নবীকৰণীয় শক্তি
পুনৰ নৱীকৰণযোগ্য শক্তি (বা সেউজ শক্তি) হৈছে এনে শক্তি যি পুনৰ নৱীকৰণযোগ্য প্ৰাকৃতিক উৎসৰ পৰা আহে, আৰু যিবোৰ মানুহৰ জীৱনকালত পুনৰ উৎপন্ন হ’ব পাৰে। আটাইতকৈ বেছিভাগ ব্যৱহৃত পুনৰ নৱীকৰণযোগ্য শক্তি হৈছে সৌৰ শক্তি, বতাহ শক্তি আৰু জলবিদ্যুৎ শক্তি। জৈৱ শক্তি আৰু ভূ-তাপীয় শক্তিও কিছুমান দেশত গুৰুত্বপূৰ্ণ। কিছুমানে নিউক্লিয়াৰ শক্তিকো পুনৰ নৱীকৰণযোগ্য বুলি গণ্য কৰে, যদিও এই বিষয়ে বিতৰ্ক আছে, কাৰণ নিউক্লিয়াৰ শক্তিৰ বাবে ইউৰেনিয়াম খনন কৰিব লাগে, যি নৱীকৰণযোগ্য নহয়। পুনৰ নৱীকৰণযোগ্য শক্তি সৰু বা ডাঙৰ প্ৰকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি, আৰু এইবোৰ নগৰ আৰু গাঁও-উভয় অঞ্চলতে উপযোগী। এই শক্তি প্ৰায়ে বিদ্যুৎকৰণৰ সৈতে একেলগে ব্যৱহৃত হয়, যাৰ বহুতো লাভ আছে: বিদ্যুতে উত্তাপ স্থানান্তৰ কৰিব পাৰে আৰু বৈদ্যুতিক বাহন সচল কৰিব পাৰে, লগতে ইয়াৰ ব্যৱহাৰ স্থানত কোনো প্ৰদূষণ নোহোৱা হয়।

পৰিবৰ্তনশীল পুনৰ নৱীকৰণযোগ্য শক্তি হৈছে এনে উৎস, যিবোৰৰ উৎপাদন স্বাভাৱিকভাৱে পাৰ্থক্য ঘটে — যেনে বতাহ (বায়ু) আৰু সৌৰ শক্তি। আনহাতে, নিয়ন্ত্ৰণযোগ্য পুনৰ নৱীকৰণযোগ্য উৎসবোৰত বান্ধযুক্ত জলবিদ্যুৎ, জৈৱ শক্তি আৰু ভূ-তাপীয় শক্তি আছে।
যোৱা ৩০ বছৰত এই শক্তি ব্যৱস্থাসমূহ অধিক কাৰ্যকৰী আৰু কম খৰচী হৈছে।[1] বৰ্তমান সৰ্বাধিক নতুন বিদ্যুৎ উৎপাদনৰ ক্ষমতা পুনৰ নৱীকৰণযোগ্য উৎসৰ পৰা আহে।[2] অধিকাংশ দেশত সৌৰ ফটোভল্টেইক অথবা স্থলভাগৰ বতাহ শক্তি নতুন বিদ্যুৎ স্থাপনাৰ বাবে আটাইতকৈ কম খৰচী বিকল্প।[3] ২০১১ ৰ পৰা ২০২১লৈ, বিশ্বজুৰি বিদ্যুৎ যোগানত পুনৰ নৱীকৰণযোগ্য শক্তিৰ অংশ ২০% ৰ পৰা ২৮% লৈ বৃদ্ধি পাইছে। তাৰে ভিতৰত সৌৰ আৰু বতাহ শক্তি ২% ৰ পৰা ১০% লৈ বৃদ্ধি পাইছে। একেধৰণে, অপ্ৰাকৃতিক শক্তি ব্যৱহাৰ ৬৮% ৰ পৰা ৬২%লৈ হ্ৰাস পাইছে।[4] ২০২৪ চনত পুনৰ নৱীকৰণযোগ্য শক্তিয়ে বিশ্বৰ ৩০% বিদ্যুৎ উৎপাদন যোগান ধৰে, আৰু ২০৩০ চনত ইয়াৰ অংশ ৪৫%ৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।[5][6]
পুনৰ নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ প্ৰধান উদ্দেশ্য হৈছে জীৱাশ্ম ইন্ধনৰ সেউজ গেছ নিৰ্গমন হ্ৰাস কৰি জীৱাশ্ম শক্তিৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তন ৰোধ কৰা। সাধাৰণতে, পুনৰ নৱীকৰণযোগ্য উৎসে জীৱাশ্ম ইন্ধনৰ তুলনাত বহুত কম দূষণ সৃষ্টি কৰে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা অনুসৰি, ২০৫০ চনত নেট শূন্য নিৰ্গমন লাভ কৰিবলৈ বিশ্বৰ ৯০% বিদ্যুৎ পুনৰ নৱীকৰণযোগ্য উৎসৰ পৰা আহিব লাগিব।[7] ইয়াৰ উপৰিও, এই উৎসবোৰে বায়ু প্ৰদূষণো যথেষ্ট হ্ৰাস কৰে, যাৰ ফলত জনস্বাস্থ্য উন্নত হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Global renewable energy trends". Deloitte Insights. https://www2.deloitte.com/insights/us/en/industry/power-and-utilities/global-renewable-energy-trends.html। আহৰণ কৰা হৈছে: 28 January 2019.
- ↑ "Renewable Energy Now Accounts for a Third of Global Power Capacity". IRENA. 2 April 2019. https://www.irena.org/newsroom/pressreleases/2019/Apr/Renewable-Energy-Now-Accounts-for-a-Third-of-Global-Power-Capacity.
- ↑ IEA (2020). Renewables 2020 (Report). https://www.iea.org/reports/renewables-2020.
- ↑ Renewables 2022. 14 June 2019. https://www.ren21.net/reports/global-status-report/.
- ↑ "Global Electricity Review 2025". Ember. https://ember-energy.org/latest-insights/global-electricity-review-2025/। আহৰণ কৰা হৈছে: 2025-04-11.
- ↑ "Renewables - Energy System". IEA. https://www.iea.org/energy-system/renewables.
- ↑ "Rapid rollout of clean technologies makes energy cheaper". 2024-05-30. https://www.iea.org/news/rapid-rollout-of-clean-technologies-makes-energy-cheaper-not-more-costly.