নন্দনা দেৱ সেন
নন্দনা দেৱ সেন | |
---|---|
![]() ২০২২ চনৰ জুলাইত নন্দনা দেৱ সেন | |
জন্ম | নন্দনা দেৱ সেন কলকাতা, ভাৰত |
নাগৰিকত্ব | আমেৰিকা |
শিক্ষা | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (কলাৰ স্নাতক, কলাৰ স্নাতকোত্তৰ) |
পেচা | অভিনেত্ৰী, লেখিকা |
সক্ৰিয় হৈ থকা সময় | ১৯৯৭–২০১৪ |
সংস্থা | Ambassadorships in RAHI, Apne Aap Women Worldwide, Operation Smile, Save the Children India, UNICEF |
দাম্পত্যসঙ্গী | John Makinson (বি. ২০১৩) |
অংশীদাৰ | মধু মণ্টেনা (2002–2013)[1] |
পিতৃ-মাতৃ | অমৰ্ত্য সেন নৱনীতা দেৱ সেন |
সন্তান | 1 |
নন্দনা দেৱ সেন (ইংৰাজী: Nandana Dev Sen)এগৰাকী ভাৰতীয় বংশোদ্ভুত আমেৰিকাৰ [2]অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, শিশু লেখিকা আৰু শিশু অধিকাৰ কৰ্মী। [3][4] বলীউডত তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰ আছিল অমিতাভ বচ্চন আৰু ৰাণী মুখাৰ্জী অভিনীত, সঞ্জয় লীলা ভণশালীৰ 'ব্লেক '(২০০৫), য'ত তেওঁ ৰাণীৰ ১৭ বছৰীয়া সৰু ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নন্দনা দেৱ সেন নবেল বঁটা বিজয়ী আৰু ভাৰত ৰত্ন অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু পদ্মশ্ৰী বঁটা প্ৰাপ্ত নৱনীতা দেৱ সেনৰ কন্যা। নন্দনাৰ জন্ম নতুন দিল্লীত হৈছিল। তেওঁৰ ডাঙৰ ভগ্নী অন্তৰা দেৱ সেন এগৰাকী সাংবাদিক। নন্দনাই তাইৰ শৈশৱৰ কেইবছৰমান দিল্লী আৰু লণ্ডনত অতিবাহিত কৰিছিল। নন্দনাৰ মাক-দেউতাক পৃথক হোৱাৰ পিছত তেওঁ আৰু তেওঁৰ সহোদৰ অন্তৰা তেওঁলোকৰ মাক নৱনীতাৰ সৈতে কলকাতালৈ গুচি যায়। কলকাতাত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকা লৈ যায় আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত বিএ আৰু স্নাতকোত্তৰ সম্পূৰ্ণ কৰে। সত্যজিৎ ৰায়ৰ দ্বাৰা নিৰ্বাচিত সন্দেশ আলোচনীত নন্দনা সেনৰ প্ৰথম লিখনি প্ৰকাশিত হৈছিল।[5]জীৱনৰ প্ৰাৰম্ভিক বছৰবোৰ তেওঁ ইউৰোপ, ভাৰত আৰু আমেৰিকাৰ বিভিন্ন চহৰত অতিবাহিত কৰিছিল।
শিক্ষা
[সম্পাদনা কৰক]নন্দনা সেনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত সাহিত্য বিষয়ত অধ্যয়ন কৰিছিল। বিশ্ববিদ্যালয়ত তেওঁ শ্ৰেণীত শীৰ্ষস্থান দখল কৰাৰ বাবে প্ৰথম বৰ্ষত ডেটুৰ বঁটা লাভ কৰিছিল। পিছলৈজন হাৰ্ভাৰ্ড স্ক'লাৰশ্বিপ আৰু সৰ্বোচ্চ ডিষ্টিংচনৰ একাডেমিক এচিভমেণ্টৰ বাবে এলিজাবেথ কেৰী আগাচিজ বঁটা দুয়োটা লাভ কৰিছিল। এগৰাকী কনিষ্ঠ হিচাপে, তেওঁ একাডেমিক সন্মান সমাজ ফি বেটা কাপ্পালৈ সোনকালে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত, সেনে ইউএছচি ফিল্ম স্কুলত পিটাৰ ষ্টাৰ্ক প্ৰযোজনা কাৰ্যসূচীত চলচ্চিত্ৰ প্ৰযোজনা অধ্যয়ন কৰে। তেওঁ বিভিন্ন চুটি চলচ্চিত্ৰ লিখিছিল আৰু পৰিচালনা কৰিছিল, যাৰ ভিতৰত আছে তেওঁৰ গৱেষণা চলচ্চিত্ৰ "এৰেঞ্জড মেৰেজ" যিটো একাধিক চলচ্চিত্ৰ মহোৎসৱত দেখুওৱা হৈছিল। এগৰাকী