সমললৈ যাওক

নন্দিনী ৰামানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নন্দিনী ৰামানী
জন্ম ১৮ নৱেম্বৰ, ১৯৫০ (৭৪ বছৰ)
তামিলনাড়ু
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ভাৰতনাট্যম নৃত্যশিল্পী
পিতৃ-মাতৃ ভি ৰাঘৱন
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা


নন্দিনী ৰামানী (ইংৰাজী: Nandini Ramani ) চেন্নাইৰ এগৰাকী ভাৰতনাট্যম পাৰংগদ, নৃত্য সমালোচক, সংস্কৃত নাটকৰ অভিনেত্ৰী তথা পৰিচালক আৰু শিক্ষাবিদ। তেওঁ সংস্কৃত পণ্ডিত আৰু সংগীত বিজ্ঞানী ভি ৰাঘৱনৰ কন্যা। কলা ক্ষেত্ৰলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে তেওঁ সংগীত নাটক একাডেমী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰে। সংগীত নাটক একাডেমীৰ কাৰ্যবাহী মণ্ডলীৰ সদস্য, ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ সাধাৰণ পৰিষদৰ সদস্য, মাদ্ৰাচ সংগীত একাডেমীৰ সচিবকে ধৰি কেইবাটাও পদত তেওঁ অধিষ্ঠিত হৈছিল।

. ১৯৫০ চনৰ ১৮ নৱেম্বৰত ৰামানীৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ ভি ৰাঘৱন আছিল এজন সংস্কৃত পণ্ডিত আৰু সংগীত বিজ্ঞানী।[2][3] পাঁচ বছৰ বয়সৰ পৰাই তেওঁ ভৰতনাট্যম শিকিবলৈ আৰম্ভ কৰে।[4] মাত্ৰ ন বছৰ বয়সৰ পৰাই তেওঁ পিতৃৰ সংস্কৃত নাটকত অভিনয় কৰিবলৈ লয়।[4]

তেওঁৰ ভাষা আৰু লেখাৰ গুৰু আছিল পিতৃ ৰাঘৱন। নৃত্যশিল্পী থাঞ্জাভুৰ বালাসৰস্বতী আৰু নট্টুৱনাৰ কে গণেশনে তেওঁৰ নৃত্যৰ প্ৰশিক্ষণ দিছিল। আনহাতে বি কৃষ্ণমূৰ্তি আৰু টি মুক্তি তেওঁৰ সংগীত গুৰু আছিল।[5][6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Nandini Ramani Inheritor Of A Rare Legacy - Read this story on Magzter.com" (en ভাষাত). www.magzter.com. https://www.magzter.com/stories/6187/254961/5a25584558e51। আহৰণ কৰা হৈছে: 2025-01-21. 
  2. VELLAT, ANURADHA (2019-05-16). "Balamma never used to compliment: Nandini Ramani" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/dance/balamma-never-used-to-compliment-nandini-ramani/article27147873.ece. 
  3. Sampath, Janani (2015-05-27). "For the Love of the Language of Sanskrit" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/cities/chennai/2015/May/27/for-the-love-of-the-language-of-sanskrit-766120.html। আহৰণ কৰা হৈছে: 2025-01-21. 
  4. India, The Hans (2019-12-22). "Reflection of Nandini Ramani: The second edition of Antharangam" (en ভাষাত). www.thehansindia.com. https://www.thehansindia.com/featured/sunday-hans/reflection-of-nandini-ramani-the-second-edition-of-antharangam-591695। আহৰণ কৰা হৈছে: 2025-01-21. 
  5. Ramani, V. V. (2018-02-08). "Nandini Ramani as the torchbearer of Bala bani" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/dance/nandini-ramani-as-the-torchbearer-of-bala-bani/article22691910.ece. 
  6. Nadadhur, Srivathsan (2019-12-27). "Nandini Ramani: Tradition and talent in balance" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/dance/the-hindu-friday-review/article30413290.ece. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]