সমললৈ যাওক

নবাৰুণ ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নবাৰুণ ভট্টাচাৰ্য
জন্ম ২৩ জুন ১৯৪৮
কলকাতা
মৃত্যু ৩১ জুলাই ২০১৪
পেচা কবি আৰু কথাসাহিত্যিক
ভাষা বাংলা
ৰাষ্ট্ৰীয়তা বাঙালী
নাগৰিকত্ব ভাৰতীয়
সময় আধুনিক
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৯৭) আৰু বঙ্কিম পুৰস্কাৰ (১৯৯৬)

নবাৰুণ ভট্টাচাৰ্য (ইংৰাজী: Nabarun Bhattacharya, ২৩ জুন ১৯৪৮ – ৩১ জুলাই ২০১৪) এগৰাকী ভাৰতীয় বাঙালী কবি আৰু কথাসাহিত্যিক।[1] তেওঁ সাহিত্য অকাডেমী বঁটা (১৯৯৭) আৰু বাংকিম পুৰস্কাৰ (১৯৯৬) লাভ কৰিছে। হাৰবাৰ্ট, কাঙ্গাল মালসাট ইত্যাদি তেওঁৰ বিখ্যাত উপন্যাস। তেওঁ লেখিকা মহাশ্বেতা দেৱী আৰু নাট্যকাৰ বিজন ভট্টাচাৰ্যৰ পুত্ৰ।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

স্কুলীয়া জীৱনৰ শি‍ক্ষা তেওঁ বালিগঞ্জ চৰকাৰী হাইস্কুলৰ পৰা আহৰণ কৰিছিল। প্ৰথমে তেওঁ কলিকতা বিশ্ববিদ্যালয়ত ভূতত্ত্ব আৰু পাছলৈ ইংৰাজী বিষয়ত অধ্যয়ন কৰে।[1] চাকৰি জীৱনত তেওঁ ১৯৭৩ চনত বিদেশী কোম্পানী এটাত যোগদান কৰি ১৯৯১ চনলৈকে তাত কাম কৰে। ইয়াৰ পাছত কিছুদিন বিষ্ণু দে‍ৰ ‘সাহিত্যপত্ৰ’ সম্পাদনা কৰি ২০০৩ চনৰ পৰা ‘ভাষাবন্ধন’ নামৰ এখন আলোচনী পৰিচালনা কৰে। দীৰ্ঘদিন তেওঁ ‘নবান্ন’ নাট্যগোষ্ঠী পৰিচালনা কৰিছিল।

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]

কাব্যগ্ৰন্থ

[সম্পাদনা কৰক]
  • এই মৃত্যু উপত্যকা আমাৰ দেশ না (১৯৮৩)
  • পুলিশ কৰে মানুষ শিকাৰ (১৯৮৭)
  • ৰাতেৰ চাৰ্কাচ

চুটিগল্প

[সম্পাদনা কৰক]
  • হালাল ঝাণ্ডা (১৯৮৭)
  • নবাৰুণ ভট্টাচাৰ্যেৰ ছোটগল্প (১৯৯৬)
  • নবাৰুণ ভট্টাচাৰ্যেৰ শ্ৰেষ্ঠ গল্প
  • ফ্যাতাড়ুৰ কুম্ভীপাক
  • ফ্যাতাড়ুৰ বোম্বাচাক
  • ফ্যাতাড়ু বিংশতি

উপন্যাস

[সম্পাদনা কৰক]
  • হাৰবাৰ্ট (১৯৯৩)[2]
  • যুদ্ধ পৰিস্থিতি (১৯৯৬)
  • অটো ও ভোগী
  • ফ্যাতাড়ু ও চোক্তাৰ
  • কাঙাল মালচাট
  • মবলগে নভেল
  • খেলনা নগৰ
  • লুব্ধক (২০০৬)

অন্যান্য

[সম্পাদনা কৰক]

জোড়াতালি (২০১৭)

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

পৰিচালক সুমন মুখোপাধ্যায়ে নৱৰুণ ভট্টাচাৰ্যৰ হাৰবাৰ্ট উপন্যাসৰ আধাৰত তেওঁৰ ছবি হাৰবাৰ্ট নিৰ্মাণ কৰিছিল। ২০১৩ চনত তেওঁৰ জনপ্ৰিয় কাল্পনিক চৰিত্ৰ ফ্যাতাড়ু সম্পৰ্কিত উপন্যাস কাঙাল মালচাট চলচ্চিত্ৰায়িত হয়।[3]

পুৰস্কাৰ

[সম্পাদনা কৰক]

২০১৪ চনৰ ৩১ জুলাইত অন্ত্ৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ কলকাতাৰ ঠাকুৰপুকুৰ কৰ্কট চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত ৬৬ বছৰ বয়সত নবাৰুণ ভট্টাচাৰ্যৰ মৃত্যু হয়। তথাপিও মৃত্যুৱে তেওঁক স্পৰ্শ কৰা নাছিল, তেওঁ এতিয়াও পুৰন্দৰ ভাট, ভদি, ফ্যাতাড়ু, চোক্তাৰৰ জৰিয়তে মানুহৰ মনত জীয়াই আছে।[4][5][6][7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Who's who of Indian Writers, 1999: A-M. প্ৰকাশক কলকাতা: সাহিত্য অকাদেমি. ১৯৯৯. ISBN 81-260-0873-3. http://books.google.co.in/books?id=QA1V7sICaIwC&pg=PA164&dq=Nabarun+Bhattacharya&hl=en&ei=I06NTrn8OomIrAfZlNGhAQ&sa=X&oi=book_result&ct=result&resnum=6&ved=0CEcQ6AEwBQ#v=onepage&q=Nabarun%20Bhattacharya&f=false. 
  2. "An Indian Writer in Japan". textualities.net. ১ আগষ্ট ২০১৪. Archived from the original on 2008-05-17. https://web.archive.org/web/20080517154029/http://textualities.net/writers/features-a-g/bhattacharyan01.php। আহৰণ কৰা হৈছে: 2025-06-13. 
  3. "Suman's next based on Nabarun Bhattacharya's story". ২৩ জুন ২০১৭. http://m.timesofindia.com/entertainment/bengali/movies/news/Sumans-next-based-on-Nabarun-Bhattacharyas-story/articleshow/35430565.cms. 
  4. "Writer Nabarun Bhattacharya Dies at 66". outlookindia.com. ১ আগষ্ট ২০১৪. http://www.outlookindia.com/news/article/Writer-Nabarun-Bhattacharya-Dies-at-66/852464. 
  5. "Noted writer Nabarun Bhattacharya no more". news.webindia123. ১ আগষ্ট ২০১৪. Archived from the original on 2021-01-20. https://web.archive.org/web/20210120225838/https://news.webindia123.com/news/Articles/India/20140731/2433388.html. 
  6. "Writer Nabarun Bhattacharya passes away". নিউ এজ. ১ আগষ্ট ২০১৪. Archived from the original on 2015-05-04. https://web.archive.org/web/20150504195816/http://newagebd.net/35722/writer-nabarun-bhattacharya-passes-away/. 
  7. "সাহিত্যিক নবাৰুণ ভট্টাচাৰ্য আৰ নেই". দৈনিক প্ৰথম আলো. ১ আগষ্ট ২০১৪. http://www.prothomalo.com/international/article/279865/সাহিত্যিক-নবাৰুণ-ভট্টাচাৰ্য-আৰ-নেই.