অভিনেতা হিচাপে নন্দনাই নিউয়ৰ্কৰ লী ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ ইনষ্টিটিউটৰ লগতে লণ্ডনৰ ৰয়েল একাডেমী অফ ড্ৰামাটিক আৰ্টত প্ৰশিক্ষণ লৈছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]থিয়েটাৰ আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও, নন্দনাই শিশু সুৰক্ষা প্ৰতিনিধি হিচাপে কাম কৰি আহিছে। নন্দিতা হৈছে গ্লোবেল চিল্ড্ৰেন এনজি অপাৰেচনৰ স্মাইল এম্বেচেডৰ।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সেনে ২০১৩ চনৰ জুন মাহত পেংগুইন ৰেণ্ডম হাউচৰ অধ্যক্ষজন মাকিনচনক বিয়া কৰায়।[6] দম্পতীহালে ২০১৮ চনত এগৰাকী বঙালী যুৱতীক তুলি লৈছিল। তেওঁ আগতে ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক মধু মাণ্টেনাৰ সৈতে এক দশকৰো অধিক সময় ধৰি সম্পৰ্কত আছিল।[7]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Gupta, Priya. "Nandana Sen: All my big decisions in life made sense to no one but me - Times of India". http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Nandana-Sen-All-my-big-decisions-in-life-made-sense-to-no-one-but-me/articleshow/45012135.cms.
- ↑ @nandanadevsen (21 June 2021). "Friends from #NewYork, a big day tomorrow at the #primaries! Are you ready to #vote? I voted early to avoid the lines, and it was super quick! #I♥️NY". https://twitter.com/nandanadevsen/status/1407004580425211906। আহৰণ কৰা হৈছে: 26 February 2022.
- ↑ "Nandana Dev Sen (2021)". JLF New York. 17 September 2013. https://jlflitfest.org/new-york/speaker/nandana-dev-sen। আহৰণ কৰা হৈছে: 22 May 2022.
- ↑ "Nandana Dev Sen". Brooklyn Book festival. Archived from the original on 26 January 2022. https://web.archive.org/web/20220126235952/https://brooklynbookfestival.org/authors/nandana-dev-sen/। আহৰণ কৰা হৈছে: 22 May 2022.
- ↑ Chopra, Anupama (28 January 2012). "Newswallah: Bollywood Edition". The New York Times. http://india.blogs.nytimes.com/2012/01/28/newswallah-bollywood-edition-10/?_r=0.
- ↑ "Celebrities News - Latest Celebrity News & Gossip, Couples and celebrities birthdays". Archived from the original on 25 July 2014. https://web.archive.org/web/20140725220735/http://indiatoday.intoday.in/story/nandana-sen-secretly-marries/1/286633.html। আহৰণ কৰা হৈছে: 17 July 2014.
- ↑ "Nandana Sen: All my big decisions in life made sense to no one but me – Times of India". 3 November 2014. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Nandana-Sen-All-my-big-decisions-in-life-made-sense-to-no-one-but-me/articleshow/45012135.cms.