim' আলোচনীৰ ১০০জন হটেষ্ট মহিলাৰ তালিকাত স্থান লাভ কৰিছিল। ২০০৭ চনত তেওঁ Mauritiusৰ পৰ্যটন দূত হিচাপে নিযুক্ত হয় আৰু দেশেৰ উপ-প্ৰধানমন্ত্ৰীৰ পৰা Friends of Mauritius সন্মান লাভ কৰে। ২০০৬ চনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ভাৰতীয় দূতৰূপে অভিনন্দন জনায়। ২০১২ চনত তেওঁ Seychelles India National Parade-ত অতিথি আছিল। ২০০৮ চনত তেওঁ Pillar of Hindustan সন্মানেৰে সন্মানিত হয়।

সৌন্দৰ্য প্ৰতিযোগিতাত সাফল্য

[সম্পাদনা কৰক]
  • ২০০৫: নেভী কুইন – বিজয়ী
  • ২০০৫: মিছ মহাৰাষ্ট্ৰ – বিজয়ী
  • ২০০৪: Get Gorgeous-1 – বিজয়ী
  • ২০০৬: মিছ ইণ্ডিয়া ৱৰ্ল্ড – বিজয়ী, মিছ ব’ষ্ট স্মাইল, মিছ ব্যক্তিত্ব
  • ২০০৬: মিছ ৱৰ্ল্ড – চেমিফাইনেলিষ্ট, মিছ বেষ্ট ব’ডি (৩য় স্থান), বেষ্ট ডিজাইনৰ গাউন, মিছ টেলেণ্ট (শীৰ্ষ ৫)

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নতাশা সূৰী আধা পাঞ্জাবী আৰু আধা তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ ৰাজন সূৰী আৰু মাতৃ ৰাধা সূৰী। তেওঁৰ দুই ভগ্নী ৰূপালী আৰু সোণীয়া। ৰূপালী এগৰাকী জনপ্ৰিয় টিভি পৰিচালিকা আৰু অভিনেত্ৰী, আৰু সোণীয়া এগৰাকী ফেশ্বন ডিজাইনেৰ। ২০১৭ চনত নতাশাই নিজৰ মাতৃক এক দীঘলীয়া অসুখৰ ফলত হেৰুৱাইছিল। তেওঁ নিজৰ মাতৃক নিজৰ শক্তিৰ উৎস আৰু জীৱনৰ মুখ্য অৱলম্বন বুলি বিবেচনা কৰে।

নতাশা এজন ৰাষ্ট্ৰপ্ৰেমী আৰু সমাজসেৱী, যিয়ে বহুতো সমাজসেৱামূলক কাৰ্যত অংশগ্ৰহণ কৰিছে। তেওঁ “Fall down seven, get up eight” মতবাদত বিশ্বাস কৰে। তেওঁ গভীৰভাৱে আধ্যাত্মিক আৰু ঈশ্বৰত দৃঢ় বিশ্বাসী।

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
বৰ্ষ শীৰ্ষক চৰিত্ৰ ভাষা টোকা উল্লেখ
২০১৬ কিং লায়াৰ নাতাশা মালয়ালম
২০১৭ ইনচাইড এজ মিষ্টাৰী লেডী হিন্দী আমাজন প্ৰাইম ভিডিঅ'ৰ ৱেব ছিৰিজ
২০১৮ বা বা ব্লেক চিপ কামিয়া হিন্দী
২০২০ ভাৰ্জিন ভানুপ্ৰিয়া সোণালী হিন্দী ZEE 5-ত মুক্তি [2]
ডেঞ্জাৰাছ গৌৰী হিন্দী MX Player-ৰ ৱেব ছিৰিজ [3]
২০২৪ টিপ্পচী তান্যা হিন্দী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Natasha Suri | Actress" (en-US ভাষাত). IMDb. https://www.imdb.com/name/nm8038871/। আহৰণ কৰা হৈছে: 2024-06-04. 
  2. Shrivastava, Anuradha (6 July 2017). "Former Miss Indias Natasha Suri and Urvashi Rautela to feature in a film". www.indiatvnews.com. https://www.indiatvnews.com/entertainment/bollywood-former-miss-indias-natasha-suri-and-urvashi-rautela-to-feature-in-a-film-latest-breaking-news-today-389741. 
  3. Service, Tribune News. "Actor Natasha Suri tests positive for COVID-19". Tribuneindia News Service. https://www.tribuneindia.com/news/entertainment/actor-natasha-suri-tests-positive-for-covid-19-124261.