সমললৈ যাওক

নতুন সমালোচনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নৱ্য বা নতুন সমালোচনা হৈছে সাহিত্য তত্ত্বৰ এক আনুষ্ঠানিকতাবাদী আন্দোলন। যিয়ে কুৰি শতিকাৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে আমেৰিকান সাহিত্য সমালোচনাত অধিপত্য বিস্তাৰ কৰিছিল। নতুন সমালোচনাৰ ইংৰাজী প্ৰতিশব্দ হিচাপে (New Criticism) অভিধাটো ব্যৱহাৰ কৰা হয়। আমেৰিকান সাহিত্য সমালোচক জে.ই স্পিনগাৰ্নে (J.E Spingarn) ১৯১০ চনত কলম্বিয়া ইউনিভাৰ্চিটিত প্ৰদান কৰা এটা ভাষণত পোন প্ৰথমবাৰৰ বাবে নতুন সমালোচনা শব্দটো ব্যৱহাৰ কৰিছিল। ১৯৪১ চনতজন ক্ৰ ৰেনছমে (John Crowe ransom) তেওঁৰ দ্য নিউ ক্ৰিটিচিজিম (The New Criticism) শীৰ্ষক গ্ৰন্থখনৰ জৰিয়তে ইয়াক অধিক জনপ্ৰিয় কৰি তুলিছিল। পিছত ৰেনছমৰ এই গ্ৰন্থখনৰ পৰাই আন্দোলনৰ নামটো লোৱা হৈছে। নতুন সমালোচনা বিভিন্ন প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বিশেষকৈ কেম্ব্ৰিজৰ বিদ্বান আই.এ.ৰিচাডৰ্ছ (I.A.Richards)ৰ গৱেষণামূলক কাম "ব্যৱহাৰিক আলোচনা" (Practical Criticism, ১৯২৯) আৰু "অৰ্থৰ অৰ্থ"(Meaning of Meaning) যিটোক এটা অভিজ্ঞতামূলক বৈজ্ঞানিক পদ্ধতি বুলি দাবী কৰা হৈছিল আৰু এইটোৱে নতুন সমালোচনাৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।[1] তদুপৰি টি.এছ.এলিয়ট (T.S.Eliot)ৰ মহত্ত্বপূৰ্ণ নিৱন্ধৰাজি যেনে: নৈৰ্ব্যক্তিক সূত্ৰ (Impersonality Theory of Poetry) নতুন সমালোচনাৰ বিকাশৰ দিশত প্ৰভাৱশালী আছিল।

বৈশিষ্ট্যসমূহ

[সম্পাদনা কৰক]
  • আই.এ ৰিচাৰ্ডছৰ সাহিত্য সমালোচনাৰ (১৯২৪) আৰু ব্যৱহাৰিক সমালোচনা (১৯২৯) আৰু টি.এছ. এলিয়টৰ সমালোচনামূলক প্ৰবন্ধসমূহত এই আন্দোলনটিৰ কথা উল্লেখ কৰিছে। এই সমালোচনাই লেখকৰ জীৱনী সাহিত্যৰ সামাজিক প্ৰেক্ষাপট আৰু সাহিত্যৰ ইতিহাসৰ সেই যুগৰ পণ্ডিত, সমালোচনাৰ যথাযথ ভাব বাহ্যিক পৰিস্থিতি বা ঐতিহাসিক অৱস্থাৰ লগত জড়িত নহয়। এই কাম স্বাধীনভাৱে নিজ বিবেচনাৰ লগত জড়িত। নতুন সমালোচনা চৰিত্ৰগতভাৱে স্বাধীন।
  • নতুন সমালোচনাই কেৱল পাঠ এটাৰ আংগিকৰ ওপৰত গুৰুত্ব আৰোপ কৰে। (উপমা, ছন্দ, ৰূপক, অলংকাৰ, শব্দচয়ন)
  • নতুন সমালোচনাত লেখক এজনৰ আৱেগ, অনুভূতি আৰু পটভূমি গুৰুত্বপূৰ্ণ নহয়।
  • পাঠকৰ নিজৰ মানসিক, আৱেগিক প্ৰভাৱৰ ভিত্তিত পাঠ এটাৰ বিচাৰ কৰাৰ কথাটো নতুন সমালোচনাই বিৰোধিতা কৰে।[2]
  • নতুন সমালোচনাৰ মতে কোনো গ্ৰন্থ মূল্যায়নৰ বাবে পাঠৰ সৈতে জড়িত কোনো জীৱনী বা কোনো গৌণ সামগ্ৰী গুৰুত্বপূৰ্ণ নহয়।
  • নতুন সমালোচকসকলে সাহিত্যৰ অন্যান্য ধাৰাতকৈ কবিতাক বেছি সমৰ্থন কৰিছিল। কাৰণ তেওঁলোকৰ মতে কবিতা হল সাহিত্যিক মূল্যবোধৰ আটাইতকৈ বিশুদ্ধ উদাহৰণ।
  • নতুন সমালোচনাত কোনো পাঠ বৰ্হিভূত কথা প্ৰয়োজনীয় নহয়।
  • নতুন সমালোচনাই দুটা কথা নাকচ কৰে-
  1. পাঠ এটাৰ যে নিৰ্দিষ্ট অৰ্থ থাকে আৰু এই অৰ্থৰ অধিকাৰীটো হৈছে পাঠৰ স্ৰষ্টা- এই কথাটো নতুন সমালোচনাই নাকচ কৰে।
  2. পাঠকৰ মনত যি ক্ৰিয়া-প্ৰতিক্ৰিয়া হয় সেইটোৱে ইয়াৰ অৰ্থ- এই কথাটো নতুন সমলোচনাই নাকচ কৰে।

