নন্দিতা শ্বাহ
নন্দিতা শ্বাহ | |
---|---|
![]() নন্দিতা শ্বাহ প্ৰাপক আছিল নাৰি শক্তিপুৰস্কাৰ। | |
জন্ম | ১৫ ফেব্ৰুৱাৰী, ১৯৫৯ (৬৬ বছৰ) মুম্বাই |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | হোমিঅ'পেথ |
সক্ৰিয় হৈ থকা সময় | 1981– |
জনা যায় | শৰন |
উল্লেখযোগ্য কৰ্ম | ২১ দিনত ডায়েবেটিছ উলটিব |
নন্দিতা শ্বাহ (ইংৰাজী: : Nandita Shah জন্ম ১৯৫৯); এগৰাকী ভাৰতীয় হোমিঅ'পেথ আৰু লেখিকা। ১৯৮১ চনত চিকিৎসালয় আৰম্ভ কৰি ২০০৫ চনত বেচৰকাৰী সংস্থা চেঞ্চুৰী ফৰ হেল্থ এণ্ড ৰিকনেকচন টু এনিমেলছ এণ্ড নেচাৰ (SHARAN) প্ৰতিষ্ঠা কৰে। নন্দিতাই ২০১৬ চনত নাৰী শক্তিৰ সন্মান লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৫৯ চনৰ ১৫ ফেব্ৰুৱাৰীত মুম্বাইত নন্দিতা শ্বাহৰ জন্ম হৈছিল।[1] মুম্বাইৰ চিএমপি হোমিঅ'পেথিক মেডিকেল কলেজৰ পৰা হোমিঅ'পেথিত বিশেষজ্ঞ চিকিৎসা চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰে আৰু ১৯৮১ চনৰ পৰা চিকিৎসা কৰি আহিছে।[2] ১৯৮৫ চনৰ পৰা শ্বাহ নিৰামিষভোজী হয়।[3] ১৯৯৯ চনত অ'ৰ'ভিললৈ যোৱাৰ আগতে তেওঁ নিউয়ৰ্কৰ ৱাটকিন্স গ্লেনৰ এটা পশু আশ্ৰয় শিবিৰ ফাৰ্ম চেঞ্চুৰীত ইন্টাৰ্ণ হিচাপে কাম কৰিছিল।[2]
কৰ্ম জীৱন
[সম্পাদনা কৰক]২০০৫ চনত শ্বাহে স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ প্ৰসাৰৰ বাবে বেচৰকাৰী সংস্থা চেঞ্চুৰী ফৰ হেল্থ এণ্ড ৰিকানেকচন টু এনিমেলছ এণ্ড নেচাৰ (SHARAN) প্ৰতিষ্ঠা কৰে।[2] তেওঁৰ মতে নিৰামিষ খাদ্য আৰু কেঁচা খাদ্য গ্ৰহণে হতাশা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগৰ দৰে সমস্যাসমূহ প্ৰতিৰোধ কৰিব পাৰে।[3] ভাৰতত ক'ভিড-১৯ মহামাৰীৰ সময়ত শৰণে বিনামূলীয়া অনলাইন ৰন্ধন কৰ্মশালাৰ ব্যৱস্থা কৰিছিল।[4]
ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত উপস্থাপন কৰা ২০১৬ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰা তামিলনাডুৰ চাৰিগৰাকী মহিলাৰ ভিতৰত শ্বাহ অন্যতম।[5] শ্বাহ ৰিভাৰ্ছিং ডায়েবেটিছ ইন ২১ ডেজ নামৰ গ্ৰন্থখনৰ লেখক।[4] তেওঁৰ মতে গাখীৰত থকা প্ৰটিন ডায়েবেটিছৰ কাৰণ হ’ব পাৰে।[6] ২০২০ চনৰ হিচাপত তেওঁ অৰ'ভিলত বাস কৰিছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Nandita Shah". www.wholehealthnow.com. Archived from the original on 22 October 2020. https://web.archive.org/web/20201022123014/http://www.wholehealthnow.com/bios/nandita-shah.html। আহৰণ কৰা হৈছে: 16 January 2021.
- ↑ 2.0 2.1 2.2 "Dr. Nandita Shah". SHARAN. https://sharan-india.org/people/dr-nandita-shah/। আহৰণ কৰা হৈছে: 16 January 2021.
- ↑ 3.0 3.1 Dadhwal, Sheetal (18 February 2020). "'Everything that is advertised is not healthy'" (en ভাষাত). Tribune India. https://www.tribuneindia.com/news/health/everything-that-is-advertised-is-not-healthy-43411.
- ↑ 4.0 4.1 4.2 Anantharam, Chitra Deepa (31 March 2020). "SHARAN offers free online classes for building immunity using plant-based food" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/life-and-style/food/sharan-offers-free-online-classes-for-building-immunity-using-plant-based-food/article31217183.ece.
- ↑ Special correspondent (9 March 2017). "Four from State receive Nari Shakti awards" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/cities/chennai/four-from-state-receive-nari-shakti-awards/article17430682.ece.
- ↑ Dundoo, Sangeetha Devi (16 November 2014). "Against the norm" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/features/metroplus/nandita-shah-plantbased-diet-to-reverse-diabetes/article6603019.ece.