সমললৈ যাওক

ননী চন্দ্ৰ বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ননী চন্দ্ৰ বৰদলৈ

ননী চন্দ্ৰ বৰদলৈ
জন্ম ফেব্ৰুৱাৰী, ১৯২০[1]
মৃত্যু ১৬ জুন, ২০০২ (৮২ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
পেচা চিকিৎসক, মনোৰোগ বিশেষজ্ঞ
গৃহস্থান যোৰহাট জিলা
দাম্পত্যসঙ্গী উমা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী বঁটা

ননী চন্দ্ৰ বৰদলৈ (ইংৰাজী: Nani Chandra Bordoloi)অসমৰ এগৰাকী চিকিৎসক তথা মনোৰগ বিশেষজ্ঞ। ১৯৬৩ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[2] মনোৰোগ চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা লাভ কৰি ভাৰতৰ এই সন্মান লাভ কৰা প্ৰথমজন মনোৰোগ বিশেষজ্ঞ হিচাপে পৰিগণিত হয়।[3]সেই সময়ৰ ৰাষ্ট্ৰপতি ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ হাতৰপৰা তেওঁ এই বঁটা গ্ৰহণ কৰে।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ননী চন্দ্ৰ বৰদলৈৰ জন্ম হয় ১৯২০ চনৰ ফেব্ৰুৱাৰী মাহত যোৰহাটত। তেওঁ তেওঁৰ ককায়েক এজনৰ যত্নত ডাঙৰ-দীঘল হয়। ১৯৩৬ চনত তেওঁ যোৰহাট হাইস্কুলৰপৰা (কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ) প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪০ চনত তেওঁ ডিব্ৰুগড় চহৰৰ বেৰি হোৱাইট মেডিকেল স্কুলৰপৰা এল. এম. পি. পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫০ চনত তেওঁ কলকাতাৰ লেক মেডিকেল কলেজৰপৰা এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হয়।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ডা° বৰদলৈ উত্তৰ-পূব ভাৰতৰ এজন অগ্ৰণী মনোৰোগ চিকিৎসক আছিল। ১৯৪০ চনত তেওঁ ডিব্ৰুগড় চিভিল হাস্পতালত হোম চাৰ্জনৰূপে কাৰ্যনিৰ্বাহ কৰিবলৈ লয়। ১৯৪২-৪৫ চনলৈ তেওঁ হাফলং চিভিল হাস্পতালত নিয়োজিত হয়। এম বি বি এছ উপাধি লাভ কৰাৰ পাছত তেওঁ উত্তৰ প্ৰদেশৰ বেৰেলি চহৰৰ সামৰিক সেৱাৰ চিকিৎসালয়ত নিযুক্ত হয়। ১৯৫২ চনত তেওঁ অসম চৰকাৰৰ অধীনত মানসিক চিকিৎসালয়ত নিযুক্ত হয়। ১৯৫৪-৫৭ চনত সময়ছোৱাত তেওঁ কলম্বো আঁচনিৰ অধীনত কানাডাৰ মেকগীল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ লয়। তাৰপৰা উভতি আহি, তেজপুৰ মানসিক চিকিৎসালয়ত অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিবলৈ লয়। ১৯৭৬ চনত অৱসৰ লোৱাৰ পূৰ্বে ড° বৰদলৈয়ে ইয়াতে ২৫বছৰীয়া সেৱা উছৰ্গা কৰিছিল (অসম চৰকাৰত সেই সময়ত অৱসৰৰ বয়স আছিল ৫৮ বছৰ)। তেওঁৰ কাৰ্যকালত ১৯৮২ চনলৈকে মেঘালয়ৰ দুৰ্গম অঞ্চলত ছটা ভ্ৰাম্যমাণ মানসিক চিকিৎসালয় স্থাপন আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[3]

উল্লেখনীয় কৰ্মৰাজি

[সম্পাদনা কৰক]

১৯৬২ চনত ভাৰত চীনৰ আক্ৰমণৰ সময়ছোৱাত চীনা আক্ৰমণকাৰীসকল তেজপুৰ চহৰৰ নিচেই ওচৰ পোৱাত, তেজপুৰৰ বাসিন্দাসকলে ভয়ত তেজপুৰ এৰিবলৈ বাধ্য হয়। কিন্তু এই সময়ছোৱাত ৰোগীসকলক লৈ সমস্যাত পৰে ডা° বৰদলৈ। তেওঁ ৰোগীসকলৰ কথা চিন্তা কৰি, স্বাস্থ্য কেন্দ্ৰখনৰপৰা আঁতৰি নগ'ল। ৰোগীসকলৰ লগত তেওঁ একাত্ম হৈ থাকে। এই হুলস্থূলৰ সময়ত তেজপুৰ মানসিক চিকিৎসালয়ৰ অধীক্ষক ডা° ননী বৰদলৈয়ে তেওঁৰ কৰ্মচাৰী আৰু ৰোগীৰ পৰিয়ালক গুৱাহাটী (১৮০ কিলোমিটাৰ দূৰত) আৰু শিলচৰ (২৫০ কিলোমিটাৰ দূৰত)লৈ প্ৰেৰণ কৰে। তাৰ পিছত তেওঁ স্থানীয় ৰেডিঅ’ ষ্টেচনটোৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰি শ্ৰোতাক আশ্বস্তু কৰিলে যে আক্ৰমণৰ কোনো লক্ষণ নাই।[4]

২০০২ চনৰ ১৬ জুনত তেওঁৰ পৰলোকপ্ৰাপ্তি হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 সমীন কলিতা (ফেব্ৰুৱাৰী,২০১৮). ভাৰত ৰত্নৰপৰা পদ্মশ্ৰীলৈ. বনলতা. পৃষ্ঠা. ১৬৩-- ১৬৪.
  2. "The Gazette of India: Bharat Ratna Notification (1963)". Ministry of Home Affairs, Government of India. https://www.padmaawards.gov.in/Document/pdf/Notifications/BharatRatna/1963BR.pdf আহৰণ কৰা হৈছে: 30 March 2026.
  3. 1 2 "Indian Psychiatrists Honored with Padma Awards by the Government of India: A Biographical Sketch". Journal of Psychiatry Spectrum. July-September, 2025. https://journals.lww.com/jops/fulltext/2025/07000/indian_psychiatrists_honored_with_padma_awards_by.2.aspx.
  4. "A brief history of the Tezpur mental hospital through epidemics, wars and partitions". Asylum. https://fiftytwo.in/story/asylum/. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক