নতুন কবিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নতুন কবিতা  
প্ৰকাৰ কবিতাৰ সঙ্কলন
প্ৰকাশক বনলতা
প্ৰকাশ ১৯৫৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ

নতুন কবিতা অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সম্পাদক মহেন্দ্ৰ বৰা৷ সঙ্কলনটোৰ প্ৰথম প্ৰকাশ হয় ১৯৫৬ চনত৷[1] গ্ৰন্থখন মূলতঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ নিৰ্বাচিত সংকলন৷

গ্ৰন্থ বিৱৰণ[সম্পাদনা কৰক]

নতুন কবিতা পুথিখনত সৰ্বমুঠ ২০ জন অসমীয়া নিৰ্বাচিত কবিৰ কবিতা সংকলিত হৈছে৷ আগকথা লিখিছে মহেন্দ্ৰ বৰাই৷ গ্ৰন্থখনৰ নিৰ্বাচিত কবিসকল হৈছে- দেৱকান্ত বৰুৱা, হেম বৰুৱা, নৱকান্ত বৰুৱা, হৰি বৰকাকতি, অজিত বৰুৱা, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, মহেন্দ্ৰ বৰা, অমলেন্দু গুহ, হোমেন বৰগোহাঞি, বীৰেশ্বৰ বৰুৱা, দিনেশ গোস্বামী, ৰাম গগৈ, পবিন্দ্ৰ বৰা, প্ৰফুল্ল ভূঞা, নীলমণি ফুকন, বীৰেন বৰগোহাঞি, মাণিক গগৈ, সুশীল শৰ্মা, চৈইদুদ্দিন আহমদ ৷ প্ৰতিজন নিৰ্বাচিত কবিৰ তিনিটাৰ পৰা আৰম্ভ কৰি ৮, ৯ টা পৰ্যন্ত কবিতা সন্নিৱিষ্ট কৰা হৈছে৷

নতুন কবিতাই পঞ্চাশৰ দশকৰ আধুনিক অসমীয়া কবিতাৰ ধাৰাটোক প্রতিফলিত কৰিছিল। এই ধাৰাটোৱে মুকলি কৰা পথতেই আছে ফুল তৰা গান’ৰ কবি আৰু কাব্যকৃতিৰ আলােচনা। দৰাচলতে নিজ দেশৰ ভৌগােলিক পৰিধি পাৰ হৈ বিশ্বৰ বিভিন্ন প্রান্তৰ প্রাচীন (ওমৰ, হাফেজ, মােগল ৰাজদৰবাৰৰ কবিসকল) আৰু আধুনিক (ৰাইনাৰ মাৰিয়া ৰিল্কে, ডাইলান টমাছ) কবিসকলৰ কাব্য ধাৰণাৰ সৰস বর্ণনা দি মহেন্দ্ৰ বৰাই তেওঁৰ অধ্যয়নৰ বিশালতা আৰু গভীৰতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। পাতনিত লেখকে নিজেই কৈছে ‘ফুল তৰা গান’ ‘মােৰ পাৰ-বাগৰ যৌৱনৰ ৰচনা। সেয়ে উচ্ছাসপ্রৱণ ভাবানুভূতিৰ বাবে প্রবন্ধসমূহৰ সকলােটিত সমান পৰিপূৰ্ণ গভীৰতা নাই। ঠায়ে ঠায়ে ৰম্য ৰচনাৰ ভঙ্গিমাও আছে। যিসময়ত এই পুথিখন ৰচিত হৈছিল সেই সময়ত অসমীয়া পাঠক সমাজক বিশ্ব কাব্যসাহিত্যৰ আভাষ দিব পৰা গ্রন্থ প্ৰায় নাছিল। [2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]