নন্দগাঁও
নন্দগাঁও | |
|---|---|
চহৰ | |
| স্থানাংক: 27°43′N 77°23′E / 27.72°N 77.38°Eস্থানাংক: 27°43′N 77°23′E / 27.72°N 77.38°E | |
| Country | |
| State | Uttar Pradesh |
| District | Mathura |
| নামকৰণ কৰা হৈছে | Nandi |
| চৰকাৰ | |
| • ধৰণ | Nagar Panchayat(Shri Mati Manju Devi is chairman from May-2023) |
| উচ্চতা | ১৮৪ মিটাৰ (৬০৪ ফুট) |
| জনসংখ্যা (2001) | |
• মুঠ |
৯,৯৫৬ |
নন্দগাঁও ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন ঐতিহাসিক চহৰ আৰু নগৰ পঞ্চায়ত। নন্দগাঁও ব্ৰজ অঞ্চলৰ এটা ধৰ্মীয় কেন্দ্ৰ।
শিৱৰ বাহন নন্দীৰ নামেৰে নামকৰণ কৰা এই নগৰখনৰ নাম আছিল পূৰ্বতে নন্দীগ্ৰাম। এই নগৰৰ পাহাৰখন পূৰ্বতে নন্দীশ্বৰ বা ৰুদ্ৰপৰ্বত নামেৰে জনাজাত আছিল আৰু ইয়াক শিৱ-স্বৰূপ (শিৱৰ নিজৰ ৰূপ) বুলি গণ্য কৰা হৈছিল। ষোড়শ শতিকাৰ আগতে এই চহৰখন কৃষ্ণৰ লগত জড়িত নাছিল। ষোড়শ শতিকাৰপৰা বৰসনা (ৰাধাৰ জন্মস্থান)ৰ ওচৰত থকাৰ বাবে এই নগৰখনক কৃষ্ণৰ পিতৃ নন্দৰ সৈতে সংযোগ কৰা মুখে মুখে চলা কাহিনীৰ বাবে এই নগৰখন কৃষ্ণৰ সৈতে জড়িত হৈ পৰে।[1][2]
পাহাৰৰ শিখৰত থকা নন্দৰায়জী কা মন্দিৰত নন্দ আৰু যশোদাৰ কাষে কাষে কৃষ্ণ আৰু বলোৰামৰ একেধৰণৰ প্ৰতিমূৰ্তি আছে। বৰ্তমানৰ মন্দিৰটো অষ্টাদশ শতিকাৰ মাজভাগত চিনচিনৱাৰ জাট ৰূপ্প সিঙে নিৰ্মাণ কৰিছিল।[3][4] চহৰখনৰ চাৰিওফালে কৃষ্ণৰ জীৱনৰ পৰিঘটনাৰ সৈতে জড়িত কেইবাটাও জলাশয় আৰু পুখুৰী আছে।[5]
ভৌগলিক পৰিৱেশ
[সম্পাদনা কৰক]নন্দগাঁও 27°43′N 77°23′E / 27.72°N 77.38°E,(২৭.৭২° উত্তৰ ৭৭.৩৮° পূব)[6] আৰু ইয়াৰ গড় উচ্চতা ১৮৪ মিটাৰ (৬০৩ ফুট)। নন্দগাঁৱৰ ভিতৰতে প্ৰাচীন জলভাগ পাৱন সৰোৱৰ নিহিত হৈ আছে। এই প্ৰাচীন স্থান ব্ৰজ ফাউণ্ডেচনে পুনৰ নিৰ্মাণ কৰিছে।
জনগাঁথনি
[সম্পাদনা কৰক]২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি,[7] নন্দগাঁৱৰ জনসংখ্যা আছিল ৯৯৫৬ জন। জনসংখ্যাৰ ৫৪% পুৰুষ আৰু ৪৬% মহিলা। নন্দগাঁৱৰ গড় সাক্ষৰতাৰ হাৰ ৪৫%, যিটো ৰাষ্ট্ৰীয় গড় ৫৯.৫%তকৈ কম: পুৰুষৰ সাক্ষৰতা ৫৯%, আৰু মহিলাৰ সাক্ষৰতা ২৯%। নন্দগাঁৱত ১৯% জনসংখ্যা ৬ বছৰৰ তলৰ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Entwistle, A.W. (1987). Braj: A Center of Krishna Pilgrimage. Egbert Forsten. পৃষ্ঠা. 378, 540.
- ↑ Vaudeville, Charlotte (1976). "Braj, Lost and Found". Indo-Iranian Journal (Brill) খণ্ড 18 (3/4): 205.
- ↑ Entwistle 1987, পৃষ্ঠা. 377-378.
- ↑ Mītala, Prabhudayāla (1966). Braja kā Sāṁskr̥tika Itihāsa. Rājakamala Prakāśana. পৃষ্ঠা. 29.
- ↑ Entwistle 1987, পৃষ্ঠা. 379-382.
- ↑ Falling Rain Genomics, Inc - Nandgaon
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. https://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.