সমললৈ যাওক

নন্দিনী ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নন্দিনী ৰায়
জন্ম নীলম গৌহৰাণী[1][2]
ছেচুনদৰাবাদ, তেলংগানা, ভাৰত
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০১০–বৰ্তমান

নীলম গৌহৰাণী, যাক পেছাদাৰীভাৱে নন্দিনী ৰায় বুলি জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰে।[3] তেওঁ ২০১০ চনৰ মিছ অন্ধ্ৰপ্ৰদেশ খিতাপ বিজয়ী।[4] মডেলিং কৰাৰ পিছত তেওঁ অভিনয় জীৱন আৰম্ভ কৰে।

নন্দিনী এটা সিন্ধী পৰিয়ালৰ সন্তান।[1][2] তেওঁ ২০০৫ চনত হায়দৰাবাদৰ ছেইণ্ট এলবানছ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ লণ্ডনত উচ্চ শিক্ষা সমাপ্ত কৰিছে। তেওঁ ৮০তকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছে।[5] তেওঁৰ লণ্ডনৰ পৰা ফাইনেন্স বিষয়ত এমবিএ ডিগ্ৰী আছে। মডেলিং কৰি থকাৰ সময়তে তেওঁ কেইবাটাও সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছে, যাৰ ভিতৰত তেওঁক ২০০৮ চনৰ মিছ হায়দৰাবাদ, ২০১০ চনৰ মিছ অন্ধ্ৰপ্ৰদেশ, ২০০৯ চনৰ মিছ পেণ্টালুনছ ফ্ৰেছ ফেচ অৱ এপি আৰু ২০১০ চনৰ মিছ বিউটিফুল আইজ অৱ এপি হিচাপে মনোনীত কৰা হৈছিল।[5]

তেওঁ হিন্দী ছবি ফেমিলী পেক আৰু তেলুগু ছবি মায়াত অভিনয় কৰিছে। ইয়াৰ উপৰিও আন এখন তেলুগু ছবি মোচাগাল্লাকু মোচাগাডুত অভিনয় কৰিছে।[5] ২০১২ চনত তেওঁক বলীউডৰ ছবি লগ ইনতো দেখা গৈছিল।[2] তেওঁ এ ছাজিদৰ ছবি গুডবাই ডিচেম্বৰৰ জৰিয়তে মালয়ালম চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। এই "মিউজিকেল লাভ ষ্টৰী"ত তেওঁ এগৰাকী যুৱতী তথা দুষ্ট শিক্ষয়িত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে।[5] ২০১৪ চনত তেওঁৰ প্ৰথমখন কন্নড় ছবি খুছি খুছিয়াগীৰ বাবে চুক্তিবদ্ধ হয়,[6] য’ত তেওঁ এগৰাকী ফেশ্বন ডিজাইনাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।[7] তেওঁ নিজৰ প্ৰথমখন তামিল ছবি গ্ৰহণম নামৰ ৰোমান্টিক থ্ৰিলাৰখনত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। তেওঁ আন এখন তেলুগু ছবি সুদিগাডু ২ৰ বাবেও চুক্তিবদ্ধ হৈছে, য’ত তেওঁ এজনী গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে।[8] তেওঁ অভিনেতা নানিৰ দ্বাৰা পৰিচালিত ৰিয়েলিটি শ্ব' বিগ বছ তেলুগু ২ৰ অন্যতম প্ৰতিযোগী আছিল।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "New 'naughty' girl in town". Deccan Chronicle. Archived from the original on 2 March 2012. https://web.archive.org/web/20120302092912/http://www.deccanchronicle.com/tabloid/kochi/new-%E2%80%98naughty%E2%80%99-girl-town-428 আহৰণ কৰা হৈছে: 17 January 2022.
  2. 1 2 3 Asha Prakash, TNN (27 February 2012). "Who inspired Nandini Rai's makeover?". The Times of India. https://timesofindia.indiatimes.com/entertainment/regional/movie-details/news-interviews/Who-inspired-Nandini-Rais-makeover/articleshow/12053270.cms আহৰণ কৰা হৈছে: 17 August 2013.
  3. Pecheti, Prakash (21 May 2021). "Nandini Rai prefers intense roles". Telangana Today. https://telanganatoday.com/nandini-rai-prefers-intense-roles.
  4. 1 2 "Who is Bigg Boss 2 Contestant Nandini Rai?". 18 June 2018. https://english.sakshi.com/entertainment/2018/06/18/who-is-bigg-boss-2-contestant-nandini-rai.[সংযোগবিহীন উৎস]
  5. 1 2 3 4 Anasuya Menon (25 February 2012). "Hello Mollywood!". The Hindu. https://www.thehindu.com/arts/cinema/article2931949.ece আহৰণ কৰা হৈছে: 17 August 2013.
  6. "It's final, Ganesh's next is Kushi Kushiyalli". 11 April 2014. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news-interviews/Its-final-Ganeshs-next-is-Kushi-Kushiyalli/articleshow/33559502.cms.
  7. "Nandini Rai comes between Ganesh and Amoolya". 3 April 2014. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news-interviews/Nandini-Rai-comes-between-Ganesh-and-Amoolya/articleshow/33166132.cms.
  8. "Nandini Rai to debut in Tamil". https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Nandini-Rai-to-debut-in-Tamil/articleshow/46903043.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]