সমালোচনা

[সম্পাদনা কৰক]

বিংশ শতিকাৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে উত্থাপিত হোৱা সাহিত্য তত্ত্ব নতুন সমালোচনাই সাহিত্য বিশ্লেষণত সমালোচকসকলৰ দৃষ্টিভংগীত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। ইয়াৰ মূলতে নতুন সমালোচনাই কোনো গ্ৰন্থৰ নিবিড় পঠন (Close Reading)ৰ পোষকতা কৰে। কেৱল গ্ৰন্থখনৰ আভ্যন্তৰীণ গুণসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নতুন সমালোচনাৰ সমৰ্থকসকলে যুক্তি আগবঢ়ায় যে লেখকৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি কোনো গ্ৰন্থৰ ব্যাখ্যা কৰিলে ভুল পঢ়াৰ সৃষ্টি হব পাৰে। সেয়েহে তেওঁলোকে কেৱল পাঠটোৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰে।[3]

নতুন সমালোচনাক নাৰীবাদী তত্ত্বই সমৰ্থন নকৰে যিটো প্ৰায়ে যৌন পৰিচয় আৰু মানৱ শৰীৰৰ সৈতে জড়িত। নতুবা ই উত্তৰ-ঔপনিৱেশিক তত্ত্বৰ সৈতেও মিল নাই যিয়ে লিখিতভাৱে দ্বৈত পৰিচয়, ব্যক্তিগত অভিজ্ঞতা আৰু ৰাজনৈতিক পক্ষপাতিত্বৰ বিষয়ে আলোচনা কৰে।[4]

নতুন সমালোচনা সম্পৰ্কে আলোচিত কেইখনমান গ্ৰন্থ

[সম্পাদনা কৰক]
  • টি.এছ.এলিয়টৰ "Tradition and Individual Talent" (১৯১৯)
  • আই.এ. ৰিচাৰ্ডছৰ "Principles of Literary Criticism" (১৯২৪) আৰু "Practical Criticism" (১৯২৯)
  • উইলিয়াম এম্পচনৰ "Seven Types of Ambiguity" (১৯৩০)
  • জন ক্ৰ' ৰেনচমৰ "The New Criticism" (১৯৪১) আৰু "Wanted :An Ontological Critic" (১৯৪১)
  • ব্ৰুকচৰ "The Well Wroth Urn: Studies In The Structure of Poetry" (১৯৪৭)
  • উইমছেট আৰু বিয়াৰ্ডশ্লেৰ "The Affective Fallacy" (১৯৪৯) আৰু "The Intentional Fallacy" (১৯৫৪)

আধাৰ গ্ৰন্থ

[সম্পাদনা কৰক]
  • শোণিত বিজয় দাস আৰু মুনীন বায়ন সম্পাদিত, হীৰেন গোহাঁই ৰচনাৱলী, ২০০৯
  • William Empson, Seven Types of Ambiguity, 1930
  • John Crowe Ransom, The New Criticism, 1941
  • Wimsatt, W.K and Beardsley M.C. Affective Fallacy (1949) and Intentional Fallacy (1954)
  • Cleanth Brooks, The Well Wrought Urn Studies in the Structure of Poetry,1947

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lynn, Steven. Texts and Contexts: Writing about Literature with Critical Theory. Addison-Wesley, 2001.
  2. For an overview, see Gerald Graff, Professing Literature, Chicago and London: The University of Chicago Press, 1987.
  3. Brooks, Cleanth. "The New Criticism." The Sewanee Review 87:4 (1979) 598.
  4. Pivato, Joseph. "Echo: Essays on Other Literatures." Toronto: Guernica, 1994, 2